বি দ্যা, বুদ্ধি, জ্ঞান আৰু সৎগুণৰ বিকাশেই হ’ল মানৱ সভ্যতাৰ মাপকাঠী। এয়া ব্যক্তিগত জীৱনৰো ক্ৰম বিকাশৰ চাৰিটা স্তৰ। ব্যক্তিগত ক্ষেত্ৰতেই হওক বা জাতীয় ক্ষেত্ৰতেই হওক, আৰ্থিক উন্নতি, ঐশ্বৰ্য-বিভূতি নিৰ্ভৰ কৰে বিদ্যা আৰু বুদ্ধিৰ ওপৰত। জ্ঞান আৰু সৎগুণে পোনপটীয়াকৈ আৰ্থিক ক্ৰমবিকাশত সহায় নকৰে। ভাতমুঠি, কাপোৰখন আৰু ঘৰটোৰ কাৰণে আমাক জ্ঞান আৰু সৎগুণৰ বিশেষ আৱশ্যক নহয়, বিদ্যা আৰু বুদ্ধিয়েই যথেষ্ট। কিন্তু জ্ঞান আৰু সৎগুণৰ অভাৱত মানৱৰ ক্ৰমবিকাশৰ দ্বাৰ ৰুদ্ধ হৈ পৰে, বিকাশৰ অধোগতি আৰম্ভ হয়, ঐশ্বৰ্য-বিভূতিৰো ধ্বংস হয়। জ্ঞান আৰু সৎগুণৰ অভাৱতে বহুতো সভ্যতাৰ বিপৰ্যয় ঘটাৰ কাহিনী মানৱ ইতিহাসত সিঁচৰতি হৈ আছে। দেখি-শুনি, পঢ়ি-শুনি আহৰণ কৰা তথ্য-সংবাদৰে বিদ্যা-বুদ্ধিৰ সূচনা হয়। আনহাতে জ্ঞান আৰু সৎগুণৰ আধাৰ হ’ল ধৰ্ম।
ধৰ্ম বা Religion শব্দটো দেশ, জাতি বা সভ্যতা বিশেষে বেলেগ বেলেগ মূলৰ পৰা উদ্ভৱ হৈছে। প্ৰাচ্যৰ দেশ বা সভ্যতাসমূহত ধৰ্মক সাধাৰণতে আধ্যাত্মিক জীৱনৰ এক পন্থা (পথ) বা Way বুলি গ্ৰহণ কৰা হয়।
“Hinduism is a way of life, a mode of thought, that becomes second nature”— হিন্দুধৰ্ম জীৱনৰ এক পন্থা, এক চিন্তাধাৰা, যি প্ৰকৃতিৰ দৰেই স্বভাৱত পৰিণত হয়। (Louis R., Religions of Ancient India, ১৯৫৩) পুৰাতন ইহুদি সম্প্ৰদায়ৰ ধৰ্ম অৰ্থত ব্যৱহাৰ কৰা ‘Hodo’ শব্দটোৰ অৰ্থ হ’ল Way। খ্ৰীষ্ট ধৰ্মৰ প্ৰাৰম্ভিক অৱস্থাত ৰচিত Book of Act নামৰ পুথিতো ধৰ্মক Way শব্দৰে বুজোৱা হৈছিল। বৌদ্ধ ধৰ্ম হ’ল মহান অষ্টপথৰ সমাৱেশ। জাপানীসকলৰ Shinto হ’ল ভগৱানৰ পথ। কনফুচিয়াচৰ বাণীসমূহো আছিল ‘সেই পথ’ নিদৰ্শক। আৰু সেই অৰ্থতে আমাৰো ‘দামোদৰদেৱ পন্থী’, ‘গোপালদেৱ পন্থী। Religion শব্দৰ মূল লেটিন Religio— দ্বাৰ্থবোধক। এই শব্দটোক কোনো কোনোৱে দৈৱিক বাৰ্তা পালন কৰা বা স্বৰ্গীয় লক্ষণৰ বুজ লোৱা অৰ্থত আৰু অন্য শ্ৰেণীয়ে ‘মানৱ আৰু অতিমানৱ’ৰ সংযোগ অৰ্থত ব্যৱহাৰ কৰে। আধুনিক ইউৰোপীয়সকলৰ সৰহ সংখ্যকৰ কাৰণে Religion শব্দৰ অৰ্থ হ’ল— মানৱ আৰু অতিমানৱীয় বিশ্বব্যাপক, পৱিত্ৰ আৰু অতি প্ৰাকৃতিক স্বয়ম্ভূ পৰম আদিপুৰুষ বা সৰল অৰ্থত— পৰমেশ্বৰৰ লগত সংযোগ আৰু লগতে বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা আৰু নিয়ন্ত্ৰক অতিমানৱীয় শক্তিৰ প্ৰতি শ্ৰদ্ধা-ভক্তিৰ প্ৰকাশ। উল্লেখনীয় যে Religion শব্দৰ মূল Ligare মানে ‘বান্ধি ৰখা’।
সকলো ধৰ্মৰে এক সাধাৰণ গুণ বা উপাদান হ’ল— ঈশ্বৰ বা ঐশ্বৰিক শক্তিক বিশ্বাস কৰা। এই বিশ্বাসৰ আধাৰতে ধৰ্মৰ বিজ্ঞানসন্মত সূত্ৰ পাঁচটা ভাগত বৰ্ণোৱা হয়:
১) অপাৰ, অনন্ত, অব্যয়, সৎ আৰু ন্যায়ৰ প্ৰতিভূ, সৰ্বশক্তিমান, কাৰ্য আৰু কাৰণৰ হেতু, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম তথা স্বয়ম্ভূ পৰমেশ্বৰৰ স্থিতি।
২) সেই স্বয়ম্ভূ পৰমেশ্বৰৰ সেৱা কৰাটো মানুহৰ কৰ্তব্য।
৩) পৰমেশ্বৰ সেৱাৰ প্ৰধান স্বৰূপ হ’ল ভক্তি আৰু সৎকৰ্ম।
৪) পৰমেশ্বৰৰ ওচৰত কৰা পাপৰ কাৰণে অনুশোচনা আৰু প্ৰায়শ্চিত্ত আৱশ্যকীয়।
৫) কৰ্মফল ভৱিষ্যৎ জীৱনত অৱশ্যম্ভাবী।
সকলো ধৰ্মৰে চিন্তাৱিদসকলে ঈশ্বৰৰ স্থিতিৰ যুক্তি আৰু প্ৰমাণ দিয়ে। ঈশ্বৰ সত্য, ‘সত্যস্বৰূপ’। সেই ঈশ্বৰ উপলব্ধি সম্ভৱ হয় কেৱল জ্ঞান, সৎগুণ আৰু সৎকাৰ্যৰ দ্বাৰাহে। ফিলষ্ট্ৰেটাচৰ Life of Apollonius নামৰ পুথিত এপ’ল’নিয়াচ আৰু দুজন ভাৰতীয় বিজ্ঞ পুৰুষৰ কথোপকথনৰ উদ্ধৃতি দিয়া হৈছে। এপ’ল’নিয়াচে বিজ্ঞদ্বয়ক সুধিলে,— “তোমালোকে নিজকে চিনি পোৱানে?”
“হয়, আমাৰ জ্ঞানৰ মূল ভেটি হ’ল— আমি নিজকে চিনি পাইছোঁ। নিজকে নাজানিলে জ্ঞান প্ৰাপ্তি হ’ব নোৱাৰে।”
“তেন্তে, তোমালোকে নিজকে কি বুলি ভাবা?”
“আমি ঈশ্বৰ স্বৰূপ।”
“কিয়?”
“আমাৰ সৎকাৰ্যৰে আমি ঈশ্বৰৰ লগত এক হৈছোঁ।”
মন কৰিবলগীয়া যে পৃথিৱীৰ বিভিন্ন ধৰ্মৰ ইটোৰ সিটোৰ মাজত যিমান মিল আছে, তাৰ তুলনাত পাৰ্থক্য অতি নগণ্য। “বিভিন্ন ধৰ্ম, পৰমেশ্বৰে বিভিন্ন ভাষাত কোৱা কথাৰ নিচিনা।”
এই ধৰ্মৰ সূচনা হ’ল কেতিয়া আৰু কেনেকৈ? প্ৰতিজন লোকেই জীৱনৰ কোনো নহয় কোনো মুহূৰ্তত প্ৰশ্ন কৰে, মই কোন? আত্মা বুলি ভবাটোনো কি? এই বিশ্ব-ব্ৰহ্মাণ্ডখননো কি? ইয়াৰ কাৰণেই বা কি? ইয়াৰ আৱশ্যকেই বা কি? ইয়াৰ লগত মোৰ সম্পৰ্কই বা কি? মৃত্যু কি? মই সকলো শক্তি প্ৰয়োগ কৰিও কৰিব নোৱৰা কামবিলাকৰ প্ৰকৃতি কি? এই নিত্য পৰিৱৰ্তিত বিশ্বব্ৰহ্মাণ্ডত কোনোবা এজন সৰ্ববিদ্যমান আছে নেকি?
এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰোঁতেই হয়তো বিশেষ বিশ্বাস (Faith, Belief) বা ধৰ্মৰ সূচনা হ’ল। ধৰ্মৰ সূচনা কৰা এই প্ৰশ্ন বা সমস্যাবিলাকক চাৰি ভাগত ভগাব পাৰি:
১) স্বয়ং বা নিজৰ সম্পৰ্কীয়
২) সমস্ত প্ৰাণী জগত সম্পৰ্কীয়
৩) স্বয়ম্ভূ সম্পৰ্কীয় আৰু
৪) জীৱনৰ ভৌতিক আৰু আধ্যাত্মিক বিষয়ৰ মূল্যাঙ্কন।
আধুনিক প্ৰায় সকলো ধৰ্মতে নিজকে (স্বয়ং) শৰীৰ আৰু আত্মাত বিভক্ত কৰা হয়। কিন্তু অতীজতে ইয়াৰ বেলেগ বেলেগ বিভাজন কৰা হৈছিল আৰু বহু ক্ষেত্ৰতে একাধিক আত্মাৰ উল্লেখ পোৱা হয়। আনহাতে আত্মাবিহীন শৰীৰৰ সমৰ্থকো সংখ্যাত কম নহয়। এসময়ত এক শ্ৰেণীয়ে বিশ্বাস কৰিছিল— কেৱল অভিজাতসকলৰহে আত্মা থাকিব পাৰে আৰু তেওঁলোকেই অমৰ হ’ব পাৰে। এসময়ত শৰীৰ আৰু আত্মাৰ লগত প্ৰেতাত্মাও লগ লাগিল। আনহাতে যোগসূত্ৰৰ মতে শৰীৰ যেনেকৈ আত্মাৰ বাহক, তেনেকৈয়ে আত্মা ঐশ্বৰিকতাৰ বাহক।
এসময়ত আমাৰ আদিম পূৰ্বপুৰুষসকলে নিজৰ বিষয়ৰ সীমা পাৰ হৈ সমস্ত প্ৰাণীজগতৰ বিষয়ে চিন্তা কৰিবলৈ শিকিলে। মানৱ আৰু পশুজগত তেওঁলোকৰ কাৰণে এক হৈ গ’ল। পোহনীয়া প্ৰাণীক একে পৰিয়ালৰ বুলি বিবেচনা কৰা হ’ল। হলেণ্ডৰ খেতিয়ক এজনৰ মৃত্যু হ’লে, মৃত্যুৰ খবৰ আনকি তেওঁৰ গৰু-ঘোঁৰাক দিয়াৰ প্ৰথা আছে। ক্ৰমে ক্ৰমে সমস্ত জগতৰ চিন্তা এক সৎগুণ বুলি বিবেচিত হৈ ধৰ্মৰ উপাদান হৈ পৰিল।
ধৰ্মৰ ক্ষেত্ৰত স্বয়ম্ভূৰ স্থিতিয়েই আটাইতকৈ সঙ্গত বুলি বিবেচিত হয়। অতীজতে আৰু এতিয়াও বহু ধৰ্মৰ ক্ষেত্ৰতে এই স্বয়ম্ভূ জীৱন্ত। মানুহে এসময়ত বিশ্বাস কৰিবলৈ ধৰিলে এক অস্পষ্ট কিন্তু ভয়ংকৰ প্ৰতাপী ৰহস্যময়ী শক্তিক, যি শক্তিয়ে সময়ত উল্কাপাত, বিজুলী, বন্য-প্ৰাণী বা সূৰ্য, চন্দ্ৰ গ্ৰহণৰ ৰূপ ধৰে। আৰু শেষত সেয়ে দেৱতাৰ ৰূপ ধৰিলে। প্ৰথমতে একেশ্বৰবাদী হিচাপে আৰম্ভ হৈ ক্ৰমাৎ বহুক্ষেত্ৰত বহু ঈশ্বৰবাদী ৰূপ ল’লে। কেনো কোনোৰ মতে বিপৰীত চিন্তাধাৰাৰো সম্ভৱ। এক গৱেষণাৰ মতে আজিৰ পৰা প্ৰায় সোতৰ হেজাৰ বছৰৰ আগতেই প্ৰথম দেৱতাৰ ‘সৃষ্টি’ হৈছিল মহীয়সী মাতৃৰ ৰূপত। তাৰ লগতেই আৰম্ভ হৈছিল পূজা-পাতল, বলি-বিধান আৰু কৰণীয়-অকৰণীয়ৰ চিন্তা। কৰণীয়-অকৰণীয়ৰ পৰা সৃষ্টি হৈছিল নানা নিষেধ— ‘নাপায়’। সময়ত বিভিন্ন ‘নাপায়’ বিভিন্ন ধৰ্মৰ বিশেষত্ব হৈ পৰিল।
স্বাভাবিকতেই অন্নই আছিল মানুহৰ কাৰণে প্ৰথম মূল্যবান বস্তু। কিন্তু চিকাৰীয়েই হওক বা খেতিয়কেই হওক, সকলোৱেই বিশ্বাস কৰিছিল সম্পূৰ্ণ খাদ্য যোগান তেওঁৰ ক্ষমতাৰ বাহিৰত। আদিম পুৰুষজনে পকিলে খাব বুলি ৰখি থকা আমবিলাক এজাক বতাহতে শেষ হৈ গ’লে ভাগ্যক দোষ দিয়াৰ বাহিৰে উপায় বিচাৰি পোৱা নাছিল। তেওঁলোকে চিন্তা কৰি পালে তাৰ প্ৰতিকাৰৰ কাৰণে আৱশ্যক হয় অন্য এজনৰ কৃপা। আৰু সেই শক্তিমানৰ লগত যোগাযোগ কৰিবৰ কাৰণেই সৃষ্টি হ’ল নানা ক্ৰিয়া-কাণ্ড আৰু উৎসৱৰ। মন কৰিবলগীয়া যে উপনিষদে জগত নিবন্ধনত উল্লেখ কৰা পাঁচটা স্তৰৰ আদি হ’ল অন্ন। বাকীকেইটা হ’ল ক্ৰমাৎ— প্ৰাণ, মন, বিজ্ঞান আৰু আনন্দ। উপনিষদৰ মতে বিজ্ঞান হ’ল অনুসন্ধানৰে সৃষ্ট বিদ্যা-বুদ্ধি আৰু আনন্দ হ’ল আত্মিক মুক্তি, মোক্ষ। বিশ্ব ব্ৰহ্মাণ্ডৰ নিবন্ধনৰ উদ্দেশ্য হ’ল মন আৰু বিজ্ঞানৰ সংযোগত আনন্দৰ সৃষ্টি, মোক্ষপদ প্ৰাপ্তি।
উল্লিখিত চাৰিটা উৎসৰ পৰা সৃষ্টি হোৱা চিন্তা-ধাৰা আৰু কাৰ্য-পন্থাৰ সংমিশ্ৰণতে বিভিন্ন ধৰ্মৰ সৃষ্টি হয়। বহুতো ধৰ্মই ইয়াৰে এটা বা ততোধিক সমস্যাৰ ভিত্তিত গঢ় লৈ উঠে। কোনো ক্ষেত্ৰতে আটাইকিটাকে সাঙুৰি লোৱা দৃষ্ট নহয়। হিন্দু (সনাতন) ধৰ্মত হয়তো এই জীৱন (স্বয়ং), সমস্ত প্ৰাণীজগত সকলো অবাস্তৱ; অনিত্য। মাত্ৰ স্বয়ম্ভূ পৰমব্ৰহ্মই সত্য। আনহাতে জৈন দৰ্শনে হয়তো সীমিত স্বয়ং আৰু নীতিমূল্যবোধৰ ওপৰতহে গুৰুত্ব দিয়ে।
ধৰ্মৰ প্ৰাথমিক সূচনাৰ পাছত বেলেগ বেলেগ প্ৰথাৰ ওপৰত ভিত্তি কৰি ধৰ্মৰ ক্ৰমবিকাশ ঘটে। সাধাৰণতে উল্লেখ কৰা আঠটা প্ৰথা হ’ল:
১) কাৰ্য-পদ্ধতি, ক্ৰিয়া-কাণ্ডৰ আধাৰত (‘যোগ’)
২) দৰ্শনৰ আধাৰত (জৈন, হিনযান, বৌদ্ধ)
৩) পৰমেশ্বৰলৈ ভক্তিৰ আধাৰত (ভক্তি মাৰ্গ)
৪) অনিষ্টকাৰী, অমঙ্গলীয়া শক্তিৰ লগত সংঘৰ্ষ (জৰাথ্ৰুষ্ট)
৫) বিবেক, হিতাহিত বোধৰ দ্বাৰা পৰিচালিত (কনফুচিয়াচ মতবাদ)
৬) বিভিন্ন কালত হোৱা দৈৱবাণীৰ আধাৰত (হিব্ৰু)
৭) সমস্তকালৰ কাৰণে হোৱা এক দৈৱবাণী (খ্ৰীষ্ট)
৮) সৰ্ববিদ্যমান দৈৱবাণী (ক্ৰমবিকাশৰ পথত ধৰ্ম-চিন্তা)
ধাৰ্মিক হোৱা আৰু ধৰ্মৰ জয় গান গোৱাৰ মাজত বহু পাৰ্থক্য। অসৎ উপায়েৰে উপাৰ্জন কৰা ধনেৰে, ভক্তিতকৈ ভয়ৰ প্ৰাদুৰ্ভাৱত মঠ-মন্দিৰ সজা বা সেই ধনৰ ভাগ ভগৱানৰ ওচৰত দিয়াজন ধাৰ্মিক নহয়। বিশ্বাস হ’ল ধৰ্মৰ এক প্ৰাথমিক উপাদান। মন কৰিবলগীয়া যে ইংৰাজী Faith শব্দটো ধৰ্মৰ নামান্তৰ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এই অৰ্থত, বিশ্বাস (Faith) হৈছে কোনো ন্যায়িক আৰু ভৌতিক প্ৰমাণ নোহোৱাকৈ ওপজা প্ৰত্যয় (belief)। আৰু সেয়ে ইংৰাজীত ধৰ্ম বিশ্বাসীজনক faithful বুলিও চিনাক্ত কৰা হয়। আনকথাত বিশ্বাস আৰু ধৰ্ম একেটা মুদ্ৰাৰ দুটা পিঠি। আনহাতে বিশ্বাস আৰু আচৰণ সহযাত্ৰী। আমি যদি ‘তেজৰ সলনি তেজ’ত বিশ্বাস কৰোঁ, আমাৰ আচৰণ বন্যপ্ৰাণীৰ সদৃশ হয়, আমাৰ সমাজখন হয় অৰণ্য। আমি যদি স্বৰ্গীয় আধ্যাত্মিক মূল্যবোধত বিশ্বাস কৰোঁ, সমাজত বিস্তাৰ হয় শান্তি আৰু সম্ভাৱ। ব্যক্তিৰ নিচিনাকৈয়ে আমাৰ সমাজো বিশ্বাসৰ আধাৰত জীয়াই থাকে। সেই বিশ্বাস লোপ পালেই সমাজৰ মৃত্যু ঘটে। প্ৰকৃত ধৰ্ম আমি কেৱল পুথি বা তেনে বহিঃউৎসৰ পৰা পাব নোৱাৰোঁ। ধৰ্ম নিজৰ অন্তৰৰ পৰা নিগৰি অহা জলপ্ৰৱাহ।
ধৰ্ম কি, ধৰ্মৰ উৎপত্তি, ধৰ্মৰ আৱশ্যক সৰ্বতি কালৰ কাৰণে এক তৰ্কৰ বিষয় হৈ আহিছে। স্বাভাবিকতেই বিজ্ঞানৰ ক্ৰমবিকাশেই ধৰ্মৰ অন্তৰায় বুলি নিশ্চিত কৰা হয়। তথাপি প্ৰশ্ন হয়, বিজ্ঞানী জানো ধৰ্ম বিশ্বাসী বা ধৰ্মবিশ্বাসী জানো বিজ্ঞানী হ’ব নোৱাৰে? ধৰ্ম, বিজ্ঞান আৰু ঈশ্বৰ সম্পৰ্কে বিগত সহস্ৰাৱ্দৰ শ্ৰেষ্ঠ বিজ্ঞানী আইনষ্টাইনৰ বহু প্ৰচাৰিত দুটি বাক্য হ’ল— “ঈশ্বৰে পাশা নেখেলে। ধৰ্ম অবিহনে বিজ্ঞান পংগু, বিজ্ঞান অবিহনে ধৰ্ম অন্ধ।” এই প্ৰসঙ্গতে আইনষ্টাইনে কৈছিল, বিজ্ঞানৰ একমাত্ৰ লক্ষ্য হ’ল ‘কি হয়’ (What is) নিৰ্ধাৰণ কৰা। কি হোৱা উচিত (What ought to be) হৈছে ধৰ্মৰ কৰ্মক্ষেত্ৰ। তেওঁক একান্ত ধৰ্মানুৰাগীনে বুলি সোধা প্ৰশ্নৰ উত্তৰত আইনষ্টাইনে কৈছিল,— “প্ৰকৃতিৰ দৃশ্যমান লানি নিছিগা ক্ৰিয়া-কৰ্মৰ আঁৰত কিবা এক অবুজ, অদৃশ্য, অবৰ্ণনীয় শক্তিস্বৰূপ বিৰাজমান। আমাৰ বোধৰ বাহিৰৰ এই শক্তিক (Force) মই ভক্তি কৰোঁ, সন্মান কৰোঁ আৰু সেয়ে মোৰ ধৰ্ম। সেই অৰ্থতে মই নিশ্চয় এজন ধাৰ্মিক লোক।” আইনষ্টইনে গৱেষণাগাৰত বিচাৰি নোপোৱা বহুতো বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ সমাধান পাইছিল ভায়’লিন বজাই থাকোঁতে। সেয়ে তেওঁ স্বয়ম্ভূ ভগৱানৰ (Personal God) অস্তিত্বক অস্বীকাৰ কৰিলেও এক ঐশ্বৰিক শক্তি তথা সৰ্বব্যাপ্ত নিৰ্দিষ্টকৰণ বাদত (All-pervasive determinism) বিশ্বাস কৰিছিল। ন’বেল বঁটা বিজয়ী তথা শ্ৰেষ্ঠ ভাৰতীয় বিজ্ঞানী ছাৰ ছি ভি বমনে আধ্যাত্মিক চিন্তাক বিজ্ঞানৰ পৰা পৃথক কৰা নাছিল। তেওঁ কৈছিল বিজ্ঞান এক পাৰ্থিৱ আৰু আধ্যাত্মিক সম্পদ— “Science is material and spiritual wealth.”
বিজ্ঞান ভিত্তিত পাৰ্থিৱ উন্নতিৰ কাৰণে বিদ্যা-বুদ্ধি অপৰিহাৰ্য। কিন্তু মানৱতাৰ পূৰ্ণতা লাভ হয় জ্ঞান আৰু সৎচিন্তাৰে। হিন্দু (সনাতন) ধৰ্মানুষ্ঠানত বাৰম্বাৰ উচ্চাৰিত গায়ত্ৰী মন্ত্ৰতো কামনা কৰা হৈছে সৎচিন্তাৰ ধাৰক শুদ্ধ বুদ্ধিহে, ঐশ্বৰ্য-বিভূতি নহয়। কিন্তু বৈজ্ঞানিক দৃষ্টিভঙ্গী, নতুন সামাজিক বন্ধন আৰু পৃথিৱীৰ ঐক্যক সাঙুৰি ল’ব নোৱাৰিলে কোনো ধৰ্মই বৰ্তি থাকিব নোৱাৰে। আনহাতে ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ Recovery of Faith নামৰ গ্ৰন্থৰ আৰম্ভণী বাক্যটো হ’ল— “বিশ্বৰ সম্ভেদ ৰখা সচেতন মনে বিশ্বাস কৰে যে বৰ্তমানৰ যুগসন্ধিত যিকোনো সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ্বিন্যাসতকৈ আধ্যাত্মিক পুনঃজাগৰণ আৰু বিশ্বাসৰ (Faith) পুনঃপ্ৰতিষ্ঠা বেছি গুৰুত্বপূৰ্ণ।”
প্ৰসঙ্গ পুথি:
- Comparative Religion: A C Bouquet, Penguin Books, 1962
- Recovery of Faith: Dr S Radhakrishnan, Hind Pocket books, 1967
- Religion and Science: Albert Einstein, New York Times, 9 November, 1930
- Einstein and Religion: Max Jammer, Princeton University Press, New Jersey, 1999
যো ৱা ৩ নৱেম্বৰ (২০২৪) তাৰিখে বিশিষ্ট ভূ-বিজ্ঞানী, লেখক, কেইবাখনো গ্ৰন্থৰ প্ৰণেতা আৰু ‘নীলা চৰাই’ৰ সন্মানীয় উপদেষ্টা ড° গকুল গোস্বামীদেৱৰ পৰলোকপ্ৰাপ্তি ঘটিছে। নীলা চৰাইৰ জন্মলগ্নৰে পৰা গোস্বামীদেৱে দিহা-পৰামৰ্শ আৰু তেখেতৰ মূল্যবান লেখাৰে নীলা চৰাইক সমৃদ্ধ কৰাত অৰিহণা যোগাইছিল। নীলা চৰাই পৰিয়ালৰ অন্তৰত ড° গোস্বামীদেৱৰ স্থান নিগাজী হৈ ৰ’ব। তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
❧ | আৰু পঢ়ক: