গছ

গছ
  • 12 Feb, 2022

মোৰ শৰীৰৰ ঠায়ে ঠায়ে
এইবাৰ এসোপা গছ ৰুই পেলালো
কলাফুলত এজোপা বকুল
মজ্জা খান্দি ৰুইছোঁ এজোপা নিম
হাড়ৰ গাঁঠিবোৰত জোপোহা বাঁহ
আৰু চকুৰ পতাত ৰুই থৈছোঁ বগৰী এজোপা

আঙুলিৰ ফাঁকত গজা ঢেঁকীয়াৰ তলিত
গ্ৰহ এটাই জিৰণি লয়
যিটো গ্ৰহৰ মজিয়াত সেমেকি থকা দাগ
যিটো গ্ৰহৰ শিৰত অসহায় হৈ পৰা গধূলি

মোৰ শৰীৰৰ অংগবোৰ কাটি
তেওঁলোকে সভ্যতা এটা গঢ়িবলৈ আহিব
সভ্যসকলৰ যিটো সভ্যতাত এটাও জীয়া মানুহ নাই
শেলাই বাগৰা এটাও কলিজা নাই

মোৰ আলতীয়া মাটিৰ বুকুত
এখন হাবি আছিল
আজি সেই পাহাৰবোৰৰ নামত
সেই ডাৱৰে ঢকা স্মৃতিবোৰৰ নামত
সমগ্ৰ শৰীৰত ৰুই পেলালো
এসোপা বিষাদৰ গছ।

❧ | আৰু পঢ়ক:

Featured Image by Conni [CC by NC 2.0]

গছ কবিতা | ৰিছাদ ভূঞা