জগত আৰু জীৱৰ সৃষ্টি এক মহাজাগতিক পৰিঘটনাৰ ফল। ব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ গ্ৰহ হৈছে আমাৰ পৃথিৱী। এই পৃথিৱীতেই উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ— চাৰিমুঠি জীৱৰ সৃষ্টি হৈছে। আদিম যুগত মানৱ নামৰ শ্ৰেষ্ঠ জীৱবিধে প্ৰকৃতিৰ মাজত প্ৰাকৃতিকভাৱেই বসবাস কৰিছিল। কৃষিৰ আৱিষ্কাৰ হোৱাৰ লগে লগেই প্ৰকৃতিৰ ভিন্ন ৰূপো মানুৱ সমাজে লক্ষ্য কৰিছিল। প্ৰাকৃতিকভাৱে ঘটা ঘটনা-পৰিঘটনাসমূহ, যেনে— আগ্নেয়গিৰিৰ উদ্গিৰণ, ভূমিকম্প, ধুমুহা, বানপানী, মহামাৰী আদিয়ে মানুহক ভয়-ভীত কৰি তুলিছিল। প্ৰকৃতিৰ এই তাণ্ডৱ ৰূপ দেখি মানুহৰ অন্তৰত বিশ্বাস বদ্ধমূল হৈছিল যে এয়া কোনো ঐশ্বৰিক শক্তিৰেই কৃতকৰ্ম। এই ধাৰণাৰ পৰাই ঈশ্বৰৰ ধাৰণা মানৱ অন্তৰত প্ৰতিষ্ঠিত হৈছিল আৰু সেই ঈশ্বৰক পুৰুষ আৰ প্ৰকৃতি (নাৰী)ৰ ৰূপত কল্পনা কৰা হৈছিল। সেই প্ৰকৃতি বা নাৰী হৈছে মাতৃ স্বৰূপা। ধৰ্মীয় ধাৰণাই সেই ৰূপৰ ভিন্ন নামকৰণ কৰিছে।
বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ ঋগ্বেদত ঈশ্বৰৰ ৰূপ আৰু স্তুতিৰ (প্ৰাৰ্থনা) বৰ্ণনা কৰা হৈছে। পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সিন্ধু উপত্যকাৰ সভ্যতা আৰু পৰৱৰ্তী বৈদিক সভ্যতাত পুৰুষ আৰু নাৰীৰ ৰূপৰ বৰ্ণনা দেখা যায়। এই নাৰী ৰূপৰ অন্যতম এক ৰূপেই হৈছে দেৱী দুৰ্গাৰ ৰূপ।
পুৰাণ সাহিত্যসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছু পুৰাণে বিষ্ণুক আৰু কিছু পুৰাণে শিৱৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। এই দুয়োজন পুৰুষ দেৱতা। আনহাতে দেৱীৰ শ্ৰেষ্ঠত্ব প্ৰকাশক পুৰাণসমূহে নাৰী বা মাতৃৰ শ্ৰেষ্ঠত্ব প্ৰতিফলিত কৰিছে। অসমত ৰচিত হোৱা কালিকা পুৰাণে শিৱৰ মহত্ত্ব আৰু যোগিনীতন্ত্ৰই দেৱীৰ মহত্ত্ব প্ৰকাশ কৰিছে। যোগিনীতন্ত্ৰই ঘোষণা কৰিছে—
“কামৰূপং দেৱীক্ষেত্ৰং কুত্ৰাপি তৎসম্ ন চ।
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে॥”
অৰ্থাৎ কামৰূপ (প্ৰাচীন অসম) হৈছে দেৱীৰ ক্ষেত্ৰ। আন ক্ষেত্ৰত দেৱী বিৰল, কিন্তু কামৰূপত দেৱী ঘৰে ঘৰে পূজিতা।
শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ
বিপুলচন্দ্ৰ ভট্টাচাৰ্য
প্ৰকৃতিৰ দুটা ঋতুত দেৱী বিশেষভাৱে পূজিতা হয়। বসন্ত কালত দেৱীক বাসন্তী ৰূপত আৰু শৰৎ ঋতুত দেৱীক শাৰদীয় ৰূপত অৰ্থাৎ দশভুজা দুৰ্গাৰ ৰূপত পূজা কৰা হয়। বাল্মীকি মুনি কৃত মূল ৰামায়ণত শাৰদীয় পূজাৰ বৰ্ণনা নাই যদিও তুলসীদাসৰ ৰামায়ণ (হিন্দী ৰামায়ণ)ত ৰামচন্দ্ৰই ৰাৱণ বধৰ বাবে অকাল বোধন কৰি দুৰ্গাক পূজা কৰি শক্তি আহৰণৰ চেষ্টা কৰা কথাৰ উল্লেখ পোৱা যায়। কীৰ্তিবাসী ৰামায়ণ (বাংলা ভাষাৰ ৰামায়ণ)তো শাৰদীয় দুৰ্গোৎসৱৰ উল্লেখ আছে। আৰ্যমূলীয় প্ৰান্তীয় ভাষাসমূহৰ ভিতৰত প্ৰথম অসমীয়া ভাষাত প্ৰাক শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলীয়ে ৰামায়ণৰ পদানুবাদ কৰিছিল। চতুৰ্দশ শতিকাত কমতাপুৰৰ ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত পদানুবাদ হোৱা অসমীয়া ৰামায়ণত শাৰদীয় দুৰ্গাপূজাৰ উল্লেখ নাই।
অসমত অতি প্ৰাচীন কালৰে পৰাই দেৱীৰ উপাসনাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। নৰকাসুৰৰ দিনৰ পৰাই কামাখ্যা দেৱীৰ কথা জনা যায়। অসমৰ বিভিন্ন প্ৰান্তত দেৱীৰ ভিন্ন ৰূপৰ উপাস্য পীঠ আছে। শাৰদীয় দুৰ্গাপূজাৰ প্ৰচলন যথাসম্ভৱ আহোম ৰাজত্বকালৰ পৰাই আৰম্ভ হৈছিল। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত (১৭১৪-৪৪ খ্ৰী.) তেখেতৰ প্ৰথমা পত্নী বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে বংগদেশৰ পৰা খনিকৰ অনাই মৃত্তিকা মূৰ্তি সজোৱাই দুৰ্গাপূজা কৰোৱাৰ উল্লেখ বুৰঞ্জীত পোৱা যায়। এই কৰ্মৰ জৰিয়তে বৈষ্ণৱপন্থীসকলক ধৰ্মীয় নিৰ্যাতন চলোৱাৰ কথাও উল্লেখ আছে। বহুতেই শাৰদীয় দুৰ্গাপূজাৰ পৰম্পৰা বংগদেশৰ প্ৰব্ৰজিত হোৱা বুলি মত প্ৰকাশ কৰিছে। ইংৰাজৰ শাসন অসমত প্ৰৱৰ্তন হোৱাৰ পাছৰ পৰা বিভিন্ন সূত্ৰে বংগদেশৰ মানুহ অসমলৈ প্ৰব্ৰজিত হোৱাৰ লগে লগে তেওঁলোকৰ সংস্কৃতিও লগত আহিল। আনহাতে অসমত চাহবাগিচা স্থাপন হোৱাৰ পাছৰ পৰা মধ্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকৰ অসমলৈ আগমন হোৱাৰ লগে লগে বহু জাতি-সম্প্ৰদায়ৰ সংস্কৃতিও অসমলৈ আহিল। তেতিয়াৰ পৰাই শাৰদীয় দুৰ্গাপূজাৰ পয়োভৰ অসমতো বাঢ়িবলৈ ধৰিলে।
দেৱী দুৰ্গাক দুৰ্গতিনাশিনী বুলি কোৱা হয়। পুৰাণসমূহৰ ভিতৰত মাৰ্কণ্ডেয় পুৰাণ হৈছে শাক্তপন্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই পুৰাণৰ ৮১ সংখ্যক অধ্যায়ৰ পৰা ৯৩ সংখ্যক অধ্যায়লৈ দেৱীৰ দ্বাৰা মধুকৈটভ বধ, মহিষাসুৰ বধকে ধৰি অনেক অসুৰ বধৰ উল্লেখ কৰা হৈছে। এই বৰ্ণনাৰ জৰিয়তে জ্ঞানৰ বিপৰীতে অজ্ঞানতাৰ পৰাজয়, সংস্কৃতিৰ বিপৰীতে দুষ্কৃতিৰ পৰাজয় সূচনা কৰা হৈছে। মাৰ্কণ্ডেয় পুৰাণৰ এই অসুৰ বধৰ বৰ্ণনা থকা খণ্ডই হৈছে শ্ৰীশ্ৰীচণ্ডী। এই চণ্ডী পাঠ কৰি দুৰ্গাপূজাত প্ৰাৰ্থনা কৰা হৈছে—
‘ৰূপং দেহি, জয়ং দেহি। যশো দেহি, দ্বিষো জহি…।।’
যি নহওক, মাতৃ সদায় শ্ৰেষ্ঠ। সেই মাতৃয়েই হৈছে সৃষ্টি আৰু ধ্বংসৰ গৰাকী। সেয়ে সমগ্ৰ প্ৰকৃতি জগতেই হৈছে মাতৃস্বৰূপা। সেয়ে মাতৃস্বৰূপা শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ—
‘য়া দেৱী সৰ্বভূতেষু মাতৃ ৰূপেণ সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥’
দুর্গা পূজা, নৱৰাত্ৰি আৰু নৱদুৰ্গা
ড° মোহিনী গোস্বামী

অকালে ব্ৰহ্মণা বোধো...
তৰুণ চন্দ্ৰ শৰ্মা

পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা আৰু লেৰেলা খনিকৰ
জ্যোতিষ্মান শৰ্মা

ধৰ্ম: প্ৰাৰম্ভিক সূত্ৰ
ড° গকুল গোস্বামী

প্ৰাচীন কামৰূপত বজ্ৰযানী তান্ত্ৰিক পীঠ
ড° ভৱেশ দাস
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

