প্ৰা চীন কালৰে পৰা সাহিত্যত প্ৰকৃতিৰ চিত্ৰায়নে গুৰুত্ব লাভ কৰি আহিছে। প্ৰাকৃতিক পৰিৱেশৰ ভিন্ন অৱস্থাৰ কলাত্মক প্ৰতিফলনে বিশ্ব সাহিত্যক বৈচিত্ৰ্যময় ৰূপ প্ৰদান কৰি আহিছে যদিও মানুহ আৰু প্ৰকৃতিৰ চিৰন্তন সম্বন্ধৰ সুৰে বিশ্বৰ সকলো সাহিত্যকে একৰূপতা প্ৰদান কৰিছে। ভাৰতীয় সাহিত্যৰ আৰম্ভণি কালৰ ৰচনাসমূহত প্ৰকৃতিৰ বন্দনা-বৰ্ণনা সুন্দৰকৈ দাঙি ধৰা হৈছে। ৰামায়ণ আৰু মহাভাৰতৰ লগতে কালিদাসৰ সাহিত্যতো প্ৰকৃতিৰ বিভিন্ন ৰূপ চিত্ৰায়িত হৈছে।
অসমীয়া লোকোক্তিত ‘মঠ মন্দিৰ নিৰ্মাণ গুৰুতৰ কৰ্ম, বৃক্ষৰোপণ অধিক ধৰ্ম’ বুলি প্ৰাকৃতিক উপাদান গছৰ উল্লেখ হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাত প্ৰকৃতিয়ে অনিৰ্বচনীয় সৌন্দৰ্যৰ সৃষ্টি কৰিছে। আধুনিক অসমীয়া সাহিত্যত প্ৰকৃতিৰ ৰূপ বৰ্ণনাৰ সমান্তৰালভাৱে নতুন দৃষ্টিভংগীৰে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা-চৰ্চাই গুৰুত্ব লাভ কৰিছে। আধুনিক কালৰ সৃষ্টি উপন্যাস সাহিত্যতো ইয়াৰ প্ৰতিফলন ঘটিছে।
অসমীয়া উপন্যাস সাহিত্যলৈ সংখ্যাগত আৰু গুণগত উভয় দিশতে বিশিষ্ট বৰঙনি আগবঢ়োৱা চৈয়দ আব্দুল মালিকৰ উপন্যাসত প্ৰকৃতিৰ বিভিন্ন দিশ শক্তিশালী ৰূপত চিত্ৰিত হৈছে। বিশেষকৈ, ‘ধন্য নৰতনু ভাল’, ‘সূৰুযমুখীৰ স্বপ্ন’, ‘প্ৰেম অমৃতৰ নদী’ আদি উপন্যাস উল্লেখযোগ্য। এই আলোচনাত মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত চিত্ৰিত প্ৰাকৃতিক অৱস্থাৰ বিষয়ে আলোকপাট কৰাৰ প্ৰয়াস কৰা হৈছে।
‘প্ৰেম অমৃতৰ নদী’ মহাপুৰুষ মাধৱদেৱৰ জীৱন আধাৰিত উপন্যাস। উপন্যাসখন আৰম্ভ হৈছে প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰে। উপন্যাসখনৰ পটভূমি নিৰ্মাণ কৰা হৈছে গ্ৰাম্য প্ৰকৃতিৰ বৈচিত্ৰ্যময় পৰিৱেশত। প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ উপাদান গছ-গছনি, নদ-নদী, পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, মাছ-পুঠি, পোক-পৰুৱা আদিৰ অনুষঙ্গৰে উপন্যাসখনৰ আৰম্ভণি কৰা হৈছে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰক লোক সমাজে লুইত, বৰলুইত, বুঢ়া লুইত, চিৰী লুইত, বৰহমপুত্ৰ আদি নামেৰে নামকৰণ কৰাৰ প্ৰসংগও ঔপন্যাসিকগৰাকীয়ে উল্লেখ কৰিছে। তদুপৰি জাঁজি, দিখৌ, দিচাং, দিহিং, ডিব্ৰু, ভোগদৈ, কাকডোঙা, ধনশিৰী, কলং, কপিলী, মানাহ, সোৱনশিৰি, দিক্ৰং আদি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ কথাও উল্লেখ কৰিছে।
প্ৰকৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান নদীসমূহে নৈসৰ্গিক শোভা বৰ্ধন কৰাৰ উপৰিও নৈপৰীয়া সংস্কৃতিৰো জন্ম দিছে। নদীৰ দুয়োপাৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক বিনিময়ত অসমৰ সংস্কৃতি সমৃদ্ধিশালী হোৱাৰ লগতে সংহতিৰ বাৰ্তাৰ প্ৰসাৰ ঘটিছে। ঔপন্যাসিকে এই জনগোষ্ঠীসমূহৰ কথা উল্লেখ কৰিছে এনেদৰে— “অঁকা, ডফলা, আবৰ, চিংফৌ, মিৰি ( এতিয়া মিচিং), টাই, আহোম, মৰাণ, মটক, চুটিয়া, কছাৰী, আও, আঙ্গামী, লঠা, নগা, মিকিৰ ( এতিয়া কাৰ্বি), বড়ো, নেপালী, ভুটিয়া, খাছীয়া, জয়ন্তীয়া, গাৰো, মিচিমি, খামতি… আৰু কত নাম আৰু চিনাকি!” (পৃ: ২)
নদী আৰু মানুহৰ চিৰন্তন সম্পৰ্ক ঐতিহাসিকভাৱে সত্য। পৃথিৱীৰ বৃহৎ সভ্যতাসমূহ নদীক আধাৰ কৰি গঢ় লৈ উঠিছে। অসমৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সাহিত্য-সংস্কৃতিৰ লগতে অন্যান্য দিশতো প্ৰভাৱ বিস্তাৰ কৰি আহিছে। নদীৰ দুয়ো পাৰত গঢ়ি উঠা সেউজীয়া অৰণ্য, নদীৰ বুকুত থকা জৈৱ-বৈচিত্ৰ্য আদি মানুহৰ সামূহিক পৰিচয়ৰ ধাৰক আৰু বাহক হৈ পৰিছে। ইয়াৰ সত্যতা প্ৰতিপন্ন কৰি ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত ঔপন্যাসিকে লোক সমাজে গছ-গছনি আৰু মাছৰ নামেৰে ঠাইৰ নামকৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰিছে। উদাহৰণ স্বৰূপে— “অসম দেশৰ কোনো কোনো ঠাইৰ মানুহে গছৰ নামেৰে দিয়ে ঠাইৰ নাম বা গাঁৱৰ নাম। অমৰাগুৰি, ঔগুৰি, শিলিখাগুৰি, আমগুৰি, কঁঠালগুৰি, জামুগুৰি, তেঁতেলীগুৰি, জৰাগুৰি, নেমুগুৰি, চকলাটিং, লেটেকুগুৰি, শালনী, নাহৰনি, কপাহতলি ইত্যাদি। তেনেকৈ মাছৰ নামেৰেও ঠাইৰ নাম দিয়ে। চিতলমাৰী, ৰৌমাৰী, গৰৈমাৰী, শালমৰা, মিছামৰা, কাৱৈমাৰী, পুঠিমাৰী ইত্যাদি।” (পৃ: ৮)
প্ৰকৃতিৰ পৰা মানুহে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো পাইছে। আহাৰ, আশ্ৰয়, জীৱিকা আৰু দৈনন্দিন জীৱনৰ বাবে শিক্ষা সকলো প্ৰকৃতিপ্ৰদত্ত। সেয়ে দাৰ্শনিক ৰুচোৰ “প্ৰকৃতিলৈ উভতি যোৱাৰ” কামনাৰ লগতে কবি ৱৰ্ডচৱৰ্থে “প্ৰকৃতিয়ে কেতিয়াও প্ৰতাৰণা কৰা নাছিল” বুলি মন্তব্য কৰিছে। ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত গোবিন্দগিৰি আৰু মনোৰমা আয়ে অৰণ্যৰ মাজত ডকাইতৰ হাতত পিন্ধি থকা কাপোৰকেইপদো হেৰুৱাই প্ৰকৃতিৰ আশ্ৰয় গ্ৰহণ কৰি লজ্জা নিবাৰণ কৰিবলগীয়া হৈছে। ঔপন্যাসিকে এই পৰিস্থিতিৰ বৰ্ণনা দাঙি ধৰিছে এনেদৰে— “উদং গাৰেই গোবিন্দগিৰি বহাৰ পৰা উঠিল আৰু অলপ নিলগতে থকা গছ দুজোপামানৰ পৰা কেঁচাপাত ছিঙি আনি নিজৰ কঁকালটো, তলপেটটো কোনোমতে ঢাকি ল’লে আৰু মনোৰমাকো গছপাতেৰেই গাটো ঢাকি ল’বলৈ ক’লে।” (পৃ: ১২)
প্ৰকৃতিৰ বুকুত সেউজীয়া অৰণ্যই যেনেদৰে নৈসৰ্গিক শোভা বৰ্ধন কৰে, নদীৰ প্ৰৱহমান গতিয়ে যেনদৰে সেই শোভাক এক নতুন আয়তন প্ৰদান কৰে; ঠিক তেনেদৰেই অৰণ্য আৰু নদীক আশ্ৰয় কৰি জীয়াই থকা পশু-পক্ষী, মাছ-কাছ আৰু কীট-পতংগ আদিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ সমৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত ঔপন্যাসিকে সৰু-বৰ বিবিধ চৰাইৰ নাম উল্লেখ কৰাৰ লগতে সিহঁত যে মানুহৰ পৰা বেছি দূৰৈত নহয়, সেই কথা উল্লেখ কৰিছে। ঔপন্যাসিকে লিখিছে— “হাবিৰ চৰাইবোৰ বনৰিয়া হ’লেও সিহঁতৰ গাৰ ৰং-ৰহণ, গীত-মাতৰ লগতে দিন-ৰাতি কটাই থকা মানুহবোৰৰ তেনেই চিনাকি, বৰ আপোন। সিহঁতৰ নামবোৰো থলুৱা মানুহেই দিয়া। কাউৰী, শগুণ, ভাটৌ, শালিকী, কাণকূৰিকা, ঘনচিৰিকা, ফেঁচা, হুদু, শেন, চিলনী, মইনা, মৌপিয়া, তেলীয়া সাৰেং, বৰটোকোলা আৰু কত নামৰ কত যে চৰাই।… এই চিনাকি চৰাইৰ জগতখনৰ পৰা সিহঁতৰ লগতে সদায় থকা মানুহৰ জগতখননো কিমান দূৰত? সিহঁত দেখোন সদায় মানুহৰ মূৰৰ ওপৰতে উৰি ফুৰে।… হাবিৰ বুকুতে থকা পখিলা, জিঞা, উঁই, গুই, এন্দুৰ, পঁইতাচোৰা, ফেঁটী সাপ, মোচোৱা গোম, কাৰ্শলা, অজগৰ— এই প্ৰাণীবোৰো মানুহৰ পৰা বেছি দূৰৈৰ বাসিন্দা নহয়। সিহঁতকো বহুতেই চিনি পায়।” (পৃ: ১৬)
সময় অনুসৰি প্ৰকৃতিৰ ৰূপ বিভিন্ন ধৰণৰ হয়। পুৱাৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত দুপৰীয়া বা সন্ধিয়াৰ প্ৰকৃতিৰ সৌন্দৰ্য একে নহয়। বিভিন্নজন কবি-সাহিত্যিকে তেখেতসকলৰ ৰচনাত সময় ভেদে প্ৰকৃতিৰ ভিন্ন অৱস্থাৰ চিত্ৰ আঁকিবলৈ প্ৰয়াস কৰি আহিছে। ৰাতিপুৱাৰ প্ৰকৃতিৰ অনুপম ৰূপ মাধৱদেৱৰ ‘তেজৰে কমলাপতি পৰভাত নিন্দ’ বৰগীতটোত সুন্দৰকৈ প্ৰতিফলিত হৈছে। ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত ঔপন্যাসিকে পুৱাৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ আভাস কিশোৰ মাধৱদেৱৰ মুখেৰে ব্যক্ত কৰাইছে— “বহুতেই বুজিব নোৱাৰে। মই সদায় ৰাতিপুৱা বেলিটো ওলোৱা চাই বৰ ভাল পাওঁ। সেই বেলিটো ওলোৱাৰ আগতে যে হাবিৰ সিপাৰৰ পূবফালৰ আকাশখনত কোমল, বগা পোহৰবোৰ জিলিকি উঠে, সেয়া চাই মোৰ বৰ ভাল লাগে। বনৰিয়া ধুনীয়া ধুনীয়া চৰাইবোৰ যে হাবিৰ পৰা আহি উৰি ঘূৰি ফুৰে, সেইবোৰ চাই মোৰ বৰ ভাল লাগে, সিহঁতে কিবা গানো গায়, মাতবোৰ যে ইমান সোৱাদ লগা মিঠা!” (পৃ: ১৯)
মাধৱদেৱৰ সমকালীন অসমত মাটি-বাৰীৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ উপকৰণ— গছ-গছনি, জীৱ-জন্তু, মাছ-পুঠি আদিক সম্পত্তি বুলি গণ্য কৰা হৈছিল। এই সম্পত্তিসমূহৰ বৃদ্ধি আৰু সুৰক্ষাৰ বাবে সেই সময়ৰ ৰজা-প্ৰজা সকলোৱে চেষ্টা কৰিছিল। ঔপন্যাসিকগৰাকীয়ে এই কথাৰ বিৱৰণ দিছে এনেদৰে— “আগৰ দিনতে নহয় আজিকালিও মাটি-বাৰীক যেনেকৈ মূল্যবান সম্পত্তি বুলি গণ্য কৰা হয়, ধন-সোণ, হাবিত থকা বা বাৰীত থকা নাহৰ, চেগুন, কঁঠাল, জামু আদি কাঠৰ গচকো সম্পত্তি বুলি ধৰা হয়, নিজৰ পুখুৰী-বিল আদিত থকা বা পোহা ৰৌ, বাহু, চিতল, মিৰিকা, শাল, শ’ল আদি মাছকো এবিধ সম্পত্তি বুলিয়ে গণ্য কৰা হয়। তেনেকৈ নিজৰ গোহালিৰ গৰু, ম’হ, ছাগলী, ঘোঁৰা আদিক, আৰু গড়ালত হাঁহ, কুকুৰা, পাৰ আদিকো সম্পত্তি বুলিয়েই গণ্য কৰে আৰু সেইবোৰ ৰক্ষা কৰিবলৈ যত্ন কৰে, বঢ়াবলৈ চেষ্টা কৰে, এয়া সাধাৰণ মানুহৰ কথা।”
“একোখন দেশৰ ৰজাইও নিজৰ ৰাজভঁৰালৰ ধন-সোণ ৰক্ষা কৰিবলৈ আৰু বঢ়াবলৈ সদায় চেষ্টা কৰে। নিজৰ ৰাজ্যখনৰ মাটি বঢ়াবলৈও যুঁজ-বাগৰ কৰে, নিজৰ দেশৰ মাটিৰ সীমা আন কোনেও যাতে পাৰ হ’ব নোৱাৰে, তাৰ কাৰণে সৈন্য-সামন্ত দি দেশ ৰক্ষাৰ ব্যৱস্থা কৰে। দেশৰ ভিতৰৰ অৰণ্য, হাবি-জংঘলত থকা মূল্যবান গছবোৰ ৰক্ষা কৰাৰ ব্যৱস্থা কৰে, আৰু হাবিত থকা হাতী, শৰ পহু, হৰিণা পহু, ম’হ, গাহৰিৰ নিচিনা দামী জন্তুবোৰ যিকোনো উপায়েৰে ৰক্ষা কৰাৰ ব্যৱস্থা কৰে। হাবিত থকা গঁড়ৰ মূল্য আৰু মৰ্যাদা বহুত বেছি। হাবিৰ ভিতৰে-বাহিৰে গঁড়বোৰ ঘূৰি ফুৰে। চল পালেই কিছুমান মানুহে গঁড় খুঁচি-কাটি মাৰে, আৰু গঁড়ৰ খড়্গটো ক’ৰবালৈ নি বেচেগৈ। বহুতে গঁড়ৰ মাংসও খায়।” (পৃ: ৭৩)
❧। আৰু পঢ়ক: বৰ্ণিল সময়ৰ দস্তাবেজ: নবীন বৰুৱাৰ ‘কটন কলেজ’
ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতিৰ ত্ৰৈমাত্ৰিক ৰূপৰ প্ৰতিফলন ঘটিছে। প্ৰকৃতিৰ নৈসৰ্গিক শোভা, প্ৰকৃতি আৰু মানুহৰ চিৰন্তন সম্পৰ্ক আৰু প্ৰাকৃতিক পৰিৱেশ তথা সম্পদৰ সংৰক্ষণ সম্পৰ্কীয় ধাৰণাই উপন্যাসখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ঔপন্যাসিকে কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিয়েই ক্ষান্ত থকা নাই, উপন্যাসখনৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা-চৰ্চাৰো সমাৱেশ ঘটাইছে। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ মাধৱদেৱৰ জীৱন আধাৰিত উপন্যাসখনত ঔপন্যাসিকগৰাকীৰ জীৱন দৰ্শনৰ লগতে প্ৰকৃতি দৰ্শনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।
Follow Nilacharai on Facebook