হেৰোৱা ফুলৰ সুৰভি

হেৰোৱা ফুলৰ সুৰভি

গাভৰু চন্দ্রমাৰ
ৰূপোৱালী পোহৰৰ দৰে
স্নিগ্ধ ভালপোৱাবোৰ
চিৰচিৰকৈ বৈ আহে

একাবেকা পর্বতৰ মাজেৰে
নিগৰি অহা
প্রেমৰ নিজৰাই
নিজান, নিতাল হৃদয়ত
পাৰ ভাঙি লৈ আনে
আশাৰ ঢল।

আচম্বিতে থমকি ৰওঁ
ইকুল-সিকুল নমনি

চকা মকা ৰেঙণিয়ে
মৃদু লহৰ তোলে
মই তন্ময় হৈ চাওঁ
মোৰ দুচকুত
সুহুৰিয়াই গুচি যায়
এক চিনাকি সুৰভি…

হেৰোৱা ফুলৰ সুৰভি | আৰিফ আৰা আহমেদ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: