চি কিৎসকৰ জীৱনত অভিজ্ঞতাৰ অন্ত নাথাকে। নিতৌ অনেক মানুহৰ জৰা-ব্যাধি, দুখ-শোকৰ সন্মুখীন হ’ব লগা হয় যদিও তাৰ মাজতে এনেকুৱা কিছুমান ঘটনা ঘটে, যিবোৰ হাঁহিৰ ৰহঘৰা হৈ সদায় মনত থাকি যায় অথবা একোটা শিক্ষা হৈয়ো মনত ৰৈ যায়। আনহাতে সদায় যে মানুহে বেমাৰ হোৱাৰেই ভাও জোৰে তেনে নহয়; কেতিয়াবা কিছুমান মানুহে অতিশয় দুঃচিন্তাত পৰিব লগা অৱস্থাতো দুষ্ট বুদ্ধিৰে নিশ্চিন্ত হৈ থকাৰ যি ধৰণে অভিনয় কৰিব পাৰে, দেখিলে আচৰিত হৈ যাওঁ।
এবাৰ এজন ডেকা ল’ৰাই চিকিৎসাৰ প্ৰমাণ পত্ৰ (Medical Certificate ) এখন বিচাৰি হস্পিটাললৈ আহিল। মই মন কৰিলো যে ল’ৰাজনে অস্বাভাৱিকভাৱে স্বাভাৱিক হৈ থাকিবলৈ যত্ন কৰিছে। নিজৰ মনৰ অৱস্থাটো লুকুৱাবলৈ তেওঁ পান এখনো চোবাই আছে। মই কি কাৰণে চাৰ্টিফিকেট লাগে সোধাত তপৰাই উত্তৰ দিলে যে এসপ্তাহ আগৰ পৰা দেউতাকজন কঁকালৰ বিষত বিচনাত পৰি আছে বাবে দেউতাক চাকৰিলৈ যাব পৰা নাই। সেইবাবেই ঔষধৰ লগতে এখন চাৰ্টিফিকেটৰ দৰকাৰ হৈছে। দেউতাকে কি চাকৰি কৰে বুলি সোধোঁতেই আমাৰ হস্পিটালৰ কৰ্মচাৰী এজন সোমাই আহিল, যিজনে সেই ল’ৰাজনক ভালকৈ চিনি পায়।
কৰ্মচাৰীজনক দেখাৰ লগে লগেই ল’ৰাজনে ‘পেটটো খুব কামুৰিছে, মই বাহিৰৰ পৰা আহোঁ’ বুলি লৰ মাৰিলে। মই হতভম্ব হৈ কি কথা জানিব বিচৰাত কৰ্মচাৰীজনে যি কথা ক’লে, সেয়া শুনি মোৰ ভয় লাগি গ’ল। সেই ল’ৰাজনৰ দেউতাক হেনো গভাইত চোৰ। দুদিনমানৰ আগতে গাঁৱৰে এঘৰত চুৰ কৰিবলৈ সোমাওঁতেই গিৰিহঁতে চিনি পালে যদিও বান্ধি ৰাখিব নোৱাৰিলে; পাছদিনা পুলিচ থানাত চোৰৰ বিৰুদ্ধে গোচৰ দিয়া গম পাই দেউতাক ঘৰৰ পৰা পলাই আছে। এতিয়া মেডিকেল চাৰ্টিফিকেট এখন দিব পাৰিলে পুলিচে গ্ৰেপ্তাৰ নকৰিব বুলি ভাবিছে। ‘আপুনি চাৰ্টিফিকেট দিয়া হ’লেই বিপদত পৰিলহেঁতেন চাৰ’— সেইদিনা কৰ্মচাৰীজনৰ এইকেইটা কথাই মোক ইমান ডাঙৰ শিক্ষা দিলে যে মই পৰাপক্ষত চাৰ্টিফিকেট দিয়া কামটো নকৰাই হ’লো।
আন এটা আমোদজনক কাহিনী। জন্মগতভাৱে কাণেৰে নুশুনা, চকুৰে নেদেখা, হাত-ভৰিত থকা বিসংগতি আৰু মানসিক বিসংগতি আদি পৰীক্ষা কৰি বিকলাংগ বুলি প্ৰমাণ পত্ৰ দিবলৈ প্ৰতিখন জিলা সদৰত বিশেষজ্ঞ চিকিৎসকৰে গঠিত এখন কমিটি থাকে। কিন্তু বেছিভাগ গাঁৱৰ মানুহেই সেই কমিটিখনৰ কথা ভালদৰে নজনা বাবে তেনে চাৰ্টিফিকেট বিচাৰি প্ৰথমে স্থানীয় চিকিৎসালয়লৈকে আহে।
এদিন তেনেদৰেই বিকলাংগৰ প্ৰমাণ পত্ৰ বিচাৰি মই চিকিৎসালয়ত থকা অৱস্থাতে এগৰাকী ৫০ বছৰমান বয়সৰ মহিলা আহিল। তেওঁৰ লগত গাভৰু ছোৱালী এজনীও আহিছিল। মহিলাগৰাকীয়ে আকাৰে-ইংগিতে মোক বুজাবলৈ বিচাৰিলে যে তেওঁ কাণেৰেও নুশুনে আৰু কথাও ক’ব নোৱাৰে। লগত অহা ছোৱালীজনীয়েও মোক ক’লে— তেওঁৰ ঘৰৰ কাষৰ এই মানুহজনী একেবাৰে অকলশৰীয়া। কথা-বতৰা ক’ব নোৱাৰে বাবে তাইক লগত লৈ আহিছে। মই ছোৱালীজনীক ক’লো যে বিকলাংগৰ প্ৰমাণ পত্ৰ আমি নিদিওঁ আৰু সেইখন ল’বলৈ তেওঁলোক জিলা সদৰলৈ যাব লাগিব। পিছে মহিলাগৰাকীয়ে মোৰ কাষৰ পৰা উঠি যাব নিবিচাৰি আকাৰে-ইংগিতে কাগজ এখন লিখি দিবলৈহে জোৰ দি থাকিল।
মানুহজনীৰ আচৰণত মোৰ অলপ সন্দেহ হ’ল। মই দুই-এটা প্ৰশ্ন সুধি চালো; কিন্তু উত্তৰ নাপালো। বেঙীৰ দৰে আচৰণ কৰি তেওঁ বহি থাকিল। মোৰ মনলৈ হঠাৎ এটা বুদ্ধি আহিল। তেওঁলোকক দেখুৱাই মই কাগজ এখন উলিয়াই লিখিবলৈ লৈ সুধিলো— মানুহজনীৰ নাম কি? ছোৱালীজনীয়ে নাম এটা ক’লে। ঘৰ ক’ত সুধিলো, উত্তৰ দিলে ছোৱালীজনীয়ে। এইবাৰ মই মানুহজনীলৈ চাই সুধিলো— আপোনাৰ বয়স কিমান বুলি লিখোঁ বাৰু? অকণো বাট নোচোৱাকৈ ছোৱালীজনীয়ে তপৰাই ক’লে— ৭০ বছৰ ছাৰ। ছোৱালীজনীৰ মুখত বয়সটো শুনিয়েই মানুহজনীয়ে হাত দুখন জোকাৰি, মূৰটো জোকাৰি ‘নহয় নহয়’ ভংগীৰে মোক বুজাবলৈ ধৰিলে। মই পোন হৈ বহি অলপ খঙেৰে মানুহজনীক ক’লো— আপুনি যে বয়সটো সত্তৰ বছৰ নহয় বুলি হাত-মুখ জোকাৰিছে, তাই কোৱা বয়সটোনো আপুনি কেনেকৈ শুনিলে?
মোৰ খং উঠা দেখি আৰু প্ৰশ্ন শুনি মানুহজনী কঁপিবলৈ ধৰিলে। মই মোৰ ফোনটো হাতত লৈ পুলিচ মাতিম এতিয়া বুলি ক’বলৈহে পালো, ছোৱালীজনীক টানি লৈ মানুহজনী খৰ খোজেৰে ওলাই গ’ল। যাওঁতে তাইক ভোৰভোৰাই কৈ যোৱা কাণত পৰিল— মৰতী, তইনো মোক সত্তৰ বছৰীয়া বুঢ়ী বুলি কিয় কৈছিলি? সকলো সহিব পাৰিম, কিন্তু বয়সটো ইমান বেছি বুলি ক’লে সহিব নোৱাৰি দেই!
সেই তেতিয়াৰে পৰা মই কেতিয়াবা পুৰুষ ৰোগীৰ বয়স নোসোধাকৈ লিখিলেও, কোনো পৰিস্থিতিতে মহিলা ৰোগীৰ বয়স উপযাচি অনুমানত নিলিখা হ’লো।
কেৱল বৃদ্ধ বয়সৰ চাৰ্টিফিকেট বিচাৰি ৬০ বছৰৰ অধিক হোৱা বুলি লিখিবলৈ জোৰ কৰা মহিলাসকলৰ দুই-একেহে মাজে মাজে হাতত লাখুটি লৈ সামান্য কুজা হৈ খোজ কাঢ়ি আমাৰ সন্মুখত বুঢ়ী মানুহৰ অভিনয় কৰে আৰু বয়সটো যিমান পাৰি বেছিকৈ লিখি দিবলৈ জোৰ কৰে।
❧ | আৰু পঢ়ক: