নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ধৰ্মৰ দুখন বিপৰীত ছবি: অন্ধসংস্কাৰ বনাম সাত্ত্বিক ভক্তি

ধৰ্মৰ দুখন বিপৰীত ছবি: অন্ধসংস্কাৰ বনাম সাত্ত্বিক ভক্তি

ধৰ্মৰ মূল আধাৰ হৈছে কৰুণা, প্ৰেম আৰু আধ্যাত্মিক চেতনা। কিন্তু সাম্প্ৰতিক সময়ত আমাৰ সমাজত একেগৰাকী দেৱী মাতৃক কেন্দ্ৰ কৰি ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ যি দুখন বিপৰীত ছবি প্ৰতিফলিত হৈছে, সি সঁচাকৈয়ে বিবেকবান মানুহক চিন্তা কৰিবলৈ বাধ্য কৰে।

এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ বতৰত মোৰ বিহাৰ ভ্ৰমণ কালত এক ব্যতিক্ৰমী অভিজ্ঞতা হ’ল। মোৰ নিজৰ জন্মভূমি অসম তথা ঢকুৱাখনাৰ ঘৰৰ কাষৰ পূজাভাগি আৰু বিহাৰৰ পূজাস্থলীৰ আধ্যাত্মিক পৰিৱেশৰ মাজত মই এক আকাশ-পাতাল পাৰ্থক্য প্ৰত্যক্ষ কৰিলো। দুয়োটা পক্ষৰে লক্ষ্য এক— মহিষমৰ্দিনী মা দুৰ্গাৰ আৰাধনা। অথচ উপাসনাৰ শৈলীগত বৈপৰীত্যই ধৰ্মৰ প্ৰকৃত স্বৰূপক লৈ বুকুত এক গভীৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে।

আমাৰ অসমৰ বহু পূজাস্থলীত আজিও দেৱী মাক সন্তুষ্ট কৰাৰ নামত অবোধ জীৱৰ কেঁচা মাংস আৰু তপত তেজৰ অৰ্ঘ্য আগবঢ়োৱা হয়। ইয়াৰ বিপৰীতে বিহাৰত দেখিলো, সম্পূৰ্ণ সাত্ত্বিকতা,— ন দিন আৰু ন ৰাতি অখণ্ড উপবাসেৰে কেৱল পৱিত্ৰ ভক্তিৰ অৰ্ঘ্যৰে কৰা জাগৰণ। মই ব্যক্তিগতভাৱে জীৱ বলিৰ সদায় বিৰোধিতা কৰি আহিছোঁ আৰু আজীৱন কৰি যাম। কাৰণ, নিজৰ বৈষয়িক স্বাৰ্থ সিদ্ধিৰ বাবে বা জিভাৰ সোৱাদ পূৰণ কৰিবলৈ আন এটা জীৱক নিষ্ঠুৰভাৱে হত্যা কৰি কোনেও কেতিয়াও প্ৰকৃত মানসিক সুখ বা আশীৰ্বাদ লাভ কৰিব নোৱাৰে। আটাইতকৈ মৰ্মান্তিক দৃশ্যটো তেতিয়া প্ৰকট হয়, যেতিয়া এটা অবোধ ছাগলী বা হাঁহৰ শিঙে-গায়ে সেন্দূৰ-ৰং সানি ধূপ-ধূনাৰে পূজা কৰা হয় আৰু মুহূৰ্তৰ ভিতৰতে তাক কাটি তাৰ সেই তপত মঙহখিনিক মানুহে গৰম তেলত ভাজি পৰম তৃপ্তিৰে ভক্ষণ কৰে। মোৰ অন্তৰাত্মাই প্ৰশ্ন কৰে— জগজ্জননী মায়ে জানো কেতিয়াবা নিজৰ সন্তানৰ বলি বিচাৰিব পাৰে? সৃষ্টিৰ প্ৰতিটো জীৱই যদি মাৰ সন্তান, তেন্তে এটা সন্তানৰ ডিঙি কাটি তেজ বোৱাই দিলে আনটো সন্তানে কৰা আৰাধনাত মা জানো সন্তুষ্ট হ’ব? মৃত্যুৰ ক্ষণত সেই নিষ্পাপ জীৱটোৰ চকুৰ পানী আৰু আত্মৰক্ষাৰ কাতৰ আহ্বান মায়ে কেনেকৈ সহ্য কৰিব পাৰে? ই কোনো ধৰ্মীয় দৰ্শন হ’ব নোৱাৰে, ই কেৱল ধৰ্মৰ নামত চলা এক তামসিক অন্ধবিশ্বাসহে।

আৰু পঢ়িব পাৰে

আমাৰ সনাতন ধৰ্মৰ সৰ্বোচ্চ গ্ৰন্থ— বেদ, উপনিষদ আৰু শ্ৰীমদ্ভগৱদ্গীতাই কেতিয়াও এনে ৰক্তাক্ত হিংসাক সমৰ্থন কৰা নাই। যজুৰ্বেদৰ অমৰ বাণী হ’ল— ‘মা হিংস্যাৎ সৰ্ব ভূতানি’ (मा हिंस्यात् सर्व भूतानि), অৰ্থাৎ কোনো জীৱকে হিংসা নকৰিবা। ঈশোপনিষদৰ প্ৰথম শ্লোকতে ঘোষণা কৰা হৈছে— ‘ঈশা বাস্যমিদং সৰ্বং যৎ কিঞ্চ জগত্যাং জগত…’ (ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् ), যাৰ অৰ্থ হৈছে— এই চৰাচৰ বিশ্বৰ প্ৰতিটো অণু-পৰমাণু আৰু জীৱৰ মাজত এক পৰমেশ্বৰেই বিৰাজ কৰিছে। তেনেস্থলত ধৰ্মীয় স্থানত জীৱ হত্যা কৰাটো ঈশ্বৰৰ সৃষ্টিক অপমান কৰাৰ বাদে আন একো নহয়। আনকি স্বয়ং ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভগৱদ্গীতাৰ নৱম অধ্যায়ৰ ২৬ সংখ্যক শ্লোকত অতি স্পষ্টকৈ কৈছে:

‘পত্ৰং পুষ্পং ফলং তোয়ং যো মে ভক্ত্যা প্ৰযচ্ছতি।
তদহং ভক্ত্যুপহৃতমশ্নামি প্ৰযতাত্মনঃ॥’
(पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥)

অৰ্থাৎ, মোক যদি কোনোবাই কেৱল পৱিত্ৰ ভক্তিৰে এখিলা পাত, এটা ফুল, এটা ফল বা সামান্য অলপ পানীও অৰ্পণ কৰে, মই তাকেই পৰম সন্তোষেৰে গ্ৰহণ কৰোঁ। ভগৱানে ক’তো তেজ বা মাংসৰ নৈবেদ্য বিচৰা নাই, তেওঁ বিচাৰিছে কেৱল অহিংসা আৰু নিষ্কাম ভক্তি।

বিহাৰৰ এজন স্থানীয় ভক্তক যেতিয়া মই তেওঁলোকৰ বলি বিধানৰ কথা সুধিলো, তেওঁৰ উত্তৰে মোৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ ক’লে— আমাৰ বাবে মানুহ যেনেকৈ এটা জীৱ, এটা হাঁহ, কুকুৰা বা ছাগলীও ঠিক তেনেকৈয়ে প্ৰাণ থকা জীৱ। সেয়ে আমি কোনো প্ৰাণীক হত্যা নকৰোঁ; তাৰ পৰিৱৰ্তে কুঁহিয়াৰ, কোমোৰা, জৰা টেঙা আদি বলি দি পৰম্পৰাভাগি ৰক্ষা কৰোঁ।

যদি ভাৰতবৰ্ষৰ আন প্ৰান্তৰ সমাজে ধৰ্মৰ এই উদাৰ আৰু সাত্ত্বিক ৰূপটোক আঁকোৱালি ল’ব পাৰিছে, তেন্তে শংকৰ-মাধৱৰ পৱিত্ৰ ভূমি আমাৰ অসমে কিয় নোৱাৰে? সময়ৰ আহ্বানৰ সৈতে আমি নিজক সলনি কৰিব নোৱাৰোঁনে? অতীতৰ সতীদাহ প্ৰথা বা নৰবলিৰ দৰে কুপ্ৰথাবোৰ যদি ধৰ্মৰ অংগ নহয় বুলি আমি বৰ্জন কৰিব পাৰিলো, তেন্তে এই অবোধ জীৱকুলৰ ওপৰত চলা নিষ্ঠুৰতাক কিয় ধৰ্মৰ নামত জীয়াই ৰাখিছোঁ?

আহক, ধৰ্মীয় স্থানত তেজৰ নদী বোৱাই প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ পৰিৱৰ্তে আমি সকলোৱে কুঁহিয়াৰ, কোমোৰা বা কল আদি বলি দিয়াৰ এক পৰিষ্কাৰ, পৱিত্ৰ আৰু অহিংস পৰম্পৰা গঢ়ি তোলোঁ। ই কোনো বিতৰ্ক বা কাৰো ধৰ্মীয় অনুভূতিক আঘাত হানিবলৈ কৰা মন্তব্য নহয়, ই কেৱল সমাজৰ বিবেকবান ৰাইজ আৰু ধৰ্মপ্ৰাণ সমাজলৈ আমাৰ এক আন্তৰিক বিনম্ৰ আহ্বান। ধৰ্মই মানুহক জীৱশ্ৰেষ্ঠ হিচাপে দয়া আৰু কৰুণা শিকাওক, হিংসা নহয়।

ছবি: লেখকৰ সৌজন্যত

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: