নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ধনশিৰিৰ বাবে দুটা স্তবক

ধনশিৰিৰ বাবে দুটা স্তবক

মোৰ সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি
ডি-মাৰ পাৰত আলাই আথানি আমা-ডিমা আমাৰ পো-পোৱালি

উজাই নে ভটিয়াই গ’লগৈ হাবুঙীয়া বৰা
হৈয়াঙে দৈয়াঙে জুলুকি জুলুকি পানী খুৱাই…

মহঙৰ লোণ তেজেৰে লুণীয়া
মৰঙীৰ ৰঙা ৰুমালে মছিব জানো?
ৰজাৰ সাউদে গুৰ যোগনীয়া গাঁৱত শালেৰে মানুহ চেপে
ঢোলৰ বৰতি টানিলে ছিগিব, ঢিলাকৈয়ে থোৱা
পীৰিতি নিজৰাৰ থিয় গৰাটোত থাকিবা কিমান খোপনি ধৰি
সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি।

মোৰ সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি
কাতিৰ কুঁৱলি ৰাতিৰ নাৱৰ টিঙত শুনো
ৰেলৰ ছেৱত মেথোন ওজাৰ ঢোল
ম’হ-হাল বাই পাৰৰ বকৰাণিত গহৰা গজাই ভাগিল বৰুৱা-ফুকনমখা
উনৈশ ৰাধাৰ ডিঙিত বিৰহৰ হাড়মাল
এজনী উমাৰ ঘাম মচোঁতেই মচ খালে শিৰৰ সেন্দূৰ
ৰঘুনাথে আৰু খহুলা ঘাটৈয়ে কাক কেনি নিলে পাৰ কৰি
সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনিশিৰি।

ছবি: বিদ্যুৎ কুমাৰ ভূঞা

❧ | আৰু পঢ়ক:

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: