নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এৰি অহা সোণালী বাটৰ
কত ছয়াময়া ছবি
বুকুত সাবটি আজিও ৰৈ আছোঁ গাঁৱৰ মাটিত

সেই গাঁও
আপোনৰো আপোন
ৰচিব পাৰোঁ য’ত সোণালী সপোন

সেই গাঁও এৰিব নোৱাৰোঁ

ফুলি থকা সূৰ্যমুখী ফুলবোৰে
প্ৰতিটো পুৱাই সজীৱ হৈ
বুকুলৈ কঢ়িয়াই আনে
মানুহ আৰু মানৱতাৰ অজস্ৰ সংবাদ

গাঁও এৰি গুচি যাওঁ কেনেকৈ
যি গাঁৱত আছে শৈশৱৰ কতনা লহৰ
যৌৱনৰ কতনা প্ৰহৰ

গাঁৱৰ বুকুত প্ৰতিটো গধূলি বাজে
প্ৰেম আৰু প্ৰাৰ্থনাৰ গান

প্ৰতিটো বসন্তত গাঁৱত ওলমি ৰয়
কুমলীয়া শিশুৰ মুখত আইৰ মুখৰ মাত।

সেই গাঁও কুশলে থাকক
যাৰ স্মৃতিকথাই আমাৰ চকুলো সৰায়।

📚 | আৰু পঢ়ক:

ইন্সটাগ্ৰামত ‘নীলা চৰাই’ক অনুসৰণ কৰক
এই লেখকৰ সকলো লেখা চাওক →
স্মৃতিকথা | কুমাৰ বিভূতি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: