নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কামজয় কেলি ৰাস: এক বিশ্লেষণাত্মক বিচাৰ

কামজয় কেলি ৰাস: এক বিশ্লেষণাত্মক বিচাৰ

ৰাসক্ৰীড়া বা ৰাসলীলা সম্পৰ্কে লেখা আগবঢ়োৱাৰ আগতে কৃষ্ণ কোন, কৃষ্ণতত্ত্ব কি— সহজ-সৰলকৈ কেইশাৰীমান বাক্য আগবঢ়োৱা হওক। অজ্ঞানকৃত অপৰাধ পঢ়ুৱৈমণ্ডলীয়ে মাৰ্জনা কৰিব।

‘কৃষ্ণ’— মনে-বচনে ওচৰ চাপিব নোৱৰা, সমস্ত ভূত-প্ৰাণীৰ প্ৰাণ-বল জগত-আধাৰ। আনন্দৰে পৰিপূৰ্ণ ৰসময় বিগ্ৰহ ‘কৃষ্ণ’। কৃষ্ণ সূক্ষ্মৰো সূক্ষ্ম আৰু স্থূলৰো স্থূল। কৃষ্ণ কাল, মায়া আৰু মোক্ষৰ একমাত্ৰ অধিকাৰী পূৰ্ণব্ৰহ্ম। কৃষ্ণ আপ্তকাম, কৃষ্ণ পূৰ্ণকাম আৰু কৃষ্ণ সৱাৰে আত্মাৰাম। কৃষ্ণ আনন্দময়, কৃষ্ণ জ্ঞানময়, কৃষ্ণ প্ৰেমময়, কৃষ্ণ সত্যময়। কৃষ্ণক শুদ্ধৰূপে জানিব পাৰিলেই সৱাকে জানিব পৰা হয়। যেনেদৰে সমস্ত কাষ্ঠতে অগ্নি বিয়াপি আছে, ঘৰিষণৰ অবিহনে তাক দেখা নাপায়; ঠিক সেইদৰে কৃষ্ণ চৰাচৰ ভৌতিক জগতৰ সৱাৰে হৃদিমাজে ব্যাপ্ত হৈ আছে— ভক্তিবিহনে কৃষ্ণদৰ্শন সুদুৰ্লভ। ভক্তি লাভ হয় সুকৃতিযোগে, সদগুৰুৰ সেৱাযোগে আৰু সাধুসংগৰ সেৱাযোগে।

কৃষ্ণলীলাৰ এক সাধনভক্তি ৰাস। এই লীলা মানে কি? সংস্কৃত ‘লী’ ধাতুৰ পৰা লীলা শব্দৰ উৎপত্তি— যাৰ অৰ্থ খেলা, বিহাৰ কৰা। ইয়াৰ আভিধানিক কেইবাটাও অৰ্থ পোৱা যায়, যেনে— খেলা, ধেমালি, ক্ৰীড়া, বিলাস, আনন্দৰে কৰা কাম, শোভা, লাৱণ্য, মনোহৰ, চেষ্টা, নাটকৰ অভিনয়। আমি সাধাৰণ মানুহে যি কাম কৰোঁ, তাক কৰ্ম বোলে। কৰ্মৰ ভাল-বেয়া ফল থাকে। পাপ-পুণ্য থাকে। কিন্তু ভগৱানে কৰা কামক লীলা বোলে। আমি কাম আমাৰ প্ৰয়োজনত কৰোঁ, ধন উপাৰ্জনৰ বাবে বিভিন্ন কৰ্মত তৎপৰ হওঁ। কৰ্মত মকৰল হওঁ। জীৱৰ জন্ম হয় আপোন (মনুষ্য জন্মৰ) কৰ্মৰ গতিত; কিন্তু ভগৱান প্ৰকট (জন্ম) হয় কৰুণাৰ কাৰণে। জীৱৰ তাৰণৰ বাবে। ভগৱানৰ কাম কৰাৰ কোনো প্ৰয়োজন নাই (অথচ ভগৱান প্ৰতিনিয়ত কৰ্মত তৎপৰ হৈ আছে)। ভগৱান পৰিপূৰ্ণ। তেওঁ কেৱল আনন্দৰ বাবে কাম কৰে। ভগৱান আপ্তকাম। এতেকে “আপ্তকামস্য কা স্পৃহা”। যেনেকৈ বালকে উমলিবলৈ বালিঘৰ সাজে-ভাঙে, তাৰ কোনো লাভ-লোকচান নাই, ঠিক তেনেদৰে ঈশ্বৰ পৰমাত্মা-পূৰ্ণব্ৰহ্মই ব্ৰহ্মাণ্ড সৃষ্টি, স্থিতি আৰু লয় কৰিছে নিজৰ বিনোদ-বিলাসৰ বাবে। তাকে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱ গুৰুজনাই নামঘোষাত ক’লে—

হে কৃষ্ণ তুমি মাত্ৰ চৈতন্যস্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত॥

আৰু পঢ়িব পাৰে
শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া

শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া

বিপুলচন্দ্ৰ ভট্টাচাৰ্য

মায়াৰ কল্পিত এই ভৌতিক সংসাৰ। এই অসাৰ ভৌতিক সংসাৰৰ সাৰকাৰ্য কেৱল কৃষ্ণকৃত্য, কৃষ্ণভক্তি। কৃষ্ণৰ জন্ম-কৰ্ম আদি সকলো দিব্যলীলা। এই দিব্যলীলা শ্ৰৱণ, কীৰ্তন, মনন, পঠন-পাঠন, অভিনয় (ভাওনা) কৰিলে আমাৰ কৰ্মবন্ধন নাশ হৈ যায়। যি কৰ্মবন্ধনৰ বাবে আমি বাৰে বাৰে সংসাৰচক্ৰত উপজি-মৰি সুখ-দুখ ভোগ কৰিব লাগিছোঁ। কৃষ্ণলীলাৰ মহামহিমাৰে আমাৰ সংসাৰৰ বন্ধন কাটি যায়। কৃষ্ণৰ লীলা-অৱতাৰ সম্বন্ধে পৰম গুৰুজনাই শ্ৰীভাগৱতৰ দশম স্কন্ধত উল্লেখ কৰিছে এনেদৰে—

শুনা আৰু নিৰন্তৰে ইটো কৃষ্ণৰ চৰিত্ৰ।
আপুনি ঈশ্বৰ আসি ভৈলন্ত বিদিত॥
আনকালে হোন্ত ইটো অংশ অৱতাৰ।
আসিলন্ত ভগৱন্ত আপুনি ইবাৰ॥
সমস্ত লোকক মুক্তি দিবাৰ কাৰণে।
কৰন্ত বিবিধ লীলা নাথ নাৰায়ণে॥
আক যিটোজনে কৰে শ্ৰৱণ কীৰ্তন।
একেবাৰে আত তিনি সাধৈ প্ৰয়োজন॥
কলিৰ পৰম পাপ সাগৰ সংকাশ।
প্ৰথমতে দহি তাক কৰে সৰ্বনাশ॥
সমস্ত পুণ্যৰ কীৰ্তনতে পাই ফল।
হাততে মিলাৱৈ মহা মুকুতি মংগল॥…

এই দীন দয়াশীল ভকতবৎসল ঈশ্বৰ কৃষ্ণক আমাক চিনাকি কৰাই বিষয়ভোগী সাংসাৰিকসকলৰ ইহকাল-পৰকালৰ সমুন্নতি সাধি পৰম উপকাৰ কৰা মহাপুৰুষ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অভয় পদদ্বন্দ্বত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিৱেদন কৰিলো। কৃষ্ণই শ্ৰীমন্ত শঙ্কৰ, ইয়াত কোনো দ্বিমত নাই। জয় গুৰু শ্ৰীমন্ত শঙ্কৰ। এতিয়া আহোঁ ৰাসসম্বন্ধীয় চমু আলোচনালৈ:

শ্ৰীমদ্ভগৱদ্ গীতাৰ সপ্তম অধ্যয়ৰ তৃতীয় শ্লোকত ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখপদ্মহন্তে বাক্যামৃত নিসৃত হৈছে এইবুলি—

মনুষ্যাণাং সহস্ৰেষু কশ্চিদ্যততি সিদ্ধয়ে।
যততামপি সিদ্ধানাং কশ্চিন্মাং ৱেত্তি তত্ত্বতঃ॥

ইয়াৰ অৰ্থ এনেধৰণৰ— হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেহে মোক (ঈশ্বৰক) পাবৰ কাৰণে যত্নপৰ হয় আৰু সেই প্ৰযত্নৱান যোগীসকলৰ ভিতৰতো মৎপৰায়ণ (ঈশ্বৰপৰায়ণ) হৈ মোক (ঈশ্বৰক) তত্ত্বজ্ঞানেৰে অৰ্থাৎ যথাৰ্থৰূপে জানিব পাৰে।

পৰম দুৰ্জ্ঞেয় ঈশ্বৰক জানিব পৰা এই তত্ত্বজ্ঞান কি, যাক লাভ কৰিলে ঈশ্বৰ পৰমাত্মাক যথাৰ্থৰূপে জানিব পাৰে? ব্যাকৰণিক অৰ্থানুযায়ী ‘তৎ’ শব্দত ‘ত্বল্’ প্ৰত্যয় যোগত সিদ্ধ হোৱা শব্দ ‘তত্ত্ব’। তত্ত্ব মানে বস্তুৰ প্ৰকৃত স্বৰূপ বা প্ৰকৃত পৰিচয়। নামঘোষাতো শ্ৰীশ্ৰীমাধৱপুৰুষে উল্লেখ কৰিছে—

মাধৱে বোলন্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব
ভকতেসে মোৰ মহিমা জানে নিশেষ।
তত্ত্বৰূপে সখি জানি মোক তৰিবা দুৰ্ঘোৰ দুখ শোক
অন্তকালে গৈয়া আমাত হোৱে প্ৰৱেশ॥

চৰাচৰ জগতৰ জীৱবিলাকৰ স্বৰূপ কি? প্ৰকৃত পৰিচয় কি? আমাৰ প্ৰকৃত স্ব-ৰূপ আমি প্ৰত্যেকেই এটি এটি পৰমাত্মাৰ অংশ আত্মা— “জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে…”। অৰ্থাৎ আমাৰ স্ব-ৰূপ শৰীৰ নহয়, আমি আত্মাহে। আত্মাই বিভিন্ন শৰীৰ-ৰূপ (জীৱই কৰ্মফল ভোগ কৰিবলৈ) চোলা পৰিধান কৰি থাকিবলগীয়া হয় যেতিয়ালৈকে পৰমাত্মাৰ সান্নিধ্য-কৃপা লাভ নহয়। ঈশ্বৰ কৃষ্ণৰ ৰাসমহাতত্ত্বৰ দ্বাৰা তাকে আমাক সুন্দৰভাৱে বুজাই গৈছে। গোপী, কামাতুৰা, বৃন্দাৱন, শৰৎকাল, বংশীধ্বনি, যমুনা, বালি, পূৰ্ণিমা ৰাত্ৰি আদি প্ৰত্যেকৰে আছে পৰমাৰ্থ তত্ত্ব। ‘ৰাস’ পৰমাৰ্থ ভক্তিতত্ত্বৰ মূল ব্যাখ্যা। এইখিনিতে উল্লেখ কৰি থোৱা দৰকাৰ যে কৃষ্ণৰ লগত গোপাঙ্গনাসকলে ৰাসক্ৰীড়াত অৱতীৰ্ণ হোৱা সময়ত কৃষ্ণ পৌগণ্ড, অৰ্থাৎ বালক অৱস্থা— কৃষ্ণ আছিল ন বছৰীয়া বালক। মহাপুৰুষ গুৰুজনে ৰাসক “কামজয় কেলি” বুলিছে। মহাৰিপু অজেয় কামৰ ওপৰত বিজয় সাব্যস্ত কৰিব পাৰে ভক্তিতত্ত্বৰে। ‘ৰাস’ শব্দটো ‘ৰস’ শব্দৰ পৰা অহা। ৰসেশ্বৰ হ’ল কৃষ্ণ, অৰ্থাৎ কৃষ্ণ ৰস পৰিপূৰ্ণ বিগ্ৰহ। ৰসৰ পৰা ৰাস, ৰাসৰ পৰা ভক্তি, ভক্তিৰ পৰা কৃষ্ণদৰ্শন আৰু কৃষ্ণদৰ্শনেই মানুহ জনমধৰা মূল নিদান। জীৱাত্মাৰ ৰস থকাৰ বাবেই জীৱনবোধ আছে। সৰ্বাধাৰ পৰমাত্মাৰ বা জগতৰ আত্মাক চিনিব-জানিব পাৰিলেই মানুহ ঈশ্বৰ মহাজ্ঞানেৰে মহাজ্ঞানী হৈ— “পুনৰপি জনমম্ পুনৰপি মৰণম্ পুনৰপি জননী জঠৰে শয়নম্” প্ৰক্ৰিয়া নিবাৰণ কৰিব পৰা হয়। পৰমাত্মাৰ দৰ্শন, স্পৰ্শন, চিনন, মনন কিদৰে হ’ব পাৰে, আত্মাৰূপী গোপীৰ মাধ্যমেৰে শ্ৰীভাগৱত শাস্ত্ৰৰ যোগে আমাক শিক্ষা দি গৈছে। হাজাৰোধিক গোপীয়ে সমস্ত জাগতিক সুখ-ভোগ, সমস্ত দা-দায়িত্ব, সকলোবোৰ কৰ্তব্য, সমস্ত বিষয়-অনুৰাগ একমাত্ৰ পৰমাত্মা কৃষ্ণৰ বাবে পৰিত্যাগ কৰি একলক্ষ্যৰ প্ৰতি ধাৱিত হৈছে। নাই তাত অৰিয়াঅৰি, অসূয়া-অপ্ৰীতি, হাই-উৰুমি, দ্বন্দ্ব-খৰিয়াল, জাত-কুল, উচ্চ-নীচ বিচাৰ। এক পৰমপূৰ্ণব্ৰহ্মৰ সান্নিধ্য লক্ষ্যৰ প্ৰেম সৱাৰে হিয়াৰ মাজত। তাৰ বাবে শৰীৰধৰ্ম যেনে— লোকভয়, প্ৰাণভয়, ধৰ্মভয়কো নেওচিব পাৰিলে। গোপীসকলে (আত্মাই) প্ৰকৃত ধৰ্ম বুজি পাইছে, চিনি পাইছে— পৰমাত্মাক নিজৰ শুদ্ধ চিত্ত, শুদ্ধ হৃদয় আৰু নিৰ্মল মনৰ বাবে। সেয়ে স্পষ্টভাৱে পৰমাত্মাৰ সন্মুখত ক’ব পাৰিছিল—

কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম।
তোমাতে থাকোক সিসৱ ধৰ্ম॥
জগতৰে বন্ধু আতমা তুমি।
সমস্ত ধৰ্মৰ আপুনি ভূমি॥
…
নলাগে পতি পুত্ৰ দুখ হেতু।
হুয়োক প্ৰসন্ন গৰুড়কেতু॥
(কীৰ্তন-ঘোষা)

কেনে প্ৰগল্ভ বচন। ইয়াৰ তত্ত্বাৰ্থ এয়ে যে শৰীৰধৰ্মাৰ্থে (ইন্দ্ৰিয় প্ৰীতিঅৰ্থে) আমি যি কামেই কৰোঁ, সকলো বন্ধনযুক্ত। এইবোৰ দোষযুক্ত নিষ্ফল কৰ্ম। আত্মাৰ কল্যাণাৰ্থে কৰা কৰ্মহে প্ৰকৃত কৰ্ম। পৰমাত্মাৰ প্ৰীতি অৰ্থে কৰা কৰ্মই আত্মাৰ শ্ৰেয় কল্যাণকৰ কৰ্ম। এই কৰ্মহে ধৰ্মময় হয়। যি কৰ্মৰ যোগে ঈশ্বৰ কৃষ্ণৰ বিনোদৰূপ এই বহিৰংগা শক্তি প্ৰকৃতিজগতখনৰ ওপৰত বিজয় প্ৰাপ্তি হৈ আমি জনম-মৰণ মহাদুখৰ পৰা নিস্তাৰ পাব পাৰিম। ৰাসক্ৰীড়াযোগে এই ভক্তিতত্ত্বকে আমি বিষয়াসক্তসকলক বুজাই গৈছে। ইয়াৰ বাবে আমাৰ শৰীৰধাৰী (মন-মুখ-বাক্য থকা)সকলৰ বাবে লাগিব নিৰহংকাৰী বুদ্ধি, নিৰ্মল হৃদয়ৰ ভক্তিযুক্ত মন। সত্য-সনাতন যি প্ৰকৃত বস্তু, সেই বস্তু লাভ কৰিলে প্ৰকৃতি জগতৰ অবস্তুবোৰৰ আমাৰ হৃদয়-মনত কেতিয়াও প্ৰভাৱ বিস্তাৰ কৰিব পৰা সাধ্য নাই। আমি পাৰ্থিৱ সমস্ত বিষয়ভোগ কৰিও পদুমৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰিম। এনে জীৱনেই মহাজীৱন, পৰমজীৱন, মৃত্যুজিনা জীৱন।

ভগৱান কৃষ্ণৰ অতি সুমধুৰ সুললিত বংশীধ্বনি কেৱল ব্ৰজৰ গোপীসকলেহে শুনা পালে, অন্যসকলে নাপালে কিয়? ইয়াতে লুকাই আছে পৰমাৰ্থতত্ত্ব। আত্মাতত্ত্ব। পৰমাত্মাৰ ধ্বনি কেৱল শুদ্ধাত্মাসকলৰ বাবেহে।

ৰাসে শিকাই আমাক অহংকাৰশূন্য জীৱনৰ কথা, নিজক অকৰ্তা বুলি মানি লোৱা জীৱনৰ কথা। ঐকান্তিক একাগ্ৰতা, ধাউতি, আগ্ৰহৰ কথা। বেদ-কৰ্মহীনা, নিৰক্ষৰ, সদাচাৰহীনা ব্ৰজাঙ্গনাসকলে (মানে আত্মাই) ঈশ্বৰ প্ৰাপ্তি (পৰমাত্মাৰ দৰ্শন, সান্নিধ্য)ৰ বাবে তিনিটি বস্তুৰ যে নিতান্তই আৱশ্যকীয় তাক বুজি উঠিছিল— ১) প্ৰয়াস (নিজৰ অহোপুৰুষাৰ্থ), ২) প্ৰাৰ্থনা (তেওঁৰ কৃপাৰ বাবে কাতৰতা) আৰু ৩) প্ৰতীক্ষা (ধৈৰ্য)। এই তিনি বস্তুৰ ঐকান্তিক সহযোগত ভকতবৎসল পৰম কাৰুণিক দয়াময় পৰমাত্মাক গোপীসকলে লাভ কৰিলে। এয়া অপূৰ্ণকামী আমাৰ সকলোৰে বাবে শ্ৰেয় শিক্ষা। এই শিক্ষা বুকুৱে বুকুৱে সঁচা অৰ্থত আমি প্ৰতিফলিত কৰিব পাৰিলে ঈশ্বৰ পৰমাত্মাৰ সান্নিধ্য-কৃপাৰে আমিও পূৰ্ণকামী হ’ব পাৰিব।

যিলোক আত্মাৰ কল্যাণৰ বাবে নিৰন্তৰ যুক্ত, সেইলোকৰ দা-দায়িত্ব পৰিচালনা ঈশ্বৰ কৃষ্ণৰ ওপৰত। সেই উদাহৰণ পাওঁ ৰাসক্ৰীড়াৰ মাধ্যমেৰে—

মুহিলা গোপক কৃষ্ণৰ মায়া।
কাছতে আছে দেখে নিজ জায়া॥
নকৰে অসূয়া কৃষ্ণক কেৱ।
কায় মনে সৱে কৰন্ত সেৱ॥

শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত পৰমগুৰুজনাই কলম মাৰি গৈছে এনেদৰে—

গোকুলৰ গোপ জনৰ মনক
মোহিলে কৃষ্ণৰ মায়া।
হাতে বোলাই দেখে শয্যাতে শুতিয়া
কাছে আছে নিজ জায়া॥
যশোদায়ে তৈত পুত্ৰক দেখন্ত
শয্যাতে আছন্ত শুতি।
আছোক মানুষ যাহাৰ মায়াত
ব্ৰহ্মায়ো ভৈল বিশ্ৰুতি॥

এয়া কৃষ্ণৰ যোগমায়াৰ প্ৰভাৱ। যি যোগমায়াৰ মধুমতী মায়াত ত্ৰিভুৱন মুহিত। এই মায়াক জিনা সহজসাধ্য নহয়। মহা মহা জ্ঞানী-যোগীয়েও এই মায়াৰ পৰা সহজে পৰিত্ৰাণ পাব নোৱাৰে। তেনে অসাধ্য সাধন গোপীসকলে একান্ত ভক্তিৰ মহিমাৰে জিনিব পাৰিলে। তাকেই ৰাসক্ৰীড়াৰ যোগে আমাৰ সাধাৰণসকলৰ বাবে শ্ৰেষ্ঠতম লোকশিক্ষা। গোপাঙ্গনাসকলক গোপসকলে নিজ নিজ শয্যাতে লগ পাইছে, যশোদায়ো কৃষ্ণক নিজৰ কাষতে পাইছে। তেন্তে বৃন্দাৱনলৈ যোৱাসকল কোন? সেইসকলেই আত্মা— আত্মাৰ পৰমাত্মাত মিলন। এয়াই ভক্তিতত্ত্বৰ পৰমশক্তি, প্ৰেমৰ মহাশক্তি, অতৰ্ক প্ৰভাৱ। প্ৰেমভক্তিযুক্ত জীৱনেহে মানুহক ঈপ্সিত লক্ষ্যত উপনীত কৰাব পাৰে, মুক্তি দিয়াব পাৰে। প্ৰেম-ভক্তিৰ চূড়ান্ত নিৰ্দশন ৰাসক্ৰীড়া সম্বন্ধে স্পষ্টকৈ মহাপুৰুষ গুৰুৱে আমাক কীৰ্তন-ঘোষা যোগে কৈ গৈছে—

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ॥
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কামসাগৰে সুখে হৈব পাৰ॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰদেহা নকৰা বৃথা॥

আকৌ—

কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।
কলিযুগে ভাগ্যে ভাৰতত ভৈলা নৰ॥
হৰি ভকতিত যেৱে কৰা দৃঢ়মতি।
ইজন্মত নিচয়ে পৰম পাইবা গতি॥
ভকতিত পৰে ধৰ্ম নাহি সংসাৰত।
চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব॥
ৰামনাম অমৃত সততে কৰা পান।
বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ॥

আত্মাতত্ত্ব পৰম দুৰ্বোধ্য। গূঢ়তত্ত্ব আত্মাক জানিব পৰা নিৰ্মল শিক্ষাই হ’ল ঈশ্বৰ কৃষ্ণৰ ৰাসক্ৰীড়া।

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক