সোণমাই, তই নেকান্দিবি
তোক লৈ মই বজাৰলৈ যাম
পুতলা কিনি দিম
খেলনা কিনি দিম
আকাশৰ জোনটো আনিবলৈও হাত মেলি দিম

সোণমাই তই নেকান্দিবি
তই কান্দিলে বুকুখন বৰকৈ বিষায়
মোৰ জীৱনৰ সমস্ত ব্যৰ্থতা জীপাল হৈ উঠে
পাহৰিব খোজা অতীত
বৰ্তমান হ’ব খোজে

উজাগৰী দুচকুৰে কত ৰাতি জ্বলালো এন্ধাৰ
চিৰালফটা পথাৰখনেই মোৰ পৃথিৱী আশাৰ
গাজনি আৰু বৰষুণ আহিব
সেউজীয়া বতাহজাকে
মোৰ শূন্যতা আঁতৰাব

সোণমাই, তই হাঁহিলে
শব্দবোৰ মণি-মুকুতা হৈ সৰে
মোৰ উদং ভঁৰাল শইচেৰে ভৰি পৰে
তোৰ মাজতে লুকাই আছে মোৰ আশা-ভৰসা
তোৰ অভিযোগ আৰু অভিমানতেই
লুকাই আছে মোৰ প্ৰভাতী প্ৰত্যাশা

সোণমাই, তই এদিন ডাঙৰ হবি
আৰু তেতিয়া তই বহুত ডাঙৰ হবি
মোৰ বুকু ওফন্দি উঠিব, পাগলাদিয়াৰ বানৰ দৰে
পৃথিৱীৰ নৃত্য চাম গৰ্বিত পিতাৰ দৰে
সোণমাই, তই নেকান্দিবি

অসমীয়া কবিতা নতুন

কন্যা | হিৰেন কুমাৰ দেৱ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক