নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: গান্ধাৰী

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: গান্ধাৰী
  • 15 Sep, 2021

অবিকৃত মই এক
দুর্জেয় প্রতিজ্ঞা।

নাৰী মই, তথাপি নহওঁ নাৰী
সেই নাৰী! মনৰ আকাশে যাৰ
ক্ষণে ক্ষণে বৰণ সলায়।
প্রেমিকা— তথাপি নহওঁ প্রেমিকা
সেই অর্থত: অন্ধ স্বামীৰ বাবে
নিজৰ দৃষ্টিক যি অৱৰূদ্ধ কৰে।
(ঢাকি ধৰিছিলো মই সুদীর্ঘ বছৰ ব্যাপি
মোৰ দুনয়ন, দৃষ্টিভ্রম নহ’বৰ বাবে)।

মই এক অব্যয় বিস্ময়!
সাধাৰণ মাতৃত্বৰ পৰা
কি যে এক ব্যতিক্রম মই!
কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচ্ছন্ন
শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছোঁ মই
নিজৰ স্বৰূপ।

মাতৃ হ’লো সন্তানৰ— তথাপি নহ’লো মাতৃ
নিজৰ জীৱন যি আগুৱাই দি
অধীৰা, বাউলী হৈ কৰে তন্ময় প্রার্থনা
পুত্ৰৰ কল্যাণৰ বাবে।
মইতো নহওঁ মাতৃ— মোৰতো সন্তান নাই
এশ পুত্র? সি এক হাঁহি উঠা কথা
এশ দুস্বপ্নৰ সি যে এক
কাল আৱিৰ্ভাৱ
সুখৰ স্বপ্নৰ বাবে
নিমীলিত কৰোঁতে নয়ন!
যাৰ মাতৃত্বৰ অধিকাৰ নাই,
দাবী নাই,
কেনেকৈ হ’ব পাৰে মাতৃ তেওঁৰ নাম!
মাত্র মই ৰাজমাতা
ৰাজবধু, ৰজাৰ গৃহিণী।
হায় ‘মাতৃ’!
কি যে এক প্রশান্ত, সমাহিত,
সুগভীৰ, বিদ্যুৎবৰণী অর্থ
‘মাতৃ’— দুটা শব্দত
যেন এক সুশীতল গভীৰ সাগৰ
বুকুত যাৰ অনন্ত আকাশ
আৰু নিশ্চিত প্রত্যয়—
য’ত হেজাৰ ঢউৱে
পায় যেন পৰম আশ্রয়।

কত শত অসংখ্যাত
ছায়া ঘেৰা কুটীৰে কুটীৰে
ৰ’দ ৰঙা একোখনি
স্নেহৰ সাম্রাজ্যত
একছত্ৰী সাম্রাজ্ঞী স্বৰূপে
মাতৃ অধিষ্ঠিত
য’ত সন্ধিয়া সন্ধিয়া
তুলসী তলত কঁপে
মাতৃৰ মৰম
সন্তানৰ শিৰত সৰে
স্নেহৰ পাপৰি
আঁচলৰ প্ৰাচীৰত
ঠেকা খাই শুচি যায়
বিভীষিকা, ভয়।

মাতৃৰ মায়াসনা মিঠা মাত
য’ত হয় সন্তানৰ তীক্ষ্ণ বাঘজৰী
সেয়েতো ঘৰ, হায় মিঠা আকাংক্ষাৰ
মোৰ সেই ঘৰ, সেই ঘৰ ক’ত?
হায়, মই যে নহ’লো মাতৃ সেই অর্থত।

কিন্তু মোৰ এই বেদনাৰ কিটো অর্থ আছে?
হস্তিনাপুৰৰ মই ৰাজবধু হোৱাৰ পূৰ্বেই
এক পুত্ৰই জৰায়ুত সংগোপনে ল’লে আহি ঠাই।
অযোনিসম্ভৱ সেই পুত্র
এয়া আছে মোৰেই বুকত
এক পুত্র— এক আৰু অদ্বিতীয়
ধর্ম তাৰ নাম
তেন্তে? তেন্তে দুখ কিয়?

ঘৰত জ্বলিছে মোৰ এশখন চিতা জুই,
এশখন কপালত
শ্মশানৰ মহাশূন্যতা।
কিন্তু চিতাৰ কুকুহা আজি
পৰা নাই জ্বলাব
ৰিক্ত এই এখনি পথাৰ।

❧ | আৰু পঢ়ক: নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: দ্ৰৌপদী

শুকান দুচকু মোৰ
তাত মাথোঁ জ্বলি আছে
এগছি পোহৰ
(অমাৱস্যাৰ গভীৰ নিশাত
জ্বলি থকা তৰাটোৰ দৰে)
চাৰিওকাষৰ এই
ভয়াৱহ অন্ধকাৰ
কিদৰে আনিছে নাশি
অন্তঃসলিলা এক দুর্জয় পোহৰে
সেই দৃশ্য দেখিবৰ বাবে।

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: গান্ধাৰী | ড° নিৰ্মলপ্ৰভা বৰদলৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক