আমি সকলো অকলশৰীয়া

আমি সকলো অকলশৰীয়া
  • 11 Nov, 2023

যিটো বেলিলৈ চাই
ৰৈ আছিলো

যাৰ ৰ’দত
ঠন ধৰি উঠিম বুলি ভাবি লৈছিলো

সৰ্বোত্তম কামখিনি কৰি
সৰ্বোচ্চত আছে বুলি
যাক মান দিছিলো

আৰু
চিঞৰি চিঞৰি দহক কৈছিলোঁ
তেওঁলৈ এবাৰ চা
চকু মেল

পিছে শেষত
সৱ মিছা
আনকি নিজেও

চকু মেলি দেখিলো
কাৰো চকুত চকু নাই
আছে চাতুৰী
নাই কোনো কাৰো বুকুত

এনেয়ে সাজিছোঁ সভাঘৰ
পাতিছোঁ মেলা

সহস্ৰজনৰ মাজত
কোনো নহয় কাৰো আপোন

আমি তেনেই অকলশৰীয়া।

✽ | আৰু পঢ়ক:

আমি সকলো অকলশৰীয়া | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook