হীৰুদা আৰু নাই

হীৰুদা আৰু নাই

সুগন্ধি পখিলাৰ সুগন্ধ মলঙি যায়
হাটৰুৱা বাটৰুৱাৰ বুকুৰ কুটুম হেৰায়
ওৰেটি জীৱন কবিতাকে যাপন কৰি
আজি কথা মালিতাৰ ছন্দ হেৰায়

কবিতা পৰম সুহৃদ, শয়ন-সপোন
ভোকৰ ভাত, অমাতৰ মাত
সুখৰ-দুখৰ আশ্ৰয় গোপন
বুকু ভঙাৰ যন্ত্ৰণা
সুখৰ মধুৰ বাসনা
কবিতাই আনে মাতৃৰ আঁচলৰ উম মৌ-সনা

হীৰুদাই কৈছিল—
কবিতা আমাৰ আই
যাৰ কোলাত মূৰ থৈ জীৱন ঘুমটি যায়।

হীৰুদা আৰু নাই | উদয়ন গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

গছবোৰ

গছবোৰ

আলাপ

আলাপ