নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

১
এতিয়া পৃথিৱী শুইছে
সাৰে আছে আকাশ বতাহ আৰু অভিলাস
দশমীৰ জোনে উদ্ভাসিত কৰিছে চৌপাশ,
ক্লান্ত শৰীৰবোৰ পৰি আছে য’তে-ত’তে
মনবোৰ ওলাই আহিছে বাহিৰলৈ
জুমি জুমি তৰাবোৰ চাইছে কিছুমানে।

মই মোৰ সৈতে ব্যস্ত হৈছোঁ
পোৱা-নোপোৱাৰ হিচাপত।

২
ক্রমে গভীৰ হৈছে নিশা,
অহৰহ সুগন্ধি বিলাই ক্লান্তিত জিৰণি লৈছে
শেৱালিবোৰে,
বিদায়ৰ সময় সমাগত বুলি
নিয়ৰে কেৱল চকুলো টুকিছে।

৩
ক্লান্ত নিশাহত অপ্রাপ্তিৰ হুমুনিয়াহ
বেদনাদগ্ধ হৃদয়ত মুক ক্রন্দন।
গুজৰি-গুমৰি আছে আহত মেঘবোৰে
তৰাবোৰ শুই আছে নিৰৱে,
যন্ত্রণাক্লিষ্ট জোনটোৱে কেৱল নাও বাইছে
অকলশৰে।

৪
গছবোৰ মৌন
কর্তব্যইতো জীৱন,
ত্যাগৰ মহত্ত্বই দিয়ে জীয়াই থকাৰ সম্বল।
চকুপানীৰ মূল্য কাক বিচাবিব?
নিৰৱে আহ্বান সাহস আৰু সহ্যৰ…

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: ভিনচেণ্ট ভেন গগ’ৰ পেইণ্টিং ‘দ্য ষ্টেৰি নাইট’

এই লেখকৰ সকলো লেখা চাওক →
ৰাতিৰ দিনলিপি | ৰাজুমণি বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: