বহুদিনেই হ’ল তোমাক নেদেখা
দোপাট্টাৰে ওৰণি টানি ৰাজপথৰ দাঁতিত
কিম্বা বাছষ্টপৰ ভিৰত
আজিওচোন তোমাৰ অনুপস্থিতি।
নীলিম দুচকুৰ নীলাভ সৰোবৰ
বহুদিনেই হ’ল নেদেখা
কৃষ্ণচূড়াৰ তলেৰে উৰ্বশীৰ আগমনি
অনেক দিন নাই দেখা।
হোষ্টেলৰ বন্ধ খিৰিকীয়ে
তৃষ্ণাতুৰ দুচকুত হুমুনিয়াহ ছটিয়াই গ’ল।
বহুদিনেই হ’ল তোমাক নেদেখা
মেঘালী চুলিৰ নৈ যেন স্খলিত ধাৰাই
বহুদিনেই হ’ল, ক্লান্ত মন শাঁত পেলোৱা।
তোমাৰ অনুপস্থিতিত
এই চহৰ আজি বৰ নীৰৱ,
সলালা নেকি তুমি চহৰৰ ঠিকনা…?
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...