নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

পালো কি হেৰুৱালো কি
আছে কি পাবলৈ!
জটিল প্ৰশ্ন।

হেৰুওৱা হাঁহিৰ কল্লোল
বিচাৰি ল’বও জনা হ’লো,
কাৰণ ব’হাগ ফুলিছে
মোৰ চকুৰ পতাত।

খলা-বমা মনৰ আন্ধাৰ কোঠাত
জিলিকিছে এসোপামান
জোনাকীৰ দেহৰ লুচিফেৰিন
নুমাব জ্বলিব
আন্ধাৰত বাট দেখুৱাব
সিঁচৰতি হৈ থকা
সপোনবোৰক একত্ৰ কৰিব
গোটমৰা ৰক্তৰ কণিকা
সিৰাই সিৰাই বিয়পিব।

গছৰ ডালে ডালে
মৌ মিঠা কুঁহিপাতক চুমা দি
নতুন আশা প্ৰতিশ্ৰুতিৰ বীজ ছটিয়াই
আহিছে ব’হাগ,
ৰংঘৰৰ বাকৰিত
ৰংমন ঢুলীয়াৰ আখৰা—
ঢোলৰ চাপৰৰ
ৰিণিকি ৰিণিকি
ভাহি আহিছে প্ৰতিধ্বনি।

দিখৌপৰীয়া ডেকাৰ
ওঁঠত উল্লাসৰ সুহুৰি
চঞ্চল মন,
গাভৰুৰ হাতত নিজান ৰাতি
আঁক- বাক জেতুকাৰ বোল,
হৃদয়ত ৰসাল গান,
ময়ো বুকুত লৈ আছোঁ
এৰি অহা দিচাং, দৰিকা,
দিখৌৰ বালিত ভৰিৰ চাপৰ ভৰ।

গোপন মোনাত সাঁচি থৈছোঁ
কপৌফুলৰ এসোপামান
বেঙুনীয়া

ব’হাগ মোৰ মৰমৰ
ব’হাগ মোৰ চেনেহৰ
ব’হাগ মোৰ সেউজী বননিৰ
কোমল দলিচা
কাঁইটীয়া জীৱনৰ।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Instagsram
এই লেখকৰ সকলো লেখা চাওক →
ব’হাগ | চৈয়দা জুনেইনা মান্নান

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...