অ সমৰ বিশ্ববিদ্যালয়সমূহত অসমীয়া ভাষা-সাহিত্য-সংস্কতিৰ গৱেষণা কৰ্মত জড়িত লোকৰ সংখ্যা অতি কম নহ’ব যদিও সেই গৱেষকসকলৰ মাজৰ কিমানজনে প্ৰকৃততে সমাজ আৰু জাতিৰ স্বাৰ্থত গৱেষণা কৰি সমাজৰ উত্তৰণত সহায় কৰিছে, সেয়া ভাবি চাবলগীয়া। সাধাৰণতে এক পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈ প্ৰায় সংখ্যক গৱেষকে কেৱল নিজৰ ‘ষ্টেটাছ ছিম্বল’ নাইবা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা ৰূপেহে ন্যূনতম প্ৰয়োজনীয় গৱেষণা কৰ্মত প্ৰবৃত্ত হয়। কিন্তু তাৰ মাজতো এনে এচাম নিৰলস সাধক আছে, যি সমাজ আৰু জাতিৰ হকে গৱেষণা কৰ্মত জড়িত হৈছে, ভাষা-সংস্কৃতিৰ উত্তৰণত প্ৰকৃততেই নিজক নিয়োজিত কৰিছে। বৰ্তমান সময়ৰ এনে এচাম সুৰুচিপূৰ্ণ গৱেষকৰ মাজৰ যিসকলে নতুন সম্ভাৱনাৰ স্বাক্ষৰ বহন কৰিছে আৰু অসমীয়া ভাষা-সংস্কৃতিৰ স্বাৰ্থত নিজকে সমৰ্পণ কৰিছে, সেই সকলৰ ভিতৰত উৎপল নাৰায়ণ গোস্বামী অন্যতম।
মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশত জন্মলাভ কৰা গোস্বামীয়ে সত্ৰীয়া-সংস্কৃতিৰ বিভিন্ন দিশ সামৰি ‘সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্য’ নামেৰে এখন গৱেষণাধৰ্মী গ্ৰন্থ লিখি উলিয়াইছে। গোস্বামীৰ সম্পৰ্কত বিশিষ্ট লেখক ড০ পৰশমণি দত্তই গ্ৰন্থখনৰ এঠাইত এনেদৰে মন্তব্য কৰিছে— ‘উৎপল নাৰায়ণ গোস্বামীক এক সম্ভাৱনাময় গৱেষক হিচাপে জানো। সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্যৰ বিষয়ে আমাক অৱগত কৰিব পৰাকৈ বৌদ্ধিকভাৱে পৰিপক্ক হোৱাৰ উপৰিও তেওঁ সত্ৰীয়া পৰম্পৰাৰ নিজে এজন প্ৰত্যক্ষ বাহক।’ কৌশিক কিশলয়ৰ সুন্দৰ বেটুপাতেৰে গ্ৰন্থখন পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰিছে। গ্ৰন্থখনত লেখকে মুঠ তেৰটা অধ্যায় অন্তৰ্ভুক্ত কৰিছে। এই অধ্যায়বোৰৰ মাজেদি লেখক গোস্বামীৰ বস্তুনিষ্ঠ চিন্তা-চৰ্চাৰ বলিষ্ঠ প্ৰকাশ ঘটিছে।
‘সত্ৰৰ উৎপত্তি’ গ্ৰন্থখনত অন্তৰ্ভুক্ত প্ৰথমটো অধ্যায়। এই অধ্যায়ত লেখকে সত্ৰৰ উৎপত্তিৰ ব্যাখ্যা দিবলৈ গৈ ভাৰতবৰ্ষৰ পুৰণি গ্ৰন্থসমূহৰ পাত লুটিয়াইছে। অধ্যায়টোৰ আৰম্ভণিতে লেখকে পুৰণি গ্ৰন্থৰ আলমত সত্ৰৰ সংজ্ঞা নিৰূপণৰো প্ৰয়াস কৰিছে। অধ্যায়টোত লেখকে ‘সত্ৰ’ শব্দৰ প্ৰথম প্ৰয়োগ যজুৰ্বেদত পোৱাৰ কথা উল্লেখ কৰি সৎ লোকক ত্ৰাণ কৰা অনুষ্ঠান কাৰ্য স্থানৰ ভিতৰত যজ্ঞ কাৰ্যতেই ভাৰতীয় সংস্কৃতিত প্ৰথম ‘সত্ৰ’ শব্দটোৰ প্ৰয়োগ ঘটাৰ কথা ব্যক্ত কৰিছে। ‘সত্ৰ’ শব্দৰ প্ৰাথমিক অৰ্থ যে সৎ বা ধাৰ্মিক লোকক ত্ৰাণ কৰোৱা— সেই কথাও লেখকে গ্ৰন্থখনৰ আৰম্ভণিতে উল্লেখ কৰিছে।
গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়ত সন্নিৱিষ্ট হোৱা সত্ৰৰ সংজ্ঞা আৰু পৰিচয়ত সত্ৰৰ সংজ্ঞা দিবলৈ গৈ লেখকে কৈছে— ‘যি ঠাই বৈষ্ণৱ আৰু দেৱতাৰ দ্বাৰা বন্দিত, যি ঠাইত একান্ত ভক্ত সমাজে ঈশ্বৰৰ প্ৰিয় কাৰ্য সাধন কৰে আৰু যি ঠাইত প্ৰতিদিনে শ্ৰৱণ-কীৰ্তনাদি নৱবিধ ভক্তিৰ চৰ্চা সাধন হয়, সেয়াই সত্ৰ।’ (পৃ. ১৪) আনহাতে, ভাগৱতত বৰ্ণিত ‘ব্ৰহ্মসত্ৰ’ৰ ধাৰণাৰ পৰাই যে মহাপুৰুষ শঙ্কৰদেৱে অসমত সত্ৰ প্ৰতিষ্ঠা কৰে, সেই কথা তেওঁ এনেদৰে কৈছে— ‘এই ব্ৰহ্মসত্ৰ আছিল শ্ৰোতা আৰু বক্তাৰ সমন্বয়ত হোৱা ব্ৰহ্ম বিচাৰ আৰু এই ব্ৰহ্ম বিচাৰৰ ধাৰণাক মহাপুৰুষ শঙ্কৰদেৱে অনুকৰণ কৰি ‘সত্ৰ’ নামৰ অনুষ্ঠানৰ জন্ম দিলে।’ (পৃ. ১৪) আকৌ মহাপুৰুষ শঙ্কৰদেৱৰ অনুৰোধতেই যে শিষ্য ৰামৰায়ে প্ৰথমটো ‘সত্ৰগৃহ’ সাজি উলিয়াইছিল, সেই কথাও লেখকে এই অধ্যায়টোত উল্লেখ কৰিছে।
গ্ৰন্থখনৰ তৃতীয়টো অধ্যায়ত সত্ৰৰ বিস্তাৰ আৰু প্ৰকাৰভেদ সম্পৰ্কত উল্লেখ কৰা হৈছে। মহাপুৰুষ শঙ্কৰদেৱৰ নেতৃত্বত অসমৰ পাটবাউসীত প্ৰথমখন সত্ৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত বেলগুৰি সত্ৰ, বৰদোৱা সত্ৰ, কুমাৰকুছি সত্ৰকে আদি কৰি অসমৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠাৰ এক জাগৰণৰ সূচনা হ’ল। শঙ্কৰদেৱৰ উত্তৰাধিকাৰীসূত্ৰে ধৰ্ম প্ৰচাৰৰ দায়িত্বভাগ মাধৱদেৱে পোৱাৰ পৰৱৰ্তী সময়ত কিদৰে বিভিন্ন বৈষ্ণৱ গুৰুৱে নিজাকৈ সত্ৰ প্ৰতিষ্ঠা কৰাৰ কামত ব্ৰতী হ’ল, সেই কথাও অধ্যায়টোৰ শেষৰফালে সুন্দৰভাৱে বৰ্ণিত হৈছে।
শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পাছত সত্ৰৰ অধিক বিস্তাৰ ঘটিল আৰু লগে লগেই ধৰ্মৰ নীতি-কাষ্ঠাৰ ক্ষেত্ৰতো কিছু প্ৰভেদ পৰিলক্ষিত হ’ল বা প্ৰত্যেকজন আজ্ঞাপৰ গুৰুৰ পৰাই একো একোটা পৃথক সংহতি বা সম্প্ৰদায়ৰ সৃষ্টি হ’ল। এই সংহতিৰ মূল কথা আছিল— শঙ্কৰদেৱৰ মৃত্যুৰ পাছত প্ৰথম পৰ্যায়ৰ ধৰ্মগুৰুসকলৰ বিশেষ স্বাধীনতা প্ৰদৰ্শন। সত্ৰ ব্যৱস্থাত দেখা দিয়া মতাদৰ্শ বা ভাবৰ বিৰোধগত কাৰণতেই পৰৱৰ্তী সময়ত ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি আৰু কাল সংহতিৰ সৃষ্টি হয়। এই সংহতিবোৰক লৈয়ে আকৌ পৰৱৰ্তী সময়ত বহুসংখ্যক সত্ৰানুষ্ঠান গঢ় লৈ উঠিল। সি যি কি নহওক, অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিকাশ আৰু উত্তৰণত যে এই সত্ৰসমূহৰ এক যোগাত্মক প্ৰভাৱ আছে, তাক আমি স্বীকাৰ কৰিবই লাগিব। অধ্যায়টোৰ অতি কম কথাৰ মাজতো চাৰি সংহতিৰ অন্তৰ্ভুক্ত সত্ৰসমূহ সম্পৰ্কে এক সামগ্ৰিক বিশ্লেষণ দাঙি ধৰাত লেখক সফল হৈছে বুলিব পাৰি।
গ্ৰন্থখনৰ পঞ্চম অধ্যায়টোত লেখকে ভাওনা সংস্কৃতি সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে। মহাপুৰুষ শঙ্কৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা সংস্কৃতিয়ে সৃষ্টিৰ সময়ৰে পৰাই বৰ্ণিল অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰি আহিছে। এই সমৃদ্ধিময় বৰ্ণিল সংস্কৃতিবিধৰ বিভিন্ন দিশ সম্পৰ্কত লেখকে এই অধ্যায়টোত বিশ্লেষণ কৰি দেখুৱাইছে। অসমীয়া সংস্কৃতিৰ এই অবিচ্ছেদ্য অংগবিধত যে শঙ্কৰদেৱে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যশৈলীৰ আংগিক-বাচিক-আহাৰ্যসমূহৰো প্ৰয়োগ ঘটাইছিল, সেই কথা এই অধ্যায়টোৱে স্পষ্ট কৰে।
ভাওনা সংস্কৃতিলৈ অহা পৰিৱৰ্তন সম্পৰ্কতো লেখকৰ মত স্পষ্ট। তেওঁ কৈছে— ‘সংস্কৃতিক এটা নিৰ্দিষ্ট গণ্ডীৰ মাজত ধৰি ৰাখিলে মৃতপ্ৰায় অৱস্থা হয়। সেয়ে ৰূপান্তৰকামী মনেৰে সাম্প্ৰতিক নব্য চিন্তাধাৰাৰে ভাওনাৰ পৰিৱেশন শৈলীত কিছু পৰিৱৰ্তন সধাটো আমাৰ বাবে আশাপ্ৰদ বুলিহে ক’ব লাগিব। অৱশ্যে নাট্য কাহিনীৰ পুৰণি মৰ্যাদাক আমি কেতিয়াও উলংঘা কৰিব নেৱাৰোঁ।’ (পৃ. ৪৮) ভাওনাৰ পৰিৱেশন ৰীতি সম্পৰ্কতো প্ৰাসংগিক কেতবোৰ দিশ অধ্যায়টোৰ শেষৰফালে লেখকে আগবঢ়াইছে।
আলোচিত অধ্যায়সমূহৰ উপৰিও লেখকে গ্ৰন্থখনত ভাওনাৰ পূৰ্বৰংগ, সত্ৰীয়া নৃত্য, খোল বাদ্য, মৃদংগ বাদ্য, সত্ৰীয়া সংগীত, ফাকুৱা উৎসৱ আদি বিভিন্ন অধ্যায় সন্নিৱিষ্ট কৰিছে। লেখকৰ গৱেষণামূলক দৃষ্টিভংগীয়ে এই দিশসমূহ সম্পৰ্কত নানান তথ্যৰ সংযোজন ঘটাইছে। অৱশ্যে কোনো কোনো লেখাত অধিক নতুন তথ্যৰ সংযোজন ঘটোৱাৰ অৱকাশ আছিল বুলি ভাবিব পাৰি। সি যি কি নহওক, এই লেখাকেইটাই যে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন দিশত কিছু হ’লেও নতুন পোহৰ পেলাবলৈ সক্ষম হৈছে, সেইকথা দৃঢ়তাৰে ক’ব পাৰি।
অসমীয়া সাহিত্যত শঙ্কৰদেৱৰ সৃষ্টিৰাজী সম্পৰ্কত বহুখিনি আলোচনা ইতিমধ্যে হৈ উঠিছে যদিও তেওঁৰ দ্বাৰা সৃষ্ট অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ সত্ৰৰ বিষয়ে প্ৰয়োজনীয় আলোচনা বৰ্তমানেও চকুত নপৰে। কিন্তু অসমীয়া সমাজ-সংস্কৃতিৰ সমৃদ্ধি আৰু উত্তৰণত এই সত্ৰসমূহৰ যি এক সৰ্বব্যাপী প্ৰভাৱ বিদ্যমান, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এক কথাত, এই সত্ৰসমূহক অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক কলাকেন্দ্ৰ ৰূপেও অভিহিত কৰিব পাৰি। তেনে প্ৰেক্ষাপটত সত্ৰসমূহক লৈ যথোচিত আলোচনা-পৰ্যালোচনা বৰ্তমানেও হৈ নুঠাটো দুৰ্ভাগ্যৰ কথা। উৎপল নাৰায়ণ গোস্বামীয়ে এই কাম কৰিবলৈ যত্ন কৰাৰ বাবে তেওঁ অসমীয়া পাঠক-গৱেষকৰ ওচৰত কৃতজ্ঞতাৰ পাত্ৰ হৈ ৰ’ব।
আলোচিত গ্ৰন্থখনত দুই-এক সাধাৰণ ত্ৰুটি নথকাও নহয়। অক্ষৰ বিন্যাসৰ ক্ষেত্ৰতো কিছু ত্ৰুটি আছে। গ্ৰন্থখনৰ প্ৰথম দুটামান অধ্যায়ত অবিকল কিছু কথাৰ পুনৰাবৃত্তি ঘটা দৃষ্টিগোচৰ হৈছে। এনে ধৰণৰ দুই-এটি ত্ৰুটিৰ বাহিৰে গ্ৰন্থখনে সামগ্ৰিকভাৱে অসমৰ সত্ৰ-সংস্কৃতিৰ অধ্যয়নৰ ক্ষেত্ৰখনক এক নতুন গতি প্ৰদান কৰিব বুলি ভবাৰ অৱকাশ আছে।
সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্য
লেখক: উৎপল নাৰায়ণ গোস্বামী
প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী
প্ৰথম প্ৰকাশ: ২০১৯
পৃষ্ঠা সংখ্যা: ১১৮
মূল্য: ১৬০ টকা
ISBN: 978-93-88593-82-3
❧ | আৰু পঢ়ক: