নাজানো কি ভাবেৰে
এৰি দিলো মোৰ পানচৈ
দুকূল ভৰা নদী
থৌকিবাথৌ
বুকুত দুখৰ বোজা
হাতে ভগা চৈ

অ’ নদী বৈ যাৱ কেনি
মই যাম তোৰ সৈতে ফালি পানী
সাগৰকে ধিয়াই
দূকূল দুপাৰ উপচায়
মোহনাই ৰাঙিয়াই
লহৰে লহৰে উঠা ঢৌতে বৈ
এৰি দিলো মোৰ পানচৈ

দুখৰ বিষ-গৰল
মোহাৰি-সামৰি
বুকুৱে বুকুৱে
মৰম সাদৰী
বিলাই নপৰিবি ভাগৰি
সুৱদী মৌ ওঁঠতে লৈ
এৰি দিলো মোৰ পানচৈ

❧ | অধিক কবিতা:

পানচৈ | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক