শৰত কালৰ ৰাতি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন॥
শৰতৰ পূৰ্ণ চন্দ্ৰ কিনো মনোহৰ।
কিনো ৰূপে বিকশিলা যমুনাৰ পাৰ॥
যমুনাৰ তীৰে বহি কৃষ্ণে বজাই বাঁহী।
কেনে অপৰূপ দেহ মুখে নিৰ্মল হাঁহি॥
বাঁহীৰ ধ্বনি শুনি আতুৰ পৰাণ।
কৃষ্ণৰ চৰণে গোপী নিবেদিব প্ৰাণ॥
যত গৃহকৰ্ম আউৰ সংসাৰৰ ভাৰ।
কৃষ্ণত ভজিলে হৈব জীৱন উদ্ধাৰ॥
তুমিসে ঈশ্বৰ প্ৰভু তুমিসে জীৱন।
হেন জানি গোপীগণে কৰিলা গমন॥
ষোল্লশ গোপীৰ মাজে কৃষ্ণ মূৰাৰী।
কৃষ্ণৰ সঁহাৰি মাগি বোলে হৰি হৰি॥
শ্ৰীমন্ত শঙ্কৰদেৱে বিৰচিত কেলিগোপাল নাটকখনৰ তাত্ত্বিক বিচাৰ এক কঠিন কাৰ্য। গুৰুজনাৰ সৃষ্ট ছখন অংকীয়া নাটৰ ভিতৰত ইও এক অংকীয়া নাট, যিয়ে শৃঙ্গাৰ ৰসৰ জৰিয়তে কৃষ্ণৰ ভক্তিৰস প্ৰকাশ কৰে। এই নাটত কলাত্মক উপস্থাপনৰ উপৰি ভক্তিৰসৰ এক বিৰল সংমিশ্ৰণৰ লগতে গীত-নৃত্য, পদ-ভটিমাৰ সংযোগ দেখা যায়, যি দৰ্শকৰ মাজত ভক্তিৰসৰ সঞ্চাৰ কৰে। জীৱাত্মাক পৰমাত্মাৰে মিলনৰ এক পথ প্ৰদৰ্শনকাৰী এক অপূৰ্ব সাংস্কৃতিক উপস্থাপন। এই নাটে শ্ৰীকৃষ্ণৰ গোপীসকলৰ সৈতে কৰা লীলাক উপজীব্য কৰে। এই নাটৰ মূল উদ্দেশ্য হ’ল দৰ্শকক শ্ৰীকৃষ্ণৰ মহিমাৰ প্ৰতি আকৰ্ষিত কৰা আৰু ভক্তিৰসত মগ্ন কৰা।
ৰাসলীলাৰ আধ্যাত্মিক বিশ্লেষণ
সমীৰণ জ্যোতি হাজৰিকা
গুৰুজনাৰ আন সৃষ্টিসমূহৰ দৰেই ব্ৰজাৱলী ভাষাত ৰচনা কৰা গদ্য আৰু পদ্যৰ সুন্দৰ সংমিশ্ৰণ এই নাটত দেখিবলৈ পোৱা যায়, যাৰ দ্বাৰা সাংস্কৃতিক আৰু সাহিত্যিক মূল্য বৃদ্ধি পাইছে। এই নাটত প্ৰধানকৈ শৃঙ্গাৰ ৰসৰ প্ৰাধান্য দেখা যায়। কিন্তু শৃঙ্গাৰ ৰসৰ মাজেৰে ভক্তিৰসৰ এক নতুন ধাৰা সৃষ্টি কৰা হৈছে, যি ইয়াত এক বিশেষ গুৰুত্ব আৰোপ কৰিছে। সাংস্কৃতিক আৰু আধ্যাত্মিক সংযোজনৰ মাধ্যমেৰে নাটখনিত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা হৈছে।
অংকীয়া নাটসমূহ এক প্ৰকাৰৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ভাওনা। কেলিগোপাল এই অংকীয়া নাটৰ এক সুন্দৰ উদাহৰণ। কেলিগোপাল নাটখনত শ্ৰীকৃষ্ণৰ লীলাক সাধাৰণ দৰ্শকে বুজি পোৱাকৈ প্ৰস্তুত কৰি তোলা হৈছিল। ই শঙ্কৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তা-চৰ্চাৰ এক প্ৰতীক, যাৰ মাধ্যমেৰে ভক্তিৰসৰ এক নতুন ধাৰা প্ৰতিষ্ঠা হৈছিল।
শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান, তেওঁ গোপীসকলৰ লগত কৰা ক্ৰীড়া কামভাৱৰ পৰা সম্পূৰ্ণ মুক্ত। ই ভগৱানৰ এক লীলা— ‘লীলৱ্য কেৱলম্’। শঙ্কৰদেৱেও ইয়াক—
‘শুনিয়োক বুদ্ধজন জনম সাফলি।
কাম জয় নামে ইটো কেশৱৰ কেলি॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰদেহ নকৰা বৃথা॥
শৃংগাৰ ৰসে আছে যাৰ ৰতি।
তাকে শুনি নিৰ্মল হৌক মতি॥’
— বুলিহে উপদেশ বাক্যত উল্লেখ কৰিছে। ইয়াত অবৈধ প্ৰেমৰ চিত্ৰ দৃষ্টিগোচৰ হ’লেও মহাপুৰুষ শঙ্কৰদেৱৰ মৌলিক প্ৰতিভাৰে সৰ্বসাধাৰণৰ মানৱীয় প্ৰেমৰ অনুভূতিৰ সীমা অতিক্ৰম কৰি অনন্ত পৰমাত্মাত লীন হৈছে।
পৰমপুৰুষ শ্ৰীকৃষ্ণ পৰমাত্মাৰ প্ৰতীক, গোপীসকল জীৱাত্মাৰ প্ৰতীক। জীৱাত্মাৰ পৰমাত্মাত লীন হোৱাৰ যি দুৰ্বাৰ কামনা, তাকেই ৰাসক্ৰীড়াত প্ৰতীকবাদৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিছে। গোপীসকলৰ অহমিকা ভাৱৰ ভেটি উছন কৰি দাস্যভক্তি আৰু প্ৰেমভক্তি ভাৱেৰে হৃদয় আপ্লুত কৰি কষ্ণৰ পদকমলত আত্মসমপৰ্ণ কৰাই ৰাসক্ৰীড়াৰ একমাত্ৰ উদ্দেশ্য। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰটো ইয়াত অৰ্থব্যঞ্জক হিচাপে দেখা দিছে। “এই সুৰক বিশ্বসুৰ নাইবা পৰমাত্মাৰ আহ্বান আৰু গোপীসকলক জীৱাত্মাৰ পৰমাত্মাৰ সৈতে মিলনৰ হেঁপাহ আৰু ব্যগ্ৰতা বুলি ধাৰণা কৰা হয়।” (ড° উপেন্দ্ৰ নাথ গোস্বামী) পৰমপুৰুষ ভগৱানে সকলোকে নিজৰফালে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।
গুৰুজনাৰ আন নাটকেইভাগৰ দৰে মূল কেলিগোপাল নাটভাগৰ অভিনয় প্ৰায় নোহোৱাৰ দৰেই হ’ল। অথচ এই নাটৰ আধাৰতে এতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হয়। যদিও মূল শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰিল, তাৰ মাজতে দুই-এঠাইত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত কেলিগোপাল নাটভাগ অবিকল ৰূপত উপস্থাপন কৰাৰ প্ৰয়াসত আমি গুৰুজনাৰ অনুগামী তথা সাধাৰণ দৰ্শক হিচাপে এক অনন্য সুখ অনুভৱ কৰোঁ। বুজি পোৱা বয়স হোৱা দিন ধৰি ধুৰা-প্ৰধান ৰাসলীলাৰ দৰ্শক হিচাপে অভিজ্ঞতা লাভ কৰিছোঁ। পুৰুষেই হওক বা নাৰীয়েই হওক, গোপীসকলে ধুৰাসমূহ নিজ কণ্ঠৰে গাই অভিনয় কৰা দেখিছোঁ। সূত্ৰধাৰৰ লগত গায়ন-বায়নে একেলগে অগ্নিগড়ৰ দিশত থিয় হৈ গীতসমূহ গাই পৰিৱেশটো গভীৰ কৰি তোলাও দেখিছোঁ। এতিয়া একে ঠাইতে বহি এই কাৰ্য সমাপন কৰে, ঠিক আধুনিক নাটৰ ‘Music Box’-ৰ দৰে। ভাল হৈছে বা বেয়া হৈছে,— সেই বিষয়ে ক’বলৈ নাযাওঁ। কিন্তু বৰ্তমান সময়ত সূত্ৰধাৰজনে গীত-শ্লোক-ভটিমা-পদ পৰিৱেশন কৰাৰ সময়ত অকলশৰীয়া অনুভৱ কৰা যেন পাওঁ। এইক্ষেত্ৰত সূত্ৰধাৰৰ সৈতে সহযোগ কৰি পূৰ্বৰ দৰে অগ্নিগড়ৰ দিশত গায়ন-বায়ন থাকি সহযোগিতা আগবঢ়ালে ভাল বুলি ভাবোঁ। নাটৰ পাছৰ পৰ্যায়টো চলাই নিবলৈ বাৰু বহিয়েই বাকী বাদ্য-গীতৰ কাম কৰক, তাত আপত্তি কৰিবলগীয়া নাই।
নাটৰ আহাৰ্যৰ ক্ষেত্ৰত এতিয়াও সচেতনতাৰ অভাৱ দেখা পাওঁ। কিয়নো অসমৰ কেইবাটাও শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃষ্টি-সংস্কৃতিৰ চৰ্চা কৰা অনুষ্ঠানে অংকীয়া ভাওনাৰ আহাৰ্যৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিয়া দেখা গৈছে। সেই নীতি-নিয়মসমূহ মানি চলাত সচেতন হোৱাৰ প্ৰয়োজন অনুভৱ কৰোঁ। এতিয়াও অনা-অসমীয়া ঠাচৰ পোছাক-পৰিচ্ছদে অংকীয়া ভাওনা আগুৰি আছে। এইবোৰ সলনি নহ’লে অসমীয়া অংকীয়া ভাওনাৰ যি সুকীয়া পৰিচয় আছে, সি নোহোৱা হ’বলৈ বেছি পৰ নালাগিব।
যক্ষগান আৰু অংকীয়া ভাওনা: এটি তুলনামূলক টোকা
গোলাপ চন্দ্ৰ বৰা
এতিয়া ভাওনাৰ নাট্যশৈলীত আধুনিক মঞ্চ নাটকৰ প্ৰভাৱ লক্ষণীয়ভাৱে বাঢ়িছে। যিটো নামঘৰৰ মুকলি মঞ্চত খাপ নাখায়। অংকীয়া নাট পৰিৱেশনৰ মূল চিন্তাটোৰ লগত সঠিক পৰিচয় নহ’লে এনে হোৱাটো স্বাভাৱিক। যেনে, শ্ৰীকৃষ্ণ আৰু বিশেষ ‘ৰাধা নাম এক গোপী’ (মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কীৰ্তন-দশমত উল্লেখ নকৰা ৰাধা চৰিত্ৰ এটিৰ উল্লেখ কেলিগোপাল নাটত আছে। গোপীসকলৰ অহং ভাব খৰ্ব কৰিবলৈ ৰাধা নামৰ গোপীগৰাকীক লৈ অন্তৰ্ধান হ’ল। ‘প্ৰেম ভকতি হৌক বুলি কহোঁ: ৰাধা নাম এক গোপীক: হৃদয়ে বান্ধি কহোঁ: তথায়ে অন্তৰ্ধান ভেল’) অন্তৰ্ধান হোৱাৰ পাছত গোপীসকলে কৃষ্ণৰ লীলা তেওঁলোকৰ নিজৰ মাজতেই ‘ভাবনা’ কৰে। কৃষ্ণপ্ৰেমত গোপীসকল ইমানেই আকুল হৈছিল যে কৃষ্ণক পাবলৈ প্ৰত্যেকেই কৃষ্ণ ভাবনা কৰিছিল। কেলিগোপাল নাটত গুৰুজনাই লিখিছে— ‘মঞি কৃষ্ণ বুলি কৰে ভাবনা।’ মানে গোপীসকলেই শ্ৰীকৃষ্ণৰ ভিন্ন সময়ৰ ৰূপ লৈ শ্ৰীকৃষ্ণক স্মৰণ কৰে। তাত বেলেগ পূতনা, শিশু কৃষ্ণ আৰু গোপ-বালকৰ প্ৰয়োজন ক’ত? শঙ্খচূড় আচলতে কোন? অসুৰ নে কুবেৰৰ অনুচৰ, বিষয়টো জনাটো প্ৰয়োজন। ‘হাতে শূল কায়া থূল’ বুলি গীতত থাকিলেও হাতত শূল লৈ প্ৰৱেশ কৰা শঙ্খচূড় খুব কমেইহে দেখা পোৱা যায়।
সত্ৰীয়া গীত-মাত বা নৃত্যৰ বিষয়ত সত্ৰীয়া পৰম্পৰাৰ বিপৰীতে হিন্দুস্তানী নৃত্য আৰু সংগীতৰ প্ৰভাৱ দেখা যায়। সেই একেই প্ৰভাৱ ভাওনাতো বিদ্যমান। তথাপি সাধাৰণ দৰ্শকক যি গীত-নৃত্য-অভিনয়ে অন্তৰ স্পৰ্শ কৰিব পাৰে, সি সফল প্ৰযোজনা বুলি ক’ব পৰা যায়। কিন্তু মূল পৰম্পৰাক আওকাণ কৰি নহয়। এই ক্ষেত্ৰত নিশ্চয়কৈ বিশেষজ্ঞসকলৰ দৃষ্টি সুকীয়া হোৱাটো প্ৰয়োজন। অৱশ্যে, ধুৰা-প্ৰধান ৰাস চাই অভ্যস্ত হোৱা দৰ্শকক গুৰুজনাৰ কেলিগোপাল নাটভাগে আকৃষ্ট কৰিব পাৰিবনে নাই, সিয়ো আন এক কথা। এটা সময়ত গোপীসকলেই ৰাসৰ ধুৰাসমূহ গাই নৃত্য কৰিছিল। এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য-নাটিকাৰ পৰিৱেশ বিদ্যমান। এই ক্ষেত্ৰত সুৰ-সঞ্চাৰ বুজি পোৱা কেইগৰাকীমান গোপীক প্ৰশিক্ষণ দি ধুৰাসমূহ গোৱাবলৈ চেষ্টা কৰিব পাৰিলে হেৰাই যোৱা স্বকীয়তা পুনৰ উভতি আহিব বুলি আমি ধাৰণা কৰোঁ। কিয়নো এসময়ত গোপীৰ ভাও লোৱা পুৰুষসকলে এই ধুৰাসমূহ নিজেই গাই অভিনয় কৰিছিল। ঠিক তেনেদৰে যুৱতী-মহিলা গোপীসকলেও কৰা আমি প্ৰত্যক্ষ কৰিছিলো।
অৱশ্যে আজিৰ দিনত গোপীসকলৰ নৃত্য-অভিনয়ৰ দিশটো যথেষ্ট উন্নত হৈছে। আমাৰ দৰে বহুদিনীয়া ৰাসৰ দৰ্শকৰ সৈতে পুৰুষে অভিনয় কৰা গোপীসকলে বিৰহ-বেদনাৰ অভিনয়েৰে এক আন্তৰিক সংযোগ ঘটাবলৈ সক্ষম হৈছিল; কিন্তু আজিৰ দিনত তেনে গোপী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা সকলোৰে নৃত্য, লয়-লাস, বচন শৈলী উন্নতমানৰ হ’লেও, ক’ৰবাত যেনে আসোঁৱাহ আছে, ক’ৰবাত যেন পথভ্ৰষ্ট হৈছে— তেনে অনুভৱ হয়! নৃত্য-অভিনয়, গীত-বাদ্যৰ লগতে আধুনিক বৈদ্যুতিক সা-সঁজুলি, শব্দ ব্যৱস্থাৰ উন্নতি হৈছে। কিন্তু ভাওনাৰ মূল সত্তাৰ পৰা বহু নিলগলৈ গতি কৰিছে।
আজিৰ পৰিপ্ৰেক্ষিতত দুটামান মনলৈ অহা বিষয় উল্লেখ কৰোঁ:
আজিৰ অত্যাধুনিক পোহৰ ব্যৱস্থাই নাটৰ উপস্থাপনৰ সহায় কৰাতকৈ বিঘিনিহে ঘটাইছে। ইয়াৰ মূলতে ভাওনাত প্ৰায়েই পোহৰ প্ৰক্ষেপন সঠিক নহয়। কিয়নো পোহৰৰ সৈতে আখৰা কৰা নহয়। যি সকলো ঠাইতে সহজো নহয়। বৰ্তমান পূৰ্বৰ হেল’জেন লাইটৰ ঠাই এল ই ডি লাইটে ল’লে, যি মঞ্চৰ বাবেও সুবিধাজনক নহয়। মুকলি ঠাইৰ কাৰণে একেবাৰে অনুপযোগী। এই ক্ষেত্ৰত বিশেষকৈ ভাওনাৰ প্ৰযোজনাৰ দায়িত্বত থকাসকল সচেতন হ’ব লাগে। যিহেতু ভাওনাৰ সমগ্ৰ ব্যৱস্থাটোৱেই বৰ্ণীল, সাজ-সজ্জা, ৰূপসজ্জা চকুত লগা; তাত বেলেগকৈ ৰঙীন পোহৰৰ নহ’লেও হয়। নহ’লেহে দৰ্শকৰ বাবে উপযুক্ত হ’ব যেন লাগে। পোনপটীয়া বগা পোহৰত চৰিত্ৰসমূহৰ অংগ-ভংগী, আচৰণ-বিচৰণ সূক্ষ্মভাৱে দৰ্শকসকলে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব আৰু কুশীলৱসকলৰে সংযোগ স্থাপনত সহায়ক হ’ব।
দ্বিতীয়তে, শব্দৰ ক্ষেত্ৰতো সাৱধানতাৰ প্ৰয়োজন আছে। পূৰ্বতে ভাৱৰীয়াসকলৰ বাবে শব্দৰ বৰ বিশেষ সঁজুলি নাছিল। কিছুদিনৰ আগলৈকে ভাওনাস্থলীত শব্দ গ্ৰহণ যন্ত্ৰ ওলোমাই দিছিল বা ষ্টেণ্ডৰ ব্যৱস্থা কৰিছিল। দক্ষ ভাৱৰীয়াসকলে সেই শব্দগ্ৰহণ যন্ত্ৰৰ (মাইক্ৰফ’ন)ৰ সঠিক ব্যৱহাৰ কৰিব জানিছিল। যিসকলে নাজানিছিল, তেওঁলোকৰ বচন শুনা নগৈছিল। অভিনয় ভাল কৰিলেও সি মানসম্পন্ন নাছিল। বৰ্তমান গাতে লাগি থকা শব্দগ্ৰহণ যন্ত্ৰ (lapel mic)ই বহুখিনি সুবিধা কৰিছে, কিন্তু সাধাৰণতে প্ৰক্ষেপ কৰা ধৰণেৰে বচন বা সংলাপ যেতিয়া গাতে লাগি মাইক্ৰফ’নটোত কৰে, স্বৰ উচ্চ হয়, তেতিয়া শুনিবলৈ অসুবিধা হয়। এই ক্ষেত্ৰত যিমানখিনি পৰা যায়, ভাৱৰীয়াসকলক প্ৰশিক্ষণ দিব পাৰিলে ভাল। এয়া আমাৰ অনুভৱ। কিন্তু কিমানখিনিলৈকে সম্ভৱ হয়; সিয়ো চিন্তাৰ বিষয়।
তৃতীয়তে, পূৰ্বতে ভাওনাৰ পৰিৱেশনস্থলী আছিল নামঘৰ। গতিকে, নামঘৰলৈ যোৱাৰ নিৰ্দিষ্ট নিয়ম জ্যেষ্ঠৰ পৰা কনিস্থলৈ কঠোৰভাৱে মানি আহিছিল। পোছাক-পৰিচ্ছদৰ পৰা খাদ্যলৈকে। কিন্তু এতিয়া সেইটো সম্ভৱ হৈ আছেনে? ভাওনাৰ মূল গায়ন-বায়ন, সূত্ৰধাৰ, মূল চৰিত্ৰৰ ভাও-ভাৱৰীয়াই ভাওনাৰ আগনিশাৰ গন্ধৰ্ব বাদনৰ পৰাই নীতি-নিয়ম মানি চলিছিল। এতিয়া সেই কথা ক’লে বহুতে হাঁহিব! কাৰণ সেই পৰিৱেশটো ৰক্ষা কৰিবলৈ জ্যেষ্ঠসকলে কনিষ্ঠসকলক প্ৰস্তুত কৰি তুলিবলৈ সক্ষম নহ’ল। এইখিনিতে আঞ্চলিক বুৰঞ্জী চৰ্চাৰ অন্যতম বাটকটীয়া লীলাধৰ বৰাৰ ‘ঐতিহ্যমণ্ডিত কলিয়াবৰ’ গ্ৰন্থত উল্লিখিত কিছু বক্তব্য সংযোগ কৰিব বিচাৰিছোঁ— ‘এসময়ত কলিয়াবৰীয়া ভাৱৰীয়াই নাটৰ কথা আখৰে আখৰে মানিছিল আৰু তাত আজিৰ দৰে কোনো কথা যোগ বা বিয়োগ নকৰিছিল। নাট্যকাৰৰ বচনৰ লগত কোনো ভাৱৰীয়াই নিজৰ পাণ্ডিত্য দেখুৱাই অন্য কথা যোগ দি লোৱাটোক তেতিয়া অপৰাধ বুলি গণ্য কৰা হৈছিল। অতিমাত্ৰা অভিনয়েৰে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাতকৈ নাটকৰ মূল আদৰ্শ ৰক্ষা কৰাতহে ভাৱৰীয়াসকল বেছি সজাগ। মনুষ্য হৈ দৈৱীভাৱ প্ৰকাশ কৰাই সেইসকলৰ ভাৱৰীয়াৰ মূল লক্ষ্য আছিল। দৃশ্যসজ্জা, পোছাক-পৰিচ্ছদৰ কথা তেনেই গৌণ আছিল।’ এই উল্লেখ কেৱল কলিয়াবৰৰে ক্ষেত্ৰতে নিশ্চয় নহয়, ই বৰ্তমান ভাওনা প্ৰদৰ্শন হৈ থকা প্ৰতিখন ঠাইৰে বিষয় যেন আমাৰ অনুমান হয়।
ভৰতমুনিয়ে নাট্যশাস্ত্ৰত চাৰি প্ৰকাৰৰ অভিনয়ৰ বিষয়ে ব্যাখ্যা কৰিছিল—
‘আংগিকং ভুৱনং য়শ্য।
ৱাচিকং সৰ্ব বাঙ্গময়ং॥
আহাৰ্য়ং চন্দ্ৰ তাৰাদি।
তং নমঃ সাত্ত্বিকং শিৱম॥’
এই শ্লোকটি নটৰাজৰ স্বৰূপ স্তুতি হ’লেও, এই শ্লোকটিক যদি অভিনয়ৰ প্ৰসংগৰে বুজিবলৈ চেষ্টা কৰোঁ, তেনেহ’লে এনেধৰণৰ বুজিম— অংগ চালনাৰে পৃথিৱীৰ সকলো জীৱ-জড়কে প্ৰকাশ কৰিব পাৰি। বচন বা বাক্যৰে সকলো বিষয়কে বুজিব পৰাকৈ দাঙি ধৰিব পাৰি। আহাৰ্যৰ জৰিয়তে চন্দ্ৰ-তৰাকো মৰ্ত্যলৈ নমাই আনিব পাৰি। যি সাজ-সজ্জা, ৰূপসজ্জা, মঞ্চসজ্জা বা পৰিৱেশ সজ্জা বুলি বুজিব পাৰি। এই সকলো উপকৰণৰ জৰিয়তে যি এক সাত্ত্বিক ভাব ভাও-ভাৱৰীয়া, আয়োজক-দৰ্শকৰ মনত জাগ্ৰত হয়, সিয়েই এই নাটকৰ মূল উপজীব্য। এয়েই আছিল অতীজৰ নাটক পৰিৱেশনৰ মূল লক্ষ্য। যি মানৱ জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত, দুখ-বেদনা, হিংসা-দ্বেষ আদি দুশ্চিন্তাবোৰক, আচৰণবোৰক বিৰাম দিয়ে। যেন এক মানসিক নিৰাময়, নিদানমূলক ব্যৱস্থা। গ্ৰীক থিয়েটাৰৰ আৰম্ভণিতে ‘কেথাৰছিছ’ (catharsis)ৰ জৰিয়তে এক মানসিক নিদানমূলক ব্যৱস্থাৰ বিষয়ে জানিবলৈ পোৱা যায়। জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলনৰ নিদানমূলক পৰিৱেশ এটা সৃষ্টিত কেলিগোপাল নাটভাগৰ পৰিৱেশন অতিকৈ গুৰুত্বপূৰ্ণ হ’লেও বৰ্তমানৰ ধুৰা-প্ৰধান ৰাসলীলাই তেনে এক পৰিৱেশ সৃষ্টিত ক’ৰবাত বাধক হৈ পৰিছে।
সাধাৰণীকৰণ নকৰিলেও বৰ্তমান সময়ত এই সকলোবোৰতে অতিচাৰ হোৱা যেন অনুভৱ কৰাৰ এক পৰিৱেশ দেখা গৈছে। ইয়াৰ মূলতে গুৰু দুজনাৰ সৃষ্টিৰ প্ৰকৃত গুৰুত্ব উপলব্ধি তথা অধ্যয়ন নকৰাকৈয়ে, অন্য কিছু অপ্ৰয়োজনীয় উপকৰণ সংযোগ কৰি কেৱল পৰিৱেশ্য কলাৰ ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস। এই ক্ষেত্ৰত অসমৰ বিভিন্ন স্থানৰ অংকীয়া নাট পৰিৱেশনকাৰী অনুষ্ঠানসমূহে কেলিগোপাল নাটভাগৰ পৰিৱেশনৰ এক যোগাত্মক পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব বুলি আমি আশাবাদী। অসমত ক্ৰমান্বয়ে লোপ পাবলৈ ধৰা পৰম্পৰাগত সত্ৰীয়া শৈলীসমূহৰ চৰ্চাৰ ক্ষেত্ৰত এই অনুষ্ঠানসমূহ একত্ৰ হৈ গৱেষণালব্ধ চৰ্চাৰ এক সবল পদক্ষেপ ল’লে সকলোৱে আদৰণি জনাব বুলি আমাৰ দৃঢ় বিশ্বাস।
কামজয় কেলি ৰাস: এক বিশ্লেষণাত্মক বিচাৰ
দুলাল মহন্ত

শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া
বিপুলচন্দ্ৰ ভট্টাচাৰ্য

অসমত মঞ্চ ৰাসৰ সূচনা: এটি অৱলোকন
যাদৱ হাজৰিকা

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
শ্বাৱন কুমাৰ মহন্ত

শঙ্কৰদেৱৰ অংকীয়া নাটত সমাজমুখী চেতনা
প্ৰকল্প ৰঞ্জন ভাগৱতী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক







