প ঞ্চদশ শতিকাৰ অসমৰ সাহিত্যাকাশত শঙ্কৰ সূৰ্যৰ আৱিৰ্ভাৱে অন্ধকাৰেৰে আবৃত ধৰ্মীয় জগতত এক উজ্জ্বল পোহৰ প্ৰদান কৰিলে; যাৰ পোহৰত অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি-ধৰ্ম আদি সকলো ক্ষেত্রতে উন্নতিৰ পথ সুগম হৈ পৰিল। তেৰাৰ অমৃতোপম কাপৰ পৰা নিগৰিত হ’ল কালজয়ী সাহিত্যৰাজি— কীৰ্তন, দশম, শ্রীমদ্ভাগৱত, অঙ্কীয়া নাট, বৰগীত আদি অসংখ্য সাহিত্য। তাৰ ভিতৰতে শ্রীমদ্ভাগৱতত উল্লেখিত ‘ৰাস পঞ্চাধ্যায়’ অথবা ৰাসলীলা বা ৰাসক্রীড়া শঙ্কৰদেৱৰ অনুপম হাতৰ স্বৰ্ণ-স্বাক্ষৰ।
‘ৰস’ৰ পৰাই ‘ৰাস’ৰ সৃষ্টি। ‘ৰসোৱৈসঃ’— এই ৰস আনন্দৰ, সেই আনন্দই ব্রহ্ম। শ্ৰীকৃষ্ণ হ’ল আনন্দৰ ঘনীভূত মূর্তি। ‘সচ্চিদানন্দ বিগ্রহ’। ভক্তৰ অধীন ভগৱান। ভগৱানক যিয়ে যি হিচাপে বিচাৰে, সেই হিচাপে ভক্তৰ মনোকামনা পূর্ণ কৰে। ভাগৱতবর্ণিত ৰাসৰ কৃষ্ণ-গোপীসকলৰ ৰাসলীলাত পূর্ণ বিকাশ ঘটিছে। ‘হৰিবংশ’ আৰু ‘বিষ্ণু পুৰাণ’তো ৰাসনৃত্যৰ অনুৰূপ এবিধ নৃত্যৰ উল্লেখ পোৱা যায়৷ তাৰ নাম হল্লীস নৃত্য। এজন পুৰুষ আৰু বহুতো স্ত্রীৰ মাজত হোৱা নৃত্য ৰাসক্রীড়া ‘একস্য পুংসো বহুভিঃ স্ত্রীভিঃ ক্রীয়নং সৈৱ ৰাসক্রীড়া’ (টীকা ২-২০-৩৫) আৰু গোপীসকলে মণ্ডলাকাৰে কৰা নৃত্যৰ নাম হল্লীস। ‘গোপীনাং মণ্ডলীনৃত্য বন্ধনে হল্লীসকং ৱিদু’ (টীকা ২-২০-৩৫)। হৰিবংশৰ টীকা ২-৮৯-৬৮ মতে, ‘হল্লীসকং বহুভিঃ স্ত্রীভি সহনৃত্যম্’, অৰ্থাৎ বহু স্ত্রীৰ লগত অনুষ্ঠিত নৃত্যই হল্লীস নৃত্য। সেই ফালৰ পৰা চাবলৈ গলে ৰাসক্রীড়া আৰু হল্লীস নৃত্যৰ মাজত কোনো বিশেষ পার্থক্য নাই। শ্ৰীধৰ স্বামীয়ে তেওঁৰ ‘ভাগৱৎ ভাবার্থ দীপিকা’ৰ ১০-৩৩-১ত কৈছে, ‘ৰাসক্রীড়া ৰাসোনাম বহু নৰ্ত্তকীযুক্তো নৃত্য বিশেষস্তা ক্রীড়াম্”। ইয়াত বহু নৰ্তকী বুলি কৈছে; কিন্তু পুৰুষ কেইজন থাকিব উল্লেখ নাই। তেওঁ আনহাতে কৈছে, “অনোন্যব্যতিষক্ত হস্তানাং স্ত্রীপুং সাং গায়তাং মণ্ডলী ৰূপেনভ্ৰমতাং নৃত্যবিনোদো ৰাসোনাম”, অর্থাৎ নাৰী আৰু পুৰুষ উভয়ে হাতত ধৰাধৰিকৈ মণ্ডলাকাৰে ঘূৰি ঘূৰি নৃত্যানন্দ উপভোগ কৰে, তাকে ৰাস বোলে।
খৃষ্টীয় প্রথম শতিকাত ৰচিত সাত বাহন বংশীয় ৰজা হাল সংগৃহীত ‘গাহা সত্তসঈ’ত গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ নৃত্যৰ কথা পোৱা যায়। সেইদৰে সপ্তম শতিকাত ৰচিত ভস্তনাৰায়ণৰ ‘বেণী সংহৰ’ নাটকৰ নান্দী শ্লোকত যমুনাৰ পাৰত ৰাসৰ সময়ত কেলিকুপিতা, অশ্ৰুবিহ্বলা ৰাধিকাৰ আৰু ৰাধিকাৰ উদ্দেশে কৃষ্ণই কৰা অনুনয়ৰ উল্লেখ কৰিছে। ‘হৰিবংশ’ত ৰাস নৃত্যৰ বৰ্ণনা এনে ধৰণৰ—
চক্ৰৰ্হসন্ত্যশ্চ তথৈব ৰাসং।
তদ্দেশ ভাষা কৃতিবেষযুক্তম॥
সহস্ততালং ললিতং সলীল।
বৰাঙ্গনা মঙ্গল সম্ভৃতাঙ্গাঃ॥
অর্থাৎ সুন্দৰী ৰমণীয়ে মঙ্গল বস্ত্রাভৰণে ভূষিত হৈ সেই দেশৰ ভাষাত উপযুক্ত বেশ-ভূষা কৰি হাঁহি হাঁহি ললিত ভঙ্গীত চাপৰি বজাই বজাই ৰাস নৃত্য কৰিছে। ‘বিষ্ণু পুৰাণ’ৰ মতে শ্রীকৃষ্ণই প্রসন্নচিত্তা গোপীসকলৰ লগত ৰাস মণ্ডল নির্মাণ কৰি আদৰপূৰ্বক ৰমণ কৰিছিল; কিন্তু সেই সময়ত কোনো গোপীয়েই কৃষ্ণৰ সংগ ত্যাগ কৰিব নিবিচৰা বাৰে একে ঠাইতে স্থিৰভাৱে থাকিব লগা হোৱাত ৰাস মণ্ডল নিৰ্মাণ কৰাত অসমর্থ হল। সেয়ে কৃষ্ণই গোপীসকলৰ একোজনী গোপীৰ হাতত ধৰি ৰাস মণ্ডল নিৰ্মাণ কৰিছিল। (বিষ্ণু পুৰাণ ৫-১৩-৪৮-৫০)
‘ব্ৰহ্ম বৈৱৰ্ত পুৰাণ’ত ৰাধা-কৃষ্ণৰ প্রেম-লীলাৰ পৰিপূৰ্ণ চিত্ৰ সন্নিবিষ্ট হৈছে। ইয়াত কৃষ্ণৰ লগত ৰাধাৰ নাম জড়িত কৰি ৰাধা-কৃষ্ণৰ যুগল মূর্তি আৰাধনাৰ পথ প্রশস্ত কৰিলে। মূল ‘হৰিবংশ’ আৰু ‘বিষ্ণু পুৰাণ’ত ৰাধাৰ কোনো স্পষ্ট উল্লেখ নাই। ‘ভাগৱত পুৰাণ’ৰ ১০-৩০-২৪ শ্লোকত গোপীসকলৰ অহংভাৱ খণ্ডন কৰাৰ কামনাৰে বিশেষ এগৰাকী আৰাধিকা গোপিনীক লৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হ’ল—
অনয়া ৰাধিতো নুনং ভগৱান হৰিৰীশ্বৰঃ।
যন্নো ৱিহায় গোবিন্দঃ প্রীতোয়াময়দ্ৰহঃ॥
‘কীৰ্তন’ত শ্ৰীমন্ত শঙ্কৰদেৱে কেৱল ‘গোপী’ শব্দ প্রয়োগ কৰিছে—
চলি যায় যিটো গোপী কৃষ্ণৰ লগত।
মহা গর্ব ভাৱ তাইৰ বাঢ়িল মনত॥
‘ব্ৰহ্মবৈৱৰ্ত পুৰাণ’ত শব্দৰ বুৎপত্তি সামবেদতে আছে বুলি কৈছে—
ৰাধা শব্দস্য বুৎপত্তি সামবেদে নিৰূপিতা।
যোহি কোটী জন্ম দই কৰ্ম্ম ভোগং শুভাশুভম॥
কিন্তু পণ্ডিতসকলৰ মতে সামবেদত কোনো ৰাধাৰ নাম উল্লেখ নাই। ড° বাণীকান্ত কাকতিদেৱৰ মতে, ‘বহ্মবৈৱৰ্ত পুৰাণ’ত বর্ণিত ৰাসক্রীড়া কামকেলিৰ প্ৰকট ৰূপ। ই আদিম মানৱৰ কৃষি উছৱৰ লগত সম্পর্ক থকা এক যৌন নীতি মুক্ত উৎসৱ।’ (‘ৰাধা চৰিত্ৰৰ অভ্যুদয়’ প্ৰবন্ধ, বাণীকান্ত ৰচনাৱলী, পৃষ্টা ৩৫১)
‘নাৰদ পঞ্চৰাত্ৰ’ (১/১২), ‘কপিল পঞ্চৰাত্র’ (২/৬), ‘গোপাল অপন্দী উপনিষদ’, ‘প্রাকৃত-পিঙ্গল’ (১/৫), সোমদেৱৰ ‘যশস্তিলক’ (কিং ন ৰেমে ৰাধা নাৰায়ণে’), ‘পদ্মপুৰাণ’ত ৰাধাদেৱীৰ বন্দনা, জয়দেৱৰ ‘গীত গোবিন্দ’, বিদ্যাৱতী, চণ্ডীদাসৰ পদাৱলীত ৰাধা-কৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা পোৱা যায়। তদুপৰি ‘কৃষ্ণোপনিষদ’ত আন এক কাহিনীৰ উল্লেখ কৰিছে— শ্রীকৃষ্ণই ৰাম অৱতাৰত সীতাৰ সৈতে বনে বনে ঘূৰি ফুৰা দেখি ঋষি-মুনিসকলেও প্রেমাস্পদ ৰূপে ভগৱন্তক পাবলৈ ইচ্ছা কৰিলে। তেতিয়া ভগৱন্তই প্রতিজ্ঞা কৰিলে যে দ্বাপৰ যুগত তেওঁ গোপাল ৰূপে অৱতীৰ্ণ হ’ব আৰু ঋষি-মুনিসকলে গোপীৰূপে জন্ম গ্রহণ কৰিব। ভগৱানৰ সেই প্রতিজ্ঞা অনুসৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই গোপীসকলৰ লগত ৰাসক্রীড়া কৰিছিল।
শ্ৰীমন্ত শঙ্কৰদেৱে ‘ভাগৱত পুৰাণ’ আৰু শ্ৰীধৰস্বামীৰ ‘ভাগৱত-ভাবাৰ্থ-দীপিকা’ৰ লগত সংগতি ৰাখি ‘আদি দশম’, ‘কীৰ্তন’ আৰু ‘কেলি গোপাল’ নাটত ৰাসক্ৰীড়াৰ বৰ্ণনা দিছে। ৰাসক্রীড়াৰ মূল কথাখিনি এনে ধৰণৰ— শৰৎকালৰ পূর্ণিমা ৰাত্ৰি স্নিগ্ধ জোনাকত শ্ৰীকৃষ্ণই বংশীৰ মধুৰ তান দি গকুলৰ গোপীসকলৰ অন্তৰত কাম ভাৱৰ উদ্রেক কৰোৱাই বৃন্দাবনলৈ আকর্ষিত কৰিলে।
ভগৱানপি তা ৰাত্ৰী শাৰদ্যোৎ ফুল্লমল্লিকা।
ৱিক্ষ্য ৰন্তু মাশ্চক্রে যোগমায়া মেপোশ্রিতাঃ॥ (ভাগৱত)
কৃষ্ণৰ বংশীৰ নিশ্বলত গোপীসকলে পতি-পুত্র, ঘৰ-সংসাৰ এৰি যেনেকৈ আছিল তেনেকৈয়ে ঢাপলি মেলিলে। কৃষ্ণপ্রাণগতা গোপীসকলক কৃষ্ণই পৰীক্ষা কৰিবৰ বাবে এই ৰাত্রি বৃন্দাবনলৈ অহাৰ কাৰণ সুধিলে। গোপীসকলে কৃষ্ণৰ এনে কথাত স্তম্ভিত হৈ কৃষ্ণতে আত্ম নিবেদন কৰি কৃষ্ণৰ লগত নৃত্য কৰিবলৈ ধৰিলে। ভগৱন্তৰ পৰশত গোপীসকলৰ অন্তৰত অহংকাৰ ভাৱ প্রকটিত হ’ল। তেওঁলোকে কৃষ্ণক স্ত্রৈণ (তিৰোতা সেৰুৱা স্বামী) বুলি ভাবি কৃষ্ণক এৰাই চলিবলৈ ধৰিলে। কৃষ্ণইও গোপীৰ মহা অহম্মক ভাৱ দেখি এটি শিক্ষা দিবলৈকে এজনী গোপীক লৈ ৰাস মণ্ডপৰ পৰা অন্তৰ্ধান হ’ল। কৃষ্ণ অবিহনে গোপীসৱে দিক্ বিদিক্ শূন্য দেখা পালে। তেওঁলোকে বিভিন্ন স্থানত পশু-পক্ষী, গছ-গছনিক সুধি সুধি কোনো সমিধান নাপাই কৃষ্ণগুণ গাই ভক্তি ৰসৰ অমৃত বোৱালে। শেষত কৃষ্ণই গোপীসকলৰ ভক্তিৰ পূর্ণতা প্রকাশ পোৱা দেখি তেওঁলোকৰ মাজত উপস্থিত হৈ মহৰাস আৰম্ভ কৰিলে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কীৰ্তন-দশমত উল্লেখ নকৰা ৰাধা চৰিত্ৰ এটিৰ ‘কেলি গোপাল’ নাটত উল্লেখ কৰিছে। গোপীসকলৰ অহং ভাৱ খৰ্ব কৰিবলৈ ৰাধা নামৰ গোপীগৰাকীক লৈ অন্তর্ধান হ’ল। ‘প্রেম ভকতি হৌক বুলি কহোঁ : ৰাধা নাম এক গোপীক : হৃদয়ে বান্ধি কহোঁ : তথায়ে অন্তর্ধান ভেল’— ইয়াত উল্লিখিত ৰাধা শব্দটিৰ প্ৰসগংত কালিৰাম মেধিয়ে শব্দটো প্রক্ষিপ্ত বুলি কৈছে। এই বিষয়ে আলোচনা নকৰি আমি ৰাসতত্ত্বৰ অন্য দিশসমূহ পৰ্যালোচনা কৰি চাওঁ। এই মহাৰাসক কেন্দ্ৰ কৰি বিভিন্ন দৃষ্টিভংগীৰে বিভিন্ন জনে মত প্রকাশ কৰিছে। কোনোৱে ইয়াত অশ্লীলতাৰ গোন্ধ পাইছে, কৃষ্ণক পৰদাৰ গমন দোষত আৰু গোপীসকলক পৰ পতিৰ লগত অনৈতিক, ব্যভিচাৰী দোষত দোষযুক্তা কৰিব বিচাৰে। কিন্তু ৰাসক্ৰীড়াৰ উদ্দেশ্য তাতেই সীমাবদ্ধ ৰাখিলে ভুল কৰা হ’ব। শ্রীকৃষ্ণ পৰম পুৰুষ ভগৱান, তেওঁ গোপীসকলৰ লগত কৰা ক্রীড়া কাম ভাৱৰ পৰা সম্পূর্ণ মুক্ত। ই ভগৱানৰ এক লীলা— ‘লীলৱ্য কেৱলম্’। শঙ্কৰদেৱেও ইয়াক—
শুনিয়োক বুদ্ধজন জনম সাফলি।
কাম জয় নামে ইটো কেশৱৰ কেলি॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰদেহ নকৰা বৃথা॥
শৃংগাৰ ৰসে আছে যাৰ ৰতি।
তাকে শুনি নির্মল হৌক মতি॥
—বুলিহে উপদেশ বাক্যত উল্লেখ কৰিছে৷ ইয়াত অবৈধ প্ৰেমৰ চিত্র দৃষ্টিগোচৰ হ’লেও মহাপুৰুষ শঙ্কৰদেৱৰ মৌলিক প্রতিভাৰে সৰ্বসাধাৰণৰ মানৱীয় প্ৰেমৰ অনুভূতিৰ সীমা অতিক্রম কৰি অনন্ত পৰমাত্মাত লীন হৈছে। পৰমপুৰুষ শ্ৰীকৃষ্ণ পৰমাত্মাৰ প্রতীক, গোপীসকল জীৱাত্মাৰ প্ৰতীক। জীৱাত্মাৰ পৰমাত্মাত লীন হোৱাৰ যি দুৰ্বাৰ কামনা, তাকেই ৰাসক্রীড়াত প্রতীকবাদৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিছে। গোপীসকলৰ অহমিকা ভাৱৰ ভেটি উচন কৰি দাস্য ভক্তি আৰু প্রেমভক্তি ভাৱেৰে হৃদয় আপ্লুত কৰি কষ্ণৰ পদকমলত আত্মসমপর্ণ কৰাই ৰাসক্ৰীড়াৰ একমাত্র উদ্দেশ্য। শ্রীকৃষ্ণৰ বাঁহীৰ সুৰটো ইয়াত অর্থব্যঞ্জক হিচাপে দেখা দিছে। ‘এই সুৰক বিশ্বসুৰ নাইবা পৰমাত্মাৰ আহ্বান আৰু গোপীসকলক জীৱাত্মাৰ পৰমাত্মাৰ সৈতে মিলনৰ হেঁপাহ আৰু ব্যগ্ৰতা বুলি ধাৰণা কৰা হয়।’ (ড° উপেন্দ্র নাথ গোস্বামী) পৰমপুৰুষ ভগৱানে সকলোকে নিজৰ ফালে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। সেয়ে বংশীৰ সুৰৰে গোপীসকলৰ অন্তৰত অদমনীয় কামানল জাগ্রত কৰি ব্যাকুল প্রাণ কৰি তেওঁৰ প্রতি ধাবিত কৰাইছিল। তেওঁলোকৰ প্ৰেম আছিল কামগন্ধবিহীন। ভগৱন্তৰ প্ৰতি তেওঁলোকৰ আত্মোন্দ্রিয় প্রেম কৃষ্ণেন্দ্রিয় প্রেমলৈ পৰিৱৰ্তন হৈছিল। সেইবাবে প্ৰথম অৱস্থাত কৃষ্ণক পাই আত্মৰতিত ব্যস্ত হৈ দিক্ বিদিক্ শূন্য হৈ গোপীসকলৰ মনত অহম্মক ভাৱৰ সৃষ্টি হৈছিল। তেনেতে কৃষ্ণৰ অন্তৰ্ধান গোপীসকলৰ নৈৰাশ্যৰ কাৰণ হৈ থাকিল। কৃষ্ণ প্রাপ্তিৰ প্ৰৱণতাই গোপীসকলৰ অন্তৰত প্রকৃত ভক্তি ভাবৰ উদয় কৰালে। ‘কাম ভাৱৰ পৰিশোধিত ভক্তিৰস’।
❧ | আৰু পঢ়ক: অসমীয়া সাহিত্যত ৰাধা চৰিত্ৰ
ৰাসক্ৰীড়াৰ লগত সংযোজিত হৈছে শঙ্খচূড় নামৰ এটি অসুৰ। গোপীৰ লগত কেলি কৰিবলৈ অহা শঙ্খচূড়ৰ শ্রীকৃষ্ণৰ হাতত বিনাশ হৈছিল। যেতিয়ালৈকে গোপীসকলে মনৰ কাম, লোভ, মোহ আদি ৰিপুসমূহ দমন কৰি প্ৰকৃত ভক্তিৰসেৰে আত্মসমর্পণ কৰিব পৰা নাছিল, তেতিয়ালৈকে গোপীসকলে শ্রীকৃষ্ণক লাভ কৰিব পৰা নাছিল। গোপীৰ অন্তৰত থকা শঙ্খচূড় সদৃশ আসুৰিক প্ৰবৃত্তিসমূহ ধ্বংস কৰি প্ৰকৃত কৃষ্ণপ্রাণগতা কৰি তুলিবলৈ শ্ৰীকৃষ্ণই নিজে অন্তৰ্ধান হৈ পৰীক্ষা কৰিছিল। উক্ত পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হৈ কৃষ্ণৰ প্ৰকৃত ভক্তা আসনত অধিষ্ঠিত হৈছিল। ইয়াত শঙ্খচূড় মানুহৰ আসুৰিক শক্তিৰ প্ৰতীক স্বৰূপ। প্রকৃততে গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা প্রেম অতি নিৰ্মল। সচ্চিদানন্দৰ মূৰ্তি শ্ৰীকৃষ্ণৰ পৰম পদ পাবলৈ হ’লে ভক্তই সকলো কামনা-বাসনা পৰিত্যাগ কৰিবলৈ সাজু হ’ব লাগিব। গোপীসকলে কৃষ্ণকে সুন্দৰ বুলি ভাবিছিল আৰু সেই সুন্দৰেই আনন্দ, আনন্দই ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন হৈ ভক্তৰ মনোকামনা পূর্ণ কৰে। ৰাসক্ৰীড়াৰো মূল প্রতিপাদ্য বিষয় এয়াই।
কোনো কোনো সমালোচকে ৰাসক্রীড়াৰ লগত উৰ্বৰতা আৰু প্ৰজননৰ সম্বন্ধ আছে বুলি উল্লেখ কৰিছে। ড° বাণীকান্ত কাকতিদেৱে আদিম কালৰ কৃষিজীৱী সমাজৰ কৃষি নীতিৰ লগত সম্পর্ক জড়িত ই এক অনুমোদিত উৎসৱ (‘A license festival generally associated with the ritual of the primitive people’— Vaisnavite Myths and Legends) বুলি উল্লেখ কৰিছে। কৃষ্ণ আৰু গোপীসকলৰ ক্ৰীড়াৰ ফলত উৰ্বৰীকৰণ আৰু প্ৰজনন সম্ভৱ হৈছিল। এইদৰেই ৰাসক্রীড়াক ভিন্ন দৃষ্টিৰে লক্ষ্য কৰা হৈছে। প্ৰকৃততে ৰাসক্রীড়া বা ৰাসলীলাৰ মূল উদ্দেশ্যই হ’ল ৰস সৃষ্টি কৰা। লৌকিকতাৰ দৃষ্টিত শৃঙ্গাৰ বা আদিৰস, ধর্মীয় তাত্ত্বিক দৃষ্টিত কৃষ্ণৰ প্ৰতি গোপীসকলৰ প্ৰেমৰস ভক্তিৰসলৈ পৰিৱৰ্তন হৈ জীৱাত্মা পৰমাত্মাত একীভূত হোৱাৰ প্রচেষ্টা আৰু কৃষিৰ লগত জড়িত উৰ্বৰতা আৰু প্ৰজনন কৃত্যৰ এক বিশেষ উৎসৱ হিচাপে অতীতৰ পৰা বৰ্তমানলৈকে চলি আহিছে আৰু চলি থাকিব।
❧ | আৰু পঢ়ক: শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
শেষত ৰাধাকমল মুখার্জীদেৱৰ ভাষাৰে কওঁ— “The Rasa Leela is transcendental and ever recurrent. The human soul offers a chequered career of pride, frustration and anguish may, through utter surrender and Intense tearing for God; experience may joyous translucent moonlit nights of union with Him.