ব ৰ্ষা ঋতুৰ বিদায়ৰ পাছত আহিনৰ নিৰ্মল আকাশ, শুভ্ৰ শেৱালি, নাতিশীতোষ্ণ পৰিৱেশে শৰতৰ আগমনৰ বাতৰি দিয়ে। আকাশৰ পূৰ্ণ শশধৰে নিশিবেলা প্ৰকৃতিক এক অপৰূপ বিনন্দীয়া ৰূপ প্ৰদান কৰে। শাস্ত্ৰত আছে— দ্বাপৰত ভূমিভাৰ হৰণৰ উদ্দেশ্যে, দানৱাসুৰৰ দ্বাৰা আক্ৰান্ত ধৰিত্ৰীক উদ্ধাৰৰ নিমিত্তে দুস্কৃতিৰ বিনাশ তথা ধৰ্ম-সংস্কৃতি আৰু সন্ত-সাধুক ৰক্ষা কৰিবলৈ ভগৱানে ধৰাধামত শ্ৰীকৃষ্ণ ৰূপে আত্মপ্ৰকাশ কৰে আৰু ভগৱৎ-ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ তেৰাই নানা লীলা প্ৰকাশ কৰে। সেই লীলামালাৰ উদ্দেশ্য হ’ল মোহ-মায়াত আবদ্ধ নৰ সমাজক ভগৱৎ প্ৰাপ্তিৰ শুদ্ধ পথৰ সন্ধান দিয়া। তাৰ বাবে পৰমভক্তা গোপীসকল (আত্মা)ক মাধ্যম কৰি তেওঁলোকৰ যোগেদি আত্মা আৰু পৰমাত্মা (কৃষ্ণ)ৰ মিলনৰ পথ দেখুৱাবলৈ ৰাসলীলাৰ অৱতাৰণা কৰে।
ভগৱানক স্বামী ৰূপে পাবলৈ কৃচ্ছ সাধনা কৰা ব্ৰজবালাসকলৰ মনোকামনা পূৰ্ণ কৰিবৰ উদ্দেশ্যে শাৰদীয় কাতি মাহৰ পূৰ্ণিমা নিশা মোহন মুৰুলী ধ্বনিৰে জীৱাত্মা গোপীসকলক পৰমাত্মা কৃষ্ণই বৃন্দাবনলৈ আহ্বান জনায় ৰাসকেলিৰ বাবে। মুৰুলীৰ ধ্বনি শুনি ভক্তা গোপীসকলে পতি-পুত্ৰ, আত্মীয়-স্বজনক এৰি ঢপলিয়াই আহে বৃন্দাবনলৈ। পৰমাত্মা কৃষ্ণই অনঙ্গ ৰাসকেলিৰ যোগেদি গোপীকাসকলৰ মনোকামনা পূৰ্ণ কৰাৰ লগতে ভকতিৰ মাহাত্ম্য প্ৰকাশ কৰি নানা উপদেশ প্ৰদানেৰে আত্মা-পৰমাত্মাৰ মিলন পথৰ সন্ধান দিয়ে। আমাৰ গুৰু শঙ্কৰদেৱে ‘কাম জয় কেলি’ বুলি উল্লেখ কৰা এই ৰাসলীলা কালক্ৰমে অবাৰ্চীন কালত অসমৰ ভাগৱতী বৈষ্ণৱ পৰম্পৰাত এক উৎসৱলৈ পৰিণত হ’ল।
শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আলমত গুৰুজনাই কেলিগোপাল অঙ্ক কৰিলে। পূৰ্বে আমাৰ বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাত সত্ৰসমূহত নাইবা নামঘৰে নামঘৰে ৰাসলীলা অথবা অন্য উপলক্ষে কেলিগোপাল অঙ্ক কৰা হৈছিল। কিন্তু লাহে লাহে কুৰি শতিকাৰ ষষ্ঠ দশকৰ পৰা ৰাসলীলা সত্ৰ, নামঘৰৰ ওপৰিও ৰঙ্গমঞ্চই ৰঙ্গমঞ্চই অভিনীত হ’বলৈ ধৰিলে। অৱশ্যে ৰাসলীলা কৰাৰ পৰম্পৰা মাজুলীৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ পৰা আৰম্ভ হয় বুলি কোৱা হয়। ১৮৪০ চনৰ পৰা দক্ষিণপাট সত্ৰত ৰাসলীলা বা মহোৎসৱ প্ৰতিবছৰে তিনিদিনীয়াকৈ পালন কৰাৰ পৰম্পৰা অবিৰতভাৱে চলি আহিছে। দক্ষিণপাট সত্ৰৰ ত্ৰয়োদশ সত্ৰাধিকাৰ বৈকুন্ঠগামী বাসুদেৱ গোস্বামীয়ে ৰাসলীলাৰ এখনি নাটক ৰচনা কৰে আৰু ৰাসপূজাৰ লগতে এই নাটকখনি অভিনয়ৰ পৰম্পৰা আৰম্ভ কৰে।
পঞ্চাশৰ দশকতেই গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীয়ে মাতৃভাষাত ৰাসলীলাৰ নাটক ৰচনা কৰি শাৰদীয় পূৰ্ণিমাত বংশীগোপাল নাট্য মন্দিৰত সহ অভিনয়ৰে আধুনিক মঞ্চ ৰাসৰ শুভাৰম্ভ কৰে। পীতাম্বৰদেৱে ৰচনা কৰা ৰাসলীলা নাটকভাগিতো মহাপুৰুষে কীৰ্তনৰ ৰাসলীলা খণ্ডত দেখুওৱাৰ দৰে ভক্তিমাৰ্গত আত্ম সমৰ্পণ তথা দেহ অৰ্পণকেই ভক্তিৰ শেষ স্তৰ বুলি দেখুৱাই নিষ্কামভাৱে এই স্তৰত উপনীত হ’ব পাৰিলে ভক্তৰ ভগৱান প্ৰাপ্তি হয় বুলি প্ৰকাশ কৰি আধুনিক জগতৰ লগত খাপ খুৱাই সাহসেৰে সহ অভিনয়ৰ প্ৰচলন কৰি ৰাসলীলাৰ ভগৱৎ প্ৰাপ্তিৰ মহৎ আদৰ্শ দৰ্শকৰ আগত দাঙি ধৰি সেই দিশত সফল হৈ এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। নিসন্দেহে পীতাম্বৰদেৱৰ এয়া এক সাহসিক প্ৰচেষ্টা আছিল।
গড়মূৰীয় সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামীদেৱে আৰম্ভ কৰা মঞ্চ ৰাসৰ পৰম্পৰা লাহে লাহে আন ঠাইলৈও বিয়পিব ধৰিলে। মাজুলীৰ এটি অন্যতম সাংস্কৃতিক অনুষ্ঠান কমলাবাৰীৰ মাজুলী মিলন সংঘতো ইয়াৰ প্ৰভাৱ পৰিল আৰু সংঘয়ো মঞ্চ ৰাস আৰম্ভ কৰে। শৰতৰ পূৰ্ণিমা ৰাতি গড়মূৰ আৰু কমলাবাৰী বৃন্দাবন সদৃশ হৈ পৰে।
ইয়াৰ পাছত ১৯৬১ চনৰ পৰা পূব মাজুলীৰ বনগাঁও ৰংঘৰত একে আৰ্হিত ৰাসলীলা অনুষ্ঠিত কৰিবলৈ লয়। পৰৱৰ্তী কালত মাজুলীৰ বিভিন্ন ঠাইত মঞ্চ ৰাস অনুষ্ঠিত হ’বলৈ ধৰে।
মাজুলীৰ পাছত দক্ষিণ পাৰত মঞ্চ ৰাস অনুষ্ঠিত কৰিবলৈ লয় এই বৰ্ষত হীৰক জয়ন্তী উদযাপন কৰা যোৰহাট জিলাৰ তিতাবৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ন-আলি ঢেকিয়াজুলি যুৱক সংঘই, চন আছিল ১৯৬৩। ন-আলি ঢেকিয়াজুলি যুৱক সংঘই অনুষ্ঠিত কৰা নাটভাগি সংগ্ৰহ কৰিছিল স্বৰ্গীয় পুষ্প ফুকনদেৱে মাজুলীৰ কমলাবাৰীৰ পৰা। পাছত অৱশ্যে প্ৰয়াত সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈদেৱে এখনি নাটক ৰচনা কৰাত ১৯৭৬ চনৰ পৰা তেখেতৰ নাটভাগি অভিনয় কৰা হৈ আহিছে।
এনেদৰে পৰৱৰ্তী সময়ত যোৰহাট, শিৱসাগৰ আদিৰ শতাধিক ৰঙ্গমঞ্চত সহ অভিনয় আৰু আধুনিক কাৰুকাৰ্যৰে ৰাসলীলাৰ অভিনয় আৰম্ভ হয়। যোৱা দুবছৰৰ (২০২০-২১) কভিড-১৯ৰ অভাৱনীয় পৰিস্থিতি শাম কটাৰ পাছত এই বছৰ পুনৰ পূৰ্বৰ পৰা ৰাস অনুষ্ঠিত কৰা অনুষ্ঠানসমূহে উৎসাহ আৰু ধুমধামেৰে ৰাসলীলাৰ অভিনয় কৰিবলৈ কঁকালত টঙালি বান্ধিছে। এই অনুষ্ঠানসমূহৰ সঠিক তথ্য আমাৰ হাতত নাই যদিও অনুমান কৰিব পাৰি, উজনি অসমৰ প্ৰায় শতাধিক মঞ্চ এই বছৰ দ্বিতীয় বৃন্দাবনত পৰিণত হ’ব।
❧ | আৰু পঢ়ক:
- শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া
- শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ
- নিস্তেজ হৈ আহিছে আমাৰ পৰম্পৰাগত লোককলা-সংস্কৃতি
- ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ
ছবি: লেখকৰ সৌজন্যত