এতিয়া ইয়াত খালৈৰ তলিতেই পৰি ৰয়
জাকৈ-চাবৰ দেওলগা প্ৰ’টিনৰ অমলিন সপোন
য’ৰ— শাওঁ বৰণীয়া পথৰ দুয়ো দাঁতিত
জ্বলোঁ বুলিও জ্বলি নুঠে আশ্বাসৰ এমুঠি নিয়ন
য’ত— হৰেক পণ্যৰ ডেউকাই মৌন নয়নত
সানো বুলিও সানিব নোৱাৰে
বহুৰঙী ক’লাজৰ ৰূপ বিমোহন
এতিয়া ইয়াত শুনো বুলিও শুনিব নোৱাৰি
উকলা বিহুৰ সেই পদধ্বনি নিৰ্মম—
… মাছে মাৰিবলৈ অ’ পদুম নেলাগে যাবলৈ
অ’ পদুম নেলাগে যাবলৈ
অ’ পদুম বোকা পানী লাগিব গাত…
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক