আইৰ কাউলি ভৰি
গোলাপৰ মৰহা পাহি।
মানুহৰ জীয়া মঙহ,
তাৰ ওপৰতে মেলি
গুচাইছে নিজ দেহৰ ছাল ওকণি।
কাতৰ মাতে যদি কৰে কাকূতি—
“আই মোক কাঁচলিত নেমেলিবি
ৰ’দে পুৰিব, কেঁচাই গিলি থ’বি”,
তেতিয়া আয়ে কি ৰূপ ল’ব
মোক গোটে গোটে গিলিব বুলি?
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক