“সমস্ত-বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত-ৰস পাই।
পৰম সন্তোষে পান কৰিলে যিজনে তাৰ
অন্য ৰসত ৰতি নাই॥” (নামঘোষা)
সমস্ত বেদান্ত বা উপনিষদসমূহৰ সাৰ এই মহাভাগৱত শাস্ত্ৰই বেদ সম্পৰ্কে এইদৰে কৈছে—
“মই বিনে বেদে কিছু আন নবাখানে।
চাৰিও বেদৰ তত্ত্ব অৰ্থ এহিমানে॥ ”
আন এটা পদত আকৌ কৈছে—
“চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত।
হৰিকেহে কৱৈ মাত্ৰ সমস্ত শাস্ত্ৰত॥
ইহাক নজানি আন কৱৈ অল্পমতি
কদাচিত নুশুনিবা সিসব সন্মতি॥”
এই দৰেই চাৰিবেদ, ৰামায়ণ, মহাভাৰত আৰু পুৰাণ আদিত কেৱল হৰিৰ গুণানুকীৰ্তনেই আছে বুলি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই সাক্ষ্য প্ৰদান কৰিছে। এই ভাগৱত শাস্ত্ৰত বৰ্ণিত হৰি বা কৃষ্ণই হৈছে জগতৰ ঈশ্বৰ, পৰম পুৰুষ। গীতা শাস্ত্ৰত এই পৰম পুৰুষজনাই নিজে কৈছে—
“অহং সৰ্বস্য প্ৰভৱো মত্তঃ সৰ্বং প্ৰৱৰ্ততে।
ইতি মত্বা ভজন্তে মাং বুধা ভাব সমন্বিতাঃ॥”
অৰ্থাৎ, মই সমস্ত জগতৰ উৎপত্তিৰ কাৰণ, মোৰ পৰাই সমস্ত জগত প্ৰৱৰ্তিত হয়। এই কথা বুজি জ্ঞানীজনে ভক্তিৰে মোৰ উপাসনা কৰে।
এইহেন তেজস্বী পৰম পুৰুষজনাই কেনেকৈ আৰু কিয় বৃন্দাৱনত গোপীসকলৰ সৈতে ৰাসক্ৰীড়া বা অনংগ কেলি কৰিছিল, তাৰ অনুপম কাহিনী ভাগৱতৰ দশম স্কন্ধৰ ‘ৰাস পঞ্চোধ্যায়’ অৰ্থাৎ ২৯-ৰ পৰা ৩৩ সংখ্যক অধ্যায়লৈকে— পাঁচটা অধ্যায়ত বৰ্ণিত হৈছে।
ব্ৰহ্মাণ্ডত যত প্ৰকাৰ আনন্দ ৰস আছে, সকলোবোৰ এক ব্ৰহ্ম ৰসৰ অন্তৰ্গত। ব্ৰহ্মাণ্ডৰ আনন্দ বা ব্ৰহ্মানন্দৰ আধাৰ চিদানন্দ স্বৰূপ শ্ৰীকৃষ্ণমূৰ্তি। জীৱৰূপী প্ৰেম-প্ৰকৃতিৰে সৈতে আনন্দঘন মূৰ্তি শ্ৰীকৃষ্ণৰ নিত্য-ক্ৰীড়াৰ নাম ৰাস। যমুনাৰ তীৰত ব্ৰজংগনাসকলৰ লগত সংঘটিত শ্ৰীকৃষ্ণৰ শাৰদীয় ৰাসক্ৰীড়াৰ অনুপম কাহিনী পৰমাৰ্থ-তত্ত্ব বুজিবৰ বাবে অতি উপযোগী। উপৰুৱা দৃষ্টিৰে সাধাৰণ মনুষ্যই ৰাসলীলাৰ তাৎপৰ্য বুজিব নোৱাৰে। একান্ত ভক্তৰ পক্ষেহে ৰাসলীলাৰ গভীৰ তত্ত্ব উপলব্ধি কৰাটো সম্ভৱ। সংসাৰ মায়াত আবদ্ধ জীৱাত্মাক পৰমাত্মাৰ লগত একাত্ম কৰাৰ উপায় প্ৰদৰ্শনৰ অৰ্থে ভগৱানে এই লীলা অৱতাৰ ধাৰণ কৰিছিল—
“পৰম দুৰ্বোধ আত্ম তত্ত্ব তাৰ জ্ঞান অৰ্থে হৰষিত
লীলা অবতাৰ ধৰা তুমি কৃপাময়।
তাহান চৰিত সুধা সিন্ধু তাত ক্ৰীড়া কৰি দীন বন্ধু
চাৰি পুৰুষাৰ্থ তৃণ সম কৰয়॥” (নামঘোষা)
শ্ৰীমদ্ভাগৱতত বৰ্ণিত আখ্যান মতে, শ্ৰীকৃষ্ণৰ লগত ৰাসক্ৰীড়া কৰা গোপীসকল ত্ৰেতাযুগত আছিল দণ্ডকাৰণ্যৰ ঋষি। ঋষিসকলে ভগৱানৰ ৰাম অৱতাৰত কাকূতি কৰিছিল যে তেওঁলোকে ভাৰ্যাই পতিক সেৱা-শুশ্ৰূষা কৰাৰ দৰে জনমে জনমে প্ৰভু শ্ৰীৰামচন্দ্ৰক সেৱা-শুশ্ৰূষা কৰিবলৈ আশা কৰে। ভগৱান শ্ৰীৰামচন্দ্ৰইও তেওঁলোকৰ সেই আশা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুক্ৰমেই দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰি গকুলত গোপীকাৰ ৰূপত জন্মগ্ৰহণ কৰা ভক্ত ঋষিসকলৰ মনোবাঞ্ছা পূৰণ কৰাৰ নিমিত্তেই প্ৰভু ভগৱন্তই ৰাসক্ৰীড়াৰ পাতনি মেলিছিল।
বিধিৰ লিখন হিচাপে গোপীসকলে শ্ৰীকৃষ্ণৰ লগত পুনৰ মিলনৰ সুযোগ পাইছিল যদিও সংসাৰ মায়াত আচ্ছন্ন গোপীসকলৰ মনৰ পৰা সমস্ত পাপ, তাপ আৰু অহংকাৰ দূৰ নোহোৱা পৰ্যন্ত তেওঁলোকে প্ৰভুৰ পৰম সান্নিধ্য লাভ কৰিব পৰা নাছিল।
শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ নিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ শুনি যেতিয়া য’ৰ বন ত’তে এৰি গোপীসকল গৈ তেওঁৰ কাষ পালে, শ্ৰীকৃষ্ণই তেতিয়া অনেক বুজনি আৰু যুক্তি দি তেওঁলোকক নিজৰ নিজৰ গৃহলৈ উভতি যাবলৈ পৰামৰ্শ দিলে। যেনে— “তোমালোক ইয়ালৈ কিয় আহিলা? আমি কিবা প্ৰিয় কাৰ্য সাধন কৰি দিব লাগিব নেকি? ঘোৰ নিশা, তাতে হিংস্ৰ পশুৰ ঠাই, তোমালোক অবলা তিৰোতা, গতিকে সোনকালেই গৃহলৈ উভতি যোৱা। তোমালোকক গৃহত নেদেখি পিতৃ-মাতৃ, পতি-পুত্ৰগণ মহা সংশয়ত পৰিব। তোমালোকে আহি বৃন্দাৱনৰ মনোৰম সৌন্দৰ্য দেখিলা, গতিকে হ’ব আৰু উভতি যোৱা। তোমালোকক নেদেখি তোমালোকৰ গৰু পোৱালি আৰু শিশুসকলে কান্দিছে, শিশুসকলক পিয়াহ দিয়াগৈ, দামুৰিবোৰক গাইৰ গাখীৰ খাবলৈ দিয়াগৈ, তোমালোকৰ পতিসকলক সেৱা কৰাগৈ। যদি আমাৰ প্ৰতি থকা স্নেহবসতঃ তোমালোক আহিছিলা, তেন্তে আমাক ইতিমধ্যে দেখিলাই, এতিয়া উভতি যোৱাগৈ। একেৰাহে আমাৰ লগতে থাকিলে আমাৰ প্ৰতি থকা তোমালোকৰ নিৰ্মল প্ৰীতি নষ্টহে হৈ গৈ থাকিব। হে, গোপীসকল, তোমালোকে জনা উচিত যে গৃহকৰ্ম তিৰোতাৰ ধৰ্ম। তোমালোকে নাজানানে যে পতি বৃদ্ধ, জড়, ৰোগী হ’লেও পতি-ত্যাগ চৰম অধৰ্ম! কুলস্ত্ৰীয়ে উপ-পতিৰে সৈতে সম্বন্ধ কৰা যে গৰ্হিত কৰ্ম সেয়াও তোমালোকৰ নজনা নহয় । গতিকে, হে গোপীকাসকল, তোমালোক স্ব-গৃহলৈ উভতি যোৱাহঁক।” আচলতে, শ্ৰীকৃষ্ণ ভগৱন্তই এনেবোৰ উৎসাহহীন কথাৰ দ্বাৰা গোপীসকলৰ মনৰ প্ৰকৃত ধ্যান-ধাৰণা আৰু অকৃত্ৰিম অভিলাষ কি জানিব বিচাৰিছিল। শ্ৰীকৃষ্ণৰ তেনে বিপ্ৰিয় বাণী শুনি গোপীসকলৰ বদন মুহূৰ্ততে বিবৰ্ণ হৈ গৈছিল যদিও তেওঁলোকে সদৰ্থকভাৱে মনৰ ঐকান্তিক কথাবোৰ কৈ গ’ল—
“ভকত বৎসল তোমাক জানি।
কেনে বোলা হেন ঘাতুক বাণী॥
সমস্ত বিষয় এৰিয়া স্বামী।
ভজিলোঁ তোমাৰ চৰণে আমি॥
ভজিয়ো আমাক মিলোক ভাগ।
নকৰা নাথ ভকতক ত্যাগ॥
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম।
তোমাতে থাকোক সিসৱ ধৰ্ম॥
জগতৰে বন্ধু আতমা তুমি।
সমস্তে ধৰ্মৰ আপুনি ভূমি॥
তুমি আত্মা হেন জানি সম্প্ৰতি।
তোমাতেসে কৰে ভকতে ৰতি॥
নলাগে পতি পুত্ৰ দুঃখ হেতু।
হুয়োক প্ৰসন্ন গৰুড়কেতু॥
কৰিছোঁ আশা যিটো চিৰকাল।
নকৰিও তাক ভঙ্গ গোপাল॥” (কীৰ্তন-ঘোষা)
“হে কৃষ্ণ! পতি পুত্ৰাদিৰ সেৱা কৰাটো যে তিৰোতাৰ পৰম ধৰ্ম বুলি তুমি কৈছা— সেইটো আমি সকলোৱে জানো। কিন্তু, আমাৰ স্বাভাৱিক বিশ্বাস যে তুমিয়েই আমাৰ পতি আৰু তুমিয়েই ত্ৰিজগতৰ পতি। পতি মানে কি? যি সৰ্বপ্ৰকাৰে ৰক্ষা কৰিব পাৰে, তেৱেঁই পতি। আমাক যি পতিৰ ওচৰলৈ উভতি যাবলৈ কৈছা, সেই পতিয়ে নিজকে ৰক্ষা কৰিব নোৱাৰে, তেওঁ আকৌ আমাৰ পতি অৰ্থাৎ ৰক্ষক হ’ব কেনেকৈ? সেই পতি নামতহে পতি, কাৰ্যত উপপতিহে। তুমি জগতৰ ঈশ, স্বভাৱতে তুমিয়ে সকলোৰে চিৰপতি। তুমি নিত্যানন্দ পৰমানন্দ স্বৰূপ। তোমাৰ সেৱাতহে জীৱই অনন্ত আনন্দ লাভ কৰিব পাৰে।” (বেজবৰুৱা ৰচনাৱলী)
গোপীসকলে আকৌ ক’লে— “এই জগতৰ তুমিয়েই অদ্বিতীয় পুৰুষ। বাকী সকলো প্ৰকৃতি। সাধাৰণ মানুহে ভ্ৰমবসতঃ যিবোৰক পতি বুলি আশ্ৰয় কৰে সেইবোৰো বাস্তৱিকতে প্ৰকৃতিহে। যেতিয়া জীৱই নিজক প্ৰকৃতি বুলি বুজিব আৰু তোমাকেই একমাত্ৰ পুৰুষ বুলি জানিব, তেতিয়া সংসাৰৰ মায়া বন্ধন ছেদ কৰি তোমাৰ শৰণাপন্ন হ’ব আৰু অখণ্ড আনন্দত মগন হ’ব। তোমাৰ বাদে কোনে কাক উদ্ধাৰ কৰিব পাৰে? তুমিয়ে আমাৰ পতি, বন্ধু, সুহৃদ সকলো। তুমি সমস্ত জগতৰে সুহৃদ।”
“তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰমদেৱ,
প্ৰাণ প্ৰভু পীতাম্বৰ এ।
তুমিহে কেৱল আত্মা মোৰ॥”
গোপীসকলৰ মুখে এনুৱা তাত্ত্বিক বাণী শুনি—
“ভৈলন্ত সদয় শাৰংগপাণি।
হাসিয়া বোলন্ত এৰিয়ো তাপ
গোপীকো ক্ৰীড়িলা জগত বাপ॥” (কীৰ্তন)
ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবে ভকতবৎসল প্ৰভু ভগৱন্তই শৰৎকালৰ পূৰ্ণিমাৰ ৰাতি যমুনাৰ প্ৰশান্ত তীৰত ৰাসক্ৰীড়াৰ সূচনা কৰিলে। যদিও গোপীসকলে পৰম পুৰুষ পৰমাত্মা প্ৰভু ভগৱন্তৰ বাহিৰে তেওঁলোকৰ অন্তৰৰ ভিতৰে-বাহিৰে আন কোনো বস্তুৰ অস্তিত্ব অনুভৱ নকৰা স্তৰ এটালৈ নিজক উত্তৰণ ঘটাইছিল, তথাপি তেওঁলোকে মনে মনে ভাবিবলৈ লৈছিল যে তেওঁলোকতকৈ সৌভাগ্যশালী আৰু কোনো নাই! এই গৰ্বই মনত ঠিত লোৱাত অন্তৰ্যামী কৃষ্ণই গোপীসকলক এৰি অন্তৰ্ধান হ’ল। তাৰমানে পাৰ্থিৱ জগতৰ লোভ-মোহ, সম্পদ, দম্ভ-অহংকাৰৰ মাজত জীৱ আত্মা সোমাই থাকিলে পৰমাত্মা প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰি। ভক্তিৰ ই এক নিগূঢ় তত্ত্ব।
সৰ্বশেষত গোপীসকলে নিজৰ ভুল বুজি পাই জগতৰ পতি কৃষ্ণক বিচাৰি মিছাতে ভ্ৰমি নুফুৰি অচলা ভকতিৰে তেওঁৰ গুণানুকীৰ্তন আৰু লীলা কৰিবলৈ ধৰিলে।
“সমস্তে সখীতে তাই কহিল বৃত্তান্ত।
যেন মতে তাইক এড়িলন্ত কৃষ্ণকান্ত॥
শুনিয়া বিস্ময় আতি ভৈলা যত সখী।
নিৱৰ্তিলা সৱে ঘোৰ অন্ধকাৰ দেখি॥
কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ।
কৃষ্ণগুণ গায়া কৰে কৃষ্ণৰে বিলাপ॥
পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে।
কৃষ্ণময় হুয়া কৃষ্ণচেষ্টা মাত্ৰ কৰে॥
কৃষ্ণপদ পঙ্কজে নিবিড় কৰি চিত্ত।
দুনাই যমুনাৰ সৱে নামিলা বালিত॥
কৃষ্ণক প্ৰাৰ্থয় গোপী এক ঠাই হুই।…”
(কীৰ্তন-ঘোষা)
লাহে লাহে তেওঁলোকে চাৰিওপিনে, তেওঁলোকৰ অন্তৰৰ ভিতৰে বাহিৰে, আনকি গছ-লতিকা-শিলাখণ্ড সকলোকে প্ৰভু ভগৱন্তৰ অস্তিত্ব উপলব্ধি কৰিবলৈ ল’লে। তেওঁলোকৰ মন-চিত সমুদায় কৃষ্ণময় হৈ পৰিল আৰু ক্ৰমে গোপীসকলৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ’ল। পাছত একান্ত ভকতিত সন্তুষ্ট হৈ প্ৰভু কৃষ্ণইও তেওঁলোক দেখা দিলে। এইদৰেই ৰাসক্ৰীড়াই নিষ্কাম ভকতিৰ মহত্ত্ব আমাক দেখুৱাইছে।
শ্ৰীকৃষ্ণৰ এই ৰাসক্ৰীড়াক লৈ বহুতে কটু-সমালোচনা কৰে, যিটো উপলব্ধিহীন মনৰ বিচাৰ। আচলতে যিটো বয়সত শ্ৰীকৃষ্ণই ব্ৰজংগনাসকলৰ লগত ৰাসক্ৰীড়া কৰিছিল, সেই বয়সটো আছিল একেবাৰে বাল্যকালৰ। শ্ৰীমদ্ভাগৱতৰ মতে এঘাৰ বছৰ বয়সলৈকে কৃষ্ণ-বলোৰাম কংসৰ চকুৰ পৰা আঁতৰত আছিল। জন্মৰ পৰা এঘাৰ বছৰ কাল কৃষ্ণই নন্দৰ গৃহত থাকি পাছত কংস বধৰ নিমিত্তে মথুৰালৈ উভতিছিল। গতিকে এঘাৰ বছৰ বয়সৰ শিশু শ্ৰীকৃষ্ণই ব্ৰজধামত পূৰ্ণ বয়স্ক গাভৰু, সতি-সন্ততিৰে পূৰ্ণ বিবাহিত নাৰী আৰু বৃদ্ধ বয়সৰ নাৰীৰ লগত যি ৰাসক্ৰীড়া কৰিছিল, তাত যে লৌকিক কথা একো নাই, বৰং গভীৰ ৰহস্যতত্ত্ব সোমাই আছে, সেয়া সহজে বুজিব পাৰি। সেই ৰহস্য তত্ত্ব আন একো নহয়— ভক্তিতত্ত্ব। ভক্তি নবিধ— “শ্ৰৱণং কীৰ্তনং বিষ্ণোঃ স্মৰণং পাদ সেৱনম্। অৰ্চনং বন্দনং দাস্যং সখ্যমাত্মনিৱেদনম্॥”
অসাৰ সংসাৰৰ মায়া আৰু সকলো ধৰণৰ বন্ধনৰ পৰা মুক্ত হৈ সৰ্বশেষত ঈশ্বৰত আত্মনিৱেদন কৰা একান্ত ভকত গোপীসকলক ভক্তবৎসল ভগৱানে কৰা কৃপাৰ মহাত্মা আমি ৰাসক্ৰীড়াৰ মাজেৰে উপলব্ধি কৰিব পাৰিব লাগে। পৰম পুৰুষ ভগৱন্ত কৃষ্ণই গোপীসকলৰ লগত “যত গোপী তত কৃষ্ণ” হৈ ৰাসক্ৰীড়া কৰিলে। পানী ভৰোৱা প্ৰত্যেকটো কলহত যেনেকৈ একেখন আকাশৰ প্ৰতিবিম্ব সুকীয়া সুকীয়াকৈ দেখা যায়, ঠিক একেদৰে প্ৰত্যেক গৰাকী গোপীয়ে নিজৰ প্ৰেম-ভক্তিৰ বলত কৃষ্ণক নিজৰ বাহুবন্ধনৰ মাজতে থকাৰ দৰে উপলব্ধি কৰিলে। এইদৰেই গোপীসকলৰ কামনা-বাসনা সকলো পূৰণ হ’ল, কিন্তু পৰমপুৰুষ শ্ৰীকৃষ্ণ গোপীসকলৰ দ্বাৰা বিমোহিত নহ’ল—
“নোৱাৰিলে গোপীগণে মুহিব কৃষ্ণক।
ছায়া পুতলাৰে যেন ওমলে বালক॥”
কীৰ্তনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে লিখিছে—
“ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনি যিটো নৰ॥
কৃষ্ণত ভকতি বাঢ়িব তাৰ।
কাম সাগৰ সুখে হৈব পাৰ॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰ দেহা নকৰা বৃথা॥”
গতিকে, এয়াই হৈছে ৰাসলীলাৰ মূল আধ্যাত্মিক তত্ত্ব। ঈশ্বৰ প্ৰাপ্তিৰ যি চাৰিটা মাৰ্গ আছে তাৰ ভিতৰত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ অনুপম কাহিনীয়ে ভক্তিমাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে।
প্ৰসংগ পুথি:
১. বেজবৰুৱা ৰচনাৱলী (৫ম খণ্ড), নিত্য বৰা (সম্পা), অসম প্ৰকাশন পৰিষদ
২. কীৰ্তন-ঘোষা, শ্ৰীমন্ত শঙ্কৰদেৱ
৩. নামঘোষা, শ্ৰীশ্ৰীমাধৱদেৱ
❧ | আৰু পঢ়ক: