গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান

গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান
  • 11 Mar, 2021

কʼ ৰবাত পঢ়িবলৈ পাইছিলো, নাটক হৈছে নদীৰ পানীৰ দৰে। এখন নদীৰ একেখিনি পানী একে ধৰণেই যিদৰে দ্বিতীয়বাৰ পোৱা নাযায়, সেইদৰেই নাটক এখনো হুবহু দ্বিতীয়বাৰ পোৱা নাযায়। যি হ’ল, সি হৈ গ’ল। নাটক সদায় নতুন। এই একেটা কথাই গান এটাৰ প্ৰসংগতো ক’ব নোৱাৰিনে? ৰেকৰ্ড কৰি থোৱা গান এটা বাৰে বাৰে বজোৱাৰ কথাটো কোৱা নাই, জীৱন্তভাৱে গোৱাৰ কথাটো কৈছোঁ। সেই অৰ্থত এজন গায়কৰে কণ্ঠত একেটা গানেই বাৰে বাৰে জন্ম ল’ব পাৰে। আৰু যদি গায়ক সলনি হয়? তেতিয়া গোটেই কাৰবাৰটো অধিক আকৰ্ষণীয় হৈ উঠে!

ভূপেন হাজৰিকা আৰু তেখেতৰ গীতবোৰ যেতিয়া জনপ্ৰিয়তাৰ তুংগত আছিল, তেতিয়া অসমত অলেখ, আক্ষৰিক অৰ্থতে অলেখ— ‘জুনিয়ৰ ভূপেন হাজৰিকা’ৰ ‘জন্ম’ হৈছিল। সেই সময়ৰ সাংস্কৃতিক সন্ধিয়াবোৰ সাধাৰণতে এনেকুৱা একোজন জুনিয়ৰ ভূপেন হাজৰিকাৰ গানেৰেই আৰম্ভ হৈছিল। তাৰ পাছত হয়তো আচল ভূপেন হাজৰিকাই গান গাইছিল অথবা হয়তো খগেন মহন্ত-অৰ্চনা মহন্তই, হয়তো বিজয় ভূঞা-সন্ধ্যা মেননে। পৰৱৰ্তী সময়ত এইসকলৰ বহুতো জনমানসৰ পৰা হেৰাই গ’ল, দুই-এক ৰ’ল। দুই-একে ভূপেন হাজৰিকাৰ গানৰ উপৰি নিজা গানো গাবলৈ ল’লে। এই একেটা প্ৰৱণতা জুবিন গাৰ্গৰ গানৰ প্ৰসংগতো লক্ষ্য কৰা যায়। পূৰ্বতে কৈ অহা গান এটাৰ পুনৰ জন্মৰ কথাটো কিন্তু এই গায়কসকলৰ কণ্ঠত পৰিলক্ষিত নহ’ল। হয়, নতুন গায়ক এজনৰ কণ্ঠত আক্ষিৰক অৰ্থত গান এটাৰ নতুন জন্ম এটা হ’ল, কিন্তু ৰং-ৰূপ-আত্মাৰে গান এটাৰ পুনৰ্জন্মৰ আশ্বাসময় অনুভৱ একোটা সেই গায়কসকলৰ গায়কীত অনুভূত নহ’ল। মূলতঃ ভূপেন হাজৰিকা বা জুবিন গাৰ্গৰ গায়ন শৈলীৰ পোনপটীয়া অনুকৰণেই সেই গানবিলাকৰ প্ৰধান বৈশিষ্ট্য বুলি ক’ব পাৰি। অঁ, তাৰ লগত যোগ দিব পাৰি ভূপেন হাজৰিকা বা জুবিন গাৰ্গৰ মাত বা কণ্ঠস্বৰৰ হুবহু নকল কৰাৰ চেষ্টাও সেই গানবিলাকৰ অন্যতম বৈশিষ্ট্য। পৰৱৰ্তী সময়ত দুই-এটা ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছিল। হয়তো এই প্ৰশ্নটোৱে দোলা দিছিল— ভূপেন হাজৰিকাৰ গান এটা ভূপেন হাজৰিকাই গোৱাৰ দৰেই গাব লাগিব নেকি? সঠিক সুৰ, তাল-মান ৰক্ষা কৰি নিজৰ ধৰণে গালে অন্যায় হ’ব নেকি? অথবা প্ৰশ্নটোক যদি এই ধৰণে সজাওঁ— এই গানটোক যদি মই পুনৰ্জন্ম দিওঁ, তেতিয়া কেনে হ’ব?

কম-বেছি পৰিমাণে এনেকুৱা লক্ষণ এটা দেখা পোৱা গৈছিল মৌচুমী চহৰীয়াৰ কণ্ঠত। তেওঁ ভূপেন হাজৰিকাৰ গীতৰ এটা এলবামো উলিয়াইছিল। কল্পনা পাটোৱাৰীয়ে বিভিন্ন সংগীত সন্ধিয়াবিলাকত ভূপেন হাজৰিকাৰ গান পৰিৱেশন কৰা দেখা পোৱা যায়। তেওঁৰ কণ্ঠৰ বিশাল বিস্তাৰ আৰু টেক্সাৰত গীতবিলাকৰ পুনৰ্জন্মৰ প্ৰৱণতা এটা দেখা পোৱা যায়। ছেগাচোৰোকাকৈ জুবিন গাৰ্গ আৰু পাপনৰ গায়কীত ভূপেন হাজৰিকা তথা অন্য গায়কৰ গান আত্মস্থ কৰি গোৱাৰ প্ৰয়াস লক্ষ্য কৰা যায়। জুবিন গাৰ্গে গোৱা নৱকান্ত বৰুৱাৰ কথা আৰু ভূপেন হাজৰিকাৰ সুৰৰ ‘নিয়ৰৰে ফুল এপাহ সৰিল’, বৈকুণ্ঠ গগৈয়ে গোৱা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ‘ফুল ফুলক ৰ’দৰে ফুল’ আদি গীত আৰু বিষ্ণু ৰাভাৰ গীতত এই প্ৰৱণতা চকুত লগাকৈ উজলি উঠিছে।

ইউটিউবত এদিন বিচৰণ কৰি থাকোঁতে হঠাতে চকুৰ আগলৈ আহিল নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰে জয়ন্ত হাজৰিকাই গাই যোৱা এটি গান ‘সাৰ পাম মই পুৱতি নিশাতে’,— এগৰাকী বেলেগ কণ্ঠশিল্পীৰ কণ্ঠত। গানটো শুনিলো, আকৌ শুনিলো। শুনিবলৈ বাধ্য হ’লো। এয়াচোন গীতটোৰ পুনৰ্জন্ম! কণ্ঠশিল্পীগৰাকী চালো— কেইচী, আচল নাম— কাব্যশ্ৰী বৰা। তেওঁৰ ইউটিউবৰ চেনেলটো চালো, বৰ বেছি গান নাই; যিকেইটা আছে, তাত আন্তৰিকতাৰ চাপ আছে। তাৰ পাছত এদিন শুনিলো— পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ গীত, প্ৰণৱীৰাম বৰুৱাৰ সুৰেৰে ভূপেন হাজৰিকাই গাই যোৱা— ‘কিনো পখীয়ে পুৱতি গালে’। শুনি মুগ্ধ হ’লো। গান একোটাক পুনৰ্জন্ম দিয়াৰ ক্ষমতা আৰু হাবিয়াস কাব্যশ্ৰীৰ মাজত ভৰপূৰ হৈ আছে। তেওঁৰ আছে শুদ্ধ, স্পষ্ট আৰু আত্মবিশ্বাসী উচ্চাৰণ। মাইক্ৰ’ফোনত সততে ধৰা পৰা দুৰ্বলতাৰ পৰা তেওঁৰ কণ্ঠ মুক্ত। ইয়াৰ উপৰি তেওঁৰ আছে এক ব্যতিক্ৰমী কণ্ঠস্বৰ। তেওঁৰ মাতৰ টেক্সাৰতে বোধহয় সংগীত সোমাই আছে, যি ভিৰৰ মাজত তেওঁক একক কৰি ৰাখিবলৈ নিজা শৈলী এটা বাকী দিছে। ভাবিলো, কেইচী আগুৱাই যাব পাৰিব। তেওঁ আগুৱাব। আৰু সিদিনা দেখিলো, তেওঁ জী ফাইভ প্ৰিমিয়াম অ’টিটি প্লেটফৰ্মত ১২ মাৰ্চ (২০২১)ত মুক্তি পাবলগীয়া ‘কুবুল হ্যে’ চিৰিজৰ দ্বিতীয় চিজনৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছে, সুৰো তেওঁৰে! এই খবৰটো পোৱাৰ সমসাময়িকভাৱে তেওঁৰ কণ্ঠত আকৌ জন্ম লোৱা গান এটা শুনিবলৈ পালো— ভূপেন হাজৰিকাৰ ‘অস্ত আকাশৰে সপোন ৰহণ সানি’। আগৰ দৰেই নিৰাশ কৰা নাই কেইচীয়ে, বৰং প্ৰত্যাশা জগাই তুলিছে।

কাব্যশ্ৰী

❧ | আৰু পঢ়ক: উচ্চতাৰ উন্মাদ ইচ্ছাৰ আখ্যান: বাহাৰুল ইছলামৰ ‘উঁচাই’

ইউটিউবৰ জৰিয়তেই ইতিমধ্যে কেইবাটাও পৰীক্ষামূলক মৌলিক গীত প্ৰকাশ কৰা কাব্যশ্ৰীয়ে মৌলিক গীততো সমানেই দক্ষতা আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে। তেনেই কম বয়সীয়া এই যোৰহটীয়া কণ্ঠশিল্পীগৰাকী অনেক দূৰ যাব পাৰিব বুলি প্ৰত্যয় জাগিছে, গানৰ নদীত তেওঁ সদায় নতুন ঢৌ হৈ থাকিব পাৰিব বুলি বিশ্বাস হৈছে। নদীৰ পানীৰ দৰেই তেওঁ সাগৰলৈ আগুৱাব আৰু নদীৰ পানীৰ দৰেই হয়তো সদায়েই নতুনেই হওক কিম্বা পুৰণিয়েই হওক একোটা গানৰ নৱ জন্ম দি যাব। কাব্যশ্ৰীলৈ আমাৰ অনেক শুভ কামনা।

গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook