ভ্ৰমণ বিলাস
কিতাপ আটাইবোৰ পৰ্যটক
যলৈকে মন যায় গুচি যায়
আনকি আৰামৰ লাইব্ৰেৰিতো সোমাই নাথাকি
ঘপকৈ ওলাই যায়, এবাৰো ঘূৰি নাচায়
কোনোবা অচিন মানুহৰ সৈতে যায়গৈ গুচি।
কোনোবাখন বহু দূৰ পায়গৈ
কোনোবাখন পৰি থাকে
ধূলিময় চেলফত।
দুখনমান সোমাই থাকে
পুৰণি নোটবুকৰ মাজত
কোনেও নেদেখে
পেলনীয়া খৰাহিতো
পৰি ৰয় দুই এখন
পিছে তাৰ মাজতো স্মাৰ্টকেইখনে
বিচাৰি ওলায়গৈ
ছেকেণ্ড হেণ্ড কিতাপৰ দোকান
দীঘলীয়া ভ্ৰমণৰ সপোন লৈ।
দুখে-ভাগৰে, ফটা-ছিগা হৈ
যিকেইখন ঘূৰি আহে
সিহঁতে কয় দেখি অহা ঠাইবোৰৰ কথা,
এতিয়া নিজৰ কৃতিত্বতে সিহঁতে
জিৰণিৰ আমেজ ল’ব।
আনকেইখনৰ ভ্ৰমণ
দেশৰ পৰা দেশান্তৰলৈ, অবিৰত
তাতেই সিহঁত হেৰাই যায়।
তুমি যেতিয়া লিখিবা
ধ্ৰুৱ শইকীয়া
ড° বিন্দু বালাগোপাল
ড° বিন্দু বালাগোপাল (Dr Bindu Balagopal) কেৰালা ৰাজ্যৰ পালাক্কাদ স্থিত চৰকাৰী ভিক্তোৰিয়া কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
