সোঁৱৰণ

সোঁৱৰণ
  • 02 Jul, 2023

গৰখীয়া পথাৰত
আকাশখন চাই
গকুলে কৈছিল—
আমাক ঢাকি থৈছে
বৰ-টৌ এটাই৷

আমি উদ্বিগ্নতাৰে সুধিছিলো,
ঢাকোনৰ সিপাৰে থাকে কি?

সি কৈছিল— পানী পানী পানী
শুনি অণ্ঠকণ্ঠ শুকাই গৈছিল আমাৰ
তাৰমানে তাতে থাকে সাগৰ!

যদি টৌ ফুটি হোৰাহোৰে সোমাই আহে পানী
তেনে আমাৰ কি হ’ব গতি?

গকুলে গুৰু-গম্ভীৰ মাতেৰে
দিছিল সোঁৱৰাই—
যদি বৰ-ভূঁইকঁপ এটা আহি
হিলাই দিয়ে টৌ
তেতিয়াহে আৰু নাথাকিব বচাৰ উপায়৷

আইতাইতো কৈয়ে থাকে
পঞ্চাশৰ ভূঁইকঁপৰ কথা…
তেন্তে এদিন নহয় এদিন সি
নাহিব জানো আকৌ?

আহি যদি হিলাই দিয়ে টৌ
কি হ’ব আমাৰ আৰু
মা দে’তা বৌৰ!

…শৈশৱৰ সেই দিন সেই কথা
অবুজ মনৰ সংশয়
সময়ৰ সোঁতে কেতিয়াবাই নিলে উটুৱাই
উটি গ’ল সমনীয়া যদু জীতেন যুগল
মাথোঁ থাকি গ’ল সিহঁতৰ
সোঁৱৰণি গধুৰ৷

🌷 | অধিক কবিতা:

সোঁৱৰণ | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক