গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি

গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি
  • 12 Sep, 2021

ক’ ভিডসৃষ্ট পৰিৱেশৰ বাবে যোৱা প্ৰায় দুটা বৰ্ষত সমগ্ৰ দেশৰ শৈক্ষিক জগতলৈ নামি আহিছে চৰম অনিশ্চয়তা। ক’ভিড-১৯ৰ প্ৰথমটো ঢৌত ২০২০ বৰ্ষৰ অধিকাংশ সময় স্তব্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছিলহে মাত্ৰ, আৰম্ভ হ’ল ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ, পূৰ্বতকৈ অধিক ভয়াৱহ ৰূপত। যোৱা বছৰৰ দৰে এই বছৰো প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে পাঠদানৰ পৰা আৰম্ভ কৰি পৰীক্ষা অনুষ্ঠিত কৰালৈকে সকলো ক্ষেত্ৰতে দেখা দিছে এই অনিশ্চয়তা। ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰৰ ফলত দেশত সৃষ্টি হোৱা বিপৰ্যয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবৰ বাবে চি বি এছ ই আৰু আই চি এছ ইয়ে ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাসমূহ বাতিল কৰিছে। ইয়াকে দেখি অসম, পশ্চিম বংগ, মণিপুৰ আদিকে ধৰি দেশৰ বহুকেইখন ৰাজ্যইও তেওঁলোকৰ নিজা ব’ৰ্ডৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহো বাতিল কৰিছে। দেশৰ প্ৰায়বোৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানে চুড়ান্ত পৰীক্ষাসমূহ বাদ দি বাকী পৰীক্ষা হয় বাতিল কৰিছে, নহয় পিছুৱাই দিছে। আৰু যিবোৰে পৰীক্ষা অনুষ্ঠিত কৰিছে, তেওঁলোকেও পূৰ্বৰ দৰে পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প পদ্ধতি ব্যৱহাৰ কৰিছে। ১৯৮৬ চনৰ পাছত প্ৰায় ৩৪ বছৰৰ অপেক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ আধাৰত শিক্ষাৰ আমূল পৰিৱৰ্তনৰ বিষয়ে চিন্তা-চৰ্চা কৰি থাকোঁতেই ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাত দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থালৈ নামি আহিছে এই সংকট আৰু আৰম্ভ হৈছে অনলাইন শিক্ষা বা ই-শিক্ষা নামৰ এক চুড়ান্ত ভেঁকোভাওনা।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশৰ পিছতেই তৃতীয় স্থানত থকা আমাৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়ন্ত্ৰণ কৰি থকা বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা এক পত্ৰযোগে জনাইছে যে বিশ্ববিদ্যালয়সমূহে তেওঁলোকৰ পাঠ্যক্ৰমৰ ৪০ শতাংশ পাঠ্যক্ৰম অনলাইন যোগে আৰু বাকী ৬০ শতাংশ অফলাইন অৰ্থাৎ শ্ৰেণীকোঠাৰ যোগেদি আগবঢ়াব পাৰিব। আয়োগে মূলতঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে গৃহবন্দী হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমৰ যোগেদি শিক্ষা দান, শিক্ষা গ্ৰহণ আৰু মূল্যাংকনৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে যদিও দেশৰ চৰকাৰী খণ্ডৰ প্ৰায়ভাগ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ডিজিটেল শিক্ষাৰ বাবে পৰ্যাপ্ত আন্তঃগাঠনিৰ অভাৱৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা শিক্ষকসকল এই ক্ষেত্ৰত বিমোৰত পৰা দেখা গৈছে। আমাৰ দেশৰ প্ৰায় ৬০ শতাংশ মহাবিদ্যালয় আৰু ৪০ শতাংশ বিশ্ববিদ্যালয় গ্ৰামাঞ্চলত অৱস্থিত, য’ত নেকি সুচল ইন্টাৰনেটৰ কথা বাদেই, ম’বাইলত কথা পাতিবৰ বাবেও পৰ্যাপ্ত নেটৱৰ্কৰ অভাৱ। গতিকে চৰকাৰে চৰকাৰী খণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত ডিজিটেল শিক্ষাৰ বাবে উপযুক্ত আন্তঃগাঠনি আৰু দেশৰ সকলো অঞ্চলতে ইণ্টাৰনেটৰ উপলব্ধতা নিশ্চিত কৰাৰ পৰিৱৰ্তে ‘ব্লেনডেড ম’ড’ত উচ্চ শিক্ষা আগবঢ়োৱাৰ পৰামৰ্শ দিয়াত দেশৰ বহু শিক্ষক সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ দৰে ১৩০ কোটি জনসংখ্যাৰ বিশাল দেশ এখনত বৰ্তমানো প্ৰায় ত্ৰিশ কোটিতকৈ অধিক লোকে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে প্ৰতিদিনে সংগ্ৰাম কৰি আহিছে। গতিকে সকলো অভিভাৱকে অনলাইন শিক্ষাৰ বাবে নিজ সন্তানক কেইবাহেজাৰ টকা মূল্যৰ ম’বাইল অথবা লেপটপ ক্ৰয় কৰি দিব পৰা অৱস্থা এটা বৰ্তমানো আমাৰ দেশত সৃষ্টি হোৱা নাই। সেয়েহে অনলাইন শিক্ষা দেশৰ সকলো অঞ্চলৰ সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰ্তমানো গ্ৰহণযোগ্য হৈ উঠা নাই। তদুপৰি ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজন হোৱা পাঠ্যক্ৰমৰ ক্ষেত্ৰত অনলাইন শিক্ষাৰ উপৰি শ্ৰেণীকোঠাৰ শিক্ষা বৰ্তমানো প্ৰাসংগিক হৈ আছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহলৈ বিভিন্ন সময়ত নিৰ্দেশনা প্ৰেৰণ কৰি থকাৰ বাহিৰে শিক্ষাখণ্ডৰ এই সংকট দূৰ কৰিবলৈ বৰ্তমানলৈকে কোনো ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

❧ | আৰু পঢ়ক: ক’ৰোনাকালীন শিক্ষা: কোন দিশে অসমৰ অনলাইন শিক্ষা-ব‍্যৱস্থা

বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকে বসবাস কৰা ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত ডিজিটেল বা অনলাইন শিক্ষাত অধিক গুৰত্ব দি থাকিলে দেশৰ দৰিদ্ৰ আৰু গ্ৰামাঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰখন চিৰদিনৰ বাবে বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব। কাৰণ, ধনৱানসকলে তেওঁলোকৰ সন্তানক উপযুক্ত আন্তঃগাঠনি থকা ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিব, কিন্তু দৰিদ্ৰ অভিভাৱকসকলে কি কৰিব? এটুপি পৰিষ্কাৰ খোৱা পানীৰ বাবে দেশৰ প্ৰায় ৩০ শতাংশ নাগৰিকে হাহাকাৰ কৰি থকাৰ সময়ত ক’ভিডৰ অচিলা লৈ আৰম্ভ হোৱা অনলাইন শিক্ষাই দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ পৰা যে বঞ্চিত কৰিব, সেইটো নিশ্চিত। অসম, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যসমূহৰ ছাত্ৰ-ছাত্ৰীসকল এই ক্ষেত্ৰত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ লগতে উচ্চ শিক্ষাৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষই চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰি থকা গ্ৰামাঞ্চলৰ লাখ লাখ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা এবাৰ হ’লেও চিন্তা কৰাৰ সময় তথা প্ৰয়োজন আহি পৰিছে। ইয়াৰ উপৰি বৰ্তমান সময়ৰ আন এক ডাঙৰ প্ৰশ্ন হৈছে যে ক’ভিড মহামাৰীয়ে দেশৰ শিক্ষাখণ্ডলৈ যোৱা দুটা বৰ্ষত যি পৰিৱৰ্তন আনিলে, সেয়া শিক্ষাৰ ক্ষেত্ৰখনত স্থায়ী হৈ পৰিব নেকি? যোৱা দুটা দশকত চৰকাৰসমূহে দেশৰ আন আন চৰকাৰী খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ লগতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, ক’ভিড মহামাৰীয়ে সেই প্ৰক্ৰিয়া ত্বৰান্বিত কৰি আমাৰ দেশৰ চৰকাৰী শিক্ষা ব্যৱস্থালৈ অশনি সংকেত নমাই আনিব নেকি, সেই কথাও চিন্তা কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে।

Photo by Nikhita S on Unsplash

গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি | ড° ৰঞ্জিত দত্ত

Follow Nilacharai on Facebook