যিটো বেলিলৈ চাই
ৰৈ আছিলো
যাৰ ৰ’দত
ঠন ধৰি উঠিম বুলি ভাবি লৈছিলো
সৰ্বোত্তম কামখিনি কৰি
সৰ্বোচ্চত আছে বুলি
যাক মান দিছিলো
আৰু
চিঞৰি চিঞৰি দহক কৈছিলোঁ
তেওঁলৈ এবাৰ চা
চকু মেল
পিছে শেষত
সৱ মিছা
আনকি নিজেও
চকু মেলি দেখিলো
কাৰো চকুত চকু নাই
আছে চাতুৰী
নাই কোনো কাৰো বুকুত
এনেয়ে সাজিছোঁ সভাঘৰ
পাতিছোঁ মেলা
সহস্ৰজনৰ মাজত
কোনো নহয় কাৰো আপোন
আমি তেনেই অকলশৰীয়া।
✽ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক