বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ অভিধা ড° ৰাধাকৃষ্ণণে দিছিল নে বিবুধ কলিতাই?

বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ অভিধা ড° ৰাধাকৃষ্ণণে দিছিল নে বিবুধ কলিতাই?
  • 17 Jun, 2024

বি ষ্ণুপ্ৰসাদ ৰাভা হাড়ে-হিমজুৱে আছিল ৰাইজৰ মানুহ। ৰাইজৰ মাজত, ৰাইজৰে এক অংশ হৈ থকা বিষ্ণু ৰাভাক বহুতেই বিষ্টু ৰাভা বুলি মাতিছিল। বহুতৰ কাৰণে তেওঁ আকৌ বড়ো ভাষাত ‘আদা ৰাভা’ বা ৰাভা ককাইদেউ আছিল। ককাই বুলি সম্বোধন কৰা সেইসকলক ৰাভাদেৱে ‘আগৌই’ (মোৰ ভাইটি) বুলি সম্বোধন কৰিছিল।

অসমীয়া জনমানসত গণশিল্পী বিষ্ণু ৰাভাৰ এক সুকীয়া পৰিচয় বিদ্যমান, সেয়া কোনেও নুই কৰিব নোৱাৰে। অৱশ্যে এইটোও সত্য যে অষ্ট প্ৰহৰ সংগ্ৰাম কৰি বিকশিত হোৱা বিষ্ণু ৰাভা বিপ্লৱী সমাজবীক্ষাৰ জ্যোতিৰে জ্যোতিষ্মান যদিও জনসমাজে বিশেষভাৱে আঁকোৱালি ল’লে বিষ্ণু ৰাভাৰ সাংস্কৃতিক পৰিচয়টোহে, অৰ্থাৎ বিষ্ণু ৰাভা ‘কলাগুৰু’ হিচাপেহে অধিক সমাদৃত হ’ল। এতিয়া প্ৰশ্নটো হ’ল— গণশিল্পীগৰাকীক কলাগুৰু হিচাপে মানুহে কেনেকৈ চিনি পালে? এই সম্পৰ্কে তিলক দাসৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ গ্ৰন্থত একো উল্লেখ নাই।

এই কথা প্ৰচলিত হৈ আহিছে যে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত মুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু সন্মান প্ৰদান কৰিছিল। এনেকৈয়ে বৰ্তমানৰ বিদ্যালয়ৰ পাঠ্যপুথিসমূহতো পঢ়িবলৈ পোৱা যায়। ফলত ছাত্ৰ-ছাত্ৰীয়েও এনেকৈয়ে শিকিছে বা জানিছে। কিন্তু এই কথাটো সত্য নহয় বুলি বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰত প্ৰকাশিত ‘কলাগুৰু প্ৰসংগ: বিষ্ণু ৰাভাৰ এখন আপুৰুগীয়া চিঠি’ শীৰ্ষক লেখাটোত স্পষ্ট কৰা হৈছে। ৰাভাই তেওঁৰ সুহৃদ তৰুণ হাজৰিকালৈ বেনাৰসৰ পৰা সেই সময়ছোৱাতে (১৯৪০) লিখা এখন চিঠিত ৰাধাকৃষ্ণণে কলাগুৰু উপাধি দিয়া বিষয়ে একো উল্লেখ কৰা নাই। সেই লেখাটোতে স্পষ্ট কৰা হৈছে যে ৰাভাক কলাগুৰু বুলি অভিহিত কৰা প্ৰথম ব্যক্তিগৰাকী হ’ল তেজপুৰৰ বিশিষ্ট সাংবাদিক বিবুধ কলিতা। ‘দৈনিক অসম’ কাকতত ১৯৬৯ চনৰ ২১ জুন তাৰিখে প্ৰকাশ পোৱা ৰাভাৰ মৃত্যু সংবাদটোত তেওঁ ‘কলাগুৰু’ শব্দটো ব্যৱহাৰ কৰিছে আৰু তেতিয়াৰ পৰাই এই উপাধিটোৰ প্ৰচলন হৈছে। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১৪০২)

ড° দিলীপ কুমাৰ দত্তৰ বিষ্ণু ৰাভা বিষয়ক গৱেষণামূলক গ্ৰন্থ ‘বিষ্ণুপ্ৰসাদৰ প্ৰসাদ’ত এইদৰে উল্লেখ আছে— “১৯৪০ চনৰ শেষৰ পিনে বিষ্ণুপ্ৰসাদ ৰাভাই এক সাধনাৰ ব্ৰতেৰে কাশীত উপস্থিত হয়। তাত প্ৰায় চাৰি মাহ কাল কামৰূপী নৃত্য আৰু শাস্ত্ৰীয় সংগীতত গৱেষণা চলায়। সেই সময়ৰ কাশী বিশ্ববিদ্যালয় নাট্য সমিতিৰ সভাপতি সতীশ কালেলকাৰ আৰু ৰমণী শৰ্মাৰ প্ৰচেষ্টাত সেই বছৰৰ ২৩ ডিচেম্বৰৰ দিনাখন কাশী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাই কৃষ্ণলীলাৰে আৰম্ভ কৰি তিনিটা নৃত্য প্ৰদৰ্শন কৰে।… অনুষ্ঠানৰ সামৰণি মাৰি উপাচাৰ্য ৰাধাকৃষ্ণণে বিশেষ শলাগ লয়। তাৰ পাছত গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত বহু ছাত্ৰ-ছাত্ৰীয়ে নাচ শিকিবলৈ লয় আৰু আটায়ে তেওঁক কলাগুৰু বুলিবলৈ ধৰে।…”

৩১ জানুৱাৰী ২০১৫ সংখ্যা ‘প্ৰান্তিক’ত হেমন্ত কুমাৰ বৰুৱাই উল্লেখ কৰিছিল— ১৯৫৭ চনত ‘গতি’ আৰু ১৯৬০ চনত ‘ৰামধেনু’ত প্ৰকাশিত দণ্ডিনাথ কলিতাৰ পুত্ৰ বিবুধ কলিতাই লিখা ‘মাটিৰ সন্তান বিষ্ণু ৰাভা’ প্ৰৱন্ধত এনেদৰে উল্লেখ আছে— “‘জীয়া গদাধৰ’ উপাধি বেণুধৰ শৰ্মাই দিয়া আৰু কলাগুৰু উপাধি আমিয়েই দিছিলোঁ।” কোনো কথাৰ সত্যতা নথকাকৈ এনেদৰে মুকলিকৈ কোনো ব্যক্তিয়েই হয়তো নিজকে সাঙুৰি ভুল কথা কথা প্ৰচাৰ নকৰে।

২০২৩ চনৰ ৫ জুলাই তাৰিখৰ ‘দৈনিক অসম’ত দৈনিক অসমৰ প্ৰাক্তন সম্পাদক শ্ৰদ্ধাৰ অনিল বৰুৱাদেৱৰ এটা লেখা প্ৰকাশ পাইছিল, যিটো তেখেতে পুনৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। তেখেতে লিখিছিল— “বিষ্ণুপ্ৰসাদ ৰাভাক ‘দৈনিক অসম’ৰ প্ৰথম পৃষ্ঠাত ‘কলাগুৰু’ অভিধা দি চিৰবিদায় দিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই। তাৰ সাক্ষী আছিলোঁ সেইদিনাৰ সন্ধিয়াৰ খেপ পৰিচালনা কৰা মই। ‌ আন এদিন সন্ধিয়াৰ খেপৰ দায়িত্বত থাকোঁতে ৰুদ্ৰ বৰুৱাক ‘লুইত কোঁৱৰ’ অভিধা দি চিৰবিদায় দিছিলোঁ মই, সাক্ষী আছিল প্ৰফুল্লপ্ৰাণ মহন্ত। বিবুধ কলিতাই তেওঁ আগৰে পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা ‘কলাগুৰু’ অভিধাটো মৃত্যুৰ বাতৰিটোত দিব খুজিলে, মই গ্ৰহণ কৰিলোঁ। ৰুদ্ৰ বৰুৱাৰ ক্ষেত্ৰত তেওঁৰ লুইতৰ দলং থকা গীতটো মনত পৰি ‘লুইত কোঁৱৰ’ কেনে হ’ব বুলি সুধিলত প্ৰফুল্লপ্ৰাণ মহন্তই বৰ ভাল হ’ব বুলি ক’লত, তাকে দিয়া হ’ল। উল্লেখযোগ্য যে সেই কালত অসমীয়া মানুহৰ ঘৰে ঘৰে ‘দৈনিক অসম’ আছিল; অসমীয়া মানুহৰ সকলো ধৰণৰ চিন্তা-চৰ্চাৰ নেতৃত্ব দিছিল কাকতখনে। কলাগুৰু, লুইত কোঁৱৰ আদি অভিধা অসমীয়াৰ ঘৰে ঘৰে সোমাই গ’ল।…”

উক্ত লেখাটোত বৰুৱাদেৱে এনেকৈও লিখিছিল— “বিশিষ্ট এগৰাকীক কিবা এটা অভিধা দিয়াটো এটা ঘটনাক্ৰমে হোৱা কথা। হয়তো ভাবি-চিন্তি, আলাপ-আলোচনা কৰি দিয়া হ’লে বিষ্ণুপ্ৰসাদ ৰাভাক অধিক উপযুক্ত অভিধা এটা আমি দিব পাৰিলোহেঁতেন— তেওঁৰ কমিউনিষ্ট অতীতটো আৰু বিপ্লৱী ভাৱমূৰ্তিটো সামৰি।”

‘সহকৰ্মীৰ দৰ্পণত বিষ্ণুপ্ৰসাদ ৰাভা’ শীৰ্ষক গ্ৰন্থখনত লেখক মোহনলাল মুখাৰ্জীয়ে প্ৰকাশ কৰিছে— “বিষ্ণু ৰাভাৰ জীৱন-কালত কেতিয়াও এই কথা শুনা নাছিলোঁ, বিশেষকৈ ড° ৰাধাকৃষ্ণণৰ জীৱদ্দশাতেও ৰাভাক ‘কলাগুৰু’ সন্মানেৰে ভূষিত কৰাৰ কথা কেতিয়াও জনা নাছিলোঁ। কমৰেড্ ৰাভাই ১৯৬৭ চনত অসম বিধান সভাৰ সদস্য নিৰ্বাচিত হোৱাৰ সময়ত বা পিছতো কোনোদিনেই এই প্ৰশ্ন উঠা নাছিল বা সেই উপাধিৰে ৰাভাক সম্বোধন কৰা হোৱা নাছিল। ১৯৪৫ চনত কামাখ্যা পাহাৰৰ তলৰ শ্ৰীমতী নিৰুপমা দেৱীৰ জুপুৰি ঘৰত থকাৰ সময়ত আমাৰ কেইজনৰ আগত কমৰেড ৰাভাই কৈছিল যে কাশী বিশ্ববিদ্যালয়ত নৃত্যকলা পৰিৱেশনৰ পাৰদৰ্শিতাৰ সন্মানত এটা ৰূপৰ পদক পুৰস্কাৰ স্বৰূপে লাভ কৰিছিল। ৰূপৰ পদকটো আমাক দেখুৱাই কৈছিল যে সেই সময়ত তেখেতৰ দেহা ইমান গধুৰ নাছিল, নৃত্য কলাৰ অনুশীলনও কৰি আছিল। ৰূপৰ পদকটো গধুৰ, প্ৰায় তিনি তোলামানৰ আছিল।… কিন্তু ড° ৰাধাকৃষ্ণণে ৰাভাক কলাগুৰু উপাধিৰে বিভূষিত কৰাৰ কথা কোৱা নাছিল।”

এই সকলোবোৰ কথাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিষয়টোত এটা প্ৰশ্নবোধক চিন আছে। বিষয়টো সম্পূৰ্ণ তথ্যভিত্তিতভাৱে আলোচিত হ’লে উঠি অহা প্ৰজন্মই এটা ভুল কথা শিকা-লিখাৰ পৰা বিৰত থাকিব, সৰ্বসাধাৰণৰ মাজত সঠিকভাৱে চৰ্চা হ’ব।

এই কথা সত্য যে বিষ্ণু ৰাভা সঁচাকৈয়ে কলাগুৰু, ইয়াত কোনো সন্দেহৰ ছিদ্ৰ নাই বা কোনোবাই নিশ্চয়তা দিয়াৰো প্ৰয়োজন নাই; সেয়া তেখেতৰ কৰ্মৰাজিয়েই প্ৰমাণ। সেয়ে ৰাভাক প্ৰদান কৰা কলাগুৰু সন্মানৰ ওপৰত প্ৰশ্ন কৰিও মোহনলাল মুখাৰ্জীয়ে লিখিছে— “কোনে বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ সন্মানেৰে ভূষিত কৰিলে বা কোনো সাহিত্যিকমণ্ডলীৰ বা শিল্পী সংঘই ৰাভাক ‘কলাগুৰু’ আখ্যাৰে ভূষিত কৰিছে নে নাই, এই কথাটো খাটাংকৈ সাব্যস্ত নহ’লেও এই কথাটো কোনেও নুই কৰিব নোৱাৰে যে অসমৰ কোনো এজন ব্যক্তিৰ চৰিত্ৰত ৰাভাৰ দৰে ইমান বহুমুখী গুণাৱলী বা প্ৰতিভাৰ সমাৱেশ স্ফুৰিত হোৱাৰ উদাহৰণ দাঙি ধৰা নাযায়। কোনো এটি বিশেষ বিষয়ত ৰাভাতকৈ অধিক উৎকৰ্ষ প্ৰদৰ্শন কৰা ব্যক্তি-মেধা অসমত নোহোৱা নহয়। কিন্তু ৰাভাৰ দৰে বহু বিদ্যাত পাৰদৰ্শিতাৰ দীপ্তি প্ৰকাশ কৰিব পৰা কেনো ব্যক্তিয়েই ৰাভাৰ বিকল্প হ’ব পৰা নাই।”

অনিল বৰুৱাদেৱে কিছু অসন্তুষ্টি প্ৰকাশ কৰি লিখিছিল— “বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কমিউনিষ্ট অতীত আছিল আৰু এটা বিপ্লৱী ভাৱমূৰ্তি আছিল। পাৰ্টিৰ পৰা বহিষ্কৃত হ’লেই বা সদস্য পদৰ নৱীকৰণ নহ’লেই সদস্যগৰাকী ‘কমিউনিষ্ট’ নোহোৱা হৈ নাযায়। মই ভাবোঁ, ‘কলাগুৰু’ অভিধাটোৱে বিষ্ণুপ্ৰসাদ ৰাভাক সৰ্বসত্তা সামৰি প্ৰকাশ কৰা নাই।”

ৰাভাদেৱৰ বহুমুখী প্ৰতিভা আৰু জনসাধাৰণৰ সৈতে থকা আত্মিক সম্পৰ্কই প্ৰজন্মৰ পিছত প্ৰজন্মৰ শিল্পী তথা চিন্তাবিদক অনুপ্ৰাণিত কৰি আহিছে। অসমৰ জনসাধাৰণে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কলাত্মক আৰু বিপ্লৱী চেতনাক হৃদয়েৰে অনুভৱ কৰি অসমৰ সংস্কৃতি আৰু ৰাজনৈতিক পৰিৱেশত তেওঁৰ যি গভীৰ প্ৰভাৱ পৰিছিল তাক জনাটো অতিকৈ প্ৰয়োজনীয়। ই এক জাতীয় স্বাৰ্থ। আজিৰ প্ৰেক্ষাপটত মানুহে বিষ্ণু ৰাভাৰ সাংস্কৃতিক অধ্যায়টোৰ যিদৰে চৰ্চা কৰিছে, একেদৰেই তেখেতৰ সংগ্ৰামী জীৱনৰ সত্তা প্ৰতিজন অসমীয়াই অনুধাৱন কৰা অতিশয় জৰুৰী। ফ্ৰান্সিছ বেকনে কৈছিল— ‘মানুহ সত্যতকৈ মিথ্যাৰ প্ৰতি অধিক আকৰ্ষিত’, সেয়ে চিৰনমস্য যুগনায়কজনৰ সকলো কথা-কাৰ্যাৱলী সত্য আৰু শুদ্ধ ৰূপত চৰ্চিত হ’ব লাগে; যাতে উঠি অহা প্ৰজন্মই নিজৰ নিজৰ মন-মগজত কোনো ভুল কথা কঢ়িয়াই ফুৰিব লগা নহয়, কাৰণ সত্যইহে সুন্দৰ— ‘সত্যম শিৱম সুন্দৰম’।

প্ৰসংগ:
১. গৰীয়সী, পঞ্চদশ বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ ২০০৭, বিষ্ণু ৰাভা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা
২. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (দ্বিতীয় ভাগ); ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ, ২০০৮
৩. বিষ্ণুপ্ৰসাদৰ প্ৰসাদ, ড° দিলীপ কুমাৰ দত্ত
৪. সহকৰ্মীৰ দৰ্পণত বিষ্ণুপ্ৰসাদ ৰাভা, মোহনলাল মুখাৰ্জী

❧ | আৰু পঢ়ক:

বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ অভিধা ড° ৰাধাকৃষ্ণণে দিছিল নে বিবুধ কলিতাই? | গীতালি কেওট বৰা

Follow Nilacharai on Facebook