আত্মা আৰু পৰমাত্মাৰ মিলনৰ উচ্চ আধ্যাত্মিক ভক্তি তথা আনন্দৰ পৰম প্ৰকাশেই হৈছে ৰাসলীলা। ‘ৰাস’ শব্দটো সংস্কৃত ‘ৰস’ ধাতুৰ পৰা উৎপন্ন হৈছে। ‘ৰা’ শব্দৰ অৰ্থ হ’ল শব্দ বা মতি। ‘স’— এই ব্যঞ্জন বৰ্ণটোৰ অৰ্থ হ’ল একেলগে বা সৈতে। অৰ্থাৎ ৰাস বুলিলে শব্দ বা মাতৰ সৈতে। আনহাতে লীলা শব্দৰ অৰ্থ হৈছে ‘লী’ মানে আনন্দ, ‘লা’ মানে দান। ঈশ্বৰ কৃষ্ণই নিজ ইচ্ছা অনুযায়ী কৰা আনন্দময় যি ক্ৰীড়া বা খেলা, সিয়েই হৈছে ‘লীলা’। ভাগৱতত উল্লেখ আছে— ‘একস্য পুংসো বহুতিঃ স্ত্ৰীভিঃ ক্ৰীড়নং সৈব ৰাসক্ৰীড়া’। অৰ্থাৎ এজন পুৰুষৰ লগত বহু নৰ্তকীয়ে কৰা নৃত্যই হৈছে ৰাসক্ৰীড়া। ইয়াত ‘এজন পুৰুষ’ শব্দ যুগলে কেৱল পৰম পুৰুষ ঈশ্বৰ কৃষ্ণক বুজাইছে। অৱশ্যে ভাগৱতত মহামানী শুকদেৱে ৰাসলীলাক কৃষ্ণৰ ক্ৰীড়া নুবুলি বিষ্ণুৰ ক্ৰীড়া বুলিহে উল্লেখ কৰিছে। ‘ৱিক্ৰীড়িতং ব্ৰজৱধুভিৰিদঞ্চ বিষ্ণুঃ’,— ইয়াত বিষ্ণু শব্দই বিশ্বব্যাপী থকা ঈশ্বৰক বুজাইছে। বিষ্ণুয়েই হৈছে সচ্চিদানন্দ আনন্দময় কৃষ্ণ। সচ্চিদানন্দ বিষ্ণু বা কৃষ্ণৰ পৰমপদ পাবলৈ হ’লে সমস্ত কামনা-বাসনা পৰিহাৰ কৰি অকপট প্ৰেমিক হ’ব পাৰিব লাগিব।
‘ৰসমাস্বাদ্যতে ইতি ৰাসঃ’। ৰস আস্বাদনতেই ৰাসৰ সৃষ্টি আৰু এই ৰস হৈছে আদি ৰস। ঈশ্বৰ পুৰুষৰ বিহাৰ বা লীলাত যি ৰস প্ৰবৰ্তে, সেই ৰস সৃষ্টিৰ আদি কাৰণ দেখি তাকেই কোৱা হয় আদি ৰস। ইয়াত ইন্দ্ৰিয় তৃপ্তিৰ ইচ্ছা নাই। সেয়ে ই অশ্লীল নহয়। সংসাৰ ৰক্ষাৰ নিমিত্তে পুৰুষ আৰু স্ত্ৰীৰ মিলনত সন্তান উৎপাদনৰ যি কাৰণ, সিয়ো আদি ৰস। তথাপি লৌকিক হিচাপত সি আকৌ অশ্লীল। এক কথাত ক’বলৈ গ’লে কাৰোবাৰ সৈতে কৰা অশ্লীলতাবিহীন ক্ৰীড়া বা ধেমালিয়েই হৈছে ৰাসলীলা। শ্ৰীমদ্ভাগৱতত ৰাসলীলা এটি গভীৰ আধ্যাত্মিক তত্ত্বপূৰ্ণ বিষয়। ভগৱন্তবস্তুত কায়, বাক্য, মনে আত্মসমৰ্পণ কৰা মাধুৰ্য ভাৱৰ যি ভক্তি, তাৰ আধ্যাত্মিক ব্যাখ্যাই হৈছে ৰাসলীলা। গতিকে ৰাস হৈছে ভক্তিতত্ত্বৰ বিকাশ। উপনিষদে ‘ৰসো ৱৈ সঃ সচ্চিদানন্দম, সত্যং শিৱং সুন্দৰং’ বুলি উল্লেখ কৰিছে। অনন্ত সুন্দৰৰ প্ৰেমত আত্মহাৰা হৈ ভক্তই সৰ্বস্ব সমৰ্পণ কৰাই হৈছে ভক্তি আৰু এই ভক্তিয়েই হৈছে ভগৱন্তৰ ৰাসলীলা। এই সুন্দৰ সংসাৰখনত জীৱই (মানুহে) সৌন্দৰ্য সম্ভোগ কৰোঁতে কৰোঁতে অহং (অহংকাৰ) সৰ্বতোভাৱে বিসৰ্জন দি পৰম প্ৰেমময় চিৰসুন্দৰ কৃষ্ণত আত্মসমৰ্পণ কৰাই হৈছে এই ভক্তি। ব্ৰজধামৰ গোপিনীসকলৰ তন্ময় কৃষ্ণপ্ৰেমত এই ভক্তিৰ বিকাশ হৈছিল আৰু ইয়াৰ আধ্যাত্মিক বিশ্লেষণেই হৈছে ৰাসলীলা।
কামজয় কেলি ৰাস: এক বিশ্লেষণাত্মক বিচাৰ
দুলাল মহন্ত
বৃন্দাৱনৰ বননি যেতিয়া চন্দ্ৰৰ ৰশ্মিৰে ৰঞ্জিত হৈছিল, তেতিয়াই শ্ৰীকৃষ্ণই মধুৰ স্বৰেৰে গীত গাইছিল। সুমধুৰ সুৰ তথা সুস্বৰৰ গৰাকী হৰিয়ে পঞ্চম নাদ পূৰ কৰি ক্ৰমাৎ তেওঁৰ বংশীৰ স্বৰ উচ্চাংগ স্তৰলৈ উঠাই আনিলে। শ্ৰীকৃষ্ণৰ মোহন বংশীৰ এই সুমধুৰ সুৰৰ ধ্বনি শুনি গোপীসকল উত্ৰাৱল হ’ল। বিশুদ্ধ চিত্ত কৃষ্ণগত প্ৰাণ গোপিনীসকলে শৰৎ কালৰ চন্দ্ৰাৱলী ৰাতি বৃন্দাৱনত বংশীৰ আহ্বান শুনিবলৈ পাই গৃহকাৰ্য, পতি-পুত্ৰাদি এৰি বংশীৰ ধ্বনি নিৰীক্ষণ কৰি প্ৰাণবল্লভ শ্ৰীকৃষ্ণৰ সান্নিধ্য পাবলৈ যমুনাৰ পাৰলৈ লৰ মাৰিলে।
“বনকো দেখিল চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত॥
শুনি কামে উত্ৰাৱল হুয়া গোপীগনে।
দিলেক লৱড় গীত-ধ্বনি নিৰীক্ষণে॥” (কীৰ্তন)
এনেদৰেই গোপিনীসকলে সকলো বাধা-বিঘিনি অতিক্ৰম কৰি কৃষ্ণৰ সন্মুখ হ’ল আৰু লগে লগে কৃষ্ণই তেওঁলোকৰ প্ৰেমভক্তিৰ পৰীক্ষা ল’বলৈ আৰম্ভ কৰিলে। ভাগৱতৰ ‘ৰাস-পঞ্চাধ্যায়ী’ৰ প্ৰথম অধ্যায়ৰ ১৭ সংখ্যক শ্লোকৰ পৰা ২৪ সংখ্যক শ্লোকলৈ এই পৰীক্ষাৰ প্ৰশ্নসমূহৰ উল্লেখ আছে। শ্ৰীকৃষ্ণই প্ৰথমতে গোপীসকলক স্বাগত জনালে। তাৰ পাছত সুধিলে, তেওঁ তেওঁলোকৰ কি প্ৰিয় কাৰ্য সাধিব পাৰে? তাৰ পাছত সুধিলে, ব্ৰজৰ মঙ্গল নে? তাৰ পাছত সুধিলে, তেওঁলোক অহাৰ কাৰণ কি?
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই তেৰাৰ ৰচিত ‘কেলিগোপাল’ অঙ্কীয়া নাটভাগিত এই কথাখিনি উপস্থাপন কৰিছে এনেদৰে— “হে সখীসৱ কুশলে আৱল: হামাত কমন প্ৰয়োজন ঠিক: সত্বৰে কহ: তা সাধো। হে সখীসৱ: কমন উৎপাত গোকুলে মিলল: কি নিমিত্তে ৰজনী লৱৰিকহু: বন মধ্যে ইহা আৱল।”
গোপীসৱে এই সমূহ প্ৰশ্নৰ সমিধান দিলে এই বুলি— “হে পৰমেশ্বৰ: নাহি নাহি কিছু শঙ্কা।”
প্ৰাৰম্ভিক পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ’ল। ইয়াৰ পাছত তেওঁলোক আৰু কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হ’ল। ৰজা ঘৰৰ ডাঙৰ চাকৰি পাবলৈ হ’লে যেনেকৈ প্ৰথমে পৰীক্ষা দি প্ৰথম মহলাত উঠিব লাগে বা চাকৰি নিগাজি (permanet) হোৱাৰ পাছতো প্ৰমোচন পাবলৈ বিভাগীয় নানা পৰীক্ষা দি থাকিব লাগে, তদ্ৰুপ ভগৱন্তৰ চৰণ-পঙ্কজ-পদ প্ৰাৰ্থীয়েও পদে পদে পৰীক্ষা দিবলগীয়া হয়। সেয়েহে গোপীসকলে ভগৱন্তৰ সান্নিধ্য লাভ কৰিবৰ বাবে আকৌ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হ’ল আৰু তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ’ল। যিকোনো বিষয়ৰ পৰা মানুহৰ মন আঁতৰাই আনিবলৈ হ’লে প্ৰথমতে ভয় দেখুৱাব লাগে। প্ৰধানতঃ মানুহৰ তিনিটা ডাঙৰ ভয় আছে; যথা— প্ৰাণৰ ভয়, লোকভয় আৰু ধৰ্মৰ ভয়। ভগৱন্তই গোপীসকলক প্ৰথমতে প্ৰাণৰ ভয় দেখুৱাই উভতি যাবলৈ ক’লে—
“দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি।
ঐত নথাকিবা তোৰা সৱ তিৰিমতি॥” (কীৰ্তন)
“চৰে বাঘ ঘোঙ বৰাহৰ হুকহুকি।
পুৰুষৰো ভয় ভালুকৰ শুনি উকি॥” (ভাগৱত দশম স্কন্ধ)
গোপীসকল কিন্তু ভয়ত বিচলিত নহৈ অটল হৈ ৰ’ল। গোপীসকলে দেখুৱাই দিলে যে তেওঁলোকৰ প্ৰাণতকৈ ভগৱন্তবস্তু ডাঙৰ। তেওঁলোকৰ প্ৰাণ তুচ্ছ। এই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ’ল। এইবাৰ শ্ৰীকৃষ্ণই গোপীসকলক দ্বিতীয়টো ভয় অৰ্থাৎ লোকভয় দেখুৱাই ক’বলৈ ধৰিলে—
“তোমাসাক নেদেখিয়া পিতৃ-মাতৃ ভাই।
পতি পুত্ৰচয় চাই ফুৰে ঠাই ঠাই॥
লাগ নাপাই মনে বৰ মিলিব সংশয়।
পালটি গুচায়ো গৈয়া তাসম্বাৰ ভয়॥” (ভাগৱত দশম স্কন্ধ)
এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ’ল। গোপীসকলে বুজাই দিলে যে কৃষ্ণতকৈ লৌকিক ব্যৱহাৰ ডাঙৰ নহয়। শেষত কৃষ্ণই ধৰ্মৰ ভয় প্ৰদৰ্শন কৰি ক’বলৈ ধৰিলে—
“উলটি ব্ৰজক যাহা কান্দে শিশুগণ।
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন॥
উপপতি সমে ক্ৰীড়া গৰিহিত কৰ্ম।
স্বামীক শুশ্ৰূষা কুলস্ত্ৰীৰ মহাধৰ্ম॥” (কীৰ্তন)
এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ’ল। তেওঁলোকে কৃষ্ণক বুজাই দিলে—
“ভকত বৎসল তোহ্মাক জানি।
কেনে বোলা হেন ঘাতুক বাণী॥
সমস্ত বিষয় এৰিয়া স্বামী।
ভজিলো তোহ্মাৰ চৰণে আমি॥
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম।
তোহ্মাত থাকোক সিসৱ ধৰ্ম॥” (কীৰ্তন)
গোপীসকল তিনিওটা পৰীক্ষাতেই উত্তীৰ্ণ হ’ল আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰ সৈতে ৰাসলীলাত যোগ দিবৰ উপযুক্ত হ’ল। ইয়াৰ পাছত শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে কি কৰিলে, তাৰ বৰ্ণনা মহাপুৰুষ গুৰুজনাই ‘কেলিগোপাল’ নাটভাগিত উল্লেখ কৰিছে এনেদৰে—
“গোপীসৱক: ঐচন কাৰুণ্য বিলাপ শুনিকহু: শ্ৰীকৃষ্ণক স্নেহৰসে আকুল কয়ল: কমললোচন দুহু লোতকে পূৰল: ততকালে উঠিকহু : গাৱে গোপীক আখি মুখ: আপুন পীত বসনে মুচিকহু: প্ৰবোধ কয়ল—
হে সখীসৱ: তোহোসৱ পৰম ভকত: হামাৰ প্ৰাণতো অধিক: হামু পৰিহাস কেলি কৌতুক কয়ল: তাহে নাহি বুঝল: দুখ ছোৰহ: তোৰাসৱক মনোৰথ পুৰি : ক্ৰীড়া কৌতুক কৰব: প্ৰাণ সখীসৱ উঠহ উঠহ।
ঐচন আশ্বাস শুনি: গোপীসৱ কৃষ্ণবাক্যামৃতে: বিৰহ তাপ ততকালে দূৰ কয়ল: যৈচে বনাগ্নি বৃষ্টিজলে নিৰ্বাণ ভেল: পৰম উৎসুকে উঠিকহু: কৃষ্ণক আৱৰি ক্ৰীড়া কয় লাগল: তদনন্তৰ : শ্ৰীগোপাল: পৰমেশ্বৰ গোপীসৱক কাম বঢ়ায়াকহু কেলি কৰয়ে লগল। তা দেখহ শুনহ: নিৰন্তৰে হৰি বোল হৰি॥”
মহামুনি শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শ্লোকসমূহত শ্ৰীকৃষ্ণক ‘পূৰ্ণানন্দ’, পূৰ্ণকাম’, ‘আত্মাৰাম’ আদি বিশেষণেৰে বিভূষিত কৰি শ্ৰীকৃষ্ণৰ পূৰ্ণতাৰ পৰিচয় দিছে। যিজন নিজে পূৰ্ণানন্দ বা পূৰ্ণকাম, তেওঁৰ কোনো কামনা-বাসনা থাকিব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ‘কেলিগোপাল’ নাটভাগিতো শ্ৰীকৃষ্ণ যে পূৰ্ণকাম সেই কথাৰ উল্লেখ পোৱা যায়।
“যে পূৰ্ণানন্দ শ্ৰীকৃষ্ণ: তনিকৰ কুৎসিত বিষয় সুখ: কোন অভিলাষ ঠিক।” তথাপি গোপীসকলৰ প্ৰীতি সাধিবৰ নিমিত্তে তেওঁ ৰমন কৰিলে। কিন্তু এই ৰমন কামজনিত দেহগত ৰমন নহয়। এই বিষয়ত ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত—
“শুনিয়োক বুদ্ধজন জনম সাফলি।
কামজয় নামে ইটো কেশৱৰ কেলি॥”
কামৰ উৎপত্তি হয় মনত আৰু বিকাশ হয় ইন্দ্ৰিয়ত। মনত যদি কামৰ উৎপত্তি নহয়, তেতিয়াহলে ইন্দ্ৰিয়ৰো উত্তেজনা নহয়। ইন্দ্ৰিয়ৰ উত্তেজনা নহ’লে ইন্দ্ৰিয়ৰ ক্ৰীড়াও সম্ভৱ নহয়। এতিয়া যিজনে (শ্ৰীকৃষ্ণই) ৰাসক্ৰীড়া কৰিছে, সেইজনৰেই যিহেতু মনত কামৰ জন্ম হোৱা নাই আৰু ইন্দ্ৰিয়ও উত্তেজিত হোৱা নাই, সেয়েহে ইয়াক ‘কামজয়’ বুলি অভিহিত কৰা হৈছে।
ৰাসলীলা পঢ়ি বা শুনি পোনতে স্ত্ৰী-পুৰুষে ৰমন কৰাৰ দৰে শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰমন ক্ৰীড়াৰ যি ভাৱ উদয় হয়, প্ৰকৃততে তাত তেনেকুৱা একো নাই। শ্ৰীকৃষ্ণই যোগমায়াৰ বলেৰে তেনেকুৱা দেখুৱাইছিল মাথোন।
“দেখি যোগমায়া বলে হৰিষে তহিত।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন॥” (ভাগৱত দশম স্কন্ধ)
অৰ্থাৎ যোগমায়া নামৰ নিজ শক্তিক আশ্ৰয় কৰি শ্ৰীকৃষ্ণই গোপীসকলৰ লগত পূৰ্ব সত্য ৰাখি ৰাসক্ৰীড়া কৰিবলৈ ইচ্ছা কৰিলে। এই ইচ্ছা তেওঁ মায়াৰ জৰিয়তে আত্মাৰাম হৈয়ো ৰমন কৰাৰ দৰে কৰি দেখুৱালে।
“পূৰ্ণকাম হৰি জগত ঈশ্বৰ।
তথাপি সাধন্ত আতি প্ৰীতি ভকতৰ॥
হাসি পাছে গোপযুৱতীৰ ৰঞ্জি চিত্ত।
কৰিলন্ত কৃষ্ণে কামকেলি বিপৰীত॥” (ভাগৱত দশম স্কন্ধ)
গোপীসকলে ইয়াকেই পাবৰ বাবে ব্যাকুল হৈছিল আৰু ভকত বৎসল ভগৱন্তই তাকে তেওঁলোকক দিবলৈ ইচ্ছা কৰিছিল।
“তোমাসাৰ প্ৰেম ভকতিত ভৈলো বশ্য।
আজি মনোৰথ সৱে পূৰিবো অৱশ্য॥” (ভাগৱত দশম স্কন্ধ)
ৰাসলীলাত শৃঙ্গাৰ কথা ছল মাথোন। ইয়াৰ নিগূঢ় তত্ত্বত প্ৰৱেশ কৰিব নোৱাৰি ওপৰে ওপৰে চালে তেনে এটি ভাৱে ক্ৰিয়া কৰাটো স্বাভাৱিক। ৰাসলীলাক অশ্লীল ভাবোঁতাসকলে তিনিটা ডাঙৰ কথা আলোচনা কৰি চোৱা উচিত। প্ৰথমতে ৰাসলীলাৰ প্ৰণেতা কোন? দ্বিতীয়তে বক্তা কোন? তৃতীয়তে শ্ৰোতা কোন? তেওঁলোকৰ অভিপ্ৰায় কি? এই সমূহ প্ৰশ্নৰ উত্তৰত আমি প্ৰথমতে ক’ব লাগিব যে ৰাসলীলাৰ প্ৰণেতাজন মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস। বক্তাজন হৈছে মহাযোগী, জীৱন্মুক্ত, মহামুনি শুকদেৱ। আনহাতে শ্ৰোতাজন হৈছে ব্ৰহ্ম শাপত পৰি থকা, অনুতাপগ্ৰস্ত, মুক্তিকামী, মৃত্যুৰ সন্মুখত প্ৰৱিষ্ট হৈ থকা মহাৰাজ পৰীক্ষিত। এনেবোৰ কথা ভাৱিলে মনলৈ আহিব পাৰে নে— মহৰ্ষি বেদব্যাসে তেওঁৰ ৰচিত শাস্ত্ৰত আমি ভৱাৰ দৰে অশ্লীল ঘৃণ্য বিষয় লিপিবদ্ধ কৰিব আৰু পৰোপকাৰী শুকদেৱে মৃত্যুৰ মুখত পৰি থকা অভিশপ্ত পৰীক্ষিতক অশ্লীল আৰু নীতিবিগৰ্হিত কথা শুনাই প্ৰতাৰণা কৰিব? উত্তৰ— নোৱাৰি। যদি নোৱাৰি, তেন্তে ৰাসলীলাত যে পৰম গুহ্যতত্ত্বহে নিহিত হৈ আছে, তাত কোনো সন্দেহ কৰিবৰ থল নাই। যেনেদৰে ধানৰ বাকলিৰ ভিতৰত চাউল থাকে, তদ্ৰুপ শৃঙ্গাৰ কথা পৰম তত্ত্ব ৰাসলীলাৰ ওপৰৰ বাকলিহে। ৰাসলীলাৰ পৰম নিগূঢ় তত্ত্ব বুজি পোৱাজনে তাক শ্ৰৱণ-কীৰ্তন কৰি ভগৱন্তৰ স্বৰূপানন্দ লাভ কৰিবলৈ সক্ষম হয়। কিন্তু যিজনে শৃঙ্গাৰ ৰসকেই পৰমানন্দ জ্ঞান কৰে, সেইজনেও শৃঙ্গাৰ ৰসৰ লোভত পৰি ৰাসলীলা শ্ৰৱণ-কীৰ্তন কৰি লাহে লাহে পৰম ৰসৰ আস্বাদ লাভ কৰি ঈশ্বৰক পায়।
“শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌক নিৰ্মল মতি॥
ভকতৰ পদে আপুনি হৰি।
ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি॥” (কীৰ্তন)
ঈশ্বৰ কৃষ্ণই নিখিল বিশ্বখনকে লৈ ৰাসক্ৰীড়া কৰিছে। তেওঁ নিজকে পৰ কৰি লৈ এই ক্ৰীড়া কৰিব লাগিছে। আমি ঈশ্বৰ অংশ জীৱই মায়া তথা অবিদ্যাত পৰি ঈশ্বৰ কৃষ্ণক পাহৰি মায়াময় সংসাৰত মগ্ন হৈ আছোঁ। কিন্তু আমি পাহৰিলেও লীলাপ্ৰিয় আনন্দময় ভগৱন্তই কাকো নাপাহৰে। সেয়ে তেওঁ ক্ৰীড়া কৰিবৰ নিমিত্তে লীলা কৰি তেওঁৰে অংশ জীৱক পৰ কৰি লৈ বংশীৰ সুমধুৰ ধ্বনিৰে সকলোকে মাতিব লাগিছে এই বুলি— আহাঁ, সকলো আহাঁ, মোৰ কাষলৈ আহাঁ। এই যে পৰিদৃশ্যমান সুন্দৰ জগতখন দেখিছা, বাস্তৱিকতে এই সকলোবোৰ মিছা। গতিকে সময় থাকোঁতেই এই সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈ আহাঁ। শ্ৰীমদ্ভাগৱতৰ বেদস্তুতিত উল্লেখ আছে যে পৰমেশ্বৰৰ প্ৰথম নিশ্বাসতে বেদসকল বাজ হৈছিল।
“জগত সংহৰি শুতি আছা নাৰায়ণ।
প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ॥” (কীৰ্তন)
পৰমব্ৰহ্মৰ সেই নিশ্বাস বায়ুৱেই আকৌ বংশীত প্ৰৱেশ কৰি সুমধুৰ গীত হয় আৰু এই গীতেই হৈছে গীতা তথা বেদাদিৰ তত্ত্ব প্ৰকাশক শ্ৰীকৃষ্ণৰ বংশীধ্বনি। বেদাদিৰ তত্ত্ব সম্পৰ্কে শ্ৰীকৃষ্ণই তেওঁৰ প্ৰিয় ভক্ত উদ্ধৱক কৈছিল—
“কিং ৱিধতে কিমাচষ্টে কিমনূদ্য ৱিকল্পয়েৎ। ইত্যস্যাহৃদয়ং লোকে নান্যো মদৱেদ কশ্চন॥”
অৰ্থাৎ হে উদ্ধৱ, বেদে কি কৈছে, কি বিধান কৰিছে, আকৌ একপ্ৰকাৰ কৈ প্ৰকাৰান্তৰে আকৌ কি এক কৈছে, সেইটো স্থিৰ কৰা বৰ কঠিন। মোৰ বাহিৰে বেদৰ গূঢ় অভিপ্ৰায় কোনেও নাজানে।
“মই বিনে বেদে কিছু আন নবখানে।
সমস্ত বেদৰ তত্ত্ব মৰ্ম এহি মানে॥” (ভাগৱত)
এই একেখিনি কথাকেই গীতাত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্ৰিয় সখা অৰ্জুনক কৈছিল এনেদৰে—
“ৱেদৈশ্চ সৰ্ৱৈৰহমেৱ ৱেদ্যো ৱেদান্তকৃদৱদৱিদেৱ চাহম্॥”
অৰ্থাৎ হে অৰ্জুন, সমস্ত বেদৰ প্ৰতিপাদ্য মই, বেদান্তৰৰ কৰ্তা মই আৰু ময়ে একমাত্ৰ বেদজ্ঞ। বেদৰ কৰ্তা, বেদৰ গূঢ় অভিপ্ৰায় বুজোঁতা শ্ৰীকৃষ্ণই বেদৰ সাৰ বাঁহী লৈ সমস্ত শাস্ত্ৰৰ সাৰতত্ত্ব বংশীধ্বনিৰে সুমধুৰ সুৰেৰে বুজাই দিলে এনেদৰে— সকলো পৰিত্যাগ কৰি মোৰ কাষলৈ আহাঁ। সকলো ক্ষণিক, একমাত্ৰ মইহে নিত্য আৰু পৰমানন্দ। গীতাৰ শেষতো ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই শেষ সাৰ বাণীৰেই উপদেশ দিছিল—
“সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ।
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত॥
নকৰিবা ভয় সখি কৰোঁ অঙ্গীকাৰ।
সমস্ত পাপত মই কৰিবো উদ্ধাৰ॥”
বেদৰ এই গূঢ়াৰ্থ, গীতাৰ গূঢ়তত্ত্ব সকলোৱে বুজিব নোৱাৰে, কিয়নো ই অস্ফুট। সেয়ে ইয়াৰ অৰ্থ নানাজনে নানাভাৱে কৰে। বেদ পঢ়ি কৰ্মীয়ে কয়— বেদকৰ্ম প্ৰধান, জ্ঞানীয়ে কয়— জ্ঞান প্ৰধান। তদ্ৰুপ গীতা পঢ়িও যোগীয়ে কয়— যোগধ্যান প্ৰধান, কৰ্মীয়ে কয়— কৰ্ম প্ৰধান। কাৰণ বেদ তথা গীতাৰ অভিপ্ৰায় অস্ফুট। ঠিক সেইদৰে শ্ৰীকৃষ্ণৰ বংশীধ্বনিও অস্ফুট আৰু ইয়াৰ অৰ্থ নানাজনৰ কাণত নানাভাৱে পৰে। যশোদাই বাঁহীৰ মাতত শুনিছিল— ‘আই, আই’ । শ্ৰীদাম-সুদাম প্ৰভৃতিয়ে শুনিছিল তেওঁলোকৰ নাম ধৰি ধৰি মতা। গাভীবিলাকে শুনিছিল ‘ধৱলী’, ‘শ্যামলী’, ‘সুৰভি’ বুলি মতা।
এয়ে হৈছে কৃষ্ণৰ বংশীধ্বনিৰ নিগূঢ় তত্ত্ব। যিসকলে বংশীৰ এই সুমধুৰ আহ্বানৰ মৰ্ম বুজি পায়, সেই সকলৰহে কাণত সেই ধ্বনিৰ মধুৰ মৰ্ম প্ৰতিভাত হয় আৰু ভগৱন্তৰ সমীপলৈ আহ্বান বুজিব পাৰি সকলো বিনাশী পাৰ্থিৱ সম্বল পৰিত্যাগ কৰি তেওঁৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে মায়াময় সংসাৰত মজি থকা অভকতীয়া-অসদাচাৰী জনে বংশীধ্বনিৰ এই মধুৰ আহ্বানৰ মৰ্ম কেতিয়াও উপলব্ধি কৰিব নোৱাৰে।
ঈশ্বৰ কৃষ্ণৰ সকলো লীলাই ছলনাৰে আবৃত। তেওঁ জগতত মনুষ্য ৰূপ ধাৰণ কৰি জীৱক কৃপা কৰিবৰ নিমিত্তে লীলা কৰি কৌশলেৰে স্বৰূপ প্ৰকাশ কৰে, যাতে জীৱই তেওঁৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি আত্যন্তিক সুখ লাভ কৰে। তেওঁ যাক বৰণ কৰে, সিয়েই তেওঁক পায়। তেওঁক নাজানিলে মুক্তিও অসম্ভৱ। কিন্তু তেওঁ আকৌ বাক্য মনৰ অগোচৰ। তেন্তে জীৱই তেওঁক কেনেকৈ জানিব? তেওঁক নাজানিলেতো জীৱৰ তৰণৰ উপায় নাই! সেয়েহে অমূৰ্ত অতীন্দ্ৰিয় ঈশ্বৰে জীৱক তাৰণ কৰিবৰ বাবে আই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰিলে।
“জীৱৰ তাৰণ হেতু নাৰায়ণ এ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত।” (নামঘোষা)
এয়া হৈছে ঈশ্বৰ কৃষ্ণৰ জীৱৰ প্ৰতি অনুগ্ৰহ। নিৰ্গুণ, অনন্ত আৰু বাক্য-মনৰ অতীত ঈশ্বৰে কৃপা কৰি নিজকে ক্ষুদ্ৰ কৰি দৈৱকী আইৰ গৰ্ভত জন্মগ্ৰহণ কৰি নন্দৰ ব্ৰজত জীৱৰ ক্ষুদ্ৰ বুদ্ধিৰে ধৰিব পৰা হ’ল। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ভাষাত ক’বলৈ গ’লে—
“কহয় মাধৱ বেদবন পৰিহৰা।
গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা॥” (বৰগীত)
সেয়েহে তেওঁ নিজক পৰিমিত কৰি আনন্দঘন ৰূপেৰে বৃন্দাৱনত প্ৰতিভাত হ’ল, ফলত একান্ত ভক্তা গোপিনীসকলে তেওঁৰ সান্নিধ্য লাভ কৰি পৰম তৃপ্তি লভিলে। ঈশ্বৰ কৃষ্ণয়ো যোগমায়া নামৰ তেওঁৰ শক্তিক মাধ্যম কৰি গোপিনীসকলৰে ভক্তৰ অধীন হৈ মানৱী তনু ধাৰণ কৰি বিহাৰ কৰিলে। কিন্তু যিসকল গোপীক লৈ তেওঁ বৃন্দাৱনত ৰাসলীলা কৰিছিল, সেইসকল গোপী পতি-পুত্ৰাদিৰ সৈতে সেই সময়ত ঘৰতে আছিল।
“মোহিলা গোপক কৃষ্ণৰ মায়া।
কাষতে আছে দেখে নিজ জায়া॥” (কীৰ্তন)
যশোদায়ো কৃষ্ণক তেওঁৰ কাষতে শুই থকা দেখিছিল।
“যশোদায়ো তৈত পুত্ৰক দেখন্ত শয্যাত আছয় শুতি।” (দশম)
ৰাসলীলা হৈছে জীৱাত্মাৰে সৈতে পৰমাত্মা শ্ৰীকৃষ্ণৰ লীলা প্ৰকাশক ক্ৰীড়া। জীৱাত্মাৰ সৈতে পৰমাত্মাৰ এই নিত্য লীলা অনাদি কালৰ পৰা চলি আহিছে আৰু অনন্ত কাললৈ চলি থাকিব। সেই লীলাকথা মানুহক বুজাবৰ নিমিত্তে মায়াৰ দ্বাৰাই মনুষ্য দেহ ধাৰণ কৰি পৰম ব্ৰহ্ম কৃষ্ণদেৱে বৃন্দাৱনত গোপীসকলৰে সৈতে এই ৰাসলীলা কৰিছিল। আধ্যাত্মিক বিশ্লেষণত গোপীসকলৰ পাৰ্থিৱ দেহ সেই সময়ত সম্বন্ধযুক্ত পাৰ্থিৱ পতিসকলৰ কাষত আছিল; কিন্তু মন, বুদ্ধি, চিত্ত আৰু চিন্ময় দেহ পৰমব্ৰহ্ম পৰমপতি শ্ৰীকৃষ্ণৰ কাষত বৃন্দাৱনত আছিল। ৰাসলীলাৰ এই পৰম তত্ত্ব অনুধাৱন কৰি যি ইয়াক একান্ত চিত্তে শ্ৰৱণ-কীৰ্তন কৰে, সি অনায়াসে কাম ভাৱক জয় কৰি ভগৱন্তৰ স্বৰূপানন্দ লাভ কৰে।
“ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ॥
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম-সাগৰ সুখে হৈব পাৰ॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰদেহা নকৰা বৃথা॥” (মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ)
সহায়ক গ্ৰন্থ:
- শ্ৰীমদ্ভাগৱত
- কীৰ্তন ঘোষা
- কেলিগোপাল অঙ্কীয়া নাট
- তত্ত্ব কথা (লক্ষ্মীনাথ বেজবৰুৱা)
শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
শ্বাৱন কুমাৰ মহন্ত

অসমত মঞ্চ ৰাসৰ সূচনা: এটি অৱলোকন
যাদৱ হাজৰিকা

ৰাসলীলাৰ আধ্যাত্মিক তত্ত্ব
অনিৰ্বাণ দত্ত

অসমীয়া সাহিত্যত ৰাধা চৰিত্ৰ
গীতালি কেওট বৰা

শ্ৰীকৃষ্ণৰ ৰাসৰ মাহাত্ম্য আৰু আমাৰ সমাজ
দিগন্ত মহন্ত
এই লেখাটি সম্পূৰ্ণকৈ আৰু বিজ্ঞাপনমুক্তভাৱে পঢ়িবলৈ নীলা চৰাইৰ সদস্য হওক
অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বৌদ্ধিক চৰ্চাক আগবঢ়াই নিবলৈ আৰু আমাৰ সকলো সংৰক্ষিত লেখা নিৰ্বিঘ্নে পঢ়িবলৈ আমাৰ পাঠক সমাজৰ সৈতে যুক্ত হওক।
বা কেৱল এই লেখাটি পঢ়িবলৈ (বিজ্ঞাপনযুক্ত) এটা বিনামূলীয়া একাউণ্ট সৃষ্টি কৰক
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক







