“বৃক্ষেণ্ড মণ্ডল মঠ স্বম কুষ্ঠ বোধু।
বৃন্দাবনে বেণুমবাদয়ন্ মুদা।।
যো মোহনায় মধুৰং ব্রজ সুন্দৰীনাং।
ত্বং গোপ বেশ মনিষম্ প্রণতোহস্মি কৃষম্।।”
শ ৰৎ কালৰ পূর্ণিমা নিশা শ্রীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ লগত ৰাসক্রীড়া কৰিছিল। আধ্যাত্মিক দৃষ্টিভঙ্গীৰে শ্ৰীকৃষ্ণৰ ৰাসৰ তত্ত্বসমূহৰ জৰিয়তে অসমৰ সমাজ জীৱনত নৱ ৱৈষৱ ধৰ্মৰ প্রবর্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ‘কেলি গোপাল’ নাট ৰচনা কৰি কৃষ্ণভক্তিৰ মাহাত্ম্য, গোপীৰ প্রেম, শ্ৰীকৃষ্ণৰ চল-চাতুর্য, বীৰ ৰসৰ লগতে গোপীৰ দৰ্প চূর্ণ কৰি পুনৰ ভকতিত নিমজ্জিত কৰি এক সুন্দৰ আধ্যাত্মিক ভাবার্থ প্রকাশ কৰিছে।
“আহাঁ আহাঁ সখীসব বৃন্দাবনে যাওঁ।
বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ।।
শৰত কালৰ ৰাত্রি অতি বিতোপন।
ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।।”
সুললিত বাঁহীৰ ধ্বনিত মুখৰিত বৃন্দাবনত বাঁহীৰ ধ্বনিত মোহাচ্ছন্ন গোপীসকলে গৃহত পতি-পুত্র এৰি শ্ৰীকৃষ্ণৰ দৰ্শন লাভ কৰিছিল। শৰৎ কালৰ পূর্ণিমাৰ নিশা গোপীৰ এনে আগমনত শ্ৰীকৃষ্ণই গোপীসৱক অনেক বুজনি দি তেওঁলোকৰ নিজ নিজ গৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল যদিও প্রেম-ভকতিত নিমজ্জিত গোপীসকলে শ্রীকৃষ্ণৰ অনুৰোধ প্রত্যাখ্যান কৰিছিল।
“পতি-পুত্ৰ এৰি আইলো তোমাকেসে লাগি।
নকৰা নিৰাশ স্বামী হৈবা বধ ভাগী৷৷”
গোপীৰ কৰুণ প্রেম-ভকতি বাণীত শ্রীকৃষ্ণ গোপীৰ স্নেহবন্ধনত সোমাই পৰিল আৰু গোপীসৱৰ পৰম প্রেম-ভকতিত সন্তুষ্ট হৈ শ্রীকৃষ্ণই তেওঁলোকৰ লগত পৰম আনন্দে নৃত্য কৰিবলৈ ধৰিলে।
শ্রীকৃষ্ণৰ ৰাসৰ জৰিয়তে বীৰ ৰসৰো সমাহাৰ ঘটিছে। শ্রীকৃষ্ণই গোপী হৰণ কৰিবলৈ অহা শঙ্খচূড়ক খেদি পঠোৱাৰ লগতে গোপীসকলে শ্রীকৃষ্ণক বশ কৰা বুলি অহংকাৰত মত্ত হোৱাত ৰাধাক লৈ শ্রীকৃষ্ণ অন্তর্ধান হয়। ইয়াৰ পাছত শ্ৰীকৃষ্ণক বিচাৰি গোপীসকলৰ অসহায় অবস্থাৰ জৰিয়তে পুনৰ ভকতি ভাব প্রকাশিত হৈছে। শ্রীকৃষ্ণ বিহীন বৃন্দাবনত গোপীসকলৰ হাহাকাৰ অৱস্থা আৰু শ্ৰীকৃষ্ণৰ মহিমা বর্ণনাৰে মুখৰিত হৈ পৰিছে। আনহাতে ৰাধাই শ্ৰীকৃষ্ণৰ প্ৰতি কৰা অহংকাৰ ভাবৰো বিনাশ প্রতিফলিত হৈছে। গোপীৰ আকুল আহ্বানত পুনৰ বৃন্দাৱনত গোপীসকলৰ লগত শ্রীকৃষ্ণই পৰম আনন্দে নৃত্য কৰিবলৈ ধৰে।
“ভুবন ভূলাই আনন্দে গোবিন্দ
নাচে প্রভু চৰণ চলাই।
ভূজ মেলি কেলি কৰ কণ্ঠ আলিঙ্গি
ৰঙ্গিনী গোপিনী মিলাই।।”
শ্রীকৃষ্ণই গোপীসকলৰ লগত পৰম আনন্দে নৃত্য কৰাৰ পাছত পুনৰ বুজনি দিয়াত গোপীসকলে বিষাদ মনেৰে গৃহলৈ প্রত্যাৱর্তন কৰে।
❧ | আৰু পঢ়ক: ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
গোপীৰ প্রেম, বীৰ ৰস আৰু কৃষ্ণ ভক্তিৰ আধ্যাত্মিক ভাবৰে পৰিপূর্ণ শ্রীকৃষ্ণৰ ৰাসৰ মাহাত্ম্য আছে। নৱ বৈষ্ণৱ ধৰ্মৰ প্রৱর্তক শ্ৰীমন্ত শঙ্কৰদেৱে শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্রকাশৰ জৰিয়তে সেই সময়ৰ বিশৃংখল সমাজখনক আধ্যাত্মিক চিন্তাৰে একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছিল। বর্তমান সময়তো ৰাসলীলাৰ জৰিয়তে সমাজত দেখা দিয়া অপায়-অমঙ্গল, বিশৃংখলতা দূৰ কৰি প্রকৃত ধৰ্ম প্রতিষ্ঠা কৰি সমাজত সম্প্রীতিৰ বান্ধোন সুদৃঢ় কৰাৰ প্ৰয়াস কৰাৰ লগতে সমাজত আধ্যাত্মিক চিন্তাৰ জৰিয়তে শান্তি প্রতিষ্ঠা কৰাৰ প্রচেষ্টা আমাৰ সমাজখনে কৰি আহিছে।