প্ৰেম আৰু কিছুমান অনুভূতি

প্ৰেম আৰু কিছুমান অনুভূতি
  • 14 Feb, 2023

১.
ছাইবৰণীয়া ধূসৰ পাহাৰ
সেউজ সোণালী ধাননি পথাৰ
নে ৰৌদ্ৰোজ্জ্বল পুৱা?
চোতালত জপিওৱা ৰঙা ঠেঙৰ ঘনচিৰিকা
দেউতাই জাল বাই অনা ৰঙা সেন্দূৰী পুঠিকেইজনী
নে মাৰ খহটা দুহাতৰ তলুৱা?

অপ্ৰকাশ্যে কিহবাত উগুলথুগুল চঞ্চল এটি উৰণীয়া মন৷

২.
ক্ৰমাৎ গাঢ় হৈ আহে চৌপাশৰ সেউজীয়া
এটি দুটি কলিৰে সুশোভিত উৰ্ধাংগ৷
ধীৰে ধীৰে উন্মোচিত পাপৰিবোৰত লজ্জা আৰু আবেগৰ উকমুকনি৷
ৰং, সুগন্ধ, পোহৰ আৰু বুজি নোপোৱা কিছু শিহৰণে বাৰে বাৰে তোলে কপঁনি৷
চাৰিওপিনে কেৱল বসন্তৰ পয়োভৰ৷
পলাশ আৰু নাহৰৰ সৰি পৰা পাহিবোৰ আলফুলে বুটলি লওঁ৷

আকাশখন ইমান নীলা!

৩.
জেঠৰ তীব্ৰ ৰ’দে পোৰা ঘৰ্মাক্ত এটি শৰীৰ৷
অৱশ অস্থিৰ এটি মন৷
শাওণৰ ধাৰাসাৰ বৰষুণে প্লাৱিত কৰে নকৈ ৰোৱা মাটিডৰা৷
শাসন, আচৰণ, নিয়ম আৰু বান্ধোন৷
লাহে লাহে মৰহি যায় কোমল কঠিয়াবোৰ৷

ক’ত পাম বাৰু এমুঠি বতাহ আৰু একাঁজলি ৰদ?

প্ৰেমৰ কবিতা

আকাশত ৰদালিৰ মিচিকি

৪.
আকাশত ৰদালিৰ মিচিকি
লহপহীয়া আহিনে পাহৰাই বেদনাৰ্ত শাওণৰ অবিশ্ৰান্ত ক্ৰন্দন৷
ত্যাগ, দায়িত্ব আৰু কৰ্তব্য,
আবেগ অনুভূতিবোৰ ক’ত লুকুৱাই থওঁ?
অৱসাদ-বিধ্বস্ত শৰীৰত মলয়াৰ আলফুল স্পৰ্শ৷
শেৱালিৰ সুবাসেৰে আচ্ছন্ন নিশাবোৰত
নিশব্দে নিগৰে কেইটোপালমান কুহুমীয়া চকুলো৷

পুৱতি নিশাৰ নিয়ৰে নীৰৱে উচুপে মোৰ সৈতে৷

৫.
থোপাথোপে সোণৰ চেকুৰা৷
আবেলিৰ বেলিত জিলিকে হালধীয়া আঘোণ৷
এতিয়া সময় লখিমী চপোৱাৰ৷
এটা পৰিপূৰ্ণ ভঁৰাল, পৰিয়ালৰ ভবিষ্যতৰ নিৰাপত্তা৷
ত্যাগৰ আনন্দৰে ভৰি পৰে আজীৱন উদং হৈ থকা বুকুখন৷
এক নতুন অনুভূতি, প্ৰেমৰ গঁজালি?
নীৰৱ সেমেকা উজাগৰী ৰাতিবোৰ হৈ পৰে বাঙ্ময় আৰু উত্তপ্ত৷
ভয়, শংকা, লজ্জা, অভিমান?

মাথোঁ সাহসেৰে অপেক্ষাৰত
কাঁইটীয়া শীতৰ আগমনৰ৷

❧ | আৰু পঢ়ক:

প্ৰেম আৰু কিছুমান অনুভূতি | ৰাজুমণি বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক