আ মাৰ গাঁৱলীয়া সমাজৰ পৰা লাহে লাহে কিছুমান লোককলা, উৎসৱ-পাৰ্বণ, গীত-মাত, নাট-ভাওনা, পৰম্পৰাগত খেল-ধেমালি ক্ৰমে যেন নিস্তেজ হৈ আহিছে। ক’ৰবাত ক’ৰবাত থাকিলেও আগৰ দৰে সেইবিলাকৰ প্ৰতি নতুন চামৰ আকৰ্ষণ,সঁহাৰি আৰু সহযোগ হ্ৰাস পাই আহিছে। কিছুমান নিয়ম ৰক্ষা কৰি মাত্ৰ চলি আছে। বিহুৰ কথাই ধৰা হওক,— পূৰ্বৰ বিহুৰ যি ৰূপ, যি গৰিমা, বিহু বুলি শিশুৰ পৰা বৃদ্ধলৈ যি উৎসাহ আছিল, সেয়া এতিয়াৰ গাঁওবোৰত দেখা নাযায়। যিদিনাই বিহুৱে আঁহত-বৰৰ তল,পথাৰ আৰু চোতাল এৰি চহৰীয়া হৈ মঞ্চলৈ উঠিল, বিহু নাম, বনঘোষাৰ ঠাইত বিহুগীত হ’ল, কেছেট-চিডিৰ প্ৰচলন হ’ল, সেই দিনাৰ পৰা গাঁৱৰ ঢুলীয়া, বিহুৱা, নাচনীবোৰ কমি আহিল। সেইদৰে পৰম্পৰাগত খেল-ধেমালিবোৰ নাইকিয়া হ’ল। সকলোতকৈ ডাঙৰ কথা হ’ল, লোকগীত, লোকনৃত্য, লোককলাৰ চৰ্চা অতি দুখজনকভাৱে হ্ৰাস পাই আহিল।
গাওঁবোৰত পূৰ্বৰ দৰে সবাহ-ভাওনা নোহোৱা হ’ল। বিশেষকৈ উজনিৰ প্ৰায়বোৰ অঞ্চলত সঘনাই অনুষ্ঠিত মাতৃভাষাৰ ভাওনা প্ৰতিযোগিতাবিলাকে গাঁওবিলাকত পূৰ্বৰে পৰা চলি অহা ভাওনা সংস্কৃতিৰ ওপৰত কিছু বিৰূপ প্ৰভাৱ পেলোৱা যেন আমাৰ অনুভৱ হৈছে। গাঁৱৰ ভাওনা আছিল এক আধ্যাত্মিক কলা— মায়াৰে আচ্ছন্ন মোহগ্ৰস্ত সংসাৰী মানুহক আধ্যাত্মিক শিক্ষা প্ৰদানেৰে ভগৱতমুখী কৰি আত্মাৰ মুক্তি আৰু হিংসা-দ্বেষ, খামখেয়ালিহীন এখন সুন্দৰ সমাজ গঢ়াই ইয়াৰ লক্ষ্য। সেয়ে অতি ভক্তি ভাৱেৰে সকলোৰে মঙ্গল কামনাৰে নিজৰ গাঁঠিৰ ধন ভাঙি সকলোৰে সহযোগত গাঁৱত প্ৰতি বছৰে এখন-দুখন ভাওনা অনুষ্ঠিত কৰা হয়।
কিছু বছৰৰ পৰা গাঁওবিলাকৰ ৰাইজৰ মাজত, বিশেষকৈ যিসকলৰ দ্বাৰাই ভাওনা কৰোৱা হয়, সেই ডেকাসকলৰ উৎসাহ হ্ৰাস পাই আহিছে। একেখিনি যুৱক-যুৱতীয়ে কিন্তু প্ৰতিযোগিতাবিলাকৰ ভাওনা দৰ্শনৰ বাবে উন্মুখ হৈ থাকে। নিজে গাঁৱত ভাওনা এখন কৰাৰ কথা নাভাবে, কোনোবাই কৰিলেও প্ৰতিযোগিতাৰ ভাওনাবিলাকৰ অনুকৰণ কৰি কৰাতহে আগ্ৰহী। প্ৰতিযোগিতাৰ নামত যিবোৰ ভাওনা অনুষ্ঠিত হ’বলৈ লৈছে, সেই ভাওনাবিলাকত যি জাক-জমকতা দেখা যায়, সেয়া এখন সাধাৰণ গাঁৱৰ পক্ষে প্ৰায় সম্ভৱ নহয়। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, সাজ-সজ্জা, মুখা, অভিনয়ৰ চমক আৰু লগতে ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা বিৰোধী কিছুমান আদৱ-কায়দাই বৰ্তমানৰ ভাওনাবোৰক এক বেলেগ পৰ্যায়লৈ লৈ গৈছে।
ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ কথা চিন্তা কৰা মুষ্টিমেয় কেইজনমানৰ বাহিৰে অন্য দৰ্শকসকলে আধুনিক ভাওনাবোৰক আঁকোৱালি লোৱাও দেখা গৈছে। আমাৰ গাঁওবোৰত যিবোৰ ভাওনা পূৰ্বৰ পৰা অনুষ্ঠিত কৰা হৈছিল, সেইবোৰৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছিল। বেছিভাগ ভাওনাই মাতৃভাষাত কৰিলেও শঙ্কৰ গুৰুজনাই দেখুৱাই যোৱা আৰ্হিৰ পৰা বিশেষ আঁতৰি অহা নাছিল। এক কথাত ক’বলৈ গ’লে, সম্পূৰ্ণ সাত্ত্বিক পৰিৱেশত ভাওনাসমূহ পৰিৱেশন হৈছিল। সাজ- সজ্জা, গীত, বাদ্য, নৃত্য অভিনয়— ক’তো অতিৰঞ্জন কৰা নহৈছিল। অত্যধিক জাক-জমকতা নাছিল। কিন্তু বৰ্তমানৰ ভাওনা পৰিৱেশন প্ৰত্যক্ষ কৰিলে দেখা যায়, অত্যধিক জাক-জমকতা আৰু অতিৰঞ্জিত অভিনয় আৰু একেটি সাঁচত ঢলা অভিনয়।
এতিয়া গাঁৱৰ পুৰণি গায়ন আৰু বায়নসকলক সম্পূৰ্ণভাৱে অৱজ্ঞা কৰি প্ৰতিযোগিতাই সৃষ্টি কৰা এচাম যুৱ বায়ন-গায়নক আনি ভাওনা পৰিচালনাৰ দায়িত্ব দি পুৰণিক এলাগী কৰিছে। পুৰণি নাটসমূহ এৰি নাট্যদলসমূহে প্ৰতিযোগিতাত কৰা দুঘণ্টীয়া বা তিনিঘণ্টীয়া চুটি চুটি নাটবোৰকে বাৰে বাৰে অভিনয় কৰিবলৈ লৈছে। সেইদৰে নিজৰ গাঁৱৰ যুৱকসকলক উপযুক্ত শিক্ষা দি ভাওনা কৰিবলৈ উৎসাহ যোগোৱাৰ পৰিৱৰ্তে ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ দৰে কোনে কিমান নামি-দামী শিল্পী আনি ভাওনা কৰিব পাৰে, তাৰ প্ৰতিযোগিতা চলিছে।
গাঁৱৰ ভাওনা শিল্পী সৃষ্টিৰ কঠীয়াতলি। এতিয়া এই কঠীয়াতলি তেনেই চন পৰি থকা হৈছে। পুৰণি বায়ন-গায়নসকলৰ বিদ্যা কোনেও ল’ব নিবিচাৰে, এইসকল জ্যেষ্ঠ শিল্পীৰ শিল্প এইসকলৰ লগতে শেষ হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে বহু পুৰণি শিল্পীয়ে আমাৰ মাজৰ পৰা বিদায় মাগিলে। গাঁওবিলাকৰ সকলোফালে পৰিৱৰ্তন হৈছে, কিন্তু সকলো পৰিৱৰ্তন সুখদায়ক নহয়। সাতামপুৰুষীয়া ঐতিহ্য, পৰম্পৰাক উঘালি, কেৱল চমক সৃষ্টিৰ বাবে সংস্কৃতিৰ মাজলৈ আদৰি অনা কিছুমান পৰিৱৰ্তনে আমাৰ সংস্কৃতিৰ বৰপেৰাটো নিশকতীয়া আৰু দুৰ্বল যে কৰিব, সেয়া নিশ্চিত।
❧ | আৰু পঢ়ক:
- পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
- জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ
- শঙ্কৰদেৱৰ অংকীয়া নাটত সমাজমুখী চেতনা
- সাংস্কৃতিক বৈচিত্ৰ্য প্ৰসংগ আৰু মধ্য অসমৰ হুঁচৰি কীৰ্তন