নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

(হীৰেন ভট্টাচাৰ্য সোঁৱৰণ)

ওঁঠত পিন্ধি লৈ এটা চিনাকি হাঁহি
হলৌ-মলৌ চোলাটোৰে
সৌজন চিনাকি কবি

সাজি লৈ শব্দৰ অযুত কেঁকুৰি
মুঠিত লুকুৱাই বেলি
বুকুত গোপনে পোহে নাঙঠ উশাহ
ভিৰৰ শেষত বাজি উঠে এটা গান
আকৌ উভতি চোৱাৰ
অপৰূপ হেঁপাহ…

ওঁঠত পিন্ধি লৈ এটা চিনাকি হাঁহি
হলৌ-মলৌ চোলাটোৰে
সৌজন চিনাকি কবি

দুকুৰি বসন্তৰ গৰ্ভত
জী উঠে কেইবাশ
সেউজীয়া শব্দ
কান্ধৰ মোনাখনত এখন পুৰণি ৰুমাল
ৰুমালৰ ভাঁজত গোপনে শুই থাকিল
শইচৰ পথাৰ মানুহ

কলমৰ পোহৰত উৰি যায়
সুগন্ধি পখিলাৰ জাক
পিন্ধি লৈ মেটমৰা কাপোৰৰ
পুৰণি কামিজ

ওঁঠত পিন্ধি লৈ এটা চিনাকি হাঁহি
হলৌ-মলৌ চোলাটোৰে
সৌজন চিনাকি কবি

অসমীয়া কবিতা নতুন

এই লেখকৰ সকলো লেখা চাওক →
কবিলৈ | ধনবৰ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...