নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কোকিলকণ্ঠী: লতা মংগেশকাৰলৈ শ্রদ্ধা-অঞ্জলি

কোকিলকণ্ঠী: লতা মংগেশকাৰলৈ শ্রদ্ধা-অঞ্জলি

তাহানিৰে পৰা আহিছোঁ শুনি
সেই অমিয়া সুৰ

মাৰ নিচুকনি গুণগুণনিত
দেহা-মন শাঁত পেলোৱা
মমতাময়ী কণ্ঠৰ যাদুৱে
এতিয়াও ৰাখিছে মোহাচ্ছন্ন কৰি

অপ্ৰমাদী
কিংবদন্তি
একমেবদ্বিতীয়ম
চিৰসেউজ
কণ্ঠটিৰে প্ৰতিভাত হয়
আমাৰ প্ৰত্যেকৰে
হৃদয়ৰ ৰূপালী পৰ্দাত
নাৰীৰ অলেখ অপৰূপ ৰূপ

আইতা মাতৃ বনিতা
ভগ্নী
জীয়ৰী

দিশহাৰা পথিকে
মৰুভূমিৰ মাজত
হঠাতে পোৱা
হিয়া জুৰ পেলোৱা
শীতল নিজৰা এটিৰ
মৌ বৰষা কুলুকুলু সুৰ

সুউচ্চ পৰ্বতৰ টিঙত
ঠেকা খাই প্ৰতিধ্বনিত
প্ৰীতমৰ বাবে প্ৰেয়সীৰ
আকুল আহ্বান

এই পৃথিৱী
এই বিনন্দীয়া প্ৰকৃতি
থাকে মানে থাকিব
বুকুৰ কোনোবাখিনিত
বিষাই যোৱাকৈ ভাল লগা
ৰসিক বেৰসিক
সকলোৰে গাত শিহৰণ জগোৱা
বাগ্দেৱীৰ বীণাৰ ঝংকাৰ যেন
কোকিলকণ্ঠীৰ স্বৰ্গীয় তান

আজিৰ পাছতো
কোনোবা ব’হাগত
মাজ ৰাতি সাৰ পাই
কুলি কেতেকীৰ মাতত
মৰ্ত্যলৈ আকৌ নামি অহা
কলিজাটো খুলি খুলি খোৱা
স্বৰলহৰীৰ দুৰ্নিবাৰ ঢৌত
উটি-ভাহি যাম

আজি যেন এটি যুগৰ
পৰিসমাপ্তি ঘটিল
বোলাই দি
আমাৰ স্বপ্নাতুৰ চকুত
ৰামধেনুৰ সাতোটা সুৰ

জোনাকৰে ৰাতি
বুকু হম হম কৰা গানটো
আকৌ এবাৰ অমৰ হ’ল

লতা মংগেশকাৰ

লতা মংগেশকাৰ

(২৮ ছেপ্তেম্বৰ ১৯২৯-৬ ফেব্ৰুৱাৰী ২০২২)

ভাৰতৰ কিংবদন্তী কণ্ঠশিল্পী লতা মংগেশকাৰৰ বিয়োগত তেখেতৰ স্মৃতিত ‘নীলা চৰাই’ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
কোকিলকণ্ঠী: লতা মংগেশকাৰলৈ শ্রদ্ধা-অঞ্জলি | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: