আহোমৰ সংকটকালত ভোটাই ডেকা

আহোমৰ সংকটকালত ভোটাই ডেকা

প্তদশ শতিকাৰ অষ্টম দশকৰ অন্তিমটো বৰ্ষত যিগৰাকী বীৰৰ দুঃসাহসিক কাৰ্য‌ই অসমক সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰিছিল, তেওঁ হৈছে ভোটাই ডেকা। ‘নগঞা শ‌ইকীয়া ভোটাই ডেকা’ হিচাপে খ্যাত ভোটাই ডেকা এজন সাহসী, বলৱান আৰু খামিডাঠ বীৰ আছিল। সাধাৰণ মানুহ হৈ অসাধাৰণ কাম কৰা ভোটাই ডেকাৰ পৰিচয় প্ৰসংগত বুৰঞ্জীৰ পাতত ‘বিদ্ৰোহী পাইক’ বুলিহে উল্লেখ আছে।

অসমৰ ইতিহাসৰ সংকট কালৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ নগঞা শ‌ইকীয়া ভোটাই ডেকাৰ বিষয়ে একত্ৰ ৰূপত জানিবলৈ বা পঢ়িবলৈ সুদীৰ্ঘ দিন গ্ৰন্থৰ অভাৱ অনুভৱ কৰি আহিছোঁ। কিন্তু শেহতীয়াকৈ নগাঁৱৰ বিশিষ্ট সাংবাদিক, লেখক শৈলেন শ‌ইকীয়াই বুৰঞ্জীৰ পাত লুটিয়াই ‘আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি সেই অভাৱ দূৰ কৰি উত্তৰ পুৰুষক ভোটাই ডেকা সম্পৰ্কীয় কিছু তথ্যৰ যোগান ধৰিছে। লেখক শ‌ইকীয়াই যথেষ্ট কষ্ট স্বীকাৰ কৰি ভোটাই ডেকাৰ সমগ্র কৰ্মৰাজিৰ এক আলোচনা গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে।

শৰাইঘাটৰ যুদ্ধৰ পাছত আহোম সাম্ৰাজ্যত লালুক বৰফুকনৰ উদ্ভণ্ডালি ইমানেই বাঢ়িল যে তেওঁ নিজৰ ইচ্ছা মতে ৰাজ্যৰ প্ৰশাসনৰ সৰ্বেসৰ্বা হৈ পৰে। কোমল বয়সীয়া কোঁৱৰ চুলিকফাক ৰত্নধ্বজ সিংহ নাম দি ৰজা পাতে। চুলিকফা ৰুগীয়া আৰু কম বয়সীয়া হোৱাৰ অজুহাতত তেওঁক নামত ৰজা পাতি লালুক বৰফুকনে আহোম সাম্ৰাজ্যত একছত্ৰী শাসন চলাবলৈ ধৰিলে। ৰজা হোৱাৰ সপোন দেখি ৰাজ্যৰ কোঁৱৰসকলক ঘূণীয়া কৰা বা হত্যা কৰাৰ অভিযান আৰম্ভ কৰিছিল। লালুক বৰফুকনৰ অত্যাচাৰ ইমানেই বাঢ়ি গৈছিল যে বংগৰ চুবেদাৰ নবাব চেইষ্টা খানে উপহাৰ হিচাপে পঠোৱা দূতক আদৰণি জনোৱাৰ সময়ত লালুক বৰফুকনে ৰাজকীয় পোছাক পৰিধান কৰিছিল। অৱশ্যে গণৰোষত পৰাৰ ভয়ত নিজকে ৰজা বুলি ঘোষণা কৰা নাছিল। লালুকৰ কামকাজে সাধাৰণ প্ৰজাৰ মনত বিৰূপ প্ৰভাৱ পেলায়।

গ্ৰন্থখনত লেখক শ‌ইকীয়াই উল্লেখ কৰিছে যে শৰাইঘাটৰ যুদ্ধ‌ই অসমীয়াৰ মান-মৰ্যাদা বৃদ্ধি কৰে যদিও তাৰ কিছুদিনৰ পাছতেই অসমৰ বুকুলৈ নামি আহে ৰাজনৈতিক সংকটৰ প্ৰচ্ছায়া। ১৬৭২ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দৰ এই সময়ছোৱা আছিল অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে অতি বিপদ সংকুল। যি স্বৰ্গদেউ ৰাজ্যৰ প্ৰজা সম্পদ আৰু সকলো ক্ষমতাৰ অধিকাৰী আছিল, সেই স্বৰ্গদেউ হৈ পৰিছিল অনুগত ৰাজবিষয়াৰ হাতৰ পুতলা স্বৰূপ। ৰাজ্যৰ সৈন্য আৰু অস্ত্ৰ শক্তিৰ অধিকাৰী ৰজাৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছিল। প্ৰজাই ঈশ্বৰৰ দৰে জ্ঞান কৰা স্বৰ্গদেউক সাধাৰণ অপৰাধীৰ দৰে হত্যা কৰা হৈছিল। সোতৰ শতিকাৰ অষ্টম দশকত অবিশ্বাস সংশয়, হত্যা-হিংসা আৰু বঙহে বঙহৰ মঙহ খোৱাৰ যি পৰিৱেশ সৃষ্টি হৈছিল, তাৰ ফলত অসমৰ ভৱিষ্যতে অনিশ্চয়তাৰ দিশে গতি কৰিছিল। ১৬৮০ খ্ৰীষ্টাব্দত ৰাজমন্ত্ৰী লালুক বৰফুকনৰ হত্যাৰ পাছত অসমৰ ৰাজনৈতিক ইতিহাসৰ গতি সলনি হয়। এই মহা প্ৰতাপী লালুক বৰফুকনক হত্যা কৰিছিল নগঞা শ‌ইকীয়া ভোটাই ডেকাই। গ্ৰন্থখনত ভোটাই ডেকাৰ বীৰত্ব আৰু সাহসিকতাৰ কথা সুন্দৰ ৰূপত উপস্থাপন কৰিছে। অৱশ্যে লালুক বৰফুকনক হত্যাৰ পাছত ৰজাৰ ওচৰত (ৰাইজ বিপদৰ পৰাৰ কাৰণে ) মূৰ দোৱাই কলিয়াবৰ অভিমুখে আহি থকা বীৰ ভোটাই ডেকাৰ অন্তিম অৱস্থাৰ কথা লেখকে উল্লেখ কৰিছে এনেদৰে— গড়গাঁৱৰ সন্দিকৈ ফুকনে ভোটাই আৰু মাধৱক ৰজাৰ ওচৰলৈ লৈ যায়। দুয়ো ৰজাৰ ওচৰত আঁঠু লৈ মূৰ দোৱায়। ৰজাই ভোটাই-মাধৱক একো শাস্তি নিদিলে। সম্ভৱতঃ প্ৰজাৰ বিদ্ৰোহৰ সন্মুখীন হোৱাৰ ভয়তে ৰজাই ভোটাইহঁতক দণ্ড প্ৰদান নকৰি এৰি দিয়ে। ৰজাই ক্ষমাদান কৰিলেও ভোটাই ডেকাই উজনিত থকাটো সুৰক্ষিত যেন অনুভৱ নকৰি ব্ৰহ্মপুত্ৰ‌ইদি কলিয়াবৰ অভিমুখে আহি থাকোঁতে হলৌ ডেকা ফুকনে ভোটাইৰ নাও জব্দ কৰি ৰজাৰ আজ্ঞা লৈ ভোটাই ডেকাৰ নাক-কাণ কাটি, এটা চকু কাঢ়ি এৰি দিয়ে।

‘আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা’ গ্ৰন্থখনৰ পাতে পাতে বৰ্ণিত হৈছে এগৰাকী বীৰৰ জীৱনগাথা। লেখকে বিভিন্ন গ্ৰন্থ আৰু আলোচনীৰ সহায় লৈ প্ৰস্তুত কৰা গ্ৰন্থখনত অসমৰ অতীত গৌৰৱ, মোগলৰ বিৰুদ্ধে অসমীয়াৰ ৰণ, আহোম শাসনৰ অসমত সংকটকাল, অসমৰ সংকটকালত আহোম শাসনৰ তিনি কাণ্ডাৰী ডেবেৰা-আতন-লালুক, স্বদেশ প্রেম-ত্যাগৰ মূৰ্ত প্ৰতীক লাচিত বৰফুকন-জয়মতী কুঁৱৰী, আহোম শাসনত ৰজা-মন্ত্ৰী হোৱাৰ নিয়ম, আহোম শাসনত নগাঁও, নগঞা শ‌ইকীয়া ভোটাই ডেকা আৰু তেওঁৰ কীৰ্তি, ঐতিহাসিক চৰিত্ৰ হিচাপে ভোটাই ডেকা, ভোটাই ডেকাৰ স্মৃতিৰ স্বাক্ষৰ ভোটাইগাঁও, ৰূপকথাৰ নায়ক ভোটাই ডেকা: কিছু চিন্তা, ইতিহাসৰ পাতত এজন ৰজা খেদা নগঞাকে ধৰি মুঠ বাৰটা লেখাৰে গ্ৰন্থখন সমৃদ্ধ কৰিছে। ১৬৮০ খ্ৰীষ্টাব্দত নগঞা শ‌ইকীয়া ভোটাই ডেকাই মহাপ্ৰতাপী লালুক বৰফুকনক হত্যা কৰাৰ ঘটনা প্ৰৱাহক মূল বিষয় হিচাপে লৈ ভোটাই ডেকাৰ সাহস আৰু স্বদেশপ্ৰেমক সুন্দৰকৈ ফুটাই তুলিছে। উল্লেখযোগ্য যে গ্ৰন্থখনৰ শেষৰ ফালে আহোম ৰাজত্বৰ সময়ৰ আন এগৰাকী বীৰ ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকাৰ বিষয়েও এটি প্ৰবন্ধ সংযোজন কৰিছে। লেখকে প্ৰতিটো লেখাৰ পাদটীকাত সহায়ক গ্ৰন্থপঞ্জীৰ নাম উল্লেখ কৰি গ্ৰন্থখনৰ গুৰুত্ব বঢ়াই তুলিবলৈ সক্ষম হৈছে।

image
‘আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা’ গ্ৰন্থৰ বেটুপাত

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে মনোজ ৰাজকুমাৰৰ প্ৰচ্ছদেৰে সুন্দৰকৈ প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য মাত্ৰ এশ টকা। ভোটাই ডেকা সম্পৰ্কে উত্তৰ প্ৰজন্ম অথবা বুৰঞ্জী অধ্যয়নৰ প্ৰতি আগ্ৰহী সকলে গৱেষণা, চৰ্চা আদি কৰিলে শৈলেন শ‌ইকীয়াৰ এই গ্ৰন্থখনে যথেষ্ট সহায় কৰিব।

আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা
লেখক: শৈলেন শইকীয়া
প্ৰথম প্ৰকাশ: ২০১৯
প্ৰকাশক: ক্ৰান্তিকাল প্ৰকাশন, নগাঁও-১
সহযোগী প্ৰকাশক: ড° চিন্তামণি শৰ্মা
ISBN: উপলব্ধ নহয়

আহোমৰ সংকটকালত ভোটাই ডেকা | কুমাৰ বিভূতি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক