স্মৃতিকথা

স্মৃতিকথা
  • 19 Apr, 2022

এৰি অহা সোণালী বাটৰ
কত ছয়াময়া ছবি
বুকুত সাবটি আজিও ৰৈ আছোঁ গাঁৱৰ মাটিত

সেই গাঁও
আপোনৰো আপোন
ৰচিব পাৰোঁ য’ত সোণালী সপোন

সেই গাঁও এৰিব নোৱাৰোঁ

ফুলি থকা সূৰ্যমুখী ফুলবোৰে
প্ৰতিটো পুৱাই সজীৱ হৈ
বুকুলৈ কঢ়িয়াই আনে
মানুহ আৰু মানৱতাৰ অজস্ৰ সংবাদ

গাঁও এৰি গুচি যাওঁ কেনেকৈ
যি গাঁৱত আছে শৈশৱৰ কতনা লহৰ
যৌৱনৰ কতনা প্ৰহৰ

গাঁৱৰ বুকুত প্ৰতিটো গধূলি বাজে
প্ৰেম আৰু প্ৰাৰ্থনাৰ গান

প্ৰতিটো বসন্তত গাঁৱত ওলমি ৰয়
কুমলীয়া শিশুৰ মুখত আইৰ মুখৰ মাত।

সেই গাঁও কুশলে থাকক
যাৰ স্মৃতিকথাই আমাৰ চকুলো সৰায়।

📚 | আৰু পঢ়ক:

ইন্সটাগ্ৰামত ‘নীলা চৰাই’ক অনুসৰণ কৰক
স্মৃতিকথা | কুমাৰ বিভূতি

Follow Nilacharai on Facebook