ক বিতা, কবি আৰু কবিতাৰ কলাক সন্মান জনাবৰ বাবে ২১ মাৰ্চত বিশ্ব কবিতা দিৱস উদযাপন কৰা হয়। ইউনেস্ক’ই ১৯৯৯ চনত কবিতা পঠন, লিখন আৰু প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। শব্দৰ সৌন্দৰ্য, প্ৰকাশৰ শক্তি, সংস্কৃতিৰ বৈচিত্ৰ্যৰ শলাগ লোৱাৰ এটা দিন এই বিশ্ব কবিতা দিৱস।
প্ৰাচীন কালৰে পৰা কবিতা মানুহৰ প্ৰকাশভংগীৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ইয়াৰ দ্বাৰা ভাবনাৰ বিনিময়, আৱেগৰ প্ৰকাশ আৰু ঐতিহাসিক ঘটনাক প্ৰকাশ কৰি অহা হৈছে। এটা মুহূৰ্তৰ নিৰ্যাস, কোনো এক অনুভৱ বা এটা কাহিনীৰ সাৰমৰ্মক, সযতনে বাছি লোৱা কেইটামান শব্দৰে ধৰি ৰখাৰ অনন্য ক্ষমতা কবিতাৰহে আছে। কবিতা হৈছে নিপীড়িত, প্ৰান্তীয় আৰু ভুল বুজাবুজিৰ বলিসকলৰ সুৰীয়া কণ্ঠস্বৰ।
বিশ্ব কবিতা দিৱসত সমগ্ৰ বিশ্বৰ কবি, সাহিত্যিক, কবিতা প্ৰেমীসকলে একত্ৰিত হৈ কবিতাৰ কলাক উদযাপন কৰে। এই দিনটোত কবিতা পাঠ, গ্ৰন্থ উন্মোচন, কৰ্মশালা, প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠান আৰু কাৰ্যসূচী অনুষ্ঠিত হয়। কবিতা দিৱস হৈছে মানুহক একত্ৰিত কৰি কবিতাৰ প্ৰতি থকা প্ৰেমৰ ভাগ-বতৰা কৰাৰ, নতুন কণ্ঠ আৱিষ্কাৰ কৰাৰ, কবিতাৰ বিভিন্ন ৰূপ আৰু শৈলীৰ সন্ধান কৰাৰ এক সুৱৰ্ণ সুযোগ।
বিশ্ব কবিতা দিৱসৰ অন্যতম মূল উদ্দেশ্য হৈছে কবিতা শিক্ষণৰ প্ৰসাৰ কৰা। ইউনেস্ক’ৰ মতে, ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা, যোগাযোগৰ দক্ষতা বিকাশত সহায় কৰি কবিতাই শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
আমাৰ সমাজত কবিতাক কেতিয়াবা উপেক্ষা কৰা হয় বা কম মূল্য দিয়া হয়। বহুতে ইয়াক কেৱল অভিজাত বা বৌদ্ধিক লোকসকলৰ বাবেহে বুলি ভাবে আৰু নিজৰ জীৱনত প্ৰাসংগিক নহয় বুলি ভাবে। কিন্তু সত্যটো হ’ল,— কবিতা সকলোৰে বাবে। নীলমণি ফুকনে কোৱাৰ দৰে— যি কবিতা নপঢ়ে, কবিতা সেইসকলৰ বাবেও!
❧ | আহক কবিতা পঢ়োঁ:
- হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা
- জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতা
- নিৰ্মলপ্ৰভা বৰদলৈৰ ৮টি কবিতা
- বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য
- বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক