হেৰোৱা ফুলৰ সুৰভি

হেৰোৱা ফুলৰ সুৰভি
  • 14 Jul, 2012

গাভৰু চন্দ্রমাৰ
ৰূপোৱালী পোহৰৰ দৰে
স্নিগ্ধ ভালপোৱাবোৰ
চিৰচিৰকৈ বৈ আহে

একাবেকা পর্বতৰ মাজেৰে
নিগৰি অহা
প্রেমৰ নিজৰাই
নিজান, নিতাল হৃদয়ত
পাৰ ভাঙি লৈ আনে
আশাৰ ঢল।

আচম্বিতে থমকি ৰওঁ
ইকুল-সিকুল নমনি

চকা মকা ৰেঙণিয়ে
মৃদু লহৰ তোলে
মই তন্ময় হৈ চাওঁ
মোৰ দুচকুত
সুহুৰিয়াই গুচি যায়
এক চিনাকি সুৰভি…

হেৰোৱা ফুলৰ সুৰভি | আৰিফ আৰা আহমেদ