নাইপলৰ ছত্ৰছায়াৰ পৰা ওলাই আহি

নাইপলৰ ছত্ৰছায়াৰ পৰা ওলাই আহি
  • 26 Jun, 2022
মূল: পল থৰো (Paul Theroux, ‘Out of Sir Vidia’s Shadow’)
অনুবাদ: ধ্ৰুৱ শইকীয়া

২০০১ চনত সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰা চাৰ ভি এচ নাইপল (বিদিয়াধৰ সূৰুযপ্ৰসাদ নাইপল/ Sir Vidiadhar Surajprasad Naipaul, ১৯৩২-২০১৮) ভাৰতীয় বংশোদ্ভৱ ত্ৰিনিদাদৰ সাহিত্যিক আছিল। পৰৱৰ্তী সময়ত তেখেতে ইংলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰে।

পল থৰো

পল থৰো

ভি এচ নাইপলৰ দীৰ্ঘ দিনৰ একান্ত অনুৰাগী পল থৰোৱে নাইপল প্ৰসংগত ৰচনা কৰা এই প্ৰবন্ধটোৱে সাহিত্যিকজনৰ অনেক দিশ উন্মোচন কৰিছে। ধ্ৰুৱ শইকীয়াৰ অনুবাদত লেখাটি ‘নীলা চৰাই’ৰ পাঠক সমাজলৈ আগবঢ়োৱা হ’ল। —সম্পাদক, নীলা চৰাই

নাইপলৰ ছত্ৰছায়াৰ পৰা ওলাই আহি

মো ৰ মন আছিল এজন ডাক্তৰ হোৱাৰ, কল্পনা কৰিছিলো যে ডাঃ শুইটজাৰ (Dr Schweitzer)ৰ দৰে ময়ো এদিন এখন বিষুৱীয় দেশৰ হস্পিটাল এখনত কাম কৰিমগৈ৷ ১৯৬৩ চনত কলেজৰ শেষ পৰীক্ষাত পাচ কৰিলো, গ্ৰেজুৱেট হ’লো৷ কিন্তু মেডিকেল পঢ়িব পৰাকৈ হাতত পইচা নথকাত শান্তি বাহিনীতে সোমালো আৰু এখন স্কুলৰ শিক্ষক হ’লোগৈ বৃটিছ চেণ্ট্ৰেল আফ্ৰিকান টেৰিটৰী ন্যাচালেন্ডত, যিখন দেশ মই তালৈ যোৱাৰ ছমাহ পাছতে হৈছিল ৰিপাব্লিক অব মালাৱি বা মালাৱি গণৰাজ্য৷

সেই সময়খিনিতে, কোনেও মোক তেনেকৈ বৰ উৎসাহ-উদ্দীপনা যোগোৱা নাছিল যদিও নিয়মীয়াকৈ লিখিবলৈ লৈছিলো৷ গল্পও লিখোঁ, কবিতাও লিখোঁ আৰু সাংবাদিকতাও কৰোঁ৷ মাজে মাজে কেতিয়াবা প্ৰকাশ হয় আমেৰিকাৰ বাতৰি কাকতত বা লণ্ডনৰ ট্ৰান্সআটলাণ্টিক ৰিভিউ, নাইজেৰিয়াৰ ব্লেক অৰফিয়াচ বা উগাণ্ডাৰ ট্ৰানজিচনৰ দৰে সৰু-সুৰা আলোচনীত৷ এদিন খুবেই উৎফুল্লিত হৈছিলো যেতিয়া ৰোডেচিয়াৰ চালিচবাৰীৰ বহুল প্ৰচলিত, ঔপনিবেশিকতা বিৰোধী চেণ্ট্ৰেল আফ্ৰিকান এগজামিনাৰত মোৰ এটা কবিতা ছপা হোৱাৰ লগতে মালাৱিৰ ৰাজনৈতিক উত্থান-পতনক আলম কৰি ছদ্মনামেৰে লিখা কিছু লিখনি প্ৰকাশ হ’ল, তেতিয়া৷ একে সময়তে মই গল্প আৰু উপন্যাসতো হাত দিছিলো যদিও কেইবছৰমানৰ পাছতহে উপন্যাস এখন লিখি উলিয়াব পাৰিছিলো৷ তাৰ পাছত মই শিক্ষক হৈয়ে আহিলো উগাণ্ডালৈ, কিন্তু তেতিয়ালৈকে মই এজনো ঔপন্যাসিকৰ সান্নিধ্যলৈ অহা নাছিলো৷ মালাৱি আৰু উগাণ্ডা দুয়োখন দেশতে মই স্বেচ্ছাসেৱক হিচাপে হস্পিটালত কাম কৰিছিলোগৈ, মোৰ ডাক্তৰ হোৱাৰ আধৰুৱা স্বপ্ন পূৰণ হওক বুলিয়ে৷

উগাণ্ডাৰ ৰাজধানী কাম্পালাত এদিন মোৰ সাক্ষাৎ ঘটিল ভি এচ নাইপলৰ সৈতে৷ তাৰ পাছতে লিখক হিচাপে মোৰ নিজৰ বিষয়ে মোৰ যি ধাৰণা আছিল, সেই ধাৰণা সম্পূর্ণ সলনি হৈ পৰিল৷ ইতিমধ্যে মই নাইপলৰ বিষয়ে বিস্তাৰিতভাৱে লিখা এলানি ৰচনা প্ৰকাশ কৰিছোঁ৷ টেলিগ্ৰাফ আলোচনীৰ বাবে ১৯৭২ চনত মই নাইপলৰ এক পৰিচয়-বিৱৰণ প্ৰকাশ কৰিছিলো৷ সেই একেটা বছৰতে প্ৰকাশ হৈছিল নাইপলৰ বিষয়ে এক সমালোচনাত্মক গ্ৰন্থ— ‘ভি এচ নাইপল: এন ইনট্ৰডাকচন টু হিজ ৱর্কচ’৷

পৰৱর্তী সময়ত তেওঁৰ দুখনমান কিতাপৰ মই পর্যালোচনা কৰোঁ আৰু সম্পূর্ণ ত্ৰিছটা বছৰৰ পাছত, যেতিয়া আমাৰ মাজলৈ নামি আহিল মতবিৰোধ আৰু বিবাদ, তেতিয়া মই আমাৰ বন্ধুত্ব আৰু ইয়াৰ পৰিণতিকে বিষয়বস্তু হিচাপে লৈ ১৯৯৮ চনত লিখিলো এখন কিতাপ, নাম— ‘চাৰ বিদিয়াচ শ্বেডো’ (Sir Vidia’s Shadow)৷

২০১১ চনত আমি পুনৰ হেৰোৱা সম্পর্ক উদ্ধাৰ কৰিলো আৰু এই পুনৰ মিলনৰ প্ৰসংগও মই মোৰ এখন কিতাপৰ টোকাত সন্নিবিষ্ট কৰিছোঁ৷ নাইপলে ভাৰতৰ বিষয়ে ৰচনা কৰা তিনিখন গ্ৰন্থৰ এক সংকলন ২০১৭ চনত পান মেকমিলানে প্ৰকাশ কৰিবলৈ সাজু হোৱাত নাইপলে সেই কিতাপখনৰ পাতনিও মোকে লিখিবলৈ কয়৷ নিউ য়র্কত মই নাইপলৰ সৈতে সময় অতিবাহিত কৰিছোঁ, তেওঁ ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ সৈতে ময়ো আছিলো আৰু ২০১৮ চনত, তেওঁৰ মৃত্যুৰ ঠিক আগে আগে লণ্ডনৰ হস্পিটালতো তেওঁক চাই আহিছিলোগৈ৷

অর্থাৎ অর্ধ শতিকাৰো অধিক সময় ধৰি মই নাইপলৰ বিষয়ে লিখি আহিছোঁ আৰু তেওঁৰ প্ৰভাৱ বিশ্লেষণ কৰিছোঁ! কিন্তু ইমানৰ পাছতো একেবাৰে শেষৰ বছৰকেইটাতহে যেন সকলো কথা পৰিস্কাৰ হৈছিল, আমাৰ সম্পর্ক দৰাচলতে আছিল কিমান জটিল আৰু মোক এজন লেখক কৰি তোলাত সেই জটিলতাৰ ভূমিকা বা অৱদান কিমান গুৰুত্বপূর্ণ আৰু লাগতিয়াল আছিল, মই যেন আমাৰ সম্পর্কৰ একেবাৰে অন্তিম পর্যায়তহে তাৰ উমান পাইছিলো৷

উগাণ্ডাৰ দিনবোৰ: মই শিক্ষকতা কৰি থকা মাকেৰেৰে বিশ্ববিদ্যালয়লৈ নাইপলো শিক্ষক হিচাপে আহিব বুলি শুনিয়ে মই তেওঁৰ আটাইবোৰ কিতাপ পঢ়ি সাং কৰিছিলো৷ প্ৰথম চিনাকিৰ দিনাই তেওঁৰ কিতাপ পঢ়ি মই কিমান ভাল পাইছোঁ, সেই কথা তেওঁক ক’লো, লগে লগে তেওঁ মোৰ মুখলৈ চাইছিল৷ আমাৰ বিশ্ববিদ্যালয়ৰ আন কোনেও নাইপলক এইদৰে কোৱা নাছিল, কিন্তু মোৰ কাৰণে তেওঁ আছিল এজন শক্তিশালী, অলৌকিক ক্ষমতাসম্পন্ন ব্যক্তি৷ মোৰ তেতিয়া বয়স ২৫ আৰু মোৰ এখন উপন্যাস মই আকৌ নতুনকৈ লিখিবলৈ ঠিক কৰিছিলো৷ ইয়াৰ লগতে মই লিখিবলৈ লৈছিলো আন এখন কিতাপ, য’ত আছিল সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে কার্ফিউ, বুগুন্দাৰ ৰাজপ্ৰাসাদত চৰকাৰী বাহিনীৰ আক্ৰমণ আৰু তাৰ পাছতে আৰম্ভ হোৱা অৰাজকতাৰ কথা৷

নাইপলৰ বয়স সেই সময়ত ৩৪ আছিল যদিও দেখাত তেওঁৰ বয়স অনেক বেছি যেন লাগে। তেওঁ সদায় দৃঢ় আৰু সুনির্দিষ্ট মতবাদৰ অধিকাৰী, নিজক লৈ নিজে সুনিশ্চিত, খেয়ালী আৰু প্ৰভূত্বশালী৷ আমাৰ মাজত সুন্দৰ সম্পর্ক গঢ় লৈ উঠিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ল, কিন্তু এই সম্পর্ক কেতিয়াও দুজন সমস্তৰৰ মানুহৰ সম্পর্ক নাছিল৷ নিজকে উচ্চস্তৰৰ ব্যক্তি বুলি বিবেচনা কৰাটো নাইপলৰ প্ৰধান চাৰিত্ৰ্যিক বৈশিষ্ট্য৷ লগ পোৱাৰ দুদিনমানৰ পাছতে এদিন তেওঁ কৈছিল— ‘মানুহে মোক অৰৱেলৰ সৈতে ৰিজায়, মই কিন্তু এই ৰিজনিক বৰ ডাঙৰ প্ৰশংসা বুলি গ্ৰাহ্য নকৰোঁ৷’

নাইপলৰ এই আত্মম্ভৰিতাৰ বিৰুদ্ধে মোৰ অভিযোগ নাই, কাৰণ মই জানো যে তেওঁ চাৰিওপিনৰ পৃথিৱীখনৰ বিৰুদ্ধ এক অগ্ৰাহ্যকৰণৰ স্থিতি গ্ৰহণ কৰিছে৷ তেওঁৰ ভুল-ভ্ৰান্তিৰ বিষয়ে তেওঁ নিজেও সজাগ, তেওঁ জানে যে তেওঁ অনমনীয়, অস্থিৰ আৰু বদমেজাজী, কিন্তু নিজৰ সাফল্যক লৈ তেওঁ নিঃসন্দেহ৷ আমাৰ সম্বন্ধ আছিল যেন এক শিক্ষক-ছাত্ৰৰ সম্বন্ধ, সেনাপতি-সৈন্যৰ সম্বন্ধ, যাদুকৰৰ সৈতে তেওঁৰ শিক্ষা নবিচৰ সম্বন্ধ, কোনো এটা বস্তুৰ সৈতে তাৰ ছাঁৰ সম্বন্ধ বা এজন বিষয়াৰ সৈতে নৱনিযুক্ত এজন কর্মচাৰীৰ সম্বন্ধ যেনেকুৱা, ঠিক তেনেকুৱা৷

মই আন নহ’লেও এনে এজন লোকক লগ পালো, যাৰ সৈতে মই কথা এষাৰ পাতিব পাৰোঁ, আনকি ডাক্তৰৰ সলনি যে মই এজন লিখক হোৱাৰ বাসনা মনে মনে পুহি ৰাখিছোঁ, সেই কথাও ক’ব পাৰোঁ৷ কলম চলায়ে জীৱিকা নির্বাহ কৰিব পাৰিছে কাৰণে তাকে লৈ নাইপলে গৌৰৱ কৰে৷ লিখক হিচাপে নাইপল কিমান দায়িত্বশীল হ’ব লাগে, সেই বিষয়ে তেওঁৰ এক ধর্মীয়, নৈষ্ঠিক চেতনা আছে৷ আৰম্ভণিৰে মোৰ চকুত পৰিছিল যে অকলশৰে থকা সময়ত তেওঁ যেন চলিব নোৱৰা হয়, অইনে অনায়াসে কৰিব পৰা দৈনন্দিন কামবোৰো তেওঁ কৰিব নোৱাৰে৷ অতি সাধাৰণকৈয়ো ভাতসাজ তেওঁ ৰান্ধিব নাজানে, কাপোৰ–কানি বা থাল-বাচন একো নোধোৱে, নিজৰ বিচনাখনো পাৰি নলয়৷ গাড়ী চলাব জানে যদিও চলাবলৈ বেয়া পায়৷ সেয়ে এইবোৰ কাম কৰি দিবলৈ অনবৰতে কোনোবা নহয় কোনোবা ওচৰত থাকিবই লাগে, ঘৰৰ কাম-কাজৰ উপৰিও দিনটো কলৈ যাব, কাক লগ ধৰিব— এইবোৰো অইনেহে ঠিক কৰি দিব লাগে৷

একমাত্ৰ লিখাত বহি থকা সময়খিনিৰ বাহিৰে দিনটোৰ প্ৰতি মুহূর্ততে নাইপল বৰ অসহায়৷ He insisted on being waited on. This meant that he was very seldom alone. তেওঁৰ জীৱন আছিল এখন ডায়েৰীৰ দৰে— নাটকীয় ডায়েৰী, কাৰণ আনৰ ওপৰত তেওঁৰ নির্ভৰশীলতাক নিজৰ এক অধিকাৰ বুলি গণ্য কৰিছিল৷ বিবাহিত জীৱনৰ আৰম্ভণিতে নাইপলৰ পত্নী পেত্ৰিচিয়াই এই দায়িত্ব পালন কৰিছিল যদিও স্বীকৃতি পোৱা নাছিল; এৰিয়া অব ডার্কনেচ কিতাপখনত পেত্ৰিচিয়াৰ উল্লেখ আছে মাথোঁ এবাৰ, ‘মোৰ লগৰী’ বুলি, অথচ এই কিতাপখন লিখিবলৈকে নাইপলা ভাৰতলৈ আহি এটা বছৰ কটোৱাৰ সময়ত পত্নী পেত্ৰিচিয়া নমাহ ধৰি প্ৰত্যেকটা দিনেই নাইপলৰ লগে লগে আছিল, তাৰ পাছত নাইপলৰ লগতে গৈছিলগৈ আফ্ৰিকালৈ। পেত্ৰিচিয়াই কেৱল গাড়ী চলাব নাজানিছিল বাবে নাইপলে এজন ড্ৰাইভাৰ আৰু এজন মালি ৰাখিবলগীয়া হৈছিল৷ মোৰ মনত আছে, এদিন নাইপলে কিদৰে ড্ৰাইভাৰক গালি-গালাজ কৰিছিল৷ গাড়ীখন চলাবলৈ লৈছিল নাইপলে নিজে, এখন নতুন পিউগট ৪০৪ চিদান গাড়ী, আৰু ড্ৰাইভাৰক নাইপলে পিছৰ চিটত বহিবলৈ কৈছিল, যিটো চিটক আমি ‘মিনিষ্টেৰিয়েল চিট‘ বুলি কওঁ, কিন্তু তেওঁৰ কোৱাৰ সুৰ আছিল অত্যন্ত কঠোৰ, একপ্ৰকাৰ চিঞৰ-বাখৰ বুলিয়ে কব পাৰি৷ মই ড্ৰাইভাৰক কি হৈছে বুলি সোধাত তেওঁ চাহিলী ভাষাত যি ক’লে, তাৰ অর্থ হ’ল— মই একো ধৰিব পৰা নাই৷ গাড়ীৰ পিছৰ চিটত ড্ৰাইভাৰক বহুৱাই মালিকে গাড়ী চলোৱাৰ ছবি এখন নাইপলৰ বাবে এক বিকৃত আনন্দৰ উৎস আছিল৷

কাম্পালাত থকাৰ সময়ত ময়েই হৈছিলো তেওঁৰ ড্ৰাইভাৰ, ৰখীয়া আৰু দোভাষী৷ বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ পাছতো হাতত যথেষ্ট সময় থাকে৷ নাইপল আমাৰ বিশ্ববিদ্যালয়লৈ আহি হৈছিলহি আবাসিক লিখক বা ৰাইটাৰ–ইন-ৰেচিডেন্স, কিন্তু এটাও ক্লাচ তেওঁ নকৰে, বৰং খোলাখুলিকৈয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ কথা ভাবি থাকি তেওঁ ভাল নাপায়৷ মই কাম্পালাৰ লগতে ওচৰ-পাজৰৰ ঠায়ো ভালকৈয়ে চিনি পাওঁ, সেয়ে মাজে মাজে নাইপলক কোনোবা হোটেল বা ধুনীয়া ঠাইলৈ নিওঁ৷ কোনোবা আৰামদায়ক ঠাইত বহি নাইপলে চাহ খাবলৈ পালে ভাল পায়৷

নাইপলে তেওঁৰ বন্ধু-বান্ধৱ বা লগত থকা মানুহৰ মাজত যিবোৰ গুণ থাকিলে ভাল পায়, মই তেনেকুৱা গুণকেইটামানৰ অধিকাৰী আছিলো৷ প্ৰথমে মই আছিলো যিকোনো কথাতে সহজে সঁহাৰি দিয়া মানুহ, দ্বিতীয়তে সহায় কৰি ভাল পাওঁ মই, বন্ধুসুলভ আৰু সকলোতকৈ ডাঙৰ কথা আছিল, যিটো তেওঁ আটাইতকৈ বেছিকৈ বিচাৰিছিল, সেইটো আছিল যে মই সময় মানি চলোঁ, ঠিক সময়ত ঠিক কামটো কৰোঁ৷ কোনোবা মানুহে যেতিয়া কেতিয়াবা পলম কৰে, নাইপল খঙত টিঙিৰি-তুলা হৈ পৰে (কেতিয়াবা ভাবোঁ, সেইদিনা সেই ড্ৰাইভাৰজনকো চাগে পলম কৰা কাৰণেই খং কৰিছিল)৷ তদুপৰি নাইপলে তেওঁৰ বন্ধু-বান্ধৱৰ পৰা আৰু এটা বস্তু বিচাৰিছিল— তেওঁ বিচাৰিছিল যে তেওঁৰ লিখা-মেলাৰ বিষয়ে আটায়ে ভালকৈ জানক আৰু সেইবাবে তেওঁক সন্মান কৰক৷

সেই সময়ত নাইপলে তেওঁৰ ‘মিমিক মেন’ (The Mimic Men) নামৰ উপন্যাসখন লিখি আছিল৷ কিতাপখনৰ বিষয়ে দুই-এটা কথা নাইপলে মোকো কৈছিল আৰু সেইখিনি শুনি মোৰ ধাৰণা হৈছিল যে এইখন পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ বিষয়ে এখন কিতাপ, সেই দ্বীপৰ পৰা নির্বাসিত হৈ লণ্ডনত আহি থাকিবলৈ লোৱা ৰঞ্জিত (ৰাল্ফ) সিং নামৰ এজন ৰাজনীতিবিদ আৰু ব্যৱসায়ীৰ স্মৃতিকথা৷ সেইখন কিতাপৰ আধাৰ বা প্লট কি মই একো নাজানিছিলো, কিন্তু নাইপলে সঘনে বর্ণনা কৰা তেওঁৰ জ্ঞানলব্ধ আৰু মাজে মাজে কর্তৃত্বশীল নিৰীক্ষণৰ সৈতে পৰিচিত আছিলো৷ সিঙৰ দৃষ্টিভংগীয়েই নাইপলৰো চিন্তাধাৰা: ঔপনিবেশিকতাবাদ, আনুগত্য, লণ্ডন, প্ৰবাস, ধন-সম্পদ, নাৰী আৰু অনেক কিবাকিবিৰ বিষয়ে৷ ৰাজনীতি বা আমাৰ জীৱনৰ বিষয়ে যেতিয়া আমাৰ মাজত কিবা কথা ওলায়, নাইপলে তেওঁৰ বক্তব্য আৰম্ভ কৰে ‘মোৰ ব্যাখ্যাকাৰে কয় যে…’ বুলি৷

ভালেমান দিনৰ পাছতহে উপলব্ধি কৰিলো যে সেই গোটেই উপন্যাসখনৰ ৰচনাকালত নাইপলে প্ৰতি মুহূর্তে ব্যাখ্যাকাৰজনৰ আদৱ-কায়দা, অংগী ভংগী আনকি কথা কোৱাৰ ধৰণো নিজৰ কৰি লৈছিল৷

ভি এচ নাইপল আরু পল থৰো

ভি এচ নাইপলৰ সৈতে পল থৰো

সাধাৰণতে অভিনেতাসকলে দিনৰ দিনটো এটা চৰিত্ৰৰ অভিনয় কৰাৰ পাছত সন্ধিয়া যেতিয়া সেই চৰিত্ৰৰ দৰেই চলে বা কথা কয়, তেতিয়া তাক কোৱা হয় ‘staying in character’ বুলি৷ উগাণ্ডাত যিকেইদিন নাইপল আছিল, সেই সমগ্ৰ সময়ছোৱাত তেওঁ হৈ আছিল এজন ৰাল্ফ সিং, সেই কাৰণেই সেই দিনকেইটাত তেওঁৰ আচাৰ-ব্যৱহাৰ আছিল তেনেকুৱা, এনেকুৱা লাগিছিল যেন তেওঁ এজন সাফল্যৰ চিৰি বগোৱা ৩৪ বছৰীয়া লিখক নহয়, তাৰ সলনি ৰাজনৈতিক জীৱনৰ অন্তিম অৱস্থাত উপনীত হোৱা কোনোবা মধ্য-বয়সীয়া, পৃথিৱীখনক লৈ ভীত হৈ পৰা অথচ ফোপজহী পুৰণা ৰাজনীতিবিদ, যি নিজৰ বিষুৱীয় দ্বীপৰাষ্ট্ৰৰ পৰা গুচি আন ক’ৰবাত যাপন কৰিছে এক নির্বাসিত জীৱন৷

প্ৰথম দর্শনত মই নাইপলৰ তীক্ষ্ণ বুদ্ধিদীপ্ততা, তেওঁৰ প্ৰবল বাক শক্তি, নেৰানেপেৰা প্ৰশ্নবাণ, সকলোকে ম্লান কৰিব পৰা ব্যক্তিত্ব আৰু যি কয় তাৰ বিশুদ্ধতা দেখি মুগ্ধ হৈছিলো৷ ‘তেনেকৈ যে কৈছা তাৰ মানে কি?’, ‘এই শব্দটোৰ সূত্ৰ কি কোৱাচোন’, ‘এইবোৰ যে বাজে কথা তুমি নাজানা নেকি?’— অলস চিন্তা-ভাৱনা বা অনানুষ্ঠানিক কথা-বতৰাত নাইপলৰ ধৈর্যচ্যুতি ঘটে৷ আড্ডা বুলিলেই তেওঁৰ খং উঠে৷ মই যিমান বন্ধু পাইছোঁ, তাৰ ভিতৰত তেওঁ সবাতোকৈ বেছি দাবীদাৰ— যি লাগে বুলি কয়, লাগিবই, আনকি মোৰ আটাইকৈ কাঢ়া শিক্ষকজনো হ’লগৈ তেৱেঁই৷ তেওঁ আছিল যে এজন ড্ৰিল চার্জেণ্ট— কেতিয়াও ভাল বুলি নকয়, আত্মবিশ্বাসী, নিখুঁত, যি কৰিবলৈ কয়, কৰিবই লাগিব, খুটি-নাটি বিচাৰক, সম্পূর্ণ শুদ্ধ, সঠিক, সর্বোত্তম হব লাগিব, সময়ে সময়ে উগ্ৰ আৰু ভীতিপ্ৰদর্শনকাৰী৷ তেওঁ মোক যুঁজৰ বাবে এনেদৰে সাজু কৰি তুলিছিল যেন মোৰ ওপৰৱালা বিষয়াজনহে তেওঁ৷ যদিহে তেওঁ ফুল মেটেল জেকেট নামৰ চিনেমাখন চালেহেঁতেন, তেনেহ’লে হয়তো মোকো সদায় ক’লেহেতেঁন: What is your major malfunction, numb-nuts! কেতিয়াবা কিছুমান সময়ত ৰসিকতাও কৰিছিল তেওঁ— মনৰ অৱস্থা ভালে থাকিলে তেওঁ কৌতুকো ভাল পায় আৰু সঁচাকৈয়ে যেতিয়া তেওঁৰ আচৰণকলৈ নিজেই ৰসিকতা কৰে, সেই সময়খিনিত সঁচাকৈয়ে তেওঁৰ সংগ মুঠেও উপভোগ্য নহয়৷ মোক প্ৰায়ে অনেকে এইবুলি সোধে যে মই কিদৰে তেওঁৰ উক্তি হুবহু তুলি ধৰিব পাৰোঁ, কেনেকৈ তেওঁ ক’ত কেনেকৈ কি কৈছিল ইমানবোৰ কথা মই নাপাহৰাকৈ থাকোঁ? ইয়াৰ মূলতে আছিল মই কেতিয়াও তেওঁৰ কথা বা কামত বিচলিত বা হতবাক নহওঁ। নিজকে নিজে মই সম্পূর্ণ সষ্টমকৈ ৰখাটোৱেই তেৱোঁ বিচাৰিছিল আৰু মোৰ মাজত আছিল এক জন্তুসুলভ সষ্টমতা৷ নতুন, অচিনাকি পৰিৱেশত জন্তুতকৈ আন কোনো সজাগ-সচেতন হব নোৱাৰে৷ সেয়ে তেওঁৰ উপস্থিতিত মই আছিলো সদা সষ্টম আৰু ক’ৰবাত কিবা ভুল হয় নেকি তাৰ বাবে অনবৰতে আছিল এটা ভয়৷

আফ্ৰিকাত নাইপলৰ প্ৰথম অভিজ্ঞতা: উগাণ্ডা তেতিয়া নতুনকৈ স্বাধীন হৈছে, দেশৰ ৰজা আৰু প্ৰধানমন্ত্ৰীৰ মাজত বিশেষ মিল নাই, কাম্পালাৰ ঘৰ-দুৱাৰবোৰ ঔপনিবেশিক কালৰ পুৰণা আর্হিৰ যদিও মজবুত, প্ৰত্যেকটা ঘৰৰ চাৰিওপিনে জোপোহা আদিৰে আবৃত। বিশাল একোডৰা মাটিত জাক পাতি ঘূৰি ফুৰে হাতী৷ নীল নদীৰ উৎসও ইয়াতে। দেশখনৰ একেবাৰে দক্ষিণ প্ৰান্তত চালে চকু ৰোৱা, তুষাৰাবৃত ৰুৱেনজন পর্বতমালা, হিমবাহ আৰু আন ঠাইত নথকা গছ-গছনিৰ লগতে জীৱ-জন্তু আৰু চৰাই-চিৰিকটি, বিশাল লবেলিয়া, নামনিত বংগো, তাতোকৈ তলত বিশ্বৰ বৃহত্তম কৃষ্ণসাৰ মৃগৰ চৰণভূমি, তাৰ পৰা তললৈ বিৰাজ কৰে ইটুৰি অৰণ্য আৰু বাম্বুটি পিগমিসকলে বসবাস কৰা কেইখনমান গাঁও৷

এইবোৰৰ প্ৰতি নাইপলৰ আকর্ষণ শূন্য৷ মানুহজন বাস্তৱিকতে বিশাল, মেট্ৰপলিটান চহৰমুখী, চাফাৰি কৰিবলৈ আগ্ৰহী নহয়৷ সেয়ে বেছিভাগ সময় তেওঁ কাম্পালাতে কটাইছিল৷ ছাহিলী ভাষাটো শিকি ল’বলৈয়ো কোনো চেষ্টাই নকৰিলে তেওঁ৷ বাৰে বাৰে দোহাৰিছিল যে ফাৰফিল্ড ফাউণ্ডেচনে তেওঁক এজন সাংস্কৃতিক প্ৰতিনিধি হিচাপে ইয়ালৈ আনি ভুল কৰিছে৷ সেয়ে তেওঁ বিশ্ববিদ্যালয়লৈ পিঠি দি নিজৰ উপন্যাসখনক লৈয়ে ব্যস্ত থাকিল৷ ‘হয়, মই অনবৰতে লিখিয়ে থাকোঁ, ইয়ালৈ আহি লিখাত নিজকে আৱদ্ধ কৰি নাৰাখিলে পাগল হৈ যাব লাগিব’— এই বুলিহে কৈছিল তেওঁ৷

কেতিয়াবা তেওঁ উদ্দেশ্যপ্ৰণোদিতভাৱে, একোটা পৰিৱেশ সৃষ্টি কৰিবলৈকে কিবা এষাৰ কৈ দিয়ে৷ তেনেকুৱা কথাবোৰত দাম্ভিকতাও নিহিত থাকে, যেনে— ‘এহ, মোৰ কথা নথকা কোনো বাতৰি কাকত মই নপঢ়োঁ’ (তেওঁলৈ মই দা অৱজার্ভাৰৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণৰ কপি আগবঢ়াই দিছিলো)৷ বা কেতিয়াবা তেওঁৰ এনেকুৱা কথা হ’ব পাৰে তীব্ৰ বিদ্ৰূপাত্মক, উপলুঙাসূচক, যেনে— ইটালিৰ মানুহে ধূলি-বালিৰ পৰা চীজ বনায়— তুমিতো জানাই চাগে, নাজানা জানো? বা হ’ব পাৰে ওফাইডাং মৰা কথা, যিদৰে তেওঁ অৰৱেলক হেয়জ্ঞান কৰি মন্তব্য কৰিছিল৷ নাইপলৰ এনে বক্তব্যই অনেকক উত্তেজিত কৰি তোলাৰ দৃষ্টান্ত আছে৷ কিন্তু মই হৈছিলো আকর্ষিত, মুগ্ধ, সেয়ে মই তেনে কথাবোৰ মোৰ ডায়েৰিত লিখি থ’বলৈ পাহৰা নাছিলো৷ এদিন মই ডায়েৰি লিখাৰ কথা শুনি তেওঁ কৈছিল— ‘সেইবোৰ কাম কৰা মানে সময় নষ্ট৷ মই সম্পূর্ণ এবছৰ ভাৰতত ফুৰিলো, কিন্তু এদিনো এটা টোকাও লিখা নাছিলো, তথাপি ভাৰতৰ বিষয়ে কিতাপ লিখিলো৷’

এদিন যেতিয়া তেওঁক মই এখন উপন্যাস লিখি থকাৰ কথা জনাইছিলো, তেওঁ মোক ওলোটাই কৈছিল— ‘লিখিছা বুজিলো, কিন্তু লিখিছা কিয় সেইটো মোক কোৱাচোন৷‘ তাৰ পাছত বুজাইছিল— ‘তুমি যিয়েই নিলিখা কিয়, লিখাৰ আচল কাৰণটো কি, সেই কথাটো তুমি ভালকৈ জানিব লাগিব, নহ’লে সেয়া হ’বগৈ এবিধ কলাৰ সৈতে তোমাৰ ধেমালি৷ তোমাৰ উদ্দেশ্য কি সেয়া যদি তুমি নিজেই বিচাৰ কৰি চোৱা নাই, তাৰ অর্থ হব তুমি গুৰুত্বসহকাৰে কামটো কৰা নাই৷ আনকি লিখোঁতে ব্যৱহাৰ কৰা শব্দৰ ক্ষেত্ৰতো সেই একেই কথা৷‘ নাইপলে ‘ফাইন ৰাইটিং’ বুলি ক’লে ভাল নাপায়৷ শব্দ এটা শব্দ শুনিলেই পৰীক্ষামূলক বা কৃত্ৰিম শব্দ যেন লাগে, নাইপলে তাক অগ্ৰাহ্য কৰে৷ সেয়ে জইচ, বেকেট আৰু আন কেইবাজনো লিখক তেওঁৰ বাবে বিবেচনাৰ অযোগ্য৷ মই কোন লিখকৰ কিতাপ পঢ়ি আছোঁ বুলি এদিন তেওঁ সুধিছিল৷ মই নাটানেল ৱেষ্ট, এমিলি ডিকিনচন আৰু কেমুৰ নাম ক’লো৷ এওঁলোকৰ এজনৰ বিষয়েও নাইপলৰ ধাৰণা উচ্চ নহয় বুলি ক’লে৷ তেওঁ যিকেইজন লিখকৰ লিখা পঢ়িবলগীয়া বুলি মোক কৈছিল, সেইকেইজন হৈছে— টমাচ মান, চেকভ, প্ৰাউষ্ট, ট্ৰলপ, ডিকেনচ, ছেক্সপিয়েৰ আৰু মার্চিয়েল হৰেচৰ দৰে দুজনমান লেটিন কবি৷ বাইবেলৰ কিং জেমচ সংস্কৰণৰ বিষয়ে তেওঁ কৈছিল: ‘এইখন অতিশয় ভাল কিতাপ৷’ তাৰ আগতে নাইপলে এদিন তেওঁৰ এসময়ৰ বন্ধু ডেৰেক ৱালকটৰ ৰচনাৱলীৰ প্ৰশংসা কৰাই নহয়, ‘এজ জন টু পাটমোচ’ নামৰ গোটেই কবিতাটো নিজৰ স্মৃতিৰ পৰাই আবৃত্তি কৰিছিল৷ পাছত এদিন নাইপলে সেইজন ৱালকটকে তাচ্ছিল্য কৰাত ৱালকটেও কেইবাটাও কবিতাৰে নাইপলক প্ৰত্যুত্তৰ দি কয়— ‘এওঁ নাইপল নহয়, আচলতে নাইটফলহে৷’

এদিন মই লিখি থকা ৰচনা এখন তেওঁক পঢ়িবলৈ দিছিলো, তেওঁ কৈছিল— ‘তুমি সঁচাকৈয়ে বিচাৰিছা নে যে এই ৰচনাখন মই পঢ়িব লাগে?’ তাৰ পাছত কৈ গ’ল— ‘মই তোমাক কৈ থওঁ যে মোৰ মনলৈ যি ভাব আহে, তাক মই খোলাচাকৈ ক’ম, কিন্তু তোমাক সাৱধান কৰি দিওঁ যে মই বৰ নিষ্ঠুৰ৷’ অৱশেষত সেই ৰচনাখন মই পোন্ধৰবাৰ সংশোধন কৰিব লগাত পৰিছিলো, তাৰ পাছত প্ৰকাশ হৈছিল কমেণ্টেৰি নামৰ পত্ৰিকাত৷ মই দেখুৱাওঁ-নেদেখুৱাওঁকৈ মোৰ আন কেইবাটাও সাহিত্যকর্ম তেওঁক দেখুৱাইছিলো আৰু তেৱোঁ দুই-এটা কথাত সন্দেহ প্ৰকাশ কৰি, লগতে এটাৰ পাছত এটাকৈ তীক্ষ্ণ প্ৰশ্ন সোধাৰ পাছত মোৰ সৰহভাগ ৰচনাকে অনুমোদন জনাইছিল, তাৰ ভিতৰত মই অলপতে লিখি উলিওৱা এখ ক্ষুদ্ৰ উপন্যাসো আছিল৷ তেওঁৰ নিজৰ লিখাৰ ধৰণ আছিল এনেকুৱা যে প্ৰথমে হাতেৰে খচৰা প্ৰস্তুত কৰিব, তাৰ পাছত নিজেই গোটেইখিনি টাইপ কৰি উলিয়াব৷ তেওঁক দেখি এদিন ময়ো তেনেকুৱাই কৰিবলৈ ল’লো৷ তাকে দেখি তেওঁ কৈছিল— ‘এয়া তোমাৰ আৰম্ভণি, তোমাৰ উন্নতি আৰম্ভ হৈছে৷ দেখিবা প্ৰত্যেক সপ্তাহতে তোমাৰ লিখনিৰ ধৰণ সলনি হৈ গৈ থাকিব৷’

এদিন এক বিতুষ্ট মুহূর্তত তেওঁ কৈছিল— ‘মূল্যবান অভিজ্ঞতা সঞ্চয় কৰিলেও ইয়াত তুমি যিয়েই নকৰা, সেইবোৰৰ একো অৰ্থ নাই। সকলো এদিন সলনি হৈ যাব, আকৌ হাবি-বননিলৈ ঘূৰি যাব লাগিব৷’ ‘হাবি-বননিলৈ ঘূৰি যাব লাগিব’ বুলি কোৱাটো তেওঁৰ এক প্ৰিয় বচন হৈ পৰিছিল, সুযোগ পালেই কয়, কোনোবাই যদি কথাষাৰ মানি নলৈ আপত্তি কৰে, তেন্তে উত্তৰত তেওঁ কৈছিল— ‘সমাজ এখনক বর্তাই ৰাখিব লাগিব৷ ইয়াত ইটো-সিটো গঢ় লৈ উঠিছে, নির্মাণ চলিছে, সাহায্য পুঁজিৰে প্ৰকল্প হাতত লোৱা হৈছে, কিন্তু মন কৰি চালে দেখিবা— এই কামবোৰ যাতে স্থায়ী হয়, বর্তি থাকিব পাৰে, তালৈ কাৰো কাণষাৰ নাই৷ যিবোৰ প্ৰকল্প দেখিছোঁ, নির্মাণ কার্য যি চলিছে, সেই আটাইবোৰ বাহিৰৰ পৰা জাপি দিয়া প্ৰকল্প আৰু যাৰ ওপৰত জাপি দিয়া হৈছে, তেওঁলোকে এই সম্পদখিনিৰ চোৱা-চিতা কৰি চলাই ৰাখিব নাজানে৷’ ঠিক এনেকুৱা একেই কথা ৱেষ্ট ইণ্ডিজৰ বিষয়েও: ‘কৃতিত্ব আৰু সৃষ্টিৰ আধাৰতহে বুৰঞ্জীয়ে গঢ় লয়, কিন্তু ৱেষ্ট ইণ্ডিজত সৃষ্টি শূন্য৷’ (History is built around achievement and creation, and nothing was created in the West Indies.)

ভি এচ নাইপলৰ গ্ৰন্থ

ভি এচ নাইপলৰ গ্ৰন্থৰ একাংশ

এনেধৰণৰ সিদ্ধান্ত বা ৰায়ক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন নোহোৱাকৈ নাথাকে৷ ‘দা মিমিক মেন’ নামৰ নাইপলৰ উপন্যাসত এনে কঠোৰ পর্যৱেক্ষণ একাধিক আছে৷ শিক্ষা নবিচ স্তৰৰ লেখকৰ বাবে দা মিমিক মেন এখন উপাদেয় গ্ৰন্থ৷ মোহভংগ ঘটা, পৰিচয় উদ্ধাৰ কৰা, উপনিবেশ কালৰ পাছৰ ৰাজনীতি, স্থিতিহীনতাত এই উপন্যাসখনত নাইপলে তেওঁৰ নিগাজী চিন্তাধাৰাৰে নাটকীয় ৰূপত তুলি ধৰিছে৷ কিতাপখনত আফ্ৰিকাৰ বিষয়ে কৈছিল— ‘আজিকালি মই অৱহেলিত আৰু নিঃকিন মানুহৰ জীৱনত সৌন্দর্যৰ সন্ধান নকৰোঁ৷ ঘিণ কৰো নিষ্পেষণক, নিষ্পেষিত মানুহ মাত্ৰেই ভীত হওঁ৷’ উপনিবেশ-উত্তৰ কালৰ ৰাজনীতিবিদৰ বিষয়ে কয়— ‘প্ৰৱঞ্চনাৰ পৰা বিশৃংখলালৈকে ই এক নির্ধাৰিত গত হৈ পৰিছে৷’

আন এক দৃষ্টিভংগীৰ কথাও তেওঁ গোটেই জীৱন কেইবাবাৰো আওৰাইছিল— ‘কাকো দ্বিতীয় সুযোগ নিদিবা৷ তোমাৰ প্ৰতি সদায়েই অনুগত হৈ থকাৰ পাছত কোনোবাই যদি তোমাকে এদিন ঠগিলে, তেন্তে ততালিকে তেওঁক আতঁৰাই পঠিওৱা, কাৰণ তেওঁ নিজৰ আনুগত্য নিজেই ভংগ কৰিছে আৰু তোমাৰ গুৰুতৰ অপকাৰ সাধন কৰিছে৷’ উত্তৰত মই কৈছিলো— ‘কিন্তু এনেকুৱা যদি হয় যে মানুহজন সদায়েই মোৰ অনুগত, এদিনহে কিবা কথাত বিফল হ’ল, তেনেস্থলতো জানো সেইজন মানুহক বিতাৰণ কৰি উচিত?’ ‘সম্পূর্ণ অনুগত মানুহে এবাৰলৈয়ো তোমাক প্ৰতাৰণা কৰিব নোৱাৰে, যদি কৰিলে, তেন্তে বুজিবা তাৰ এনে এটা দোষ আছে যাৰ শুধৰণি দুৰূহ৷’

নাইপলে তেওঁ লিখোঁতে মানি চলা নিয়মবোৰৰ কথা মোক কৈছিল৷ ইয়াৰে এটা হৈছে— তেওঁ দাড়ি-কমা এই যতিচিহ্নবোৰৰ জটিলতা ভাল নাপায়৷ আৰম্ভণিতে তেওঁ গল্প-উপন্যাস লিখিছিল চুটি চুটি ঘোষণাধর্মী বাক্যৰে৷ মিমিক মেনৰ পৰা তেওঁৰ বাক্য দীঘল হ’বলৈ ল’লে, কেতিয়াবা এটা বাক্যতে আন এটা বাক্যও সোমাই থাকে আৰু মাজে মাজে চেমিকলন দিয়ে৷ কিন্তু সেই সোমাই থকা বাক্যবোৰ কেতিয়াও চকুত পৰা মুখ্য বাক্য হৈ নপৰে৷ ‘লিখনি সদায় স্বচ্ছ হ’ব লাগে’ বুলি তেওঁ কয়৷ ’লিখোঁতে নিজকে বিচ্ছিন্ন কৰি ৰাখিবা, কিন্তু ইয়াৰ মানে এইটো নহয় যে তুমি আগ্ৰহী নোহোৱা— বৰঞ্চ ঠিক তাৰ বিপৰীতহে৷’ তেওঁ cliché ব্যৱহাৰৰ প্ৰতি বীতশ্ৰদ্ধ আছিল, কিয়নো গভীৰভাৱে চিন্তা-চর্চা নকৰাকৈ লিখিবলৈ বহিব নালাগে বুলি তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল। যি আনৰ পৰা প্ৰকাশভংগী ধাৰ কৰে, তেওঁ মানসিকভাৱে এলেহুৱা বুলি নাইপলে কয়৷ তেওঁ লিখে খুব লাহে-ধীৰে, ঘূৰাই-পকাই আকৌ লিখে, নিজৰ কামত নিজেই অসন্তুষ্টও হয়৷ তেওঁ মোক নিজৰ পার্কাৰ পেনৰ সোণালী নিবটোও দেখুৱাইছিল যিটো ঘঁহনি খাই খাই বেঁকা হৈ গৈছিল৷

আন লেখকৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাৰ কথা নাইপলে অস্বীকাৰ কৰে৷ প্ৰভাৱান্বিত হোৱা মানেই বুজিব লাগিব, তেওঁ দ্বিতীয় পর্যায়ৰহে৷ কাৰো সৈতে নাইপলে নিজৰ তুলনা নিবিচাৰে৷ নিজৰ বিষয়ে নাইপলে কয় যে তেওঁ এনে এটা দ্বীপৰ পৰা আহিছে, য’ত সাহিত্য বুলিবলৈ একো নাই, এইটো দ্বীপ কোনো গল্প-উপন্যাসৰ বিষয়বস্তু হোৱাৰ অৱকাশ নাই৷ ‘Not hallowed by fiction’ was the way he put it. ত্ৰিনিদাদৰ বিষয়ে দ্বীপটোৰ লোকে পূর্বে সাহিত্য ৰচনা কৰিবলৈ চলোৱা আটাইবোৰ প্ৰচেষ্টাকে নাইপলে নাকচ কৰে৷ তেওঁৰ নিজৰ সাহিত্যকর্মৰ বাবেও কোনো আদর্শ সাহিত্যিক নাই৷৷ যদিও কথাখিনি আহুকলীয়া, তথাপি ইয়াত এক স্বাধীনতাৰ চাপো আছে, কিয়নো ই নাইপলৰ দৃষ্টিক কৰি তুলিছে সম্পূর্ণ একক, মৌলিক৷ ‘মই এজন নতুন মানুহ’ বুলিও সেয়ে নাইপলে এদিন মোক কৈছিল৷
সেয়ে নাইপলৰ সাহিত্যকর্ম এক পৰম্পৰাৰ আৰম্ভণি, ত্ৰিনিদাদবাসীয়ে নিজক চিনি পোৱাৰ পৰম্পৰা৷

নিজৰ স্বকীয়তাৰ ব্যাখ্যাৰ জৰিয়তে নাইপলে নিজকে মোৰ পৰা আৰু মোৰ লিখনিৰ পৰা নিলগ কৰিছিল৷ আফ্ৰিকা বিষয়ক সৰহভাগ ৰচনাকে নাইপলে প্ৰত্যাখ্যান কৰে৷ এদিন তেওঁৰ সৈতে গাড়ীৰে গৈ থাকোঁতে মই এলান মুৰহেডৰ দা হোৱাইট নাইল নামৰ কিতাপখনৰ কথা কৈছিলো এইকাৰণেই যে সেই সময়ত আমি এলবার্ট দ্বীপৰ ওচৰ পাইছিলোগৈ, মুৰহেডৰ কিতাপখনতো আছিল তাৰেই কথা৷ ‘কিতাপখন পঢ়িবলৈ লৈছিলো’, নাইপলে এইবুলি কৈ লগতে ক’লে— ‘মুৰহেডে লিখিব নাজানে৷’ নাইপলে যিখন আফ্ৰিকা দেখিছে, সেই আফ্ৰিকাৰ বর্ণনা আজিলৈকে ক’তো নাই বুলিহে তেওঁ কৈছিল৷

পাছত অৱশ্যে এদিন নাইপলে কয় যে কনৰাডৰ এখন কিতাপ প্ৰশংসনীয়, হার্ট অব ডার্কনেচ নহয়, তাৰো আগতে লিখা এন আউটপোষ্ট অব প্ৰগ্ৰেছ নামৰ এটা গল্প৷ কনৰাডৰ গল্পটো মই সাহিত্য ৰচনা কৰিবলৈ লোৱাৰ সময়তে পঢ়িছিলো৷ পাছত নাইপলে দেখিছিল যে ৱাইড চাৰগাচো চিৰ দৰে ৰচনাৱলীত জিন ৰিচৰ ৱেষ্ট ইণ্ডিজ সম্পর্কীয় বর্ণনা অধিক প্ৰাঞ্জল আৰু এই গৰাকী মহিলা ঔপন্যাসিকৰ লিখনি পঢ়িবলৈ নাইপলে পৰামর্শ দিছিল৷

নাইপলে এই বুলিও কৈছিল যে বেয়া লিখনিতো বহুতো কথা উন্মুক্ত হয়— আনকি কেতিয়াবা কৌশলী লিখনিকো চেৰ পেলায়— সেয়ে ‘দা কিলিংচ ইন ত্ৰিনিদাদ’ৰ বিষয়ে তেওঁ কৈছিল— ‘কল্পনা সাহিত্যত মিছা কথা নাথাকে, লেখকজনহে ধৰা পৰে৷’ (Fiction never lies: it reveals the writer totally)

মোক তেওঁ কৈছিল— ‘উত্তম লিখনি মানেই এক অশান্ত মন, লিখা হয় ইয়াক এক শক্তিশালী স্থিতিৰ পৰা৷’ তাৰ পাছত কৈছিল— ‘যদি তুমি অনায়াসে লিখি গৈছা আৰু দিনে হাজাৰটা শব্দ লিখিও কোনো অস্বস্তি বোধ কৰা নাই, তেন্তে তোমাৰ লিখনি ভাল হোৱা নাই বুলি নিঃসন্দেহ হব পাৰা৷’

ইংৰাজী ভিজন শব্দটো নাইপলে সঘনে ব্যৱহাৰ কৰিছিল৷ নাইপলে জানিছিল যে কোনাবা এজনৰ লিখনি যদি উৎকৃষ্ট আৰু সত্যনিষ্ঠ, তেন্তে সেই লিখনি হব ভৱিষ্যদ্বাণী৷ লগতে তেওঁ ভাবিছিল যে ভাল ভ্ৰমণ কাহিনীৰ ভৱিষ্যদ্ৰষ্টা হোৱাৰ সম্ভাৱনা প্ৰচুৰ৷ তেনেকৈ কোৱাৰ কেইবাবছৰৰো পাছত নাইপলে তেওঁৰ ‘ইণ্ডিয়া: এ মিলিয়ন মিউটীনিজ নাউ’ গ্ৰন্থত সেইখিনি কথাকে কৈছিল এইবুলি— ‘বর্তমানক সঠিকভাৱে আয়ত্ত কৰিলে ভৱিষ্যতৰ উমান পোৱা যায়৷’ (I believe that the present, accurately seized, foretells the future.)

লেখকৰ বাবে মাননি কম হোৱা কথাটোৱে নাইপলক বিতুষ্ট কৰিছিল৷ ‘চার্জন, আর্কিটেক্ট, উকীলৰ আদি নিজৰ বৃত্তিৰ সফলতম ব্যক্তিৰ দৰে আমিও পইচা পাব লাগে’ বুলি নাইপলে কৈছিল৷ জীৱনজুৰি নাইপলে নিজৰ কামৰ বাবে উচিত মাননি দাবী কৰি গৈছিল যদিও আৰম্ভণিৰ সময়ছোৱাত তেওঁৰ দাবী কেতিয়াবাহে ক’ৰবাত মানি লোৱা হৈছিল৷ দা মিমিক মেন কিতাপখন সম্পূর্ণ হোৱাৰ পাছত আমি এদিন একেলগে ভাত খাবলৈ বহিছিলো, উদযাপন কৰাৰ মানসেৰে৷ তাতেই তেওঁ কৈছিল যে প্ৰকাশক আন্দ্ৰে ডাতচক তেওঁ এহাজাৰ পাউণ্ড লাগিব বুলি ক’ব, আজিৰ হিচাপত ১৫ হেজাৰ পাউণ্ড, যি ধন যিকোনো উপন্যাসে নোপোৱাকৈ নাথাকে৷ আনহাতে প্ৰকাশকজন জনাজাত আছিল কৃপণ বুলি, নাইপলৰ কথা তেওঁ নামানিলে৷ নাইপলে প্ৰকাশক সলনি কৰি কেইবছৰমানৰ পাছতহে কিতাপখন উলিয়াব পাৰিলে৷ দ্বিতীয়জন প্ৰকাশকৰ পৰা নাইপলে সন্তোষজনক হাৰত মাননি লাভ কৰিছিল৷

মোৰ নিজৰ প্ৰথম দুয়োখন কিতাপ— ‘ৱাল্ডো’ নামৰ উপন্যাসখন আৰু ক্ষু্দ্ৰ উপন্যাস ‘মার্ডাৰ ইন মাউণ্ট হল্লী’— দুয়োখনেই আছিল নাথানেল ৱেষ্টৰ দ্বাৰা প্ৰভাৱান্বিত৷ ইয়াৰ পাছত উগাণ্ডাত থকা এজন চীনা দোকানী আৰু কেইজনমান ভাৰতীয়ৰ বিষয়ে নাইপলৰ প্ৰভাৱেৰেই এখন উপন্যাস লিখিছিলো যদিও তেতিয়াও মোৰ নিজকে এজন শিক্ষা নবিচ সাহিত্যিক যেনহে লাগিছিল৷

১৯৬৯ চনত স্কুল এখনৰ বিষয়ে এখন উপন্যাস লিখিলো। মোৰ সেই সময়ৰ প্ৰেমিকা আছিল সেই স্কুলৰে শিক্ষয়িত্ৰী। উপন্যাসখনৰ নাম আছিল গার্লচ এট প্লে৷ কিতাপখনৰ বিষয়ে নাইপলে এখন উৎসাহজনক চিঠি লিখিছিল মোলৈ। কৈছিল যে পূব আফ্ৰিকাৰ বিষয়ে নতুনকৈ কিবা লিখিব পাৰি বুলি মোৰ কিতাপখনে দেখুৱাইছে, কিতাপখন সত্যনিষ্ঠ, মৌলিক আৰু তমসাচ্ছন্ন৷ তাৰ পাছত নাইপলে এইবুলিও ক’লে যে মোৰ কিতাপখন পঢ়িয়েই তেওঁ ইন এ ফ্ৰি ষ্টেট আৰু কেইটামান গল্প, এখন ক্ষু্দ্ৰ উপন্যাস লিখিছিল৷

সেই সময়তে মই ইংলেণ্ডলৈ আহিলো আৰু সোতৰ বছৰ তাতেই থাকিলো৷ নাইপল তেতিয়াও মোৰ বাবে এজন ব্যায়াম নির্দেশক৷ প্ৰায়ে তেওঁক লগ পাওঁ, চিঠি-পত্ৰও লিখোঁ৷ সাধাৰণতে কথা-বতৰা ফোনতে হয়৷ দুয়োজনে ভ্ৰমণ কৰোঁ। (‘এখন কিতাপ লিখিবৰ কাৰণেই ভ্ৰমণ কৰিব লগীয়াহ’লে মোৰ ভাল নালাগে, মনত কিবা এটা ভাব লৈহে ভ্ৰমণ কৰোঁ মই’— এই বুলি এদিন নাইপলে মোক কৈছিল৷) মই নিঃসন্দেহে সৌভাগ্যশালী আছিলো৷ মোৰ উচ্চাকাংক্ষাক নাইপলে গুৰুত্বসহকাৰে বিচাৰ কৰিছিল আৰু মোক কৰিছিল উৎসাহিত৷ তেওঁক লগ পাওঁতে মোৰ বয়স আছিল ২৫, নিয়মীয়া দর্মহাৰ চাকৰি এৰি লেখক হিচাপেই জীৱিকা অর্জন কৰিম বুলি ঠিক কৰাৰ সময়তে বয়স হৈছিলগৈ ত্ৰিছৰ ওচৰা উচৰি৷ প্ৰতিজন লেখক আৰু বাস্কেটবল খেলুৱৈ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিবলৈ আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰী, চিত্ৰশিল্পী বা সংগীত শিল্পী— জীৱন বাটত খোজ দিয়া প্ৰতিজন নবীনৰ বাবেই এই অনুপ্ৰেৰণা আৰু এনে এক বিশ্বাস আৱশ্যকীয়৷ এনেকুৱা কিবা এটা কৰিবলৈ যাওঁতে ঘৰৰ মানুহেও সহায়-সমর্থন জনাব পাৰে, পিছে তাতোকৈ বেছি প্ৰয়োজন হয় এজন অভিজ্ঞ লোকৰ সাহায্যৰ, বিশেষকৈ যদি সেইজন লোক হয় আমি সন্মান কৰা কোনোবা৷ মোৰ বাবে নাইপল আছিল সেইজন৷

স্বাস্থ্য বা দেহৰ অৱস্থাক লৈ নাইপল বেচ চিন্তিত আছিল৷ নাইপলৰ কিতাপৰ খলনায়ককেইজন প্ৰায়েই হয় শেঁতা আৰু পেটুৱা: ‘প্ৰভাৱশালী মানুহজনৰ মুখ আৰু শৰীৰৰ গঢ় দেখিয়েই বুজিব পাৰি যে অকলশৰীয়া স্ব-মৈথুনত তেওঁ ব্যস্ত থাকে’ (the face of an onanist)। এই বাক্যটো আছে ‘ইণ্ডিয়া: এ উন্দেদ চিভিলাইজেচন’ নামৰ কিতাপত৷ ‘দা মিমিক মেন’ত এদিন ৰাল্ফ সিং যায় এজনী বেশ্যাৰ ওচৰলৈ, বেশ্যা উলংগ হয় আৰু বক্ষযুগল ওলমি পৰে, বিশাল, কুন্ধচ বক্ষ… তাইৰ ফুটফুটীয়া, শিথিল তলপেট সৰি পৰে; দুভৰিৰ ভাজত পেটৰ মঙহখিনি ওলমি ৰয়— ‘ইন এ টাৰ্ন ইন দা চাউথ’ নামৰ গ্ৰন্থত তেওঁ ১৯৮০ৰ দশকৰ শেষৰ ফালে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ ভ্ৰমণৰ বৃত্তান্ত দিওঁতে বয়সস্থ লোকৰ আপচু দেহাৰ বর্ণনা দিছে৷ ‘গেৰিলাজ’ নামৰ গ্ৰন্থতো আছে এক বিশাল বপুৰ অসৎ পুৰুষৰ চৰিত্ৰ৷

শৰীৰৰ প্ৰতি অৱহেলা নাইপলৰ এক নৈতিক ভ্ৰান্তি৷ উগাণ্ডাত থাকোঁতে আমি খেলপথাৰ এখনত দৌৰি ব্যায়াম কৰিছিলো৷ নাইপলে কয় যে অধম শ্ৰেণীৰ মানুহ আৰু দুর্ঘোৰ মদাহীহে শকত আৰু বেমাৰী হয়৷ কোনোবা এজন মানুহক শাৰিৰীকভাৱে সুস্থ নোহোৱা দেখিলেই নাইপলে তেওঁক ইতিকিং কৰে৷ তেওঁৰ নিজৰ ভায়েক শিৱৰ ১৯৮৫ চনত চল্লিশ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ তাৰ আগলৈকে নাইপলে নিজকে ভায়েকৰ পৰা আঁতৰাই ৰাখিছিল, আৰু পাছতো কৈছিল যে ওজন, মদ্যপান আৰু চিগাৰেটৰ কাৰণেই ভায়েকৰ এনে হৈছিল৷

নাইপল আছিল এজন অসন্তোষীয়া লোক, সকলো কথাতে আপত্তি৷ কথা-বতৰাত হৈ পৰে কেতিয়াবা বৰ নিষ্ঠুৰ, ব্যৱহাৰ-পাতিও বেয়া৷ নাইপল যেতিয়া লিখিবলৈ বহে, তেতিয়া তেওঁ ভাৰসাম্য নেহেৰুৱায়, দৃষ্টি-ভংগীও পোনপটীয়া, কিন্তু কথা কওঁতে— মহিলা সাহিত্যিক আৰু আফ্ৰিকাৰ ঔপন্যাসিকৰ প্ৰতি অৱজ্ঞা, ই এম ফৰষ্টাৰক উপলুঙা কৰিবলৈ গৈ ৰাজকুৱৰী এনৰ মুখখন এক অপৰাধীৰ মুখৰ নিচিনা বুলি কোৱা— এইবোৰৰ পৰা ক’ব পাৰি যে নাইপল সততে এক অসুস্থ মানসিকাতাৰ চিকাৰ হৈছিল৷ মনৰ তেনে এক অৱস্থাতে ১৯৯৬ চনৰ এদিন তেওঁ মোৰ সৈতে সম্পর্ক ত্যাগ কৰিছিল আৰু মই ‘চাৰ ভিদিয়াজ শ্বেদো’ নামৰ কিতাপখন লিখি উলিয়াইছিলো৷ সম্পর্ক ছিন্ন হৈছিল বাবেই মই এক দূৰত্বৰ পৰা, নির্বিকাৰভাৱে নাইপলৰ মূল্যায়ন কৰিবলৈ সক্ষম হৈছিলো, এই দূৰত্ব আৰু নির্লিপ্ততা দুয়োটা আছিল নাইপলৰে উপদেশ৷

কিতাপখন প্ৰকাশ হৈ ওলোৱাৰ পোন্ধৰ বছৰৰ পাছত এক সাহিত্য উৎসৱত নাইপল মোৰ চকুত পৰিল৷ তেওঁ আহিছিল দ্বিতীয়া পত্নী নাদিৰাৰ সৈতে— নাইপলক ধৰি-মেলি লৈ আনিছিল নাদিৰাই৷ নাইপল তেতিয়া অসুস্থ, খোজ-কাটলো থৰক-বৰক৷ মই কাষ চাপি গৈ মাত লগালো৷ মোৰ মাত শুনি যেন নাইপলে থতমত খাইছিল, ধৰিব পৰা নাছিল মই কোন৷ অৱশেষত মই মোৰ নামটো তেওঁক ক’লো, লগতে ক’লো— ‘আপোনাক লগ নেপাই বেয়া লাগি আছিল৷’ নাইপলে কলে যে তেওঁৰো বেয়া লাগি আছিল মোক লগ নাপাই৷ এইদৰেই আমাৰ সম্পর্ক আকৌ আৰম্ভ হৈছিল৷

নাইপলে নিজেই নিজৰ এটা নীতিৰ পৰা আঁতৰি আহিল আৰু মোক এটা দ্বিতীয় সুযোগ দিলে৷ তাৰ পাছৰ আঠটা বছৰ আমি ঘনিষ্ঠ হৈ ৰ’লো৷ এইখিনি সময়তে মই লক্ষ্য কৰিলো যে এইজন দেখোন এজন নতুন মানুহ, আগৰ দৰে ব্যায়াম কৰিবলৈ দিয়া মানুহজন নহয়, এজন পৰিতৃপ্ত, সন্তুষ্ট মানুহ হৈ উঠিছে নাইপল৷ মাত-কথা আগতকৈ মিহি, তেওঁৰ সৈতে নতুনকৈ চিনাকি হোৱা মানুহক মই নাইপলৰ আগৰ উগ্ৰতাৰ কথা ক’লেও বিশ্বাস কৰিবলৈ টান পায়৷ অনাগত দিনৰ কথা ভাবি নাইপলে কেইবাজনো নবীন লেখকৰ সাক্ষাৎকাৰ ল’লে। ইয়াৰ এক উদ্দেশ্য আছিল, তেওঁৰ নিজৰ এখন জীৱনী ৰচনা৷ বাচনিত উঠিল পেট্ৰিক ফ্ৰেঞ্চ৷ ২০০৮ চনত প্ৰকাশ হোৱা ‘দা ৱর্ল্ড ইজ হোৱাট ইজ’ এখন দীঘলীয়া আৰু পুংখানুপুংখ বর্ণনাৰে সমৃদ্ধ কিতাপ৷ কিতাপ পঢ়ি অটোৱা এক কষ্টসাধ্য কাম, কিয়নো নাইপলে জীৱন অতিবাহিত কৰিছিল সংগ্ৰাম, বেদনা, মাজে-সময়ে উগ্ৰতা, হতাশা আৰু অপায়-অমংগলৰ মাজেৰে৷ লগতে আন এক সমস্যাও আছিল ইয়াত৷ কিতাপখনৰ অন্ত পৰিছে প্ৰথমা পত্নী পেত্ৰিচিয়া নাইপলৰ মৃত্যুৰে আৰু ১৯৯৬ চনত নাদিৰাৰ সৈতে দ্বিতীয় বিবাহেৰে৷ এই দ্বিতীয় বিবাহ টিকি আছিল আগষ্ট ২০১৮লৈকে৷

জীৱনৰ অন্তিম দুটা দশকত নাইপলৰ জীৱনৰ বিষয়ে কোনো কথা লিপিবদ্ধ হোৱা নাছিল৷ তেওঁৰ দ্বিতীয় বিবাহ আছিল গাম্ভীর্যপূর্ণ আৰু সুফলদায়ক৷ সেই সময়তে নাইপলৰ সাতখন গ্ৰন্থ প্ৰকাশ হয়, ইয়াৰে এখন ‘এমং দা বিলিভার্চ’ৰ পৰৱর্তী গ্ৰন্থ ‘বিয়ন্দ বিলিফ’৷ এদিন মোৰ আগত নাইপলে বেচ গর্বেৰে কৈছিল যে বহুতে নাদিৰাক এক প্ৰাকৃতিক শক্তিৰ উৎস বুলি কয়৷ তাৰো বহুদিন আগেয়ে নাইপলে এদিন কৈছিল, মানুহে তেওঁক ভাল পোৱাটো বিচাৰে৷ নাদিৰায়ো ভাল পাইছিল নাইপলক, যি খাই ভাল পায় সেয়া ৰান্ধে, ঘৰটো নাইপলে বিচৰা ধৰণে সজায়, একলগে ফুৰিবলৈ যায় আৰু সেয়ে নাদিৰা হৈ পৰিছিল নাইপলৰ মাতৃসদৃশ। তেওঁ নিজৰ মাক আছিল উগ্ৰ আৰু কঠোৰ৷ নাইপলৰ মৃত্যু হৈছিল শান্তিৰ মাজেৰে৷

নাইপলৰ ছত্ৰছায়াত থাকোঁতে তেওঁৰ স্ববিৰোধিতাখিনি মই স্পষ্টকৈ দেখিছিলো, আনকি আজিও দেখোঁ— তেওঁৰ বিভক্ত সত্তা আৰু মনৰ ভাৱৰ জোৱাৰ৷ স্বাস্থ্য ভালে থকালৈকে মানুহজন আছিল চমৎকাৰ। কেতিয়াবা ৰাতি কিবা অসুবিধা হ’লে বা মন বেয়া হৈ থাকিলে মানুজনক হতাশাই গ্ৰাস কৰে৷

কোন লিখকৰ বাবে কি কয় ঠিক নাথাকে৷ তেওঁৰ মন্তব্যৰ কঠোৰতা কেতিয়াও ন্যায্য নহয়৷ তেওঁ কোৱা কথা প্ৰায়ে ভুলহে হয়৷ যেনে: শৰীৰৰ ওজন বেছি হোৱা মানেই এজন মানুহক অসৎ বুলি ক’ব নোৱাৰি। নাবোকোভ, জেমচ জইচ বা বেকেটৰ বিষয়ে নাইপলৰ মন্তব্যক সঠিক বুলিব নোৱাৰি৷ আফ্ৰিকাৰ শাসন উৎকৃষ্ট ন’হলেও মহাদেশ আকৌ অৰণ্যৰ যুগলৈ পিছ হুহকি যোৱা নাই৷ কোনোবাই ভুল কৰাৰ পাছতো তেওঁক দ্বিতীয় সুযোগ দিয়া যে ভুল নহয়, মোৰ ক্ষেত্ৰত নাইপলে যি কৰিলে, সেয়াই তাৰ প্ৰমাণ৷ এজন নবীন লেখকে কাৰোবাৰ পৰা যিমানেই অনুপ্ৰেৰণা নাপাওক, তেওঁ নিজৰ বাট নিজেই মোকলাব লাগিব৷

জন ষ্টেইনবেকৰ বিষয়ে আলোচনী এখনত লিখা এইষাৰ কথা নাইপলে লেখকৰ বিষয়ে কৰা সাধাৰণীকৰণৰ এক উদাহৰণ: ‘এজন লিখকৰ পৰিণতি তেওঁৰ কিতাপ নহয়, তেওঁৰ বিষয়ে প্ৰচলিত আখ্যানহে৷ সেই আখ্যানকে মানুহে জীয়াই ৰাখে৷’ মোৰ বাবে নাইপল কোনো আখ্যান নহয়৷ মাজে-সময়ে বহুতৰে মুখত শুনো যে নাইপলৰ ৰচনা তেওঁলোকে পঢ়িছে, তাৰ পাছত নাইপল সম্বন্ধে একোটা মতামতো দিয়ে তেওঁলোকে৷ কিন্তু তেনে লোকৰ মুখত যিজন নাইপলৰ কথা মই শুনো, সেই নাইপলজন মোৰ অপৰিচিত৷

❧ | আৰু পঢ়ক:

নাইপলৰ ছত্ৰছায়াৰ পৰা ওলাই আহি | পল থৰো | অনু: ধ্ৰুৱ শইকীয়া