তিৰোতাবোৰ

তিৰোতাবোৰ
  • 11 Jun, 2024

এইখিনি সময়তে তিৰোতাবোৰে নঙলা মাৰে
আৰু দুৱাৰৰ খিলি লগাই খিৰিকী খুলি দিয়ে

এইখিনি সময়তে তিৰোতাবোৰে ভোকবোৰ জুইত সেকে আৰু
ওৰণি পেলাই ভাতৰ কাঁহীবোৰ মজিয়াত মেলে

এইখিনি সময়তে জোনে পোহাৰ মেলে জোনাকীৰ
তিৰোতাবোৰে শলখা খুলি ওলাই আহিব নোৱাৰে দুৱাৰডলি গচকি

খিৰিকীবোৰ মনৰ দুৱাৰহে
মনৰ পৃথিৱী সবাতোকৈ ধুনীয়া
পানীৰ দাপোণত ৰঙামণিৰে সজোৱা

টান শব্দবোৰ জোঁটাবলৈ তিৰোতাবোৰে ভাল পায়
চেলেকা-চুবুৰীয়াকৈ লাগি ধৰা ৰংবোৰ বহলাব জনা
তিৰোতাবোৰে বুজে ঋতুৰ ফুলবোৰ এদিন ফুলিবই

অসম্ভৱ সুন্দৰ এই তিৰোতাবোৰক ফ্ৰিডা*ৰ ছবিবোৰত দেখোঁ
বিৰ্‌বিৰাই থকা মাতত মায়া এঞ্জেল’*ৰ শব্দবোৰ শুনো

অসম্ভৱ সুন্দৰ এই তিৰোতাবোৰ
যি ৰাতি এটাক কাতি কৰি থৈ হৈ পৰে দিনৰ পোহৰ
যি জানে ঋতুৰ ফুলবোৰ এদিন ফুলিবই;
আৰু সৰিবও

* ফ্ৰিডা: Frida Kahlo (১৯০৭-১৯৫৪), মেহিকান চিত্ৰশিল্পী
* মায়া এঞ্জেল’: Maya Angelou (১৯২৮-২০১৪), এমেৰিকান কবি, সমাজকৰ্মী

❧ | অধিক কবিতা:

পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা (নৱেম্বৰ ২০২০, অতিথি সম্পাদক: বিপুলজ্যোতি শইকীয়া)। ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশিত।

তিৰোতাবোৰ | বৰ্ণালী বৰগোহাঁই

Follow Nilacharai on Facebook