নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা

হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা

মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই
এই দেশৰ বুকুত ৰচে শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন।
মোৰ জীৱনৰ আঁহে আঁহে মোৰ যৌৱনৰ কোঁহে কোঁহে
সেই সপোনৰ কলৰোল।

দেশে দেশে দেশ আছে।
এনে বহু দেশৰ অৰঙে-দৰঙে মই ঘূৰিছোঁ।
বহু বন্ধুৰ সতে’ হাতে হাতে হাত ধৰি ফুৰিছোঁ।
কেতিয়াবা সাগৰ পাৰত,
কেতিয়াবা খেজুৰ তলত,
নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ।
বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ।
তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ।
যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ,
যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে
ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস।
প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ।

মোৰ দেশৰ বাবে মই জীয়াই আছোঁ।
এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ-পণ কৰিছোঁ।
ৰণুৱা, বনুৱা, হালোৱা এই সকলোৰে মাজত
মই আছোঁ— মোৰ দেশৰ বাবে।
অনৈক্যৰ মাজত ঐক্য হৈ,
বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ।
শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ।
সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ।
শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছোঁ—
ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।

আৰুতো মোৰ একো নাই!

মোৰ দেশ— মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ,
আদৰ্শৰ কঠিন পৰ্বত-মূললৈ…

✽ | আৰু পঢ়ক:হীৰেন ভট্টাচাৰ্যৰ আৰু এমুঠি কবিতা

দেশ আৰু অন্যান্য বিষয়ক

১
দেশ বুলি ক’লে আদেশ নেলাগে,
মোৰ তুম্‌ৰলি তেজত টগ্‌বগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা!

২
মোৰ শব্দৰ শোভাযাত্ৰা হওক,
ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক
তিৰ্‌বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,
টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰবাহে প্ৰবাহে।

৩
মোৰ কামিজত ফুটি উঠে কাতৰতা,
ক্ষীণ হয় ঘনিষ্ঠ উশাহ;
গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা।
সতৰ্ক প্ৰহৰী বতাহ হঠাৎ কৌতূহলী হৈ পানীত
যিদৰে নচুৱাই মাছ
মোৰ চৌকাষে উদ্যত মৃত্যু;
মৃত্যুৰ কৌশলী হাত
অথবা মৃত্যুজিৎ প্ৰতিভাৰ আচ্ছাদিত আভাস।

বাঁহীৰ মাত

এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ শুনিলো অকস্মাৎ।

বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত।

বাঁহীটো তেজত, হাড়ৰ মাজত লুকাই আছিল অতকাল।
তাত থুপাই থৈছিলো সময়ৰ কিছুমান শুকান পাত।

পাতবোৰ আঁতৰাই দিলে কোনে?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত।

জ্যোতি, সেই জ্যোতি

(স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত)

মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা।
তোমাৰ সতে গাবলৈ দিয়া ধুমুহাৰ গান, বজ্ৰৰ গান।

মৃত্যুৰ এই হিম-শীতল হাতেৰে ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া।
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহক: সাহসৰ দোকোল-টঁকা বান।

চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান!

মোৰ এই শব্দবোৰ

(তৰুণ কবিৰ হাতত)

স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত
জীৱনধাৰাৰ সুষমা, সময়ৰ ঘনিষ্ঠ উত্তাপ,
মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,
মোৰ ভিতৰত এটা যেন খেতিয়ক,
মই শব্দবোৰ জিভাত দি চাওঁ কাৰ কি সোৱাদ,
হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,
মই সাধাৰণ কবি,
কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আচোঁৰ।

✽ | আৰু পঢ়ক: হীৰেন ভট্টাচাৰ্যৰ ‘আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক’

এই লেখকৰ সকলো লেখা চাওক →
হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা | হীৰেন ভট্টাচাৰ্য

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

আলাপ

আলাপ

শৰতৰ এদিন

শৰতৰ এদিন

শিক্ষক
  • কবিতা
    • ডা° হেমন্ত কুমাৰ গোস্বামী

শিক্ষক