Night, sleep, death and the stars.
—WALT WHITMAN
এন্ধাৰে আহি সাবটি ধৰাত
উন্মোচিত হ’ল নিশা
ৰহস্য খামুচি চিঞৰি উঠে
শিপাই যোৱা পোহৰৰ ছায়ামূৰ্তিবোৰে
নীল এন্ধাৰৰ চিয়াঁহীৰে মৃত্যুৰ শৰীৰে লিখে
প্ৰেমৰ স্তৱক
বতাহত সুহুৰি বাজিল
মোৰ বেদনাৰ ক্ষীণ অস্পষ্ট প্ৰতিবিম্বৰ
এন্ধাৰৰ কঠিন পৰিধিয়ে আৱৰা
হে প্ৰাচীন নিশাৰ মৃত্যু,
কঢ়িয়াই আনা অপাৰ্থিৱ আনন্দৰ ঐকতান সংগীত
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক