নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাত ৰাৱণৰ চৰিত্ৰ চিত্ৰণ

নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাত ৰাৱণৰ চৰিত্ৰ চিত্ৰণ

আ ধুনিক অসমীয়া কবিতাক সুপ্ৰতিষ্ঠিত কৰাত আৰু জনপ্ৰিয়তা বঢ়োৱাত যিসকল কবিয়ে আগভাগ লৈছিল, সেইসকলৰ ভিতৰত কবি নৱকান্ত বৰুৱাৰ স্থান অদ্বিতীয়৷ চল্লিছৰ দশকৰ শেষৰফালে কাব্যচৰ্চাত মনোনিবেশ কৰা কবি বৰুৱাৰ কাব্য-কৃতিসমূহৰ ভিতৰত উল্লেখনীয় হ’ল— ‘হে অৰণ্য হে মহানগৰ’, ‘এটি দুটি এঘাৰটি তৰা’, ‘যতি আৰু কেইটামান স্কেচ্ছ’, ‘সম্ৰাট’, ‘ৰাৱণ’, ‘মোৰ আৰু পৃথিৱীৰ’, ‘ৰত্নাকৰ আৰু অন্যান্য কবিতা’, ‘এখন স্বচ্ছ মুখাৰে’, ‘সূৰ্যমুখীৰ অঙ্গীকাৰ’, ‘ৰাতি জিলমিল তৰা জিলমিল’, ‘দলঙত তামীঘৰা’ ইত্যাদি৷ ‘কবিতাৰ দেহ বিচাৰ’ আৰু ‘ছন্দ শিল্পৰ ভূমিকা’ গ্ৰন্থ দুখনিত নৱকান্ত বৰুৱাই কবিতাৰ ৰূপবস্তু আৰু ছন্দ সম্বন্ধীয় তাত্ত্বিক দিশৰ আলোচনা আগবঢ়াইছে।

নৱকান্ত বৰুৱাৰ শ্ৰেষ্ঠ কবিতাসমূহৰ ভিতৰত এটি লেখত ল’বলগীয়া কবিতা হ’ল ‘ৰাৱণ’৷ ৰাৱণ প্ৰাচীন মহাকাব্যিক পৰম্পৰাত গঢ় লৈ উঠা চৰিত্ৰ যদিও আলোচ্য কবিতাটিত কবিয়ে নিজস্ব ধ্যান-ধাৰণা আৰু আদৰ্শৰে ৰাৱণক নতুন ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ কবিয়ে ৰাৱণৰ বাহ্যিক সত্তাৰ অন্তৰালত লুকাই থকা সৌন্দৰ্য পিয়াসী মনটোত অধিক গুৰুত্ব দিছে৷

ৰাৱণ ৰামায়ণৰ এটি শক্তিশালী চৰিত্ৰ৷ প্ৰাচীন কাব্যত ৰাৱণ ৰাক্ষস বা অসুৰ বা দানৱহে আছিল, কিন্তু নৱকান্ত বৰুৱাৰ ‘ৰাৱণ’ কবিতাত ৰাৱণৰ পৰিচয় সৌন্দৰ্যৰ উপাসক ৰূপেহে পোৱা গৈছে৷ নৱকান্তৰ ৰাৱণ অভিশপ্ত ৰাক্ষস নহয়৷ ৰাৱণক এজন শিল্পী আৰু সেই শিল্পীৰ শিল্পসৃষ্ট সমস্যাক কাব্যিক আবেদনেৰে প্ৰকাশ কৰিছে৷ কবিয়ে বাল্মীকিৰ ৰামায়ণত থকা ৰাৱণক মানসিকভাৱে অধিক শক্তিশালী ৰূপত উপস্থাপন কৰিছে৷ ‘ৰাৱণ’ কবিতাটিত এফালে মৃত্যু-চেতনা, সৌন্দৰ্যৰ আৰাধনা আৰু আনফালে শিল্পী জীৱনৰ ব্যৰ্থতা, পূৰ্ণতাৰ মোহ, শিল্পীৰ অহংকাৰ প্ৰতিফলিত হৈছে৷ কবিয়ে কবিতাটিৰ এঠাইত মেঘৰ কথা উল্লেখ কৰিছে এনেদৰে— ‘মই স্ৰষ্টা সেই প্লাৱনৰ/ মই মেঘ সেই শ্ৰাৱণৰ’— ইয়াত মেঘ হৈছে সৃষ্টিৰ আকৰ৷ কাৰণ বাল্মীকি ৰামায়ণতো ৰাৱণৰ মেঘৰূপী স্বৰূপটো প্ৰকাশ পাইছে৷ সেই মেঘৰূপী ৰাৱণেই প্লাৱন বোৱাই সীতাৰ জীৱন ব্যথিত কৰিছে৷ কিন্তু সেই ব্যৰ্থতাৰ মাজতেই ৰাৱণৰ শিল্পী জীৱনৰ ব্যৰ্থতা লুকাই আছে৷

কবি নৱকান্ত বৰুৱাই ৰাৱণৰ মহিমা ম্লান পেলোৱাৰ চেষ্টা কৰা নাই৷ আনকি ক্ষমতাৰ বলেৰে সীতাৰ অন্তৰ জয় কৰিব বিচৰা উদভ্ৰান্ত ৰাৱণকো দাঙি ধৰা নাই৷ বৰঞ্চ সহানুভূতিৰে ৰাৱণক এজন কোমল হৃদয়ৰ সাধাৰণ পুৰুষৰূপে দাঙি ধৰিছে৷ সেয়ে কৈছে— ‘দানৱ নহওঁ মই/ শক্তিৰে নকৰোঁ বশ/ ভ্ৰান্ত কোনো নাৰীৰ হৃদয়৷’ কিন্তু বাল্মীকি ৰামায়ণত ৰাৱণে তেওঁৰ শৌৰ্য, বীৰ্যৰে সীতাক বশ কৰিবৰ চেষ্টা কৰা যেন লাগে৷ বাল্মীকি ৰামায়ণত লংকানগৰী আৰু অশোক বনৰ দীঘলীয়া চিত্ৰৰ ৰূপময় বৰ্ণনা পোৱা যায়৷ কিন্তু নৱকান্ত বৰুৱাই ৰাৱণ কবিতাটিত ৰোমাণ্টিক আৰু ক্লাছিকেল ভাবৰ উপযুক্ত সংযোগেৰে তাক সৰল ৰূপত চিত্ৰিত কৰিছে৷ কবিৰ ভাষাত— ‘এতিয়া অশোক বন/ অন্তৰৰ অন্তহীন শোককাব্যেৰে মধুৰ হ’ব/ ইয়াত প্ৰাসাদ নাই/ ইয়াত সম্ৰাট নাই/ ইয়াত জগত নাই/ মাথোঁ মই আছোঁ মই আছোঁ, তুমি আছা/ আৰু আছে/ চিৰ ধ্ৰুৱ অনন্ত প্ৰবাহ।’ এনে কাব্যাংশৰ মাজেৰে ৰাৱণ চৰিত্ৰটিৰ ৰোমাণ্টিক ভাব বিলাসহে প্ৰতিফলিত হৈছে৷

বাল্মীকি ৰামায়ণত সীতাৰ প্ৰণয় বাঞ্ছা কৰা এজন বলৱান ৰাৱণক বিচাৰি পোৱা যায়, কিন্তু নৱকান্ত বৰুৱাই সম্ৰাট ৰাৱণক সহৃদয় পাঠকৰ মন আকৰ্ষণ কৰিব পৰা এজন কাতৰ প্ৰেমিক ৰূপেহে চিত্ৰিত কৰিছে৷ সেয়ে কবিতাটিত প্ৰকাশ পাইছে— ‘তুমিও হেৰাই যাবা— ময়ো যে হেৰাই যাম/ কালৰ কীটাণুবোৰে খুলি খুলি খাই খাই/ আমাক কৰিব ইতিহাস/ আমাক কৰিলে ইতিহাস৷’ এনেবোৰ উক্তিৰ মাজেৰে নৱকান্ত বৰুৱাই ৰাৱণ চৰিত্ৰটিৰ সৰল আৰু মানৱীয় আদৰ্শ এটিহে দাঙি ধৰিব খুজিছে যেন ধাৰণা হয়৷ বাল্মীকিৰ ৰাৱণতকৈ নৱকান্ত বৰুৱাৰ ৰাৱণত মানসিক শক্তিৰে উদ্ভাসিত এজন অজেয় প্ৰেমিক দেখা পোৱা যায়৷ সেয়ে তেওঁ কৈছে— ‘মই যে ৰাৱণ/ মই কালৰ স্নাতক/ মই যে ৰাৱণ/ মই প্ৰেমাতীত প্ৰেমৰ সাধক/ মই যে ৰাৱণ/ মই কাব্যাতীত কাব্যৰ পাঠক/ মই যে ৰাৱণ মই ক্ৰান্তদৰ্শী বিশ্ব প্ৰবাহৰ৷’ আনফালে শিল্পী, প্ৰেমিক, শৌৰ্য-বীৰ্যৰ গৰাকী ৰাৱণৰ মাজত জীৱন- জগতৰ যন্ত্ৰণা জাপি দিছে৷ সেই যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ উপায় হিচাপে ৰাৱণে সীতাৰ প্ৰণয় লাভ কৰিব বিচাৰিছে৷ সেয়ে ৰাৱণৰ যন্ত্ৰণাময় জীৱনৰ ছবি এনেদৰে কবিতাটিত ফুটি উঠিছে— ‘তাৰ মুক্তি নাই, যদি/ নহয় মিলন আজি তোমাৰ প্ৰেমৰ স’তে/ আত্মনাশীল মোৰ প্ৰণয়ৰ৷’

শিল্পীয়ে বিনিময় নিবিচাৰে৷ সৃষ্টিৰ আনন্দতেই শিল্পীৰ সাৰ্থকতা৷ সৌন্দৰ্য সন্ধানী এজন শিল্পীৰ সুন্দৰৰ প্ৰতি থকা অনন্ত তৃষ্ণা স্বাভাৱিক৷ কিন্তু সেই অনন্ত তৃষ্ণা পূৰণৰ অৰ্থে কৰা চেষ্টাৰ অৱশেষ ব্যৰ্থতা ‘ৰাৱণ’ কবিতাটিৰ মূল বিষয়বস্তু ৰূপে পৰিগণিত হৈছে৷ অৰ্থাৎ ৰাৱণৰ সুন্দৰ সোণৰ নগৰীত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যি সত্যৰ অনুসন্ধান কৰিছিল, সেই সত্যৰ অনুধাৱন কৰি ৰাৱণে বিচাৰি পাইছে এক নাৰী মূৰ্তি৷ সেই নাৰী মূৰ্তিয়েই হ’ল সীতা৷ সীতাক কবিতাটিত সৌন্দৰ্যৰ আকৰ, প্ৰতিমাৰ প্ৰাণ, স্ৰষ্টাৰ সৃষ্টিসত্তাৰ অনুপ্ৰেৰণা ৰূপে দাঙি ধৰিছে৷ কবিতাটিৰ মূল অভিব্যক্তিও ইয়াতে প্ৰকাশ পাইছে৷ কবিতাটিত ৰাৱণৰ সীতাৰ প্ৰতি কাম-লালসাহীন অনন্ত বাসনা আৰু সেই বাসনাই সৃষ্টি কৰা শিল্পী প্ৰাণৰ আকুতি তথা শিল্পী প্ৰাণৰ ব্যৰ্থতা সংবেদনশীল ৰূপত চিত্ৰিত কৰিছে৷ কবিতাটিৰ মাজেৰে ৰাৱণৰ ব্যৰ্থ প্ৰেম আৰু সেই প্ৰেমে তৰি দিয়া স্বপ্নৰ জালখনিত মোহমত্ত হৈ পৰা ৰাৱণৰ অসহায় অৱস্থাটোক দৰদী ৰূপত প্ৰকাশ কৰিছে৷ কবিৰ মতে, সীতাৰ বাবে ৰাৱণে সুমহৎ দেৱতাৰে হীনতম ৰূপ ল’ব পাৰে, নীৰৱতা সৃষ্টি কৰা প্ৰেম-মিঠা বোৱা এটি সুৰ তুলিব পাৰে, পশু, কীট, বিদূষক, দেৱতা আদিৰ দৰে নিজকে গঢ়িব পাৰে!

কবিতাটিত শিল্পী সত্তাৰ অহংকাৰ, গৰ্ব আদিও প্ৰকাশ পাইছে৷ কবিতাটিত ৰাৱণক মহাকাল আদিম শিল্পীৰ শিষ্য, শিল্প-সৌন্দৰ্য-সভ্যতাৰ সিপাৰৰ ৰাষ্ট্ৰদূত ৰূপে চিহ্নিত কৰিছে৷ সেই শিষ্য আৰু ৰাষ্ট্ৰদূতে কৰ্মবীজ ৰোপণ কৰিব নোৱৰা অন্তৰৰ ব্যাথা কবিতাটিত প্ৰতিফলিত হৈছে৷ ৰাৱণ কালৰ স্নাতক, সময় আৰু প্ৰেমৰ ঊৰ্ধ্বত, তথাপি তেওঁৰ শিল্পী হাতৰ স্পৰ্শৰে সীতাক আদিতম মনৰ খবৰ জনাব নোৱাৰিলে৷ ইয়াতেই কবিতাটিৰ মাজৰ অন্তৰ্নিহিত ভাব লুকাই আছে৷ ৰাৱণে সীতাৰ প্ৰতি থকা অনুৰাগ এনেদৰে ব্যক্ত কৰিছে যে ৰাৱণৰ জীৱনৰ সুউচ্চ আসনত সীতাক অধিষ্ঠিত কৰিছে৷ কিন্তু শেষত সেই বেদীৰ প্ৰেম বুজিব নোৱাৰি ৰাৱণ ব্যৰ্থ হৈছে আৰু ব্যৰ্থতাৰ গ্লানিৰে নিজ কৰ্ম বিফলতাৰ সোঁৱৰণ কবিতাটিৰ মাজত প্ৰকাশ পাইছে৷ দেখা যায় যে ৰাৱণক সৃষ্টিৰ সাধক, প্ৰেমৰ সাধক আৰু চিৰন্তন শিল্পীসত্তা ৰূপে কবিতাটিত উপস্থাপন কৰিছে৷ কিন্তু কবিতাটিৰ বিষয়বস্তুলৈ লক্ষ্য কৰিলে দেখা যায় যে যি শিল্পীয়ে সৃষ্টিৰ বাবে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিব পাৰে, সেই শিল্পীয়ে বিফলতাত মৰ্মাহত হয়৷ কবিয়ে শিল্প আৰু শিল্পসৃষ্ট সমস্যাক দাঙি ধৰিবলৈ যাওঁতেই মহাকাব্যিক চৰিত্ৰ ৰাৱণক আৱিষ্কাৰ কৰিছে৷ ৰাৱণৰ মাজেৰে কবিয়ে সেই শিল্পী মনৰ খোৰাক বিচাৰি পাইছে৷ বাল্মীকি ৰামায়ণৰ ৰাৱণ অসুৰ যদিও কবিয়ে সেই দিশটোক কবিতাৰ বিষয়বস্তু হিচাপে নলৈ আত্মিক উপলব্ধিৰে ৰাৱণৰ অন্তৰ্নিহিত অভাৱখিনিহে কবিতাটিৰ বিষয়বস্তু ৰূপে গ্ৰহণ কৰিছে৷ ইয়াতেই কবিতাৰ বিষয় নিৰ্বাচনত কবিয়ে সাৰ্থকতা অৰ্জন কৰিছে৷

নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতা

সেই সত্যৰ অনুধাৱন কৰি ৰাৱণে বিচাৰি পাইছে এক নাৰী মূৰ্তি…

সৰল অৰ্থত ক’বলৈ হ’লে ক’ব পাৰি— ৰাৱণ শিল্পী, সীতা হ’ল শিল্প৷ শিল্পৰ প্ৰতি শিল্পীৰ যি টান; সেই টানেই সীতাৰ প্ৰতি ৰাৱণে প্ৰকাশ কৰিছে৷ শিল্পীয়ে সত্য আৰু সৌন্দৰ্যৰ ৰহস্য উদ্ঘাটন কৰি শিল্পত প্ৰাণ প্ৰতিষ্ঠা কৰিব নোৱাৰিলেই আত্মগ্লানিত দগ্ধ হয়৷ ঠিক সেইদৰে শিল্পী হিচাপে ৰাৱণেও সীতাৰ প্ৰেমৰ স্বৰূপ বুজিব নোৱাৰি বিফল হৈছে৷ এজন শিল্পীয়ে শিল্পক লৈ যি স্বপ্ন দেখে, সেই স্বপ্ন সাকাৰ কৰিব নোৱাৰিলেই শিল্পী প্ৰাণে আৰ্তনাদ কৰি উঠে৷ ঠিক সেইদৰে সীতাৰ বাবে ৰাৱণে যি স্বপ্ন দেখিছিল; সেই স্বপ্ন মাথোঁ স্বপ্ন হৈয়ে ৰ’ল৷ সেয়ে ৰাৱণে নিজৰ পৰা পলাব বিচাৰিছে৷ শিল্পীয়ে শিল্পকৰ্মৰ স্ব-স্বীকৃতিৰে প্ৰাণত প্ৰশান্তি অনুভৱ কৰাৰ দৰেই ৰাৱণেও সীতাৰ মাজেৰে সেই প্ৰশান্তি অনুভৱ কৰিছিল৷ কিন্তু সীতাৰ ওচৰত ৰাৱণৰ সুন্দৰ মনটোৱে স্বীকৃতি নাপালে৷

ঠিক একেদৰে ব্যক্তিৰ আত্মসচেতন স্বৰূপটো ৰাৱণ চৰিত্ৰটিৰ মাজেৰে প্ৰকাশ পাইছে৷ আধুনিক মানুহৰ পলায়নবাদী স্বভাৱটো ৰাৱণৰ মাজেৰে প্ৰকাশ পোৱা দেখা গৈছে৷ কাৰণ সীতাৰ প্ৰতি থকা প্ৰণয়ৰ কাৰণ বিচাৰিবলৈ ৰাৱণ অপাৰগ৷ সেয়ে কবিৰ ভাষাত ৰাৱণ সম্পৰ্কে ধাৰণা এনেদৰে ব্যক্ত কৰিব পাৰি— ‘মাথোঁ লোভ? মাথোঁ তৃষ্ণা? মাথোঁ এয়া/ আত্মা কণ্ডুয়ন?/ নিজক বিচাৰোঁ মই তোমাৰ মাজত/ সেয়া লোভ, সেয়া তৃষ্ণা, সেয়া মাথোঁ/ আত্ম-কণ্ডুয়ন?/ নিজৰ মাজৰ পৰা আঁতৰি যাব বিচাৰোঁ মই নিজকেই তোমাৰ মাজত,/ সেয়া লোভ, সেয়া তৃষ্ণা, সেয়া মাথোঁ আত্ম কণ্ডুয়ন?’ দেখা যায় যে সীতাৰ প্ৰতি ৰাৱণৰ প্ৰেম গভীৰ আছিল, কিন্তু ৰাৱণে সীতাক কাম-লালসাৰ চৰিতাৰ্থৰ অৰ্থে বিচৰা নাছিল৷ বিচাৰিছে প্ৰেমৰ মাজত নিজকে নিঃশেষ কৰি পেলোৱাৰ অৰ্থত৷ সেয়ে ৰাৱণে কৈছে— ‘মধুকৰ মধুলোভী মইতো নহওঁ/ কৃপণৰ গৃধনুতাৰে তোমাৰ ৰূপেৰে মই মধুতাও নকৰোঁ স্ৰজন/ মই মাথোঁ ভাল পাই শেষ হৈ যাম ৷’

ৰাৱণৰ মাজেৰে শিল্পী প্ৰাণৰ আকুতি শুনা যায়৷ শিল্পীৰ সহজাত বাসনাৰে ৰাৱণে জীৱনক পূৰ্ণ কৰি সীতাৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা ইতিহাস অমৰ কৰিব বিচাৰিছে৷ ৰাৱণৰ মৃত্যু ভয় নাই, সেয়ে ৰাৱণে অমৰত্ব বিচাৰি হাহাকাৰ কৰা নাই৷ ৰাৱণ পূৰ্ণ শিল্পী; মানুহৰ দৰে দুৰ্বল প্ৰেমৰ বোজা কঢ়িওৱা ৰোমাণ্টিক শিল্পীও নহয় ৰাৱণ৷ ৰাৱণৰ শৌৰ্য, বীৰ্য, মেধা সকলো আছে; তথাপি ৰাৱণে প্ৰেম ভিক্ষা কৰে। ৰাৱণে জানে, শৌৰ্য-বীৰ্য,-মেধা, ঐশ্বৰ্য সকলো থাকিও তেওঁৰ জীৱনত প্ৰেম নাই৷ সেয়ে প্ৰেমহীন জীৱন অনুৰ্বৰ হৈ পৰা ৰাৱণে প্ৰেমৰ সাধক ৰূপে দেখা দিছে৷ ৰাৱণ দেৱতাৰ দৰে ক্লীৱ অৰ্থাৎ প্ৰাণহীন, প্ৰেমহীন শিল্পী হ’ব নোখোজে৷ কাৰণ ৰাৱণে নিজকে জীৱনসত্তা আৰু সীতাক দ্ৰষ্টাৰূপী জীৱন সত্তাৰ স্বপ্ন বুলি ভাবে৷ সেয়ে তেওঁ কৈছে—

‘মই দ্ৰষ্টা, মই সত্তা
তুমি স্বপ্ন, তুমি সৃষ্টি
প্ৰাণৰ প্ৰতিমা মোৰ অশোক বনৰ
অজন্মা-সৃজনা তুমি ভাব য’ত ৰূপ হৈ আহে,
ৰূপ-য’ত ৰূপাতীত ভাবৰ প্ৰতিমা হৈ হাঁহে,
জন্মৰ জ্বালাৰে
তুমি কৰা নাই বিশ্বত প্ৰৱেশ
মৃত্যুৰ জ্বালাৰে মোৰ হ’ল এই স্বপ্নৰ বিনিঃশেষ৷’

‘ৰাৱণ’ কবিতাটিত ৰাৱণৰ মৃত্যুৰ প্ৰতি যে ভয় নাই; সেই কথা উল্লেখ কৰিছে৷ কাৰণ ৰাৱণ শিল্পী, শিল্পীয়ে মৃত্যুকে বাঞ্ছা কৰে৷ উক্ত কবিতাফাকিৰ মাজেৰে ৰাৱণৰ মৃত্যু মোহ প্ৰকাশ পাইছে৷ কাৰণ মৃত্যু অবিহনে ৰাৱণৰ স্বপ্ন সাৰ্থক নহ’ব৷ ৰাৱণে জানে, জীৱনৰ সকলো দুখ-কষ্ট, যন্ত্ৰণাৰ শেষ মাত্ৰ মৃত্যুত আৰু সেই মৃত্যু মোহনীয়; কিন্তু ৰাৱণৰ মৃত্যুমোহ জীৱনৰ দুখ-কষ্ট দূৰীকৰণতকৈ প্ৰেমক অমৰ কৰাৰ অৰ্থতহে অধিক আকৰ্ষণীয় হৈ উঠিছে৷

ৰাৱণ মহাকাব্যিক পৰম্পৰাত গঢ় লৈ উঠা এটি চৰিত্ৰ, যিয়ে ৰামচন্দ্ৰৰ পত্নী সীতাক হৰণ কৰি ইতিহাস ৰচনা কৰিছিল, যাৰ বাবে স্বৰ্ণ লংকাপুৰী ধ্বংস হৈছিল৷ কিন্তু কবি নৱকান্ত বৰুৱাই ৰাৱণক মহাকাব্যিক পৰিধিৰি পৰা উলিয়াই আনি এক বহল প্ৰেক্ষাপটত আধুনিক ৰূপত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে৷ তিনিটা খণ্ডত বিভক্ত ৰাৱণ কবিতাটি ৰচনা কৰিছে অশোক বনত বন্দিনী সীতাৰ সন্মুখত থকা ৰাৱণক লৈ৷ ক’ব পাৰি, কবি নৱকান্ত বৰুৱাই ৰাৱণ চৰিত্ৰটিক আধুনিক মনন আৰু চিন্তনেৰে এক সুকীয়া ৰূপ প্ৰদান কৰিছে, যাৰ বাবে বাল্মীকি ৰামায়ণৰ ৰাৱণতকৈও নৱকান্ত বৰুৱাৰ ৰাৱণ শাৰীৰিক শক্তিৰে নহয়, মানসিক প্ৰশান্তিৰে শক্তিশালী প্ৰেমৰ উপাসক ৰূপেহে উজলি উঠিছে৷ কবিতাটিত নৱকান্ত বৰুৱাই এনে কোনো কথাৰ অৱতাৰণা কৰা নাই, যাৰ দ্বাৰা ৰাৱণ চৰিত্ৰটিৰ মান লাঘৱ হ’ব৷ বৰঞ্চ কবিয়ে ৰাৱণক মানৱীয় আদৰ্শৰে উজ্জীৱিত কৰি শিল্পীৰ আবেগময় সত্তাক নিখুঁতভাৱে প্ৰকাশ কৰিছে৷ সেই ফালৰ পৰা নৱকান্ত বৰুৱাৰ ৰাৱণ চৰিত্ৰটিয়ে সকলো পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

❧ | আৰু পঢ়ক:

Featured Image: Nina Paley (CC0)

এই লেখকৰ সকলো লেখা চাওক →
নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাত ৰাৱণৰ চৰিত্ৰ চিত্ৰণ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...