নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

তাজমহলটো এদিন ভাগিব
কুটুবমিনাৰো আৰু যিমানবোৰ—
মিনাৰ স্মৃতিস্তম্ভ বা সৌধ আছে বুৰঞ্জীৰ

ঐতিহ্যৰ অট্টালিকাত অহৰ্নিশে পৰি আছে
হাতুৰীৰ কোব
ফটৰ ফটৰ ছিগিছে গাঁঠি
চটাচট এৰাইছে গাঁথনি
খহি পৰিছে সমাজ আৰু মানুহ-মানুহৰ
সম্বন্ধৰ এনাজৰী

ভাঙি পেলোৱা হৈছে মন-মন্দিৰ মানুহৰ
পুতি পেলোৱা হৈছে স্মৃতিৰ সৰোবৰ

বিচ্ছিন্নতাৰ হাৱা-মহলত মাতৃক বন্দী কৰি
অন্ধকাৰ আৰু অনিশ্চয়তাৰ মাজত
মেলি দিয়া হৈছে অনাথ শিশু এজাকক

ন্যায় আৰু ভাতৃত্বৰ ভাবনাই যদি নাথাকে মনত
মাৰ্বলৰ সুদৃশ্য স্থাপত্যই কি দিব দেশক

এনে দিন নাহক—
ভাগিব লালকিল্লা
খহি পৰিব ত্ৰিৰংগা বনত৷

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
এনে দিন নাহক | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: