‘কো
ন মোহনাই কোন সুৰ যায়
ৰঙ্গীলা বাঁশী কে একা বাজায়
কাকে চেনা লাগে কে থাকে অচেনা
ছেলেবেলা আৰ ফিৰে আসবে না
স্মৃতিতে তবু আনা-গোনা তাঁৰ
ছোট ছোট ঢেউ সচল গলাৰ।’
ফৰ ভূপেন হাজাৰিকা…
২০১১ চনৰ ৫ নৱেম্বৰৰ সেই মহাপ্ৰয়াণৰ দিনটোৰ পাছদিনাই বংগৰ জনপ্ৰিয়, অনুভৱী, শক্তিশালী আৰু সচেতন সংগীতকাৰ, স্বৰূপাৰ্থত ‘গানৰ কাৰিকৰ’ কবীৰ সুমনে (সুমন চট্টোপাধ্যায়) এই ধৰণে ‘গানৰ দেৱতা’ক শ্ৰদ্ধাঞ্জলি যাচিছিল। ৬ নৱেম্বৰৰ আগবেলা তিনি স্তৱকৰ গীতটো ৰচনা কৰি, সুৰ দি, সংগীতেৰে সজাই আৰু বাণীবদ্ধ কৰি নিশালৈ ইণ্টাৰনেট যোগে মুক্তি দিছিল।
ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছৰে পৰা অনেক শ্ৰদ্ধাঞ্জলি আমি দেখিছোঁ, পঢ়িছোঁ, শুনিছোঁ; স্বৰূপ বুজিছোঁ— সৎকাৰথলীৰ পৰা টিভিৰ পৰ্দালৈ, সুসজ্জিত মঞ্চৰ পৰা আলোচনীৰ পাতলৈ। নিৰ্ভেজাল, অকৃত্ৰিম, অন্তৰৰ গভীৰ কোণৰ পৰা উঠি অহা; আৰু কৃত্ৰিম, দায়িত্বৰ খাতিৰত আৰু গ্লেমাৰৰ মোহতো! গ্লেমাৰ? শ্ৰদ্ধাঞ্জলি জ্ঞাপনত গ্লেমাৰৰ সন্ধান?
এৰা। গ্লেমাৰাছ মানুহ— ভূপেন দা, আইকনিক ব্যক্তিত্ব ভূপেন দাৰ। বিশিষ্ট অভিনেতা, প্ৰয়াত তচদ্দুক ইডচুফৰ ভাষাত— ‘দেয়াৰ আৰ টু চুইট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড অৱ মিউজিক— ভূপেন, হাজৰিকা!’ গতিকে সেই গ্লেমাৰৰ এচিকটা যদি শ্ৰদ্ধাঞ্জলি যঁচাৰ নামত মোৰ গাতো পেলাব পাৰোঁ!
তেনেহ’লে শত-সহস্ৰ শ্ৰদ্ধাঞ্জলিৰ মাজৰ পৰা কবীৰ সুমনৰ নিমাখিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনক আলোচনাৰ মাজলৈ অনাৰ কি বিশেষ তাৎপৰ্য? আছে।
জাৰ্মানীৰ ৰেডিঅ’ত চাকৰি কৰি আধা জীৱন পাৰ কৰাৰ পাছত কবীৰ সুমন (তেতিয়া সুমন চট্টোপাধ্যায়) বংগলৈ ঘূৰি আহিল। তেখেতৰ প্ৰথমটো এলবাম, এইচ এম ভিয়ে প্ৰকাশ কৰা ‘তোমাকে চাই’ মেগাহিট হোৱাৰ পাছত এটা সাক্ষাৎ প্ৰসংগত সাংবাদিকে যেতিয়া তেখেতক সুধিলে যে তেখেতে চাকৰি এৰি কিয় ভাৰতলৈ ঘূৰি আহিল, সুমন চট্টোপাধ্যায়ে কৈছিল, ‘আধুনিক বাংলা গান’ কৰিবৰ বাবেই তেখেত ঘূৰি আহিল। সেই সাক্ষাৎ প্ৰসংগতে তেখেতে আৰু ক’লে, ভূপেন হাজৰিকাই বাংলা সংগীত জগতলৈ যি এজাক নতুন বতাহ কঢ়িয়াই আনিলে, সেই বতাহ বৈ নিয়াৰ দায়িত্বও আছে। সুমন চট্টোপাধ্যায়ে ঠিক হয়তো এইকেইটা শব্দই কোৱা নাছিল, কিন্তু তেখেতৰ প্ৰসংগটোৰ সামগ্ৰিক অৰ্থ এইটোৱেই আছিল।
সেই ‘তোমাকে চাই’ৰ পৰা আৰম্ভ কৰি এতিয়ালৈ প্ৰকাশিত সুমন চট্টোপাধ্যায়ৰ প্ৰায়ভাগ গীতেই আমাৰ শুনাৰ সৌভাগ্য হৈছে। তেখেতৰ বিভিন্ন লেখা আৰু গ্ৰন্থও পঢ়াৰ সুযোগ পাইছোঁ। সংগীত সম্পৰ্কত আমাৰ সীমিত জ্ঞানৰ সামৰ্থ্যৰে আমি এই কথাটো বুজি উঠিছোঁ যে সুমন চট্টোপাধ্যায়ে গানৰ কথা, সুৰ বা গায়কীত কোনো ধৰণেই ভূপেন হাজৰিকাক অনুকৰণ বা অনুসৰণ কৰা নাই। তেনেহ’লে ‘নতুন বতাহজাক’ বৈ নিয়াৰ দায়িত্বটোৰ কি হল? আচলতে সুমন চট্টোপাধ্যায়ে ভূপেন হাজৰিকাৰ আত্মাটো চিনিছিল আৰু সেই হিচাপেই তেখেতৰ গীত-সংগীতৰ আত্মাকো। ক’ব পাৰি, সুমন চট্টোপাধ্যায় ভূপেন হাজৰিকাৰ পৰোক্ষ শিষ্যহে। ভূপেন হাজৰিকাই যেতিয়া বাংলা সংগীত জগতত দপদপাই আছিল, তেতিয়া সুমন চট্টোপাধ্যায় শিশু। ডেকা হোৱাৰ পাছত গুচি গল জাৰ্মানীলৈ আৰু যেতিয়া বংগলৈ ঘূৰি আহিল, তেতিয়া ভূপেন হাজৰিকা বাংলা সংগীতৰ জগতৰ পৰা ওলাই আহিছে বা ক’ব পাৰি ভূপেন হাজৰিকাৰ সংগীত জগতত তেজাল সক্ৰিয়তা কমি আহিছে।
পৰোক্ষ শিষ্যত্বৰেই সুমনে ভূপেন হাজৰিকাৰ আত্মা আৰু গীত-সংগীতৰ আত্মাক উপলব্ধি কৰি তেখেতে কঢ়িয়াই অনা বতাহজাক বৈ নিয়াৰ দায়িত্ব অনুভৱ কৰিছিল আৰু কেৱল বাংলা গান কৰাৰ স্বাৰ্থত চাকৰি এৰি গুচি আহিছিল।
এনেকুৱা ক্ষেত্ৰত আমি অসমীয়াসকল দুৰ্ভগীয়া। আজিৰ তাৰিখলৈকে ভূপেন হাজৰিকাৰ এজন শিষ্য ওলাল নে অসমত? বা অসমীয়া সংগীত জগতত? ভূপেন হাজৰিকাৰ ভক্তৰ আকাল নাই। ভূপেন হাজৰিকাৰ মাতটো, ভূপেন হাজৰিকাৰ টুপিটো নকল কৰা গায়ক বা ভক্ত দেধাৰ আছে। কিন্তু শিষ্য? ভূপেন হাজৰিকাৰ ঈৰ্ষণীয় কেৰিজ্মা, ভূপেন হাজৰিকাৰ সৰ্বগ্ৰাসী সত্তাও হয়তো এই ক্ষেত্ৰত দায়ী। যি ওচৰ চাপিব খুজিছে, যি বুজিব খুজিছে— তেওঁ মন্ত্ৰমুগ্ধ হৈ গৈছে, অবাক হৈ গৈছে আৰু ভক্তৰ পৰ্যায়তে ৰৈ গৈছে, নিজকে উত্তৰণ ঘটাব পৰা নাই শিষ্যলৈ। ঠিক যেন ভূপেন হাজৰিকাই নিজে গোৱাৰ দৰে—
‘তুমি নাহিবা তুমি নাহিবা
মোৰ আশে-পাশে তুমি নাহিবা
মোৰ সুৰৰ মন্ত্ৰ আছে, নাহিবা
মোৰ বশীকৰণ আছে, নাহিবা
মোৰ অহংকাৰো আছে, নাহিবা
মোৰ প্ৰখৰ দৃষ্টি আছে, নাহিবা
তুমি নাহিবা তুমি নাহিবা… ।’
নতুন নাগিনী তুমি…
এই কথাও আমি উপলব্ধি কৰোঁ, ভূপেন হাজৰিকাৰ শিষ্য হিচাপে নিজকে গঢ় দিবলৈ যি ধৰণৰ অধ্যয়ন বা মেধাৰ প্ৰয়োজন, সেইখিনি আমাৰ শিল্পীৰ হয়তো নাই বা আয়ত্ত কৰিব পৰা নাই, হয়তো আগ্ৰহো নাই। প্ৰচুৰ জ্ঞান, পৰিষ্কাৰ ধাৰণা, পৰিচ্ছন্ন চিন্তা আৰু পৰম আন্তৰিকতাৰে ভূপেন হাজৰিকা শিল্পকৰ্মত প্ৰবৃত্ত হৈছিল। সেয়া গীত ৰচনা কৰা, সুৰ দিয়া, গোৱা, লেখা-মেলা কৰা, চলচ্চিত্ৰ পৰিচালনা কৰা বা সৰু মাছৰ আঞ্জা ৰন্ধাৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য। ভূপেন হাজৰিকাই আন একো নকৰি কেৱল গীতিকবিতা ৰচনা কৰি থকা হ’লেও একেজন ভূপেন হাজৰিকাকে পালোহেঁতেন। অথবা গীত-সংগীত নকৰি যদি কেৱল চিনেমাকে কৰিলেহেঁতেন, তেতিয়াও একক আৰু অনন্য ভূপেন হাজৰিকাকে পালোহেঁতেন। আমি ব্যক্তিগতভাৱে বহু অসমীয়া পৰিচালকৰ বহুল আদৃত ছবিতকৈ ড° ভূপেন হাজৰিকাৰ ছবিক ওখ আসনত থওঁ চিনেমাৰ নিজস্ব ভাষা ব্যৱহাৰৰ দক্ষতাৰ ক্ষেত্ৰত। একে আষাৰে ক’ব পাৰি, ড° হাজৰিকা এজন ভাল চলচ্চিত্ৰকাৰ। জগতৰ সকলো ধৰণৰ খা-খবৰ, তথ্য নখ-দৰ্পণত ৰাখি, ধাৰণা পৰিষ্কাৰ কৰি শিল্পকৰ্মত প্ৰয়োগ কৰা এজন বহু প্ৰতিভাসম্পন্ন শিল্পীৰ শিষ্য হোৱা মুখৰ কথা নহয়; আমি স্বীকাৰ কৰোঁ, হাতে-কামে কৰিবলৈয়ো মেধা-বৌদ্ধিকতা আদি যথেষ্ট ‘সা-সম্পত্তি’ৰ প্ৰয়োজন। তেনেহ’লে আমি ইয়াতে থমকি ৰ’ম নেকি, বছৰৰ মূৰত ৮ ছেপ্টেম্বৰ আৰু ৫ নৱেম্বৰত টিভিৰ পৰ্দাত ভূপেন দাৰ দুটা গীত গাই? ৮ ছেপ্টেম্বৰ আৰু ৫ নৱেম্বৰত অস্থায়ী মঞ্চত বহি আলোচনা চক্ৰত ভাগ লৈ?
নাথাকোঁ। আমি জানো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক চিনিবলৈ, বুজিবলৈ, উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই? পাঁচশ বছৰেও হয়তো এই অন্বেষণ সম্পূৰ্ণ হোৱা নাই, হয়তো বহু সময়ত আমাৰ অন্বেষণ ধুঁৱলি-কুঁৱলি হৈ পৰিছে, কিন্তু আমি ৰৈ যোৱা নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰে এক বিশাল ব্যক্তিত্বও আমি লাহে লাহে চিনি উঠিছোঁ। লক্ষ্মীনাথ, জ্যোতি, বিষ্ণুকো চিনিবলৈ আৰম্ভ কৰিছোঁ। বহু নিঃস্বাৰ্থ আৰু জাতিৰ প্ৰতি দায়বদ্ধ সেৱকে সেই অন্বেষণ আগুৱাই নি আছে। ভূপেন হাজৰিকা-অন্বেষণো আগুৱাই নিব লাগিব। শঙ্কৰদেৱ, জ্যোতি-বিষ্ণু আৰু ভূপেন হাজৰিকাৰ অন্বেষণ স্তব্ধ হলে অসমীয়া জাতিৰ কালৰাত্ৰি নামিব। ভূপেন দাই আশাবাদৰ চূড়ান্ত প্ৰকাশেৰে গাই গৈছে—
‘সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবটিব মহান মানৱতা
বিজ্ঞানে আনিব জোঁৱাৰ
জিলিকাব লুইতৰে পাৰ।’
জিলিকাব লুইতৰে পাৰ…
সাঁচিপাতো লাগিব, চিফুঙো লাগিব। ৰংঘৰৰ দুৱাৰ খুলিও চাব লাগিব আৰু বিশ্লেষণ-চিন্তন হ’ব লাগিব বিজ্ঞানৰ আধাৰত। তেতিয়াই লুইতৰ পাৰ জিলিকিব। ভূপেন হাজৰিকাৰ স্বৰূপ আৰু আত্মাৰ অন্বেষণো সেই ধৰণেই হ’ব লাগিব। স্বৰূপ অৰ্থত ভূপেন হাজৰিকা এখন বিশালকায় এনচাইক্ল’পেডিয়া। কি নাই তাত? ব্ৰহ্মাণ্ডৰ অলেখ বতৰা থাহ খাই আছে ভূপেন হাজৰিকাৰ ৰচনাৰ ছত্ৰে ছত্ৰে। কাৰণ যাযাবৰ হ’লেও ভূপেন হাজৰিকাৰ পৰ্যটন অৰ্থহীন নহয়—
‘বহু যাযাবৰ লক্ষ্যবিহীন, মোৰ পিছে আছে পণ
ৰঙৰখনি যতেই দেখিছোঁ ভগাই দিয়াৰ মন।’
মই এটি যাযাবৰ…
স্বাভাৱিকতে সেই ভঁৰাল মেটমৰা হ’বই। গতিকে প্ৰস্তুতিও সেই ধৰণেই হ’ব লাগিব। যদিও তেখেতৰ সমগ্ৰ ৰচনাৰাজি, বিশেষকৈ গীতখিনি ভূপেন হাজৰিকাৰ এটা দীঘল জীৱন-মালিতাৰ অংশ, কিন্তু তেখেতৰ চাৰিটা শাৰী, আমি ভাবোঁ, তেখেতৰ চুম্বক আত্মগাথা; যি ভূপেন হাজৰিকাৰ বহিৰংগক ব্যাখ্যা কৰিছে প্ৰকৃষ্টভাৱে। কি সেই চাৰিটা শাৰী?
‘মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।’
প্ৰচণ্ড ধুমুহাই…
বহিৰংগ তেখেতে নিজেই ব্যাখ্যা কৰি গৈছে, অন্তৰংগ ব্যাখ্যা কৰাৰ দায়িত্ব আমাৰ। সেই দায়িত্ব নতুন পুৰুষে ল’বই লাগিব। কিয়নো নতুন পুৰুষৰ ওপৰত আটাইতকৈ বেছি আস্থা আৰু বিশ্বাস সম্ভৱতঃ ‘হেজাৰ চকুত দীপ্ত সূৰ্যশিখা’ বিচৰা ড° ভূপেন হাজৰিকায়ে স্থাপন কৰিছে—
‘নতুন পুৰুষ নতুন পুৰুষ
তুমিতো নোহোৱা আৰু ভীৰু কাপুৰুষ
হাতে-কামে আজি যদি নোহোৱা পুৰুষ
কাইলৈ হ’বা তুমি পুৰণি পুৰুষ,
নতুন পুৰুষ নতুন পুৰুষ
অগণন উজ্জ্বল ডেকা সুপৰুষ
আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ
মানসপটত আজি জিলিকি উঠে
হে মোৰ মৰমৰ নতুন পুৰুষ।’
নতুন পুৰুষ তুমি…
সেই আহ্বান শুনাৰ দায়িত্ব নতুন পুৰুষৰ, নতুন মনৰ ‘সূৰ্যসম তৰুণ-তৰুণী’সকলৰ— এটা ভাল অসমীয়া জাতি মূৰ দাঙি থিয় হৈ থকাৰ মহান গৰজতে।
‘তোমালোক নতুন কবিতা
নতুন গীতিকবিতা
সুৰ হ’ল তাত গৌণ
চিন্তাহে মুখ্য।…’
অ’ নতুন মনৰ…
সেই চিন্তাৰ কৰ্ষণেই ইপাৰেও ভূপেন হাজৰিকাক গোৱাই ৰাখিব।
❧ | আৰু পঢ়ক: