খ্ৰী ষ্টপূৰ্ব চতুৰ্থ শতিকাৰ গ্ৰীচ দেশৰ ইৰ’ষ্ট্ৰেটাচ নামৰ এজন বিশেষ ব্যক্তিৰ কথা; তেওঁ কোনো বিশিষ্ট ব্যক্তি নাছিল,— ৰাজনেতা, বুদ্ধিজীৱী, বিজ্ঞানী, ৰাজনৈতিক বিশেষজ্ঞ— একোৱেই নাছিল তেওঁ। কিন্তু তেওঁৰ আছিল বিখ্যাত হোৱাৰ অদম্য ইচ্ছা। আছিল যুগ যুগান্তৰলৈ তেওঁৰ নাম ৰাখি যোৱাৰ সুতীব্ৰ আকাংক্ষা। সেয়া লাগে ইতিবাচকভাৱেই হওক কিম্বা নেতিবাচকভাৱেই হওক! বিখ্যাত হ’ব নোৱাৰিলেও কুখ্যাততো হ’ব পাৰি! অৱশেষত তেওঁ কৰিলে কি,— সেই যুগৰ পৃথিৱীৰ সপ্ত আশ্চৰ্যৰ অন্যতম, গ্ৰীচ দেশৰ আৰ্টিমিচৰ অতি ধুনীয়া মন্দিৰটো ভাঙি পেলালে। ভাল নহ’লেও বেয়াৰেই নিজৰ নাম যুগমীয়া কৰাৰ অদ্ভুত হাবিয়াসে মানুহৰ শুভবোধক চূৰ্ণ-বিচূৰ্ণ কৰি পেলালে।
ইৰ’ষ্ট্ৰেটাচৰ এই একপ্ৰকাৰৰ মানসিক ৰোগগ্ৰস্ততাক লৈ ফৰাচী দাৰ্শনিক-নাট্যকাৰ-সাহিত্যিক জাঁ পল ছাৰ্ত্ৰেই ‘ইৰ’ষ্ট্ৰেটাচ’ (Erostratus) নামেৰেই এটা ভয়ংকৰ-সুন্দৰ গল্প লিখিছিল। ১৯৩৯ চনত প্ৰকাশিত ছাৰ্ত্ৰেৰ ‘দ্য ৱাল এণ্ড আদাৰ ষ্টৰীজ’ত গল্পটো সংকলিত হৈছিল। গল্পটোত পল হিলবাৰ্ট নামৰ এজন মেগলোমেনিয়াক ব্যক্তিয়ে নিজকে আন মানুহতকৈ উচ্চখাপৰ বুলি ভাবে। তেওঁ মানৱতাক ঘিণ কৰে। অৱধাৰিতভাৱেই ইৰ’ষ্ট্ৰেটাচক নিজৰ আদৰ্শ বুলি ভাবে। কিবা এটা ‘ডাঙৰ’ কাম কৰি ‘বিখ্যাত’ হোৱাৰ তাড়নাত তেওঁ এটা বিৰাট অপৰাধ কৰাৰ পৰিকল্পনা কৰে আৰু নিৰ্বিচাৰ গুলী চালনাৰে গণহত্যা কৰি এই অপৰাধক বাস্তৱত ৰূপ দিয়াৰ আঁচনি কৰে। আঁচনিক বাস্তৱত ৰূপ দিয়াৰ মানসেৰে তেওঁ এটা ৰিভলভাৰ কিনি আনে!
ছাৰ্ত্ৰেৰ গল্পটোৰ আধাৰতে অসমৰ অন্যতম শক্তিশালী অভিনেতা-পৰিচালক বাহাৰুল ইচলামে ‘উঁচাই’ (উচ্চতা) নামেৰে এখন নাটক সজাই তুলিলে। ছিগাল থিয়েটাৰৰ বেনাৰত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত যোৱা ২ ফেব্ৰুৱাৰী (২০২১) তাৰিখে বাহাৰুল ইচলামৰ পৰিচালনাত হিন্দী ভাষাৰ নাটকখন ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হৈছিল। মিনিমেলিষ্ট মঞ্চসজ্জাৰে মৃদু সংগীত আৰু কোমল পোহৰৰ মাজেৰে আৰম্ভণি ঘটা নাটকখনে পল হিলবাৰ্টৰ মনৰ আন্ধাৰ কোণৰ ছবি ক্ৰমশঃ উন্মোচন কৰি গৈছিল। যুগে যুগে কিছুমান মানুহৰ বুকুত কিদৰে ইৰ’ষ্ট্ৰেটাচে বাস কৰে আৰু সুযোগ-সুবিধা, পৰিৱেশ, ক্ষমতা পালেই কিদৰে সেইবোৰে দাঁত-নখ মেলি ধৰে, তাৰেই যেন এক আন্ধাৰ-আখ্যান ছাৰ্ত্ৰেৰ ইৰ’ষ্ট্ৰেটাচ,— বাহাৰুল ইচলামৰ উঁচাই!
চছিয়েল মেডিয়া যোগে বাহাৰুল ইচলামে নাটকখন চাবলৈ আমন্ত্ৰণ জনোৱা টোকাটোত কৈছিল— “যিসকল সাহিত্য আৰু নাটকৰ ছাত্ৰ, তেওঁলোকৰ বাবে সুৱৰ্ণ সুযোগ” । নাটকখন উপভোগ কৰি আমি অনুভৱ কৰিলো,— সাহিত্য কিম্বা নাটকৰ ছাত্ৰৰ বাবেই নহয়, সমাজনীতি আৰু ক্ষমতাৰ ৰাজনীতি সম্পৰ্কত আগ্ৰহী ব্যক্তি বা ছাত্ৰৰ বাবেও নাটকখন (বা গল্পটো) অধ্যয়নৰ বিষয় আৰু চিন্তাৰ আঁত হ’ব পাৰে। চছিয়েল মেডিয়াৰ সৰ্বগ্ৰাসী প্ৰভাৱৰ সময়ত, বিখ্যাত হোৱাৰ তাগিদাৰ অহৰহ চাপৰ পৰিৱেশত বোধহয় গল্পটো বা নাটকখন অতি প্ৰাসংগিক হৈ পৰিছে। ছাৰ্ত্ৰেৰ গল্পটোৱে ইতিমধ্যেই অনেক তাত্ত্বিক-সমালোচকৰ মনোযোগ, চৰ্চা আদায় কৰিছে। বাহাৰুল ইচলামে তেজ-মঙহেৰে তুলি ধৰা ‘উঁচাই’ নাটকখনৰ প্ৰসংগতো চৰ্চা-আলোচনা হোৱা উচিত।
মূলতঃ পল হিলবাৰ্টৰ মুখেৰে প্ৰথম পুৰুষত বিবৃত হোৱা নাটকখনত হিলবাৰ্টৰ চৰিত্ৰত বাহাৰুল ইচলামে চৰিত্ৰটোৰ মনোজগতৰ জটিলতাক সাৱলীলভাৱে তুলি ধৰিছে। চৰিত্ৰটোৰ খং-ৰাগ, সুখ-দুখ, দ্বিধা-দ্বন্দ্বই ক্ষণে ক্ষণে যেন বাহাৰুল ইচলামৰ জৰিয়তে মঞ্চত ৰূপ লৈছিল, বিস্তৃত হৈছিল, আন এটা ৰূপলৈ পৰিৱৰ্তিত হৈছিল অনায়াসে। অৱলীলাক্ৰমে। নিশ্চিতভাৱে বাহাৰুল ইচলামৰ অভিনয় নাটকখনৰ আটাইতকৈ উল্লেখনীয় সম্পদ। সীমিত চৰিত্ৰৰে ৰূপায়িত নাটকখনৰ আন চৰিত্ৰত প্ৰায় নবীন অভিনেতা-অভিনেত্ৰী— সৃষ্টি ভাগৱতী, দেৱজিৎ বৰঠাকুৰ, প্ৰশান্ত কলিতা, মৌচুমী তালুকদাৰে পৰিচালক বাহাৰুল ইচলাম আৰু পল হিলবাৰ্ট ৰূপী বাহাৰুল ইচলামক সুষম সহযোগিতা আগবঢ়ালে।
সীমিত সংগীতৰ প্ৰয়োগ ঘটা নাটকখনৰ গতিত সংগীতে সহায় কৰিছে। অৱশ্যে ষ্টক মিউজিকৰ প্ৰয়োগৰ সময়ত সংগীতৰ প্ৰায়ে হঠাৎ কাট খাই যোৱা ধৰণটোৱে অলপ খহটা ভাব সানি দিছিল। সংগীত প্ৰয়োগ কৰা প্ৰাণ শ্বুলিনৰ পৰা পৰৱৰ্তী সময়ত আমি অধিক মসৃণতা আশা কৰিম। ভাগৰথী বাই কদমৰ পোহৰ ডিজাইন, দিৱস জ্যোতি বৰুৱাৰ পোহৰ প্ৰয়োগে নাটকৰ মেজাজ অনুযায়ী নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে। নাটকখনৰ বক্তব্যত নিশ্চিতভাৱে পোহৰতকৈ আন্ধাৰৰ তীব্ৰতা বেছি যদিও আচল পোহৰৰ ক্ষেত্ৰত পোহৰৰ তীব্ৰতা অলপ বেছি হোৱা হ’লে দৰ্শকৰ অলপ সুবিধা হ’লহেঁতেন। নাটকখনৰ কিছু কিছু ঠাইত মঞ্চত কি ঘটি আছে দেখা পাবলৈ আক্ষৰিক অৰ্থতে যথেষ্ট কষ্ট কৰিবলগা হৈছিল। লঘু মঞ্চসজ্জাৰেই দেৱজিৎ বৰঠাকুৰে নাটকখনৰ প্ৰতি সুবিচাৰ কৰিব পাৰিছে। বাকী প্ৰেক্ষাগৃহৰ দৰ্শকৰ মোবাইল ফোনৰ ৰিং, ফোনৰ বাৰ্তালাপ, জ্বলি থকা ফোনৰ পৰা বিচ্ছুৰিত পোহৰ, নাটকৰ মাজমানতে জ্বলাই দিয়া প্ৰেক্ষাগৃহৰ মজিয়াৰ লাইটবোৰে মনঃসংযোগ বিঘ্নিত কৰাৰ দায় বাৰু ছিগালৰ গালৈ নাযায়।
❧। আৰু পঢ়ক: পৰ্যালোচনা: দুলীয়াজানত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
নাটকৰ পৰ্দা খোল খোৱাৰ আগতে ছিগালৰ হৈ আদৰণী বক্তব্যত ভাগীৰথী বাই কদমে প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ‘উঁচাই’ নামৰেই এটা কবিতা পাঠ কৰিছিল। কবিতাৰ বক্তব্য আৰু নাটকৰ বক্তব্যৰ মাজত যেন এক বৈপৰীত্ব! পাছত অনুভৱ হ’ল, নাটকখন কিয় কৰিলে বোলা প্ৰশ্নটোৰ উত্তৰ উদ্ধাৰৰ বাবে যেন এই কনট্ৰাষ্টৰো প্ৰয়োজন আছিল!
ছবি: বাহাৰুল ইছলামৰ সৌজন্যত
Follow Nilacharai on Facebook