সত্তা

সত্তা
  • 01 Mar, 2022

শব্দৰ মাতাল ভিৰৰ পৰা
মই আঁতৰি আহিলো,
নিচাযুক্ত বাক্যবোৰৰ
বিষাক্ত বতাহৰ পৰা একাষৰীয়া হ’লো

এৰি আহিলো গুচি দাঁতিলৈ
সাতামপুৰুষীয়া স্তম্ভটোৰ কাষলৈ৷

শাস্ত্রীয় সংগীতৰ কুলু কুলু
পানীৰ সোঁতৰ দৰে সুৰে
মোক আঁকোৱালি ল’লে।

আহ্ কেনে সুমধুৰ
সেই নীলিম নিবিড়তা।

অন্তঃসাৰশূন্য শব্দবোৰ
আঁতৰি নুশুনা হ’লো,
প্রাচীন দেৱালখনৰ দাঁতিতে
আঁউজি শুই পৰিলো।

ভাহি আহিল সীমাহীন সাগৰৰ
উর্মিমালাৰ দৰে কেৱল সুৰ আৰু লয়,
বিচাৰি পালো মোৰ চিনাকি সত্তা,
মোৰ দেশৰ সমলয়।

📚 | আৰু পঢ়ক:

সত্তা | আৰমান হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক