গোত্ৰ: শিপাৰ সন্ধান

গোত্ৰ: শিপাৰ সন্ধান
  • 09 Jul, 2022

গো ত্ৰ এটা বিশুদ্ধ সংস্কৃত শব্দ। ইয়াৰ অৰ্থ গৰুৰ জাক অথবা গোহালি। অথৰ্ব বেদত গোত্ৰ শব্দই ‘তেজৰ লগত সম্পৰ্ক থকা এদল লোক’ক বুজাইছিল। প্ৰাচীন ভাৰতত গৰু আছিল এক অমূল্য সম্পদ। ই শৌৰ্য-বীৰ্যৰো প্ৰতীক আছিল। গোহালি আছিল সমূহীয়া সম্পত্তি। হয়তো যৌথ পৰিয়ালৰ গোহালিবিলাকৰ একোটা একোটা সুকীয়া নাম আছিল। পৰিয়ালৰ মুৰব্বীগৰাকীৰ নামেৰে গোহালিটোৰ বা গৰুৰ জাকটোৰ নাম ৰখা হৈছিল আৰু পৰৱৰ্তী সময়ত এই নামটোৱেই সেই বংশটোক বুজাবলৈ লৈছিল। আনহাতে গো শব্দই পৃথিৱী আৰু বেদক বুজায়। ত্ৰৈ শব্দৰ অৰ্থ হ’ল ত্ৰাণ কৰোঁতা। পাণিনি ব্যাকৰণত পুত্ৰ-পৌত্ৰ আদি অপত্য সন্তানসকলকে গোত্ৰ বুলি কোৱা হৈছে।

গোত্ৰ শব্দৰ অৰ্থ যিয়েই নহওক, গোত্ৰৰ নামবোৰ একো একোজন ঋষিৰ নামেৰে পোৱা যায়। সাধাৰণ মানুহৰ বিশ্বাস— যি পৰিয়ালৰ যি গোত্ৰনাম, সেইটো পৰিয়ালৰ লোকসকল সেইজন গোত্ৰনামৰ ঋষিৰ বংশধৰ। কেৱল হিন্দু ধৰ্মীয় লোকৰ মাজতেই যে গোত্ৰ প্ৰথা আছে, তেনে নহয়। একে গোত্ৰৰ মাজত বিবাহ নিষিদ্ধ বুলি সমাজত যি প্ৰচলিত ধাৰণা আছে, সেইমতে বহু জনজাতীয়ৰ মাজত এনে আন্তঃবৈবাহিক গোট পোৱা যায়। এই গোটসমূহৰ সদস্যসকলে নিজৰ মাজতে বিয়া-বাৰুৰ সম্পৰ্ক নকৰে।

গোত্ৰ শব্দৰ সমাৰ্থক প্ৰতিশব্দটো লেটিন ভাষাত Gens, ই গ্ৰীক প্ৰতিশব্দ Genos-ৰ দৰেই সেইবোৰৰ সাধাৰণ আৰ্যমূল Gen-ৰ পৰা উদ্ভূত— যাৰ অৰ্থ জনন। Gens, genos, সংস্কৃত ভাষাৰ জমস, গৰ্থসকলৰ Kuni, প্ৰাচীন নৰ্ডিক আৰু এংলোচেক্সনসকলৰ Kyn, ইংৰাজী Kin, মধ্য জাৰ্মানীৰ উচ্চ ভূমিৰ Kiine— এই শব্দবোৰ গোত্ৰ আৰু বংশৰ সমাৰ্থক।

বহলকৈ চাবলৈ গ’লে গোত্ৰনামসমূহ প্ৰকৃততে টোটেম (totem)হে। যেনে— কাশ্যপ শব্দৰ অৰ্থ কাছ, মণ্ডুকেয় শব্দৰ অৰ্থ ভেকুলী বা পৰাশৰ শব্দৰ অৰ্থ পাৰ চৰাই, শৌনক মানে কুকুৰ, কপি শব্দৰ অৰ্থ বান্দৰ ইত্যাদি। টোটেমৰ বিষয়ে আলোচনা কৰিবলৈ গৈ ফ্ৰেজাৰে কৈছে যে আদিম লোকসকলে তেওঁলোকৰ টোটেমৰ নাম অনুসৰি নিজৰ নামকৰণ কৰিছিল আৰু নিজকে সেই টোটেমটোৰ বংশধৰ বুলি বিশ্বাস কৰিছিল। সেই বিশ্বাসৰ বাবেই তেওঁলোকে নিজৰ টোটেমক হত্যা নকৰিছিল বা খাদ্য হিচাপে গ্ৰহণ নকৰিছিল। গোত্ৰৰ দৰে টোটেমৰ নামসমূহো বংশানুক্ৰমিকভাৱে বাহিত হয়। মনোবিজ্ঞানী ফ্ৰয়েডৰ মতে প্ৰাগঐতিহাসিক যুগৰ সমাজখন নানা দল, গোষ্ঠী আৰু পৰিয়ালত বিভক্ত আছিল। কোনো জীৱ-জন্তুৰ নামানুসৰি সেই গোষ্ঠী বা পৰিয়ালটোৰ নামকৰণ কৰা হৈছিল। কোনোটো গোষ্ঠী আছিল ভালুকৰ গোষ্ঠী, কোনোটো আছিল ঘঁৰিয়ালৰ গোষ্ঠী। টোটেমিক নামবোৰেৰেই সেই পৰিয়ালসমূহ জনাজাত আছিল।

ভাৰতীয় গোত্ৰসমূহ ঋষিনামবাচী, টোটেমিক-টিটুলাৰ নাইবা বৈদিক-লৌকিক আদি ভাগত ভাগ কৰিব পাৰি। হিন্দু সমাজত ব্যাপকভাৱে পোৱা কাশ্যপ গোত্ৰ— যাৰ অৰ্থ কূৰ্ম, প্ৰকৃততে এটা টোটেমিক গোত্ৰহে। শব্দটোৰ ব্যুৎপত্তিগত অৰ্থই কূৰ্মৰ লগত কাশ্যপ গোত্ৰৰ মিলৰ কথা সূচায়। আদি কালৰ পৰা ব্ৰাহ্মণ্য সমাজভুক্ত হ’ব খোজা আদিবাসীসকলক কাশ্যপ গোত্ৰৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। কোচ-ৰাজবংশীসকল এনে এটা উদাহৰণ। অসমৰ কলিতাসকলৰো বেছিভাগৰে গোত্ৰ কাশ্যপ। যিসকলে গোত্ৰ হেৰুৱাইছে, তেওঁলোকো কাশ্যপ গোত্ৰৰ অন্তৰ্ভুক্ত। কাশ্যপৰ দৰে প্ৰাণীবাচক গোত্ৰ আৰু বহুত আছে। বড়োসকলৰ মাজত মৗছাহাৰী নামৰ এটা গোত্ৰ আছে, যাৰ অৰ্থ বাঘ। খাছীসকলৰ মাজত স্ৰিয়েহ (বান্দৰ), বাৰ্ডচ (কেঁকোৰা), মেচসকলৰ মাজত মেচ আৰাই (বাঘ) আদিও জন্তুবাচক গোত্ৰ। ভাৰতৰ বাহিৰেও ৰোমত জন্তুবাচক বা পাচলিবাচক গোত্ৰ নাম পোৱা যায়। সেইবোৰৰ কেইটামান হ’ল— পাৰ্টিয়া (গাহৰি), এচিনিয়া (গাধ), ফেবিয়া (উৰহী) আদি।

বিষ্ণুৰ বৰাহ অৱতাৰৰ সময়ত ৰজঃস্বলা বসুমতীক সংগম কৰাৰ ফলত নৰকৰ জন্ম হয়। কিন্তু নৰকৰ গোত্ৰ বৰাহ নহয়। নাৰদৰ নামত কোনো গোত্ৰ নাই, কাৰণ নাৰদৰ বংশ নাই। নাথ-যোগীসকলৰ আটাইৰে গোত্ৰ শিৱ। কিছুমান গোত্ৰৰ লোকে নিজৰ গোত্ৰৰ জীৱটোক পূজা কৰে। শাণ্ডিল্য (বেল) গোত্ৰীয় ব্ৰাহ্মণে বেলগছক পূজা কৰে। ওড়িশাত ৰঘুনাথিয়া ব্ৰাহ্মণৰ পৰাশৰ গোত্ৰীয়সকলে পাৰ চৰাইক পূজা কৰে। দুজন অপৰিচিত ব্যক্তিৰ যদি গোত্ৰনাম একে হয়, তেন্তে তেওঁলোকেৰ মাজত আত্মীয়তাৰ ভাৱ গঢ়ি উঠে।

বৈদিক কাৰ্যসমূহত গোত্ৰনাম উচ্চাৰণ কৰাটো বাধ্যতামূলক। গোত্ৰহীন লোকক আগৰ দিনত হেয় চকুৰে চোৱা হৈছিল। ‘নাম-গোত্ৰহীন’ লোক বুলি সমাজত একপ্ৰকাৰ গালিৰ প্ৰচলন আছিল। সগোত্ৰ-সপ্ৰবৰ-সপিণ্ডন বিবাহ হিন্দুৰ নিয়ম মতে নিষিদ্ধ।

কটকটীয়াকৈ বৈদিক নিয়ম পালন কৰা পৰিয়ালৰ বাহিৰে আন পৰিয়ালসমূহত গোত্ৰব্যৱস্থা ক্ৰমাৎ লুপ্ত হৈ আহিব ধৰিছে। তথাপিতো বৈদিক কালৰ পৰা চলি অহা গোত্ৰ ব্যৱস্থাক চমৎকাৰভাৱে দাঙি ধৰিছে ড° ভৱেশ দাসে তেওঁৰ ‘গোত্ৰ’ নামৰ গ্ৰন্থখনত। ক্ষুদ্ৰ পৰিসৰৰ হ’লেও তেওঁ গোত্ৰ ব্যৱস্থাৰ বহু নজনা কথাৰ সম্ভেদ দিছে। লগতে গোত্ৰ ব্যৱস্থা যে পৃথিৱীৰ আন আন ঠাইতো আছে, তাৰো ইংগিত দিছে তেওঁৰ এই গ্ৰন্থখনত। ড° দাসৰ ‘গোত্ৰ’ নিঃসন্দেহে এক ক্লাছিক গ্ৰন্থ।

গোত্ৰ গ্ৰন্থ সমালোচনা

গোত্ৰ
লেখক: ড° ভৱেশ দাস
প্ৰকাশক: সাহিত্য চৰ্চা কেন্দ্ৰ, গুৱাহাটী
মূল্য: ৭০ টকা
প্ৰথম প্ৰকাশ: মাৰ্চ ২০২১

❧ | আৰু পঢ়ক:

গোত্ৰ: শিপাৰ সন্ধান | নৱকুমাৰ মিশ্ৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক