ভূপেন হাজৰিকা আৰু সুকুমাৰ কলা প্ৰসংগ

ভূপেন হাজৰিকা আৰু সুকুমাৰ কলা প্ৰসংগ
  • 02 Nov, 2022

লাৰ উৎস সন্ধান আৰু ইয়াৰ মূল্যায়ন— দুয়োটাৰ ক্ষেত্ৰতে ভূপেন হাজৰিকা আছিল সূক্ষ্মদৰ্শী আৰু চিৰিয়াছ। যৌৱন কালতে তেওঁ লিখা এটি প্ৰবন্ধ (‘সুকুমাৰ কলা, মন আৰু সমাজ’)ত সেয়া পৰিস্ফুট। সুকুমাৰ কলা জীৱনৰে সংপৃক্ত। কলাই কলাৰ কাৰক নহয়। সুকুমাৰ কলাৰ সৃষ্টি সৌন্দৰ্যবোধৰ পৰা। জীৱ জগতৰ কেৱল মানুহৰেই সৌন্দৰ্যবোধ আছে, কাৰণ মানুহ বুদ্ধিসম্পন্ন (অৱশ্যে আন প্ৰাণী বুদ্ধিসম্পন্ন নহয় বুলি সৰলীকৃত কৰিব নোৱাৰি)। ভূপেন হাজৰিকাই লিখিছে— “প্ৰত্যেক মানৱেই এনে এটা জীৱন বিচাৰে— যি মনক শান্তি দিয়ে— যি অসুন্দৰ নহয়। ইয়েই মানুহৰ সৌন্দৰ্যবোধৰ প্ৰমাণ। এই সৌন্দৰ্যবোধতে সুকুমাৰ কলাৰ উৎপত্তি। সুকুমাৰ কলা আদিম মানৱৰ মাজত আছিল, বৰ্তমানত আছে আৰু ভৱিষ্যতেও থাকিব।” তেওঁ উল্লেখ কৰিছে— “মানুহে জন্ম লয় দুটা মূল প্ৰবৃত্তি লৈ— ক্ষুধা-প্ৰবৃত্তি আৰু কাম-প্ৰবৃত্তি— ই সঁচা; কিন্তু ইয়াৰ বাহিৰেও আন অনেক ‘বোধ’ নথকা হ’লে জীৱন সু-উদ্দেশ্যবিহীন আৰু স্থিতিশীল হ’লহেঁতেন। জীৱনৰ ধৰণ গতিশীল কৰাইতো মানৱৰ বিশেষত্ব।”

সৌন্দৰ্যবোধৰ সৰু-বৰ নাই, দেশ, কালো নাই। ভূপেন হাজৰিকাই তাকেই এনেকৈ ক’ব বিচাৰিছে যে পুৰণি কুমাৰৰ সাধাৰণ কলহ এটিত যি গুণ পোৱা যায়, স্থাপত্য শিল্পতো তাকেই পোৱা যায়। অতীত ভাৰতৰ এটুকুৰা ফুলাম কাপোৰত যি সৌন্দৰ্য আছে, বিৰাট কাৰুকাৰ্যযুক্ত এটি মন্দিৰতো সেই ভাবেই পোৱা যায়। তেনেদৰে বাঁহৰ কাকৈ এখন কৰাত যি প্ৰাণ আছিল, মোগলৰ ‘দেৱানী আম’ গঢ়াতো সেই একে ভাবেই বিৰাজমান। তেওঁ প্ৰখ্যাত ভাৰতীয় কলাবিজ্ঞানী আনন্দ কুমাৰ স্বামীৰ এটি উক্তি ব্যক্ত কৰিছে। স্বামীয়ে কৈছিল— “উচ্চ কলাৰ সৃষ্টিকাৰী এটা জাতিয়ে সেই কলাৰ জন্ম দিয়ে ‘কলাপ্ৰেমে’ৰে নহয়,‘জীৱন-প্ৰেমে’ৰেহে।” (A race producing great art, however, does so, not by its love of art but by its love of life)। অৰ্থাৎ কলা ‘জীৱন-প্ৰেম’ৰহে চানেকি, ‘কলাপ্ৰেম’ৰ চানেকি নহয়।

কলাকাৰৰ এটা প্ৰধান কৰ্ম হৈছে সৃষ্টি। তেওঁৰ উদ্দেশ্য সুন্দৰ সৃষ্টিৰে অনুভূতি-উপলব্ধিৰে লোকসমাজত দাঙি ধৰা। ভূপেন হাজৰিকাই এই কথা উল্লেখ কৰি কৈছে যে তেওঁ দুই-এজন ধনী বা দুই-এজন জ্ঞানীলৈ আঙুলিয়াই কথাষাৰ কোৱা নাই। কাৰণ প্ৰায় গোটেই মানৱ সমাজেই কোনো নহয় কোনো প্ৰকাৰৰ সৌন্দৰ্য ভাল পাই আহিছে। মানৱ জীৱনটোক তেওঁ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত এটা সন্ধি বুলিছে। ইতৰ জন্তুৱে নিজক বহিৰ্জগতৰ লগত খাপ খুৱায়; কিন্তু মানুহে পাৰিপাৰ্শ্বিক অৱস্থাক নিজৰ মতে চলাব বিচাৰে। চৰাইৰ দৰে উৰিবলৈ মন গ’ল, গতিকে বিভিন্ন উৰণীয়া কল-কব্জা সাজি ল’লে; বৰ্ষা-শীতৰ পৰা ৰক্ষা পাবলৈ পঁজা সজা, কুলিৰ মাতটো ভাল পাই বাঁহ এডাল কাটি ম’হৰ শিঙা লগাই ফু দিয়া— এইবোৰ এক অনুভূতিৰ পৰাই হৈছে। তেনেদৰেই দৰ্শনেন্দ্ৰিয়ক সন্তুষ্ট কৰিবলৈ আৱিৰ্ভাৱ হ’ল ছবিৰ; কৰ্ণেন্দ্ৰিয়ক সুখ দিবলৈ সুৰৰ উৎপত্তি হ’ল। ভূপেন হাজৰিকাই কৈছে, এই সকলোৰে মূলতে আছে আৱশ্যকতা, পশ্চিমীয়া শিল্পীয়ে যাক কয় biological necessity। মানৱ প্ৰাণী মাত্ৰেই অনুভূতি আছে বুলিয়েই কলাকাৰে তেওঁলোকলৈ বুলি কলা সৃষ্টি কৰে। কলা সৃষ্টিৰ আৰম্ভণিত কল্পনাই বেছি কাম কৰে, পাছৰ কল্পনাখিনি শ্ৰমনিৰ্ভৰ বুলি ভূপেন হাজৰিকাই ব্যক্ত কৰিছে। যিখিনিত থাকে শাৰীৰিক আৰু মানসিক দুয়ো প্ৰকাৰৰ শ্ৰম।

শিল্পীৰ মনক তেওঁৰ ওচৰৰ চাৰিওফালৰ পৰিস্থিতিয়ে ভবাই তোলে। নিজৰ গীতৰ কথা ক’বলৈ গৈ এই কথা নানা ঠাইত ভূপেন হাজৰিকাই উল্লেখ কৰিছে। সুকুমাৰ কলাৰ ওপৰত সমাজৰ প্ৰভাৱৰ কথা ক’বলৈ গৈ তেওঁ শংকৰদেৱৰ নাম লৈছে; শ্ৰীশংকৰে জনসাধাৰণক আধ্যত্মিকতাবাদৰ শিক্ষা দিবলৈ আন সুৰ নিদি বৰগীতৰ ৰাগ-ৰাগিনী আৱিষ্কাৰ কৰাটোৱে উপযুক্ত বিবেচনা কৰিছিল। গুপ্ত যুগত ভাৰতৰ মানুহে কেনেকৈ আৰ্থিক, মানসিক শান্তি পাইছিল অজন্তাৰ বেৰত তাৰ প্ৰমাণ আছে। এই প্ৰসংগতে ইউৰোপৰ প্ৰসংগ টানি তেওঁ সংগীতজ্ঞ ডাৰ্নটনৰ উদ্ধৃতিৰে কৈছে, ১৭৯১ চনৰ ফৰাচী বিদ্ৰোহে বিথ’ভেনৰ সুৰৰ গঢ় সলনি কৰিছিল। ফৰাচী বিপ্লৱত মূৰ্ত হৈ উঠা তেওঁৰ দিনৰ সামাজিক বিক্ষোভ আৰু তাৰ পাছত ইউৰোপৰ দেশসমূহত হোৱা প্ৰতিক্ৰিয়া স্পষ্টৰূপে তেওঁৰ সংগীতত প্ৰতিফলিত হৈছিল। তাৰ উদাহৰণ ‘ইৰইকা’ নামৰ ঐকতান আৰু তেওঁৰ ‘ফাইডেলোত অপেৰা’। এই ‘ইৰইকা’ ছিম্ফনি তেওঁ নেপোলিয়নক দান কৰিছিল। তেনেদৰে ৰচনাখনত ‘বাচ’ৰ সংগীতৰ কথা উল্লেখ কৰা হৈছে, যি সংগীতে ওঠৰ শতিকাৰ আগভাগত গীৰ্জাৰ অধীনত চলা সমাজৰ পৰিস্থিতিৰ আভাস দিয়ে। গ্ৰাম্য গীতবোৰ পৃথিৱীৰ প্ৰায় সকলো ঠাইতে একে। প্ৰায় একে আকৌ পৃথিৱীৰ নানা ঠাইৰ গুহাবাসী অশিক্ষিত সৰল হাতৰ শিলত কটা সহজ মূৰ্তিবোৰ। তাৰ পাছতো দেখা যায় বেলেগ বেলেগ জাতিৰ বা ৰাষ্ট্ৰৰ মানসিক পৰিস্থিতিয়ে কলাক বেলেগ বেলেগ আকৃতি দিয়ে। ভূপেন হাজৰিকাই সেই কথা বিবৰি কৈছে যে মাইকেল এঞ্জেলোৰ সময়ত গ্ৰীচত দৈহিক সৌন্দৰ্যক আগ ঠাই দিয়াৰ ফলত তেওঁৰ কলাত দেশৰ সূক্ষ্ম জোখৰ আৰু সঁচা আকৃতি দেখা গৈছিল। ভাৰতত সেই সময়ৰ কাৰুকাৰ্যত দাৰ্শনিক ভাবটোৱে আগস্থান পাইছিল। মোগল যুগত লাহে লাহে তাৰ পৰিৱৰ্তন হৈ দেহাৰ বা প্ৰতিকৃতিৰ হুবহু চিত্ৰণ আগবাঢ়িছিল। আকবৰ, ছাহজাহান আদিৰ প্ৰতিকৃতিয়ে তাৰেই সাক্ষৰ বহন কৰে।

ভাৰতৰ চিত্ৰকলা, শাস্ত্ৰীয় সংগীত, নৃত্য আদিৰ বহল প্ৰচাৰ হোৱা নাই, এইবোৰ সম্পদ এটি সীমাবদ্ধ ধনী সমাজৰ মাজতে আবদ্ধ হৈ আছে। বুৰঞ্জীয়ে সাক্ষী দিয়ে ৰাজসভা, দৰবাৰ, জমিদাৰ আৰু ধনীক শ্ৰেণীৰ মাজতহে শিল্পীসকলে থিতাপি লৈ আহিছে। মোগল দৰবাৰতহে তানসেনে কৃতিত্ব দেখুৱাইছিল, সৰ্বসাধাৰণে তেওঁৰ গান শুনিবলৈ সুবিধা পোৱা নাছিল। তাক উল্লেখ কৰি ভূপেন হাজৰিকাই কৈছে যে জনসাধাৰণে উপলব্ধি কৰিব পৰা কথাবোৰক কিছুমানে অৱজ্ঞা কৰে, আনকি কলা বুলিবলৈ টান পায়। ডাৰ্নটনে ইউৰোপীয় সংগীতক Art Music, Commercialized Jazz আৰু Folk Music— তিনিটা ভাগত ভাগ কৰিছিল। ধনতান্ত্ৰিক জগতৰ এনে বিভাগৰ বিপৰীতে সেই সময়ত ছোভিয়েট ৰাছিয়াত গঢ় লোৱা কলাত নতুন আশা উদয় হৈছিল। কাৰণ তাত সামাজিক গঠনেই সুবিধাবাদী শ্ৰেণী ধ্বংস কৰি শ্ৰেণীবিহীন সমাজৰ পথত আগবাঢ়িছিল। ভূপেন হাজৰিকাই ডাৰ্নটনৰ উদ্ধৃতিৰেই তাক প্ৰতিপন্ন কৰিছিল—”…Here manifestly is social order which having abolished privileged classes is on the way to classless society. As might be expected, therefore we find in the music of USSR is flourishing Art, music, co-existing quite amicably with TRUE popular music.” ছোভিয়েট ব্যৱস্থা তাৰ চাৰি দশকৰ পাছত ভাগিল সঁচা, কিন্তু ইয়াৰ নিহিত কথা জানো নেওচিব পাৰি?

ৰচনাখন পৰাধীন সময়ৰে। সেই সময়ৰ উপলব্ধি তাত অনুভূত হৈছে। সেই পৰিস্থিতিত সুকুমাৰ কলাৰ ভূমিকা কি হোৱা উচিত তাক ফহিয়াই তেওঁ লিখিছে: “ভাৰতীয় কলাকাৰসকলে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। ৰাজনৈতিক পৰাধীনতাৰ স্বাভাৱিক ফলাফল হিচাপেই আৰ্থিক শোষণ হ’বলৈ ধৰিছে। শতকৰা ৯০জনে দুবেলা দুমুঠি খাবলৈ নাপায়। ধনকুবেৰে নিজ হাতেৰে গঢ়ি তোলা দুৰ্ভিক্ষত সহস্ৰ মুনিহ-তিৰোতা, ল’ৰা-ছোৱালীৰ কুকুৰ-মেকুৰীৰ দৰে মৃত্যু হয়…।” তেওঁ দেশত বিভেদবাদী শক্তি মূৰ দাঙি উঠাৰ কথা উনুকিয়াই দি লিখিছে: “ৰাজনৈতিক শক্তি আনৰ হাতত থকাৰ বাবেই ভাৰতত জাতিভেদ, ধৰ্ম্মভেদে বৃহদাকাৰ ৰূপ ধৰিলে।… ব্ৰাহ্মণ-শূদ্ৰ, চহা-ধনী, হিন্দু-মুছলমান ভেদাভেদ। ভাৰতৰ স্বাধীনতা যুঁজৰ বাবে ভাৰত আজি সু-নেতৃত্বৰ সহায়ত স্বাধীনতা যুঁজত তীব্ৰ বেগে আগবাঢ়িছে। এনে সময়ত কথাশিল্পীৰ কৰ্তব্য হ’ব, এই যুঁজত কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা।”

আজি দেশৰ পৰিস্থিতি প্ৰাক স্বাধীনতা কালৰে প্ৰতিৰূপ বুলিব পাৰি। জাতিভেদ, ধৰ্মবিদ্বেষে দেশক যিদৰে হেঁচা মাৰিব লাগিছে, তালৈ চাই মধ্যযুগীয় পৰিৱেশ বিৰাজমান বুলিও ক’ব পাৰি। আজি কলাকাৰক সকীয়াই দিবলৈ ভূপেন হাজৰিকাৰ দৰে আছে কেইজন? অসুন্দৰতাৰ লগতে চোন তথাকথিত জনপ্ৰিয় কলাকাৰে ৰাগ টানিব লাগিছে!

ভূপেন হাজৰিকাই কৈছিল, চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিয়াকৈয়ে কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈহে বেছিকৈ চকু দিয়া উচিত। তেওঁ বাৰ্নাড শ্ব’ৰ উদ্ধৃতি দিছে। শ্ব’ই কৈছিল— “Leisure without aesthetic taste is dangerous।” সেয়ে ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত, ৰাচিয়াৰ জনতাৰ বিদ্ৰোহকে ধৰি পৃথিৱীৰ নানা ঠাইৰ বিদ্ৰোহ আৰু স্বাধীনতা যুঁজত সুকুমাৰ কলাই জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ নেহৰুকো মনত পেলাইছে এই প্ৰসংগতে। নেহৰুৱে কৈছিল, আমি জাগি উঠিব লাগিব আৰু তাৰ লগতে জাগি উঠিব আমাৰ কলা। সেয়ে ভূপেন হাজৰিকাই আহ্বান জনাইছিল: “আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়েই এই ৰাষ্ট্ৰক জাগ্ৰত কৰাৰ উদ্দেশ্যটো সুমুৱাই ল’ব লাগিব।”

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
ভূপেন হাজৰিকা আৰু সুকুমাৰ কলা প্ৰসংগ | ড° পৰমানন্দ মজুমদাৰ

Follow Nilacharai on Facebook